Posts

সিপাৰৰ সাঁকো (৬৩)

 #সিপাৰৰ_সাঁকো     ‌   ‌ ‌‌      (৬৩)       দৰাচলতে  হিংসা হ'ল কাপুৰুষৰ অস্ত্ৰ। নিজে কৰিব নোৱাৰা কাম এটা আনে কৰা দেখি ৃহিংসাত জ্বলি পুৰি মৰাজন কাপুৰুষ নহৈ আন কিবা হ'ব পাৰে জানো?   ক'ৰবাত শুনিছিলো হিংসাই হৈছে মূৰ্খই জ্ঞানীক দিব পৰা একমাত্ৰ উপহাৰ টো। মই বিতুপনতকৈ কোনো গুণে হীন হয় জানো ? সি কমবয়সীয়া ওঁঠ চেপিলেই গাখীৰ ওলোৱা ল'ৰা। তাৰ সৌভাগ্যত ঈৰ্ষান্বিত হৈ মই নিজকে মানুহ হিচাপে এঢাপ তললৈ নমাই দিয়া যেন লাগিল।তাৰনো কি দুখ আছিল?ভিনিয়েকে  মাটিবেচা টকাবোৰ ভেঁটি দি দিছপুৰীয়া ৰজাঘৰীয়া চাকৰিৰ প্ৰলোভন দি টকাৰ শ্ৰাদ্ধ কৰিলে। তাৰ পিছত ককায়েকৰ সহায় লৈ কোনোমতে মাছৰ তেলেৰে মাছ ভাজি  নিজৰ নাকটো বচালে। তাৰ বাবে মোক বলিৰ পঠা সজালে। গতিকে মোৰ আচল শত্ৰু কোন ? মই কৰা যিকোনো  ধ্বংসমুখী কাৰ্যই সেই শত্ৰুৰ কিবা ক্ষতি কৰিব পাৰিব নে?       মোৰ মগজুৰ  বিচাৰখন এতিয়াহে আৰম্ভ হৈছিল। কেই ঘণ্টামানৰ আগতে কৰা মোৰ নভবা-নিচিন্তা কাৰ্যত ভীষণ অনুতপ্ত হ'লো মই।  মাতাল হৈ  মই  নিজৰ দেহক  শাস্ত...

সিপাৰৰ সাঁকো (৬২)

 #সিপাৰৰ_সাঁকো     ‌   ‌ ‌‌      (৬২)         মোৰ মনলৈ সপোন হৈ অহা সেই সময়খিনি আৰু  মলয়াৰ কথাখিনিয়ে  চকুৰ আগতে বহুপৰ  অগা-ডেৱা কৰি থাকিল। মই বুজি পাইছিলো তাৰ ৰহস্য। মই  দুখৰ বোজা ব'ব নোৱাৰি   বিহ্বল হৈ পৰিছিলো , নিজৰ বিফলতাৰ পাছত মুখ লুকুৱাবলৈ মাতাল হ'ব বিচাৰিছিলো । মোৰ অৱচেতন মনত সজীৱ হৈ থকা মলয়াই বাৰু সোৱঁৰাই দিছিলনেকি মোক ?      ৰিব-ৰিব মলয়াজাক যেন লাহে  লাহে বৰদৈচিলা হৈছিল। আগতীয়া বসন্তৰ আগমনত ধূলিয়ৰি হৈ থকা ধৰণীক ধোৱাই পখলাই ন-সাজ পিন্ধাবলৈ মেঘে যো-জা চলাইছিল চাগে। মোৰ কাণেৰে সোঁ-সোঁ শব্দৰে পাৰ হৈ যোৱা এজাক বলিয়া ধুমুহাই মেৰেক- মেৰেক কৈ ক'ৰবাত শুকান গছৰ ডাল দুটামান ভাঙি পেলাইছিল। তাৰ লগে লগে কাণ-তাল মৰা গাজনি , ঢেৰেকণি আৰু বিজুলিৰ চকা-মকা পোহৰ। এইবাৰ মোৰ অলপো অসুবিধা নহ'ল। মই মদৰ নিচাত  পথাৰৰ মাজলৈহে গুচি গৈছিলো। চকা-মকা বিজুলী পোহৰতে জাৰণিখনৰ ফালেখোজ ললো।   বৰষুণৰ টোপাল পৰা নাছিল তেতিয়াও। তথাপিও মই  খৰখেদাকৈয়ে   তাৰ পৰা  ঘৰৰ ফাল...

সিপাৰৰ সাঁকো (৬১)

 #সিপাৰৰ_সাঁকো     ‌    (৬১)      একে ঠাইতে বহুপৰ অকলে অকলে ৰৈ থাকিলো। অলপ ৰিমঝিম লাগিছিল গাটো। কিমান বছৰযে মই সেই গেলাসোপা মুখত দিয়া নাছিলো। মলয়া থাকোঁতে কেতিয়াও নাখাইছিলো। মূৰটোৱে নিজৰ বোধশক্তি  হেৰুৱাই পেলাইছিল। কোনফালে যাঁও কোনফালে নাযাঁও চিন্তা কৰি ৰৈ আছোঁ।     বতাহ এজাকে গাটো মেৰিয়াই ধৰি আছিল।  আহোঁতে  যিটো ৰাস্তাৰে আহিছিলো, সেই ৰাস্তাটো বিচাৰি ইফালে সিফালে থৰক বৰক হৈ গৈ থাকিলো। মই পথাৰৰ পৰা জাৰণিলৈ উঠি আহিলো বুলি ভাবি  গোবাটতো বিচাৰি ঘূৰ্মুটিয়াই ফুৰিলো। ক'তা বাটতো নাই দেখোন। খোজবোৰ থৰক বৰক হৈ পৰিল।  জাৰনিখনৰ কোনোবা এটা চুকতে ৰৈ আছিলো নে আন ক'ৰবাত ৰৈ আছিলো মই গমেই পোৱা নাছিলো। ওপৰলৈ চাবলৈ মূৰটো দাঙিব ই পৰা নাছিলো।  সেই সময়ত  য'তেই আছিলো  ত'তেই বহি পৰিম যেন লাগিছিল।  কিন্তু নাই মই বহি থাকিলে নহ'ব । মগজুটোৱে নিৰ্দেশ দি আছিল। ই্ন্দ্ৰিয়বোৰেহে অৱশ হৈ সেই আদেশ পালন কৰাত বিফল হৈছিল। মই খোজ কাঢ়িয়েই আছিলোঁ।    চ'তৰ পথাৰত বাট বিচাৰি ফুৰিব নালাগে। নিজেই বাট কাটিব পাৰি। আন্ধা...

সিপাৰৰ সাঁকো (৬০)

 #সিপাৰৰ_সাঁকো                    (৬০)      আইয়ে জকজকাই উঠিছিল-- '  আও আজিহে নো তোৰ পথাৰলৈ যাবলৈ মন গ'লনে? কোনো কাহানিও পথাৰত বাঘেই ওলাইছে নে , ঘোঙেই ওলাইছে খবৰ এটা নলৱ! এতিয়া খালী পথাৰখনত কিহৰ .........."   মই অলপো নৰ'লো আৰু পিছলৈ ঘূৰিও  নোচোৱাকৈ  নঙলামুখ পালো গৈ। আইৰ কথা খিনি নুশুনা হৈ পৰিছিল।  নঙলা খুলি স্কুলৰ দিশেৰে আগবাঢ়ি গ'লো ।  মন ন'গল সেইফালে যাবলৈ। পুনৰ ঘূৰি বিপৰীত দিশে আগবাঢ়িলো । সেইফালেই  মলয়াক গাড়ীত তুলি গাৱঁৰ মাজেৰে খলা-বমা ৰাস্তাৰে একেবাৰে টাউনৰ হস্পিটেল পোৱাইছিলোগৈ।  দেৱীপুৰখন   টাউনীয়া হৈ  ৰাস্তা ভাল হোৱাৰ পিছত আমাৰ অঞ্চলৰ কোনেও এইটো ৰাস্তাৰে নাহৰতলীলৈ বা টাউন লৈ নাযায়েই। স্কুলৰ ফালে গৈ দেৱীপুৰত গাড়ীত উঠি ক্ষন্তেক সময়ৰ ভিতৰতে নাহৰতলি পায়গৈ আৰু তাৰপৰা এক ঘণ্টা গাড়ীত গ'লেই জিলাৰ মেইন টাউনখন । দিনটোত দুবাৰ-তিনিবাৰ মান অহা-যোৱা কৰিব পৰা হ'ল।      কেইটামান পদূলি এৰি থৈ  মই বাওঁফালৰ লুংলুঙীয়া গো-বাটটোৰে দি নামি গ'লো।...

সিপাৰৰ সাঁকো ( ৫৯)

 #সিপাৰৰ_সাঁকো                    (৫৯)      অলপ আগতে মোৰ মনলৈ লোভ আহিছিল। নিয়মীয়াকৰণত বিতুপনৰ নহৈ মোৰ নামটো অহা হ'লে মই  মাহেকৰ মূৰত পোৱা বেছি দৰমহাৰে পকীঘৰ সাজিলোহেঁতেন।    বিতুপনৰ সলনি মোৰ নাম! কেঁচা ঘৰৰ সলনি পকা ঘৰ!    মাত্ৰ এটা নাম সলনি আৰু মোৰ হেপাঁহ পূৰ্ণ! মোৰ মনটোৱে যেন অলপ ৰং অনুভৱ কৰিব বিচাৰিলে।  কিন্তু পিছমূহূৰ্ততে তাত লাগি থকা 'যদি' আৰু  'হেঁতেন' দুটা ই মনটো গধুৰ কৰি তুলিলে। 'যদি' আৰু 'হেঁতেন' যে দুটি অৰ্থহীন  শব্দ, সেয়া মলয়াৰ মৃত্যুৰ পিছৰ পৰা পলে পলে  অনুভৱ কৰি আছিলোৱেই।         সিদিনা হস্পিটেলত ডাক্তৰে যদি তাইক বচাব                   পাৰিলেহেঁতেন!        মই যদি আগতেই তাইক লৈ গলোহেঁতেন!      এতিয়াৰ দৰে তেতিয়াও যদি ওচৰতে  ডাক্তৰ আৰু          হস্পিটেল থাকিলহেঁতেন!     উস্ এই 'হেতেঁন' বিলাকে মোৰ মনটোৰ আশা বোৰক য...

সিপাৰৰ সাঁকো (৫৮)

 #সিপাৰৰ_সাঁকো                    (৫৮)       তেওঁ বাহিৰত নবহি চিধা ভিতৰলৈ সোমাই আহিছিল। আইয়ে  মোৰ কোঠাতে চাপৰি চাপৰি খেৰৰ ঝাৰুৰে মজিয়া সাৰি আছিল। মই ইটো সিটো সামগ্ৰী দাঙি দাঙি আইক ঝাৰুৰে সাৰি নিয়াত  সহায় কৰি দিছিলো। মোৰ কোঠাত থকা বস্ত বোৰত মলয়াৰ পৰশ লাগি আছিল। এখন ক'লা-বগা ফটো ফ্ৰেম এটাত বন্ধাই তাতে ফুলৰ মালা দিয়া আছিল। ফটোখন মলয়াৰ শিশুকালৰহে আছিল। দেউতাকে  ফুৰিবলৈ যাওঁতে ষ্টুডিঅ'ত উঠাই ছিল হেনো।  তাই সাঁচি থওঁতে থওঁতে ফটোৱে অদ্ভূত ৰূপ লৈছিল। মই পাছত ফ্ৰেইমত বন্ধাই থৈছিলো। এটা কাঠৰ ৰেকত কেইবাটাও টিনৰ ৰঙীন বাকচ আছিল। সেইবোৰ বৰ বেছি প্ৰয়োজন অনুভৱ নহ'লে খোলা নাছিলো। গোটেই কেইটাই  মলয়াই বোৱা কাপোৰেৰে ঠাহ খাই আছিল। এটাত বৰ কাপোৰ, খনীয়া, চেলেং, দুখনমান এৰীচাদৰ নতুন নতুনকৈ বৈ ভৰাই থৈছিল হে মাথোন। সেইবোৰ তেনেকৈয়ে অতবছৰে ৰাখি থৈছিলো। বৰ কাপোৰ আইৰ দিনৰো আছিল। ডাঙৰ সূতাৰে বৰ বহলকৈ বোৱা বৰ কাপোৰবোৰ জাৰৰ দিনতো আৰু জহৰ দিনতো কামত আহে। আন এটাত গামোচা, চুৰিয়া আৰু   টঙালি কেইখনমান আছ...

দা চামিট ৱিদিন

Image
  পঢ়াৰ আগতে--- মেজৰ এইচ পি এচ আহলুৱালিয়াআছিল ১৯৬৫ চনৰ  প্ৰথম ভাৰতৰ এভাৰেষ্ট আৰোহণ অভিযানৰ এজন সদস্য। পৃথিৱীৰ সৰ্বোচ্চ শিখৰত আৰোহণ কৰি  তেওঁ কেনেকুৱা অনুভৱ কৰিছিল? আহকচোন তেওঁৰ মুখৰ পৰাই শুঁনো সেই অভিজ্ঞতা - শিখৰ আৰোহণ কৰিবলৈ যাওঁতে  আৰু তাৰ পিছত ততোধিক কষ্টৰে নিজৰ অন্তৰ্নিহিত শৃংগ আৰোহণ কৰাৰ সময়ত।  এভাৰেষ্ট শিখৰত আৰোহণ কৰি তাত থিয় দি থাকোঁতে মোৰ অন্তৰত উথলি উঠা আন সকলো আৱেগতকৈ প্ৰৱল হৈ পৰিছিল বিনম্ৰতাসূচক আৱেগ। শাৰীৰিক অৱয়ৱে কৈ উঠিছিল         "ঈশ্বৰক ধন্যবাদ!   ইমানতে শেষ হ'ল।  অৱশ্যে আনন্দত আত্মহাৰা হোৱাৰ পৰিৱৰ্তে এক দুখবোধেহে  আচ্ছন্ন কৰি তুলিছিল। এভাৰেষ্টৰ অন্তিম  শিখৰত আৰোহণ কৰাৰ পিছত ততোধিক উচ্চতাৰ শিখৰ বাকী নোহোৱা হৈ পৰিল আৰু তাৰ পিছত সকলো পথেই নিম্ন গামী হৈ পৰিব বুলি ভাবিয়ে ই তেনে হৈছিল নেকি? এভাৰেষ্ট শিখৰত উপনীত হ'লে আপুনি এক গভীৰ আনন্দ আৰু কৃতজ্ঞতাবোধেৰে আহ্লাদিত হৈপৰিব । এই আনন্দ আজীৱন অক্ষুণ্ণ থাকে। এই অভিজ্ঞতাই আপোনাক সম্পূৰ্ণ ভাৱে সলনি কৰি পেলাব। যিসকল মানুহে পৰ্বতাৰোহণ কৰিবলৈ যা‌য়, তেওঁলোক ঘূ...
 " The Enemy  Japanese surgeon and scientist, Sadao was  watching the sea from his house. His house was situated near the sea.  He was having a flashback of his conversation with his father during his childhood. His father always told that the smaller Islands seen from there, were the stepping stones  for the prosperity of the future  Japan .         Sadao took his early education in Japan. After that, he went to USA for higher education. He returned to Japan after completing his education in USA. His  skilled hands made him renowned in his country. Even, the Government of Japan did not permit him to leave his country. He was a  highly demanded person for surgery.   People face contrasts  of duties in their lives.This can be called dilemma or confusion     Suddenly Sadao  saw a person like figure at certain distance near the sea from their residence on the sea shore. They approached the v...

অসমীয়া/ Voice of the Rain

THE VOICE OF THE RAIN. And who art thou? said I to the soft-falling shower, Which, strange to tell, gave me an answer, as here translated: I am the Poem of Earth, said the voice of the rain, Eternal I rise impalpable out of the land and the bottomless sea, Upward to heaven, whence, vaguely form'd, altogether changed, and yet the same, I descend to lave the drouths, atomies, dust-layers of the globe, And all that in them without me were seeds only, latent, unborn; And forever, by day and night, I give back life to my own origin, and make pure and beautify it; (For song, issuing from its birth-place, after fulfilment, wander- ing, Reck'd or unreck'd. duly with love returns.)    বৰষা গীত  এজাক মধুৰ চিপ্ চিপিয়া বৰষুণ- সুধিলো মই, বোলো তুমি নো কোন? তপৰাই মাত দিলে বৰষাবাই  তাৰে ৰূপান্তৰ এয়া দিছো যতনাই ।    অসীমৰ কোলাত অদৃশ্য চিৰ উৰ্দ্ধগামী, সুনীল-সাগৰ ও ধৰাৰ সুৰীয়া সুবাস মই। সৰগৰ বুকুত উপঙি খেলো কুহেলিকা ছয়াঁময়া যাদুৰ খেল-  মই যে বহুৰূপী। পুনঃ নমাও অন্তঃ...

বিপিন চৌধুৰীৰ স্মৃতি লোপ

Image
বিপিন চৌধুৰীৰ স্মৃতি লোপ                   (১) প্ৰতি সোমবাৰে  কামৰপৰা ঘূৰি আহোঁতে বিপিন চৌধুৰীয়ে নিউ মাৰ্কেটৰ কালিচৰণ নামৰ দোকানখনত সোমাই কিতাপ কিনিছিল। অপৰাধ মূলক গল্প, ভূতৰ গল্প আৰু থ্ৰিলাৰ - গোটেই সপ্তাহটোৰ বাবে জোৰাকৈ এবাৰত  কমেও  পাঁচখন কিতাপ কিনিব লাগিছিল। তেওঁ অকলে বাস কৰিছিল, মিলা-মিচা বৰ ভাল নাপাইছিল, বন্ধু-বান্ধৱো বেছি নাছিল, আৰু অলাগতীয়াল কথা পাতি সময় নষ্ট কৰিবলৈ বেয়া পাইছিল। আজি 'কালিচৰণ'ত সোমাই থাকোঁতে অনুভৱ হৈছিল যেন  বৰ কাষৰ পৰাই  কোনোবাই তেওঁক লক্ষ্য কৰি আছিল।  বাৰে বাৰে ঘূৰি চাই তেওঁৰ চকুৱে ঘূৰণীয়া মুখৰ এজন অমায়িক লোকক  দেখা পালে যি তেতিয়া এটা হাঁহিৰে  তেওঁক  সহাঁৰি দিছিল।       "আপুনি চাগে মোক চিনি নাই পোৱা।"      " আমি আগতে লগ হৈছো নেকি?" মানুহজনক ভীষণ আচৰিত  দেখা গ'ল।  " পূৰা এক সপ্তাহৰ বাবে আমি দৈনিক লগ হৈছিলো। ১৯৫৮ চনত ৰাঁচীত মই আপোনাৰ বাবে হুদ্ৰু জলপ্ৰপাত চাবলৈ গাড়ী বন্দোবস্ত কৰি দিছিলো। মোৰ নাম পৰিমল ঘোষ। "   "ৰা...

সিপাৰৰ সাঁকো

 #সিপাৰৰ_সাঁকো                    (৫৭)        'হেডচাৰৰ মৰম আৰু নিষ্ঠাত সন্দেহ নাই। মোৰ কাৰণে তেওঁ কৰিবলগীয়া আটাইখিনি কৰেই। এতিয়া  ভাগ্যত নাথাকিলেনো কৰিবা কি? কথাতে কয় নহয় বোলে  'সাতটা হাতীয়ে টানে যিমান, এখন ভাগ্যই টানে সিমান।' তোমালোকৰ আগতনো কি মিছা মাতিম ? নোপোৱাৰ ক্ষোভ অলপ মোৰো আছে।হেডচাৰৰ মুখামুখি হ'বলৈ ভয়ো হৈছে। নিজৰ বাবে নহয়, তেওঁৰ বাবে। তেওঁ কিমান বুজাইছিল ! পিছে নোপোৱাৰ বেদনাক   চিৰতা পানী পি খোৱাৰ দৰে  চকু মুখ বিকটাই পি খাবলৈ আজি দহ -বাৰ বছৰে শিকি ল'লো জানা!' দীঘল কৈ কোৱা কথাখিনি শুনি সিহঁতে বহুপৰ একো নোকোৱাকৈ থাকিল। মোৰ দুখৰ সমভাগী হোৱা সিহঁত দুটাৰ মনত মোৰ কথা শুনাৰ পিছত  যেন  উষ্মা আৰু খং কমি গৈছিল।  ৰজনীয়ে মোমাই দেউৰ সৰুপুতেকৰ কথা উলিয়াইছিল।সি বোলে বেপাৰ বাণিজ্যত ভালকৈয়ে উন্নতি কৰিছিল। তাকে দেখি চকুচৰহাবোৰে সেই ডাঙৰটোৱেহে মনে মনে টকাৰ চ্যুটকেচ আনি তাৰ হাতত জমা দিয়া বুলি উৰাবাতৰি উলিয়াই দিছিল। চকুচৰহা বোৰে নিজে একো কৰিব নোৱাৰে জীৱনত। আনে কিবা কৰি খোৱা ...

সিপাৰৰ সাঁকো(৫৬)

 #সিপাৰৰ সাঁকো                    (৫৬)       অৱশেষত আহিছিল সকলোৰে বাবে  ভাল খবৰটো।  হেডচাৰৰ সৈতে দহজন শিক্ষক আৰু অফিচৰ কেৰাণীৰ সৈতে  বাৰজনৰ চাকৰি নিয়মীয়া-কৰণ হ'ল। আদৰ্শ ইংৰাজী উচ্চ-মাধ্যমিক বিদ্যালয় প্ৰাদেশিকীকৰণ হ'ল। চকীদাৰ হিচাপে এজনৰ নাম আহিছিল । -- বিতুপনৰ নাম । মই নাপালো। মোৰ নামটো বোলে কেঞ্চেল হ'ল।চকুৰ আগতেই সৌ সিদিনা অহা ল'ৰাটোৰ চাকৰি নিয়মীয়া হ'ল আৰু মোৰ একো ন'হল। তৰণী আৰু ৰজনীয়েও মোৰ দুখত সমভাগী হ'ল। মই বুজালো সিহঁতক-    ' মোৰ নো কি ? বুঢ়াই হলো। সি ডেকা লৰা। ঘৰ-সংসাৰ কৰিবলৈ টকা-পইচা লাগে তাক। মাকো আছে। ভায়েকো আছে। '  ৰজনীয়ে খঙেৰে কৈছিল- ' অঁ আৰু সেই ভিনিয়েকো আছে নহয়। চাকৰিৰ ধন  মাকে- ভায়েকে খায়, নে ভিনিয়েকৰ জুৱাৰ আড্ডাত যায়  সেয়া সময়েহে ক'ব। ' তৰণীয়েও ক'লে-    'হয় হয় । লোকৰ ঘৰুৱা কথাত মাত মাতিবলৈ আমাৰ দৰকাৰ নাই। কিন্তু দেখি শুনি যি পাইছো তাৰ পৰা এইটোৱেই বোধ হৈছে যে বিতুপনেই হ ওক বা তাৰ বায়েকজনীয়ে হওক প্ৰতাপৰ অত্যাচাৰতে তাৰ তলতীয়া হৈ ...

সিপাৰৰ সাঁকো

 #সিপাৰৰ সাঁকো                    (৫৫)       তাত আৰু বহুতো কাহিনী আছিল।  কিছুমান কাহিনীৰ অৰ্থ বুজি পোৱাটো মোৰ বাবে দুৰূহ আছিল। মই মোৰ সীমাবদ্ধতাৰ মাজতহে পঢ়িব পাৰিছিলো। অৱশ্যে কিতাপ পঢ়ি ৰস দিয়াত  মিলিও কম নাছিল। তাই জাতকৰ সাধু, পঞ্চতন্ত্ৰৰ সাধু , বুঢ়ী আইৰ সাধু আদি অনেক সাধুকথাৰ কিতাপ পুৰস্কাৰ হিচাপে পাইও আনিছিল। হাতৰ আখৰ লিখা, শ্ৰুতলিপি, আবৃত্তি প্ৰতিযোগিতা আদি বহুতো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।   বৃত্তি পৰীক্ষা দিবলৈ গৈ তাই  আচৰিত হৈ পৰিছিল। নাহৰতলিৰ এখন স্কুলত হে হৈছিল পৰীক্ষা।  মই জবা আৰু তাইক লৈ গৈছিলো। অঞ্চলটোৰ একেবাৰে সোঁমাজত অৱস্থিত আৰু যান-বাহন সূচল হোৱাৰ বাবে এই বিদ্যালয়খনি নিৰ্বাচন কৰা হৈছিল চাগে। বহিবলৈ ৰোল নাম্বাৰ মতে চিট বিচাৰি দি মই ওলাই আহিছিলো। পৰীক্ষা শেষ হোৱাৰ পাছত তাই দুখ মনেৰে ওলাই আহিছিল। শ্ৰেণীত  তাই, জবা আৰু সিহঁতৰ প্ৰধান শিক্ষক জনৰ ল'ৰা জনেই প্ৰথম, দ্বিতীয় আৰু তৃতীয় হৈছিল।ইমানবোৰ ল'ৰা ছোৱালীৰ ভিতৰত তাইনো কেনেকৈ প্ৰথম হ'ব তাকে চিন্তা কৰি কান্দি পেলা...

সিপাৰৰ সাঁকো

 #সিপাৰৰ সাঁকো                    (৫৪)    মিলিৰ বছেৰেকীয়া পৰীক্ষা শেষ হৈছিল।ফলাফল ওলোৱাৰ পাছত তাইক  আদৰ্শ'তে পঞ্চম শ্ৰেণীত নামভৰ্তি কৰাই দি মই স্বস্তিৰ নিশ্বাস পেলাইছিলো। নতুনকৈ  যোগদান কৰা কেইজনমান শিক্ষকৰ বাহিৰে তাইক  প্ৰায় সকলোৱেই চিনি পাইছিল। তেওঁলোকে সোনেশ্বৰকাইৰ ছোৱালী বুলি তাইক মৰমেৰে মাতিছিল।  তথাপিও তাই সকলোকে নমস্কাৰ জনাই নিজৰ নামটো কৈ তেওঁ লোকে সোধা প্ৰশ্নৰ উত্তৰ দিছিল। তেওঁলোকে তাইৰ সাধাৰণ জ্ঞান পৰীক্ষা কৰিবলৈ বহুত প্ৰশ্ন সুধিছিল। গহীন স্বভাৱৰ মিলিয়ে মুখত এটি শান্ত স্নিগ্ধতাৰে   প্ৰায় বোৰ প্ৰশ্নৰে উত্তৰ দিছিল। তেওঁ লোকে তাইক উৎসাহ জনাই প্ৰশংসা কৰিছিল। মোৰ   বুকুখন যেন দুহাতমান ফুলি গৈছিল। সন্তানৰ এনে প্ৰশংসাই  পিতৃ-মাতৃক কেনেকৈ উৎসাহিত কৰে সেয়া  মই উপলব্ধি কৰিব পাৰিছিলো। সন্তানৰ কৃতকাৰ্যতা লাভক পিতৃ-মাতৃৰ কৃতকাৰ্যতাৰ মাপকাঠি বুলি ধৰা বাবেই  সন্তানৰ ওপৰত অহেতুক হেঁচা প্ৰয়োগ কৰা হয়।   মইও যেন মিলিৰ এই ক্ষুদ্ৰাতিক্ষুদ্ৰ মেধাকণক অতিৰঞ্জিত কৰা প...

সিপাৰৰ সাঁকো

 #সিপাৰৰ সাঁকো                    (৫৩)   আইৰ মুখত নমিতাৰ প্ৰশংসা শুনিবলৈ পাইছিলো। মিলিৰ মুখতো ৰূপাৰ প্ৰশংসা। মোৰ মনত কিন্তু তেতিয়াও মোমাইদেউৰ অৱস্হাটোৱেহে দোলা দি আছিল।  পিছদিনা হেডচাৰৰ নিৰ্দেশমতেই মই স্কুললৈ গ'লো।  স্কুলঘৰৰ নিৰ্মাণ ৰ কাম পূৰ্ণগতিত চলি আছিল। ইফালে স্কুলৰ বাবে ও ভাল খবৰ আছিল হেনো। চৰকাৰে ইমান দিনে হেডচাৰে  জন্ম দি কষ্টৰে চলাই থকা এই স্কুল খনক প্ৰাদেশীকিকৰণ কৰিবলৈ যো-জা কৰিছিল। তাৰবাবে বিচৰা সকলো কাগজ পত্ৰ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছিল। মোৰ বিশেষ আনন্দ কৰিবলৈ একো নাছিল। কাৰণ মই তেতি‌য়ালৈকে কোনো ধৰণৰ কাগজ পত্ৰ জমা দিয়া নাছিলো।  ক'ৰপৰা কাগজ আনিম? মই তো কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিবলৈ যোৱাই নাছিলো। অতদিনে হেডচাৰে কিমান বুজাইছিল । শাৰিৰীক পৰিশ্ৰম কৰি নিজৰ দায়িত্ব পালন কৰি থাকিলেও চাকৰিত যোগদান কৰিবলৈ থকা নিৰ্দিষ্ট যোগ্যতা আহৰণ কৰিবই লাগিব। মোক হেনো মাত্ৰ কেইশ্ৰেণীমান পঢ়া বুলি  নিজৰ বয়সৰ সৈতে এখন প্ৰমাণ পত্ৰহে দৰকাৰ। কিন্তু  মোৰ দ্বাৰা সেইখন যোগাৰ কৰাও সম্ভৱ নাছিল।চাকৰিৰ...

সিপাৰৰ সাঁকো

 #সিপাৰৰ সাঁকো                    (৫২)    ভাতসাঁজ দুপৰীয়াৰো নহ'ল, ৰাতিৰো ন'হল।তেনে সময়ত খালে গেৰোঁগেথো লাগে। খাই উঠি নমিতা আৰু আইয়ে পাকঘৰ অঁটাওতে ছোৱালী দুজনীয়ে  আগফালে ৰাস্তাত খোজকাঢ়ি থাকিল। মই আৰু ৰজনীয়ে অনুচ্চ কণ্ঠস্বৰেৰে  মোমাইদেউহঁতৰ ঘৰৰ কথাকে পাতি থাকিলো। মই  মোমাইদেউৰ খবৰ লবলৈ যাব নোৱাৰাৰ কথা  ক'লো। ৰজনীয়েও মোৰ লগতে যোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে।  কথামতেই কাম। দুয়ো গাড়ীখনত উঠি এপাকত গৈ মোমাইদেউৰ ঘৰ পালোগৈ। ঘৰখনলৈ মই একেবাৰে কমেইহে গৈছিলো। মলয়া ক দেখা পোৱা প্ৰথম শিহৰণ আৰু আন আন স্মৃতিবিজড়িত  ক্ষণসমূহে মোক শোকাকুল কৰি তুলিছিল। আমি সোমাই যাওঁতে  একেবাৰে গধূলি হৈছিল। অন্ধকাৰত ডুব গৈ থকাত বাহিৰখন ভালদৰে দেখা নাপালো । মূল ঘৰটো তেতিয়াও সেই আগৰদৰেই আছিল।  হালধীয়া লাইট এটাই চ'ৰা ঘৰটো পোহৰাই থৈছিল।মোমাই দেউ বিচনাতে শুই আছিল। মামীদেউৱে গোসাঁই-ঘৰত চাকি জ্বলাই প্ৰাৰ্থনা কৰি থকা যেন লাগিছিল। আমাৰ মাতত মোমাইদেউৱে চকু মেলি চাই মোক দেখি দুৰ্বল মাতেৰে  কৈ উঠিছিল-   ’অহ তুমি আহ...

সিপাৰৰ সাঁকো (৫১)

 #সিপাৰৰ সাঁকো                    (৫১)    তাৰ দৰে আন বহুতো ল'ৰাই মাক দেউতাকৰ জীয়া জীয়া সপোন এৰি থৈ হাবিৰ মাজত উদিত সূৰ্যৰ পতাকাৰ তলত  বন্দুক তুলি লৈছিল। ইমান দিনে  কথাটো ঘৰৰ কেইটাৰ বাহিৰে বাকী মানুহে  গম নোপোৱাকৈ থকা বুলি শুনিছিলো। পিছে পুলিচ - মিলিটেৰীৰ সঘন  আহ -যাহ   দেখি সকলোৱে জনাজনি হ'বলৈ ধৰিছিল। দূবাৰ মান  খুব বেয়া কৈ মোমাইদেউ আৰু সৰুটোক শাস্তি দিয়া হৈছিল। বিয়া দিয়া জীয়েকহতঁক মোমাইদেৱে ঘৰলৈ আহিবলৈকে মানা কৰি দিছিল। সৰু ল'ৰাটোকো নিজৰ যি কেইপদ সম্পত্তি আছিল তাৰে দোকান এখন খুলি দি ঘৰৰ পৰা আতঁৰাই পঠাইছিল।  মাজে মাজে অকলশৰীয়া মোমাইদেউকে গাড়ীত তুলি নি অত্যাচাৰ কৰিছিল। সেয়া অৱশ্যে আৰম্ভনিহে আছিল। অসমীয়াৰ তেজেৰেআৰু কিমান  ফাঁকু খেলিবলৈ বাকী আছিল কোনেও নাজানিছিল।  মোমাইদেউহঁতৰ পৰিয়ালটোৰ বিপত্তিয়ে আন বহুতৰো দশা হৈছিল। গাৱঁৰ মানুহেও পুলিচ মিলিটেৰীৰ ৰোষত পৰাৰ ভয়ত তেওঁলোকৰ  ঘৰখনলৈ যাবলৈ এৰিছিল। চেপা আতংকই বিৰাজ কৰা গাঁৱৰ মানুহৰ মাজত বহু ধৰণৰ উৰাবাতৰি বিয়পি পৰিছ...

সিপাৰৰ সাঁকো

 🙏মোৰ  কাহিনী অৰ্দ্ধশতক খণ্ডত উপনীত হ'লহি।  আপোনালোকৰ মৰমৰ সহাঁৰিয়ে মোক অনুপ্ৰাণিত কৰিলে। তাৰবাবে  অশেষ ধন্যবাদ জ্ঞাপন কৰিলো। সহৃদয় পাঠকৰ আশীষ সদায়েই  কাম্য।🙏 #সিপাৰৰ সাঁকো                    (৫০)    মিলিয়ে ইমান দিনে  'মহাভাৰত' নাচালেও ৰূপাৰ মুখলৈ যিদৰে চাই আছিল মোৰ ভাৱ হ'ল তাইৰ যেন সচাঁকৈয়ে 'মহাভাৰত' চাবলৈ ইচ্ছা হৈছিল। আইয়ে প্ৰায়েই মহাভাৰতৰ  কাহিনী কৈ শুনাইছিল । মই ও লাইব্ৰেৰীৰ পৰা কিতাপ আনি তাইক দিছিলো । গাৱঁৰ লাইব্ৰেৰীতো কিতাপ আছিল।তাই কিতাপ পঢ়িয়েই মহাভাৰতৰ কাহিনী জানিবলৈ ভাল পাইছিল। ৰূপাই মাজে মাজে তাইৰ প্ৰিয় বিজ্ঞাপনৰ কথাও কৈ গৈছিল। মিলিৰ দৰে মৌন অথচ আগ্ৰহী শ্ৰোতা পাই তাই বৰ ভাল পাইছিল। মই ভাগ লোৱা নাছিলো । মাত্ৰ অন্যমনস্কৰ দৰে থাকি সিহঁতৰ কথা শুনি আছিলোঁ। ৰূপাৰ প্ৰগলভতাত তাইৰ মনৰ শিশুসুলভ চৰিত্ৰটো চিনাকী হৈ উঠিছিল। মিলিত কৈ বহুবছৰে ডাঙৰ হ'লেও তাই যেন নিজকে  মিলিৰ  সমনীয়া বুলি ভাবি লৈছিল। মাক দেউতাকৰ  জীয়া জীয়া আবদাৰ আৰু সুৰক্ষা আৱেষ্টনীত থকা সন্তানে আগবয়সত...

সিপাৰৰ সাঁকো

 #সিপাৰৰ সাঁকো                    (৪৯)    তাইৰ নাম ৰূপা আছিল। ল'ৰা টোৰ নাম আছিল ৰূপম।  মই বাহিৰলৈ ওলাই গৈ মিলিক খেলি থকাৰ পৰা  মাতি আনিলোগৈ। তাই 'আমৈ' বুলি হাঁহি দেখুৱাই ৰূপা বায়েকৰ কাষতে বহি থাকিল। মই ভিতৰলৈ উঠি যোৱা দেখি আইয়ে      ' সোণ অ' তই নালাগে ৰ'। '    বুলি মোক বহাই থৈ নিজে উঠিছিল। তাকে দেখি ৰজনীৰ শ্ৰী মতীয়ে ও বহাৰ পৰা উঠি আইৰ পিছে পিছে গৈ পাকঘৰ পাই সকলো কাম নিয়াৰিকৈ কৰিলে। কল আৰু পকামিঠৈৰ সৈতে তেওঁ ঘৰত ভাজি অনা মালপোৱা আৰু টেকেলি মুখত দিয়া পিঠাৰে সকলোকে চাহ দিলে।আইয়ে ঘৰৰ গাই দুজনী আনক আধি দিয়াৰে পৰা গাখীৰৰ মুখ নেদেখা বুলি কৈ ইতস্তত: বোধ কৰিছিল। ৰজনীৰ শ্ৰী মতীয়ে ৰঙা চাহ পানী টুপি খাই ভাল পোৱাৰ কথা কলে।    ঘৰত হেনো  ৰজনীয়ে পাউদাৰ গাখীৰৰ চাহ খাই বেয়া পাইছিল। আকৌ গাখীৰ ল'ৰা ছোৱালী আৰু দুয়োজনী মাকৰ  মাজত বিতৰণ কৰোঁতে ই শেষ হৈছিল । সেয়ে তেওঁ লোকে ৰঙা চাহ পানী কে খাইছিল। তেওঁ লোক আকৌ চাহ খাই খাই চ'ৰা ঘৰতে বহি কথা পাতি থাকোঁতে মই পিছফালে গৈ জীয়ন দিয়...

সিপাৰৰ সাঁকো

 #সিপাৰৰ সাঁকো                    (৪৮)    হেডচাৰ , মামনি বাইদেউ আৰু আবুলচাৰে আইক মাত লগাই যাবলৈ ওলাইছিল । মই পিছফালৰ পৰা হালধি দুমোনা ভৰাই আনি হেডচাৰ আৰু আবুল চাৰৰ স্কুটাৰৰ পিছফালে তুলি দিলো। মামনি বাইদেউৰ ঘৰ ওচৰতে। তেওঁক   ঘৰতেই পিছত দি থৈ আহিছিলো। মোক সোনকালেই স্কুললৈ যাবলৈ কৈ দুয়োজন স্কুটাৰত গুচি গৈছিল। মামনি বাইদেৱে খোজকাঢ়ি ঘৰলৈ ঘূৰি গ'ল। তাৰ পিছত আইৰ পাল। আইয়ে ইমান পৰে পালেঙৰ পৰা নামি আহি ইফালে সিফালে ঘূৰি ফুৰিছিলেই।খেৰৰ সূতাৰে বাৰান্দা খনকে সাৰিছিল। মিলি এপাকত উঠি বাহিৰ লৈ খেলিবলৈ যোৱাৰ পিছত ৰাজ্যখন তেওঁৰেই হৈ পৰাত মোক ভালকৈ ধুনিলে।    'অকলশৰীয়া মানুহ , আগলৈও নাই পিছলৈ ও নাই। বেমাৰ-আজাৰ এটা হ'লে চাওঁতা নাই। হাইজাত মৰা বোৰে নিজৰ বংশ পৰিয়ালৰ হ'লেও কান্ধত চাঙী তুলিবলৈহে আহিব। বেমাৰে আজাৰে নাচায় নহয়। এটাক ক'লে কোনোদিনে কথাক কথা বুলি নাভাবে।  সিজনী আহিল, গ'ল।তাকনো কি আহুদি কৰি গ'ল সি সংসাৰৰ মা‌য়া মোহ চিনি নোপোৱা হ'ল। মই বুঢ়ীয়ে সেই  দায়িত্ব লৈ ল'ৰা-পোৱালীজনীক  খুটি খাব পৰা কৰি ...