সিপাৰৰ সাঁকো (২৭)
#সিপাৰৰ সাঁকো
(২৭)
শেহতীয়াকৈ হোৱা পৰিৱেশে স্কুল কলেজ সাময়িকভাৱে প্ৰায় বন্ধ কৰিয়েই পেলাইছিল। তথাপিও ৰিণিকি ৰিণিকি অহা খবৰমতে খুব সম্ভৱ আমাৰ গাঁৱৰ পৰা বৰবৰী বাগানলৈ যোৱা ৰাস্তাৰ কাষৰ খালী ঠাই খিনিত এখন হাইস্কুল নতুনকৈ আৰম্ভ হোৱাৰ কথা আছিল। ভেঞ্চাৰ স্কুল হ'ব বুলি শুনিছিলো। মোৰ মতে সকলো স্কুল একে। পঢ়িবলৈ ইচ্ছা থকাৰ ওপৰতে কথা।
নিজেই এল পি স্কুলৰ মজিয়া গচকিবলৈকে নগ'লো- মণিৰাম মাষ্টৰৰ হাজাৰ বুজনিতো। পিছলৈ তেওঁ ও লোকৰ ল'ৰাক জোৰ জবৰদস্তি স্কুললৈ নিয়া প্ৰায়েই বন্ধ কৰিছিল। এল পি স্কুলৰ মজিয়াত পাৰি বহিবলৈ হাতত একোখন বস্তা আৰু দুখনমান কিতাপ ফলি লৈ ল'ৰা বোৰে নিজেই স্কুললৈ গৈছিল। লাহে লাহে যেন সকলোৱে ল'ৰা মানুহৰ শিক্ষা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা ভালকৈয়েই বুজি পাইছিল। ধিতিঙালি কোবাই ফুৰা ল'ৰা কম আছিল। ল'ৰা ই পঢ়ি-শুনি অফিচত চাকৰি কৰি টাউনত থাকিবলৈ ল'ব, ল'ৰাৰ কথা কৈ মাক-বাপেকে গৌৰৱ কৰিব - এনেবোৰ সপোন তেতিয়া লৈকে প্ৰায় প্ৰতিঘৰ জনা-বুজা মানুহেই দেখিছিল। মলয়াৰ মোমায়েকৰ ডাঙৰজন পুত্ৰক কলেজ পঢ়িবলৈকে পঠাইছিল। সৰুৰে পৰাই চোকা বুদ্ধিৰ ল'ৰা আছিল হেনো । মলয়াই কোৱামতে তেওঁ বেলেগ ধৰণৰ ল'ৰা আছিল। মেট্ৰিক পৰীক্ষাত ভালদৰে পাছ কৰাৰ পাছত তেওঁ লৈ বৰ চহকী ঘৰৰ ছোৱালীৰ পৰিয়ালৰ পৰা বিয়াৰ প্ৰস্তাব আৰু কেৰাণীৰ চাকৰি এটাৰ যৌতুকো আহিছিল। ব্ৰজেন নামৰে সেই লক্ষী-সৰস্বতীৰ বৰপুত্ৰজনে একে আষাৰে নাকচ কৰি টাউনৰ কলেজত পঢ়িবলৈহে গুচি গৈছিল। প্ৰথমতে টকা-পইচা বিচাৰি চিঠি আহিছিল। পিছে মলয়াৰ বিয়াৰ দুবছৰৰ আগৰ পৰা তেওঁৰ একো খবৰ নাপাইছিল। বহু বছৰলৈকে তেওঁৰ বিষয়ে কোনেও একো নাজানিছিল। তেওঁ লোকৰ ঘৰত একমাত্ৰ সৰু ভনীয়েক মিতালী আৰু দেউতাকে হে
মানে মোমাইদেউৱেহে তেওঁৰ কথা পাতিছিল। সোনালী সুযোগ গ্ৰহণ নকৰা পুত্ৰৰ প্ৰতি থকা খঙটোৱে মামীয়েকক পুত্ৰক পাহৰি থকাত সহায় কৰিছিল । সঁচাকৈয়ে বৰ অদ্ভুত আছিল তেওঁ। কোনো সুবিধাবাদী ল'ৰা ই হতো তেওঁৰ দৰে সুযোগ পালে অগ্ৰাহ্য নকৰিলে হেঁতেন । আমি দেখা প্ৰায় খিনি পঢ়িশুনি দূৰ-দূৰনিলৈ যোৱা ল'ৰা ই টাউন লৈ গৈ টাউনৰে কইনা বিয়া কৰি কেতিয়াও গাঁৱৰ ঘৰলৈ ঘূৰি নহা দেখিছিলো। মাক-দেউতাকৰ গৰ্বত বুকুত উফন্দি থাকিছিল। পিছে বিহুৱে , সংক্ৰান্তিয়েও একো খবৰ-খাতি লবলৈ নাহিছিল। ব্ৰজেন বোলাজন অৱশ্যে তেনে নাছিল। তেওঁ দেশৰ কাৰণেহে চিন্তিত আছিল। মোমাইদেৱে আনৰ লগত তাৰ কথা নাপাতিছিল।
তাৰ বিপৰীতে আমাৰ দৰে ধিতিঙালি কোবাই , লোকৰ গৰু চৰাই ডাঙৰ হোৱা এচামৰ প্ৰায় খিনিৰেই নিজৰ ল'ৰা ক দূৰৈৰ স্কুলত পঢ়োৱাৰ সাধ্য নাছিল। পঢ়ি-শুনি কি হ'ব বুলি বহুতে নাহৰতলিৰ নতুনকৈ পতা গাড়ীৰ গেৰেজতো যোগালীৰ কামত লগাই দিছিল।
পিছে ছোৱালীৰ ক্ষেত্ৰত বেছি পঢ়-শুনা কৰাৰ কোনো প্ৰয়োজন বোধ অন্ততঃ আমাৰ গাঁৱৰ মানুহৰ মাজত নাছিল।
পিছে সেই সময়ত যে এগৰাকী মহিলাই হে আমাৰ গোটেই দেশ চলাই আছিল সেই কথা আনকি বিহু নামতো গাইছিল। সেই কথাবোৰ যেন আমাৰ দেশৰ কথা নহৈ সাত-সাগৰ তেৰনদীৰ সিপাৰৰ হে কথা আছিল ্
বেছিকৈ পঢ়িবলৈ টকা-পইচা ও লাগিছিল। দুখীয়া মানুহে কোনো মতেই ছোৱালী শিক্ষাৰ নামত টকা খৰচৰ বিলাসিতা কৰিব নোৱাৰিছিল ।
পিছে মই খেতি-খোলা , বেপাৰ কৰি পোৱা দুই এটকা সাঁচি ৰাখি মই মিলিক পঢ়োৱাম বুলি ঠিক কৰিছিলো। মই টোপনিত সপোন দেখাৰ বাহিৰে আন ধৰণৰ সপোন দেখাৰ মানুহ নাছিলো। দিঠকত নো কিদৰে মানুহে সপোন দেখে , সেই পোনে কেনেকৈ মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে সেইবোৰ বুজাৰ সামৰ্থ্য আগতে নাছিল। কিন্তু লাহে লাহে মিলিক লৈ দেখা সপোনটো মোৰ বাবে প্ৰায় স্পষ্ট হ'বলৈ ধৰিছিল।
এৰাতি টোপনিত দেখা এটি সপোনে মোক বাস্তৱৰ সপোন টো স্পষ্টভাবে দেখাত সহায় কৰিছিল।
সপোনত মই দেখিছিলো মিলি যেন নীল আকাশত সুখী চৰাই এটি হৈ মুক্ত মনে উৰি আছে । তাইৰ কাষত কোনো পংকিলতাৰ বান্ধোনৰ নাছিল ।তাইৰ হাঁহিত যেন সূৰ্যটো হালধীয়া হৈ তাইৰ কাষলৈ নামি আহিছিল।দূৰৰ কোনো পাহাৰ শিখৰত তাইৰ দৃষ্টি নিৱদ্ধ আছিল। সেই শিখৰত কোনো ইপ্সিত লক্ষ্য ৰৈ আছিল তাইৰ বাবেই। মই তাইক পিছলৈ ঘূৰি নাচাবলৈ কৈছিলো। মলয়া মোৰ কাষতে ৰৈ থকা যেন অনুভৱ কৰিছিলো। মিলিয়ে হাত এখন মেলি মোক হাতত ধৰি লগত নিবলৈ বিচাৰিছে। মোক হাঁহি হাঁহি যেন মলয়াই কৈছে
'যোৱা আকৌ'!
ই কি ? হাঁহি থকা মুখখন মিলিৰ নে মলয়াৰ? মই যাক মিলি বুলি ভাবিছিলো সেয়া দেখোন মলয়াই ! মিলি - মলয়া -??
সাৰ পাই সপোনৰ গূঢ়াৰ্থ বুজি পাবলৈ বেছি দেৰি নালাগিছিল। সেই সপোনেই মোক তাইক লৈ বাস্তৱৰ সপোন টো স্পষ্টভাবে দেখাত সহায় কৰিলে।
আগলৈ
দুলুমণি
২৬/০৮/২০২০
Comments
Post a Comment