সিপাৰৰ সাঁকো ( ৫৯)
#সিপাৰৰ_সাঁকো
(৫৯)
অলপ আগতে মোৰ মনলৈ লোভ আহিছিল। নিয়মীয়াকৰণত বিতুপনৰ নহৈ মোৰ নামটো অহা হ'লে মই মাহেকৰ মূৰত পোৱা বেছি দৰমহাৰে পকীঘৰ সাজিলোহেঁতেন।
বিতুপনৰ সলনি মোৰ নাম!
কেঁচা ঘৰৰ সলনি পকা ঘৰ!
মাত্ৰ এটা নাম সলনি আৰু মোৰ হেপাঁহ পূৰ্ণ! মোৰ মনটোৱে যেন অলপ ৰং অনুভৱ কৰিব বিচাৰিলে।
কিন্তু পিছমূহূৰ্ততে তাত লাগি থকা 'যদি' আৰু 'হেঁতেন' দুটা ই মনটো গধুৰ কৰি তুলিলে। 'যদি' আৰু 'হেঁতেন' যে দুটি অৰ্থহীন শব্দ, সেয়া মলয়াৰ মৃত্যুৰ পিছৰ পৰা পলে পলে অনুভৱ কৰি আছিলোৱেই।
সিদিনা হস্পিটেলত ডাক্তৰে যদি তাইক বচাব
পাৰিলেহেঁতেন!
মই যদি আগতেই তাইক লৈ গলোহেঁতেন!
এতিয়াৰ দৰে তেতিয়াও যদি ওচৰতে ডাক্তৰ আৰু
হস্পিটেল থাকিলহেঁতেন!
উস্ এই 'হেতেঁন' বিলাকে মোৰ মনটোৰ আশা বোৰক যেন ৰঙাই তুলিছিল। পিছে সিহঁতবোৰ ভাওনাত পিন্ধি লোৱা নৃ-সিংহৰ মুখাখনৰ দৰেহে। দেখিলেই ভয় লাগে- কিন্তু.... আৰু একো নহয়.... একোৱেই নহয় আৰু।
সেয়েহে মই সকলো পাহৰি পেলাব বিচাৰো। কেঁচা ঘৰ পকা হ'ব নালাগে।
কিন্তু ৰৈ ৰৈ মনটোক কিবা অদৃশ্য শক্তিয়ে লোভ দেখুৱাইছিল।
মই বুজি পাওঁ- সেয়া লোভ! গুৰুজনাই কৈয়েই গৈছে-
লোভ-মোহ দুহো বাঘ।
সততে নছাড়ে লাগ।।
তথাপিও কিয় জানো লাহে লাহে মই নিজকে বুজাব নোৱাৰা হৈ পৰিছিলো। ৰজনী- তৰণীৰ আগত কৌতুকেৰে নিজৰ দুখ বোৰ লুকাই ৰাখি বুজনি দিয়া মনটোৱে সময় বাগৰাৰ লগে লগে মোৰ সমস্ত চিন্তা শক্তি মষিমূৰ কৰি দিছিল। সকলোতকৈ আচৰিত কথা আছিল - মই মামনি বাইদেউ ৰ মুখামুখি হ'বলৈ প্ৰস্তুত কৰিব পৰা নাছিলো নিজকে। মামনি বাইদেৱে কি ভাবিছিল নাজানো।
জাৱৰ পেলাবলৈ আগদুৱাৰেদি ওলাই গৈ একেবাৰে পিছফালে পুখুৰীৰ পাৰ পালো গৈ। পিছফালৰ দুৱাৰখনেৰে আইয়ে হাতত প্লেট এখন আৰু চাহৰ কাপ লৈ যোৱা দেখিবলৈ পালো। মোৰ মগজুটো কুটি কুটি বিন্ধা কৰি থকা লোভৰ পোকটোক আঁতৰাই পঠাই মনটোক শান্ত কৰাটো বৰ কঠিন হৈ পৰিছিল। তথাপিও মামনি বাইদেৱে বেয়া পাব বুলিয়েই পিছদুৱাৰেদি ভিতৰলৈ সোমাই আহিছিলো। ওচৰলৈ গৈ দেখিলো-তেওঁ তেতিয়াও মালপোৱা খোৱা নাই।
'চাহ খাওক।' -এইবুলি কোৱাত তেওঁ মোলৈ চালে।
তেওঁ অন্য কথাৰ অৱতাৰণা নকৰাকৈ মোক চিধাই সুধিলে-
'স্কুললৈ যোৱা নাই কিয়?'
' এনেয়ে।'
'এনেকৈ ঘৰত সোমাই থাকিলেনো কি হ'ব , সোনেশ্বৰ?'
. '.............'
'হেডচাৰে কৈ পঠিয়াইছে কাইলৈৰ পৰা ৰেগুলাৰ স্কুললৈ যাবলৈ।'
তাৰপিছত যেন আইৰ পাল পৰিল--
' জানো পাই , কি হৈছে ! সোণটোৱে দুদিন মান ৰ পৰা বৰ মনে মনে থকা হৈছে। মাজনী অ' তুমি কিবা জানা নেকি?'
আইয়ে মামনি বাইদেউক 'মাজনী' বুলিয়েই মাতিছিল। বয়সত মোৰ সমানেই বা ডাঙৰ হ'লেও সৰু নাছিল তেওঁ। তথাপিও আবিয়ৈ ছোৱালী হিচাপে কম-বয়সীয়া যেন দেখা গৈছিল। হ'লেও চছমা যোৰৰ সৈতে গহীন- গম্ভীৰ ব্যক্তিত্ব-সম্পন্ন মানুহ জনীক দেখিলেই শ্ৰদ্ধা জাগিছিল। তেওঁ আইক আচল কথাটো নকৈ এনেয়ে মন ভাল লগোৱা কিবা এটা কৈ থৈছিল। আই আৰু মামনি বাইদেউৰ কথা-বতৰাৰ মাজতে মই ক'লো,--
'আপুনি বহকচোন , মই পথাৰৰ পৰা আঁহো।'
তেওঁ আচৰিত হৈ পৰিছিল।
আগলৈ
দুলুমণি
২৭/৯/২০২০
Comments
Post a Comment