সিপাৰৰ সাঁকো (৫৮)

 #সিপাৰৰ_সাঁকো

                   (৫৮)   

   তেওঁ বাহিৰত নবহি চিধা ভিতৰলৈ সোমাই আহিছিল। আইয়ে  মোৰ কোঠাতে চাপৰি চাপৰি খেৰৰ ঝাৰুৰে মজিয়া সাৰি আছিল। মই ইটো সিটো সামগ্ৰী দাঙি দাঙি আইক ঝাৰুৰে সাৰি নিয়াত  সহায় কৰি দিছিলো। মোৰ কোঠাত থকা বস্ত বোৰত মলয়াৰ পৰশ লাগি আছিল। এখন ক'লা-বগা ফটো ফ্ৰেম এটাত বন্ধাই তাতে ফুলৰ মালা দিয়া আছিল। ফটোখন মলয়াৰ শিশুকালৰহে আছিল। দেউতাকে  ফুৰিবলৈ যাওঁতে ষ্টুডিঅ'ত উঠাই ছিল হেনো। 

তাই সাঁচি থওঁতে থওঁতে ফটোৱে অদ্ভূত ৰূপ লৈছিল। মই পাছত ফ্ৰেইমত বন্ধাই থৈছিলো। এটা কাঠৰ ৰেকত কেইবাটাও টিনৰ ৰঙীন বাকচ আছিল। সেইবোৰ বৰ বেছি প্ৰয়োজন অনুভৱ নহ'লে খোলা নাছিলো। গোটেই কেইটাই  মলয়াই বোৱা কাপোৰেৰে ঠাহ খাই আছিল। এটাত বৰ কাপোৰ, খনীয়া, চেলেং, দুখনমান এৰীচাদৰ নতুন নতুনকৈ বৈ ভৰাই থৈছিল হে মাথোন। সেইবোৰ তেনেকৈয়ে অতবছৰে ৰাখি থৈছিলো। বৰ কাপোৰ আইৰ দিনৰো আছিল। ডাঙৰ সূতাৰে বৰ বহলকৈ বোৱা বৰ কাপোৰবোৰ জাৰৰ দিনতো আৰু জহৰ দিনতো কামত আহে। আন এটাত গামোচা, চুৰিয়া আৰু   টঙালি কেইখনমান আছিল।  সেইটো অৱশ্যে মোক প্ৰায়েই দৰকাৰ হৈছিল, খোলা মেলা কৰিয়েই  থাকিছিলো। আন এটা বাকচত কেৱল মলয়াৰ নতুন পূৰণি মেখেলা- চাদৰ বোৰ। সেইটোও মই খুলিছিলো প্ৰায়েই। মলয়াৰ স্মৃতিত কাতৰ হৈ পৰিলে সেই বাকচটো একেবাৰে সৰুকৈ খুলি ফাঁকটোৰে  কাপোৰ বোৰৰ সুৱাস টানি লৈ পুনৰ বন্ধ কৰি থৈ দিছিলো। জীয়াই থকা লৈকে সেই সুৱাসে আঁটিব লাগিব। বাকচটো ডাঙৰকৈ খুলিলে বতাহত মিলি গৈ মলয়াৰ দেহৰ সুবাস নাইকীয়া হৈ পৰে যদি মোৰ কি হ'ব?বাৰে ‌বাৰে খুলি থাকিবলৈ ভয়ো লাগিছিল কেনেবাকৈ নিগনি, পঁইতাচোৰা সোমাই যায় বুলি।  আন এটা বাকচত কিছুমান প্ৰয়োজনীয় কাগজ পত্ৰৰে সৈতে মলয়াৰ গহনাৰ বাকচ এটা আছিল। সেই বাকচটো অনবৰতে  তলামাৰি থোৱা হৈয়েই থাকে। আই আৰু মোৰ বাহিৰে আন কাৰোৰে কোনটো বাকচত কি আছিল জনাৰ সাধ‌্য নাছিল। তথাপিও কেঁচা মজিয়া খান্দি সিন্ধি দিয়া চোৰৰ উৎপাতৰ  পৰা ৰক্ষা পোৱাৰ উপায় নাছিল। 

আগতে বহুত সিন্ধি খন্দা চোৰৰ প্ৰাদুৰ্ভাৱ দেখা গৈছিল। ধৰাও পৰিছিল, বস্ত ঘূৰাই ও পাইছিল। দেৱীপুৰত নতুনকৈ এখন আৰক্ষী চকী হৈছিল। সেই আৰক্ষী চকীৰ তামাম পিটন খোৱা চোৰে জীৱনলৈ চুৰ নকৰো বুলি শপতো খাইছিল। মোৰ মূৰত অৱশ্যে শোৱাকোঠালি দুটা পকী কৈ বনোৱাৰ চিন্তাইহে বাহ লৈছিল। টকা কেইটামান বেছিকৈ থকা হ'লে? আকৌ সেই চাকৰি হেৰুওৱাৰ কথাটো মনত পৰিল। 

তেনেতে মামনি বাইদেৱে একেবাৰে কাষৰে পৰা মাত দিলে। মোৰ বৰ ভাল লাগিছিল তেওঁক দেখি। মই তেওঁক চ'ৰা ঘৰতে বহিবলৈ দিলো। তেওঁ বহি লৈ মিলিৰ সৈতে কথা পাতি থাকিল। মিলিক টিভি চাবলৈ নোযোৱাৰ কাৰণ সুধিলে। মিলিয়ে নতুনকৈ 'আদৰ্শ'ত নাম ভৰ্তি কৰাৰ পৰাই মামনি বাইদেউলৈ ভীষণ ভয় কৰা হৈছিল। আগৰেপৰা দেখি থকা মানুহ জনীক স্কুলত বেলেগ ৰূপত দেখাৰ  পাছত তাই হয়তো বুজি পাইছিল যে  সেইগৰাকীৰ আচল ৰূপ স্কুলত দেখা টোহে। স্কুলত আন ছাত্ৰীসকলৰ পৰাও প্ৰভাৱিত হৈছিল  চাগে। স্কুললৈ যোৱাৰে পৰা  মিলিয়ে মামনি বাইদেউৰ ঘৰলৈ মুখকে নকৰিছিল। মই ভালেই পাইছিলো  । অলপ ভয়-ডৰ নাথাকিলে মূৰৰ ওপৰত নাচিব। 

 মামনি বাইদেৱে অৱশ্যে মাক নাইকিয়া ছোৱালী বুলিয়েই চাগে তাইক খুউব বেছি মৰম কৰিছিল। তেওঁৰ গহীন-গম্ভীৰ চকুত মিলিৰ প্ৰতি বাৎসল্য ভাৱৰ চাৱনি

ফুটি উঠা দেখিবলৈ পাইছিলো। আইক মামনি বাইদেউৰ বাবে চাহ কৰিবলৈ পঠিয়াই মই লেতেৰা জাৱৰবোৰ খেৰৰ সূতাটোৰে জাৱৰ পেলোৱা ঢকুৱা এখনত ভৰাই বাহিৰত পেলাই আহিছিলো। মামনি বাইদেৱে যেন বুজি পাইছিল মোৰ কামবোৰ কিয় ইমান  বেছি ধীৰেৰে হৈছিল । তেওঁ যি কথাৰ পাতনি মেলিব বিচাৰিছিল, মই সেই কথা শুনিব বিচৰা নাছিলো। নিজে সামৰি থব খোজা নোপোৱাৰ বেদনা বোৰ আনে মনত পেলাই দিলে  দুখবোৰ বেছিকৈ অনুভৱ কৰা যায়।


                                আগলৈ 

দুলুমণি

২৬/৯/২০২০

Comments

Popular posts from this blog

সিপাৰৰ সাঁকো (৫১)

সিপাৰৰ সাঁকো (৩২)

সিপাৰৰ সাঁকো (৪২)