সিপাৰৰ সাঁকো (৩০)
#সিপাৰৰ সাঁকো
(৩০)
মোৰ জীৱনৰ আটাইবোৰ পৰিৱৰ্তন ৰ ভিতৰত তেতিয়ালৈকে নহ'বলগীয়া আটাইবিলাকেই ঘটিছিল। অৱশ্যে মই নতুনকৈ আৰম্ভ হোৱা ভেঞ্চাৰ স্কুল খনত ৰাতিৰ চকীদাৰৰ কাম পাইছিলো। সেইটোৱেই মলয়াক হেৰুওৱাৰ পাছত মোৰ জীৱনৰ প্ৰথম ধনাত্মক পৰিৱৰ্তন বুলি ক'ব পাৰি।
লাহে লাহে মোৰ কথা আৰু কামত সন্তুষ্ট হৈ কৰ্তৃপক্ষই দিনতেই বিচৰা হ'ল। দিনত অৱশ্যে মই বেপাৰ কৰিবলৈ যোৱা বাবে মোৰ সময় নাছিলেই। তথাপিও তেওঁলোকে বিচৰা ধৰণেই সকলো কাম বন পিছলৈ থৈ মই তেওঁলোকৰ ফৰমাইচ পূৰাইছিলো। তাতো আচলতে মলয়াৰ কথাৰে প্ৰভাৱ আছিল। তাইৰ পৰা পঢ়া-শুনা, স্কুল, কিতাপ পত্ৰৰ কথা শুনি শুনি মোৰো প্ৰায়েই মন গৈছিল তেনে এটা পৰিৱেশ চাবলৈ। তাই ঘাটমাউৰা হোৱাৰ আগলৈকে মাকৰ লগত গৈ এমাইল দূৰৰ স্কুলত চাৰিবছৰ পঢ়িছিল।
ঠগীকাইয়ে মোৰ হৈ বেপাৰত বহিছিল।
চাওঁতে চাওঁতে মিলিও পাঁচবছৰত সোমাইছিল । তাইৰ আবদাৰ আইয়ে পূৰাব নোৱাৰা হৈছিল।কথাই প্ৰতি ওফোন্দ পাতিবলৈ ধৰিছিল। আইয়ে বলে নোৱাৰি মুখেৰে যিকোনো গালি পাৰিলে তাই খুক্ খুক্ কৈ হাঁহি ৰং চাইছিল। মোৰ আগত আইৰ কথা কৈ কৈ হাঁহিত ফাটি পৰিছিল। তাইৰ হাঁহিৰ সুৰ একদম মলয়াৰ দৰেই আছিল । মই আইৰ কথা শুনি তাইক গালি পাৰিলে তাই আকৌ মোক নমতাকৈ থকাৰ অভিনয় কৰে। মই আইৰ ফলীয়া হৈ তাইক অকলশৰীয়া কৰিছো বুলি উচুপি দেখুৱায়।
হাজাৰ প্ৰশ্ন তাইৰ দুচকুত। আইয়ে কিছুমান প্ৰশ্নৰ উত্তৰ দিছিল। কিছুমান প্ৰশ্ন সোধাৰ বাবে গালি পাৰিছিল। কিছুমান প্ৰশ্ন ছোৱালী মানুহৰ মুখত শোভা নাপায় বুলি কৈ এৰি চলিছিল। মিলিয়ে আইৰ পৰা পোৱা উত্তৰত সন্তুষ্ট নহৈ আকৌ মোক সুধিছিল।
'পিতাই, বাঘৰ আগতেল খোৱা মানে কি? '
মই ক'লো, ' অতিপাত দুষ্ট। তই ক'ত শুনিলি?'
'আইতাই কৈছে। মই হেনো বাঘৰ আগতেল খোৱা ছোৱালী। মই বাৰু সঁচাকৈয়ে অতিপাত দুষ্ট ছোৱালী নেকি?'
মই খুব আদৰেৰে তাইৰ কাষত বহি তাইক কলো- 'কেতিয়াও নহয়। মাত্ৰ আইতাক বেছি আমনি নিদিবি। আইতাই বেছি আমনি সহ্য কৰিব নোৱাৰে নহয়।'
তাই মুখখন ওন্দোলাই ফুটবলটোৰ সমান কৰি কৈ উঠিছিল-' মই আইতাক আমনি দিবলৈ নিবিচাৰোঁ নহয়! মোৰ যে মা নাই, সেইকাৰণে হে আইতাক নজনা কথাবোৰ সুধি থাকো। আইতাক ক'বচোন মোৰ লগত খং নকৰিবলৈ। মোৰ মা থাকিলে মোক চাগে খং নকৰিলে হেঁতেন ন' পিতাই?
মোৰ মনটোৱে হাহাকাৰ কৰি উঠিছিল।
কি উত্তৰ দিওঁ ভাবি পোৱা নাছিলো। তথাপিও তাইক সান্তনা দিবলৈ কৈছিলো- 'মা নাই বুলি ক'ব নাপায় নহয়! মা সদায় থাকেই। মাত্ৰ ভাগৰ লগা কাৰণেহে মোক তোৰ কাষত থৈ অকণমান জিৰাবলৈ গৈছে। '
তাই আকৌ অবিশ্বাস ৰ সুৰেৰে কৈছিল-
'আপুনি মিছা কৈছে । খেল-ধেমালি স্কুলত কৈছে নহয় , মোৰ যে মা ঢুকাল। মোক আইতাইহে ডাঙৰ কৰিছে। মই বৰ দুৰ্ভগীয়া ছোৱালী। মোৰ জন্ম হওঁতেই মোৰ মা ঢুকাল। মই কিন্তু নেদেখা কৈয়ে মাক খুউব ভাল পাওঁ।'
মোৰ বুকুত আকৌ সেই বিষটোৱে উক দিছিল। কলিজা উজাই অহা বিষটোক চকুৰ পানী হৈ ববলৈ নিদিয়াকৈ জোৰ কৰি ধৰি ৰাখিবলৈ চেষ্টা কৰি তাইক কৈছিলো-
'তই আনে কোৱা কথাটো বিশ্বাস কৰিবা নে নিজৰ পিতাইয়ে কোৱা কথাটো? '
তাই সেমেনা-সেমেনিকৈ ক'লে - 'পিতাইৰ কথা।'
মই তাইক মৰমেৰে সাৱটি কলো- 'তেতিয়া হ'লে আজিৰ পৰা মা নাই বুলি কোনোবাই ক'লে তই কবি যে পিতাইয়ে কৈছে মা সদায় লগত থাকেই। কেতিয়াবা পিতাইৰ লগত ওফোন্দ পাতি সৌ আকাশখনত বহি থাকেগৈ। কিন্তু তোলৈ প্ৰায় মনত পেলাই চিন্তা কৰি থাকে।'
তাই কিবা এটা মনত পৰি মোৰ গাৰ পৰা আতঁৰি মোৰ মুখলৈ চাই সুধিলে- তেতিয়া হ'লে- 'আইমণি, বকুলী, জবা হঁতৰ মাকহঁতো আছে নেকি?'
মই থতমত খাই সুধিলো -'সিঁহতবোৰ নো কোন? '
তাই চকুকেইটা ডাঙৰ কৰি ক'লে- 'সিহঁতৰো মাক নাই।আইমণিৰ বোলে মাহীমাক আছে। তাইক খেলিবলৈ আহিব ই নিদিয়ে। বকুলী আৰু জবাৰ পিতাইয়েকে সিহঁত দুজনীক মোমায়েকৰ ঘৰত থৈ গৈছে। মোৰ লগত খেলিবলৈ আহে । মই সিহঁতক মোৰ লগত খেল-ধেমালি স্কুললৈ যাবলৈ জোৰ কৰিলে সিহঁতে ঘৰত গালি পাৰিব বুলি কয়।'
মই ইমান দিনে জনাই নাছিলো যে এজনী পেন্দুকণা ছোৱালীয়ে ইমান কথা জানিব পাৰে।
আগলৈ
দুলুমণি
২৯/৮/২০২০
Comments
Post a Comment