দা চামিট ৱিদিন

 

পঢ়াৰ আগতে---

মেজৰ এইচ পি এচ আহলুৱালিয়াআছিল ১৯৬৫ চনৰ  প্ৰথম ভাৰতৰ এভাৰেষ্ট আৰোহণ অভিযানৰ এজন সদস্য। পৃথিৱীৰ সৰ্বোচ্চ শিখৰত আৰোহণ কৰি  তেওঁ কেনেকুৱা অনুভৱ কৰিছিল? আহকচোন তেওঁৰ মুখৰ পৰাই শুঁনো সেই অভিজ্ঞতা - শিখৰ আৰোহণ কৰিবলৈ যাওঁতে  আৰু তাৰ পিছত ততোধিক কষ্টৰে নিজৰ অন্তৰ্নিহিত শৃংগ আৰোহণ কৰাৰ সময়ত।


 এভাৰেষ্ট শিখৰত আৰোহণ কৰি তাত থিয় দি থাকোঁতে মোৰ অন্তৰত উথলি উঠা আন সকলো আৱেগতকৈ প্ৰৱল হৈ পৰিছিল বিনম্ৰতাসূচক আৱেগ। শাৰীৰিক অৱয়ৱে কৈ উঠিছিল 

       "ঈশ্বৰক ধন্যবাদ!   ইমানতে শেষ হ'ল। 

অৱশ্যে আনন্দত আত্মহাৰা হোৱাৰ পৰিৱৰ্তে এক দুখবোধেহে  আচ্ছন্ন কৰি তুলিছিল। এভাৰেষ্টৰ অন্তিম  শিখৰত আৰোহণ কৰাৰ পিছত ততোধিক উচ্চতাৰ শিখৰ বাকী নোহোৱা হৈ পৰিল আৰু তাৰ পিছত সকলো পথেই নিম্ন গামী হৈ পৰিব বুলি ভাবিয়ে ই তেনে হৈছিল নেকি?

এভাৰেষ্ট শিখৰত উপনীত হ'লে আপুনি এক গভীৰ আনন্দ আৰু কৃতজ্ঞতাবোধেৰে আহ্লাদিত হৈপৰিব । এই আনন্দ আজীৱন অক্ষুণ্ণ থাকে। এই অভিজ্ঞতাই আপোনাক সম্পূৰ্ণ ভাৱে সলনি কৰি পেলাব। যিসকল মানুহে পৰ্বতাৰোহণ কৰিবলৈ যা‌য়, তেওঁলোক ঘূৰি অহাৰ পিছত আৰু আগৰ দৰে হৈ নাথাকে।


        মই এভাৰেষ্ট শিখৰত আৰোহণ কৰাৰ পিছৰ সময়খিনি লৈ ঘূৰি চালে আন এটা শিখৰ বা শৃংগ কথা নোকোৱাকৈ থাকিব নোৱাৰো- মনৰ শৃংগটো -- কম বিপদজনক আৰু  কষ্টকৰ নহয়।

   আনকি  এভাৰেষ্ট  শিখৰত উপনীতহৈ নামি আহি  দেহৰ যন্ত্ৰণা সমূহ লাঘৱ হোৱাৰ পিছত মই নিজকে প্ৰশ্ন কৰিছিলো যে মই কিয়  এভাৰেষ্ট শিখৰত আৰোহণ কৰিবলৈ গৈছিলো। মোৰ মনক সেই শিখৰ আৰোহণ কৰাৰ মুহূৰ্ত্তৰ কল্পনাই কিয় ইমান বেছি আচ্ছন্ন কৰি ৰাখিছিল? এইটো অতীতৰ কথা হৈ পৰিছিল, পাৰহৈ যোৱাদিনৰ স্মৃতি।দিনবাগৰাৰ লগে লগে ই আৰু বেছি পুৰণি হৈ গৈ থাকিব। তেতিয়া কি বাকী থাকিব? মোৰ স্মৃতি ৰ পৰাও নিশ্চিহ্ন হৈ পৰিব নেকি? 

এই সকলো বোৰ কথাই মোক নিজকে এই এটা প্ৰশ্ন সুধিবলৈ বাধ্য কৰে -মানুহে কিয় পৰ্বতাৰোহণ কৰিবলৈ যায় । এই প্ৰশ্নৰ উত্তৰ দিয়া সহজ নহয়। আটাইতকৈ সহজ উত্তৰ টো আন বহুতে দিয়া ৰ দৰে এইটোৱে হ'ব যে   _" কাৰণ পৰ্বত আছে।"

এই পৰ্বত বোৰে সমুখত  কঠিন পৰিস্হিতিৰে বাধাৰ সৃষ্টি

কৰে। মানুহে  বাধাৰ প্ৰাচীৰ  অতিক্ৰমি ভাল পায়। পৰ্বতাৰোহণত সমুখত সৃষ্টি হোৱা বাধা সমুহ শাৰীৰিক বাধা।  পৰ্বত শিখৰত উপনীত হোৱা মানে সহিষ্ণুতা, অধ্যৱসায় আৰু ইচ্ছাশক্তিৰ কৰ্ষণ। এই শাৰীৰিক গুণাবলীৰ প্ৰদৰ্শনো কম উৎসাহজনক অভিজ্ঞতা নহয় কিন্তু, মোৰ নিজৰো  ও তেনে হৈছিল।

 

এই প্ৰশ্নৰ বাবে মোৰ এটা অতি ব্যক্তিগত উত্তৰ আছে। শৈশৱৰ পৰাই পৰ্বতে মোক বিশেষ ভাৱে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। পৰ্বতসমূহৰ পৰা আঁতৰি সমতলভূমি লৈ গ'লে মই হেৰাই গৈছিলো, বিহ্বল হৈ পৰিছিলো। পৰ্বতসমূহতে প্ৰকৃতিৰ সৰ্বোত্তম ৰূপটো নিহিত হৈ থাকে। পৰ্বতসমূহৰ নৈসৰ্গিক সৌন্দৰ্য্য আৰু গাম্ভীৰ্য ই মানুহক ইয়াক জয় কৰাৰ বাবে হাত বাউলি মাতে আন বহুতৰ দৰে ময়ো বিশ্বাস কৰোঁ যে পৰ্বত বোৰেই হ'ল ঈশ্বৰৰ সৈতে একাত্ম হোৱাৰ মাধ্যম।

  এবাৰ এই  উত্তৰ গ্ৰহণযোগ্য বুলি ভবাৰ লগে লগেই এই প্ৰশ্ন থাকে: এভাৰেষ্টেই কিয়? কিয়নো ই সৰ্ব্বোচ্চ আটাইতকৈ শক্তিশালী আৰু আগতে কৰা কেইবাটাও অভিযানক বিফল হৈছিল। ই যেন দেহৰ অন্তিম বিন্দু শক্তিও কাঢ়ি নিয়ে। শিল আৰু বৰফৰ সৈতে এক নিৰ্দয় খেল। এবাৰ হাতত ল'লে জীৱনলৈ ভাবুকি কঢ়িয়াই আনিলেও আধাতে এৰি যোৱা সম্ভৱ নহয়। আগলৈ যোৱা যিদৰে অসম্ভৱ , পিছলৈ ঘূৰি যোৱাও অসম্ভৱ। আৰু তাৰ পিছত শিখৰত উপনীত হোৱাৰ পিছত অত্যন্ত ৰোমাঞ্চিত হৈ পৰা যায়, কিবা এটা কৰাৰ আনন্দৰে, এখন যুদ্ধত অৱতীৰ্ণ হৈ সফলতা লাভৰ ভাৱেৰে। বিজয় আৰু আনন্দৰ অনুভৱেৰে।

দূৰৈৰ পৰা এটা শৃংগ দেখা পাই ম ই অন্য এখন পৃথিৱীলৈ গতি কৰোঁ। মই নিজৰ মাজতে এক ধৰণৰ  পৰিৱৰ্তন অনুভৱ কৰোঁ যাক আধ্যাত্মিক  যেন লাগে।

ইয়াৰ সৌন্দৰ্য ই, ইয়াৰ একাকীত্ব ই, শক্তি য়ে, ইয়াৰ ওখোৰা-মোখোৰা ভূ-ভাগে আৰু ইয়াক আৰোহণ কৰিবলৈ যাওঁতে সন্মুখীন হোৱা বাধাসমূহে মোক হাত-বাউলি  শৃঙ্গটোলৈ মাতে-- যিদৰে মোক এভাৰেষ্ট শিখৰে মাতিছিল। এইটো এটা এৰাব নোৱাৰা বাজি। 


ইমানৰ পিছতো ঘূৰি চাই দেখো  যে মই  এভাৰেষ্ট আৰোহণ কৰাৰ কাৰণ টো ব্যাখ্যা কৰিব পৰা নাই। এই প্ৰশ্নৰ উত্তৰ দিয়াটো মই কিয় উশাহ-নিশাহ লওঁ সেই প্ৰশ্নৰ উত্তৰ দিয়াৰ দৰে কথা। আপুনি প্ৰতিবেশীক কিয় সহা‌য় কৰে? আপুনি কিয় ভাল কাম  কৰিব বিচাৰে? তাৰ কোনো শেষ উত্তৰ নাই। 


তদুপৰি এইটোও সত্য যে এভাৰেষ্ট আৰোহণ কৰাটো কেৱল শাৰীৰিক অভিযান নহয়। যিজন মানুহে এই পৰ্বত শিখৰত উপনীত হ'ব পাৰে  তেওঁ এই বিশাল বিশ্ব-ব্ৰক্ষ্মাণ্ডত  নিজৰ ক্ষুদ্ৰতাৰ বিষয়ে বিশেষ ভাৱে সচেতন হৈ পৰে।


শাৰীৰিক ভাৱে এই পৰ্বত শিখৰত উপনীত হ'ব পৰা টো গোটেই  সাফল্যটিৰ এটা অংশহে মাত্ৰ। ইয়াৰ বাহিৰেও তাৰ বহু ৰূপ আছে।ইয়ে আত্মসন্তুষ্টি দিয়ে। চৌপাশৰ পৰিবেশতকৈ উচ্চতৰ পৰ্যায়তে উঠাৰ হেঁপাহ পূৰ্ণ হোৱাৰ সন্তুষ্টি।এইয়া হ'ল মানুহৰ  দু:সাহসিক অভিযানৰ প্ৰতি অসীম প্ৰেম। এই অভিজ্ঞতা মাথোন শাৰীৰিক নহয়, ই আবেগিক। ই আধ্যাত্মিক।


  পৰ্বতৰ অন্তিম  শিখৰলৈ এক আদৰ্শ আৰোহণ ৰ কথা ধৰা যাওক। আপুনি এজন সতীৰ্থৰ লগত  ৰছী এডাল ভগাই লৈছে। আপুনি টানকৈ বান্ধি লৈছে নিজকে। তেওঁ বৰফত খোজ দিবৰ বাবে খোপবোৰ কাটি যায়। তাৰ পিছত আপুনি ইঞ্চি ইঞ্চি কৈ ওপৰলৈ আগুৱাই গৈ থাকে। এই দৰে বগোৱাটো বিপজ্জনক। কিন্তু আপুনি মৰণত শৰণ দি এই দৰে ই প্ৰতিটো খোজ আগবঢ়ায়। বিখ্যাত পৰ্বতাৰোহী সকলে এইদৰে তেওঁ লোকক সহায় আগবঢ়োৱা সকলৰ নাম লিপিবদ্ধ কৰি থৈ গৈছে। তেওঁ লোকে সেইসময়ত কিদৰে সেই সহায়ৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল তাকো লিপিবদ্ধ কৰি গৈছে। সেই সহায়ৰ অবিহনে তেওঁলোকে হয়তো যাত্ৰা অব্যাহত ৰাখিব নোৱাৰিলে হেঁতেন। উশাহ-নিশাহ লোৱাটো বৰ কষ্টকৰ। 

 আপুনি নিজকে তেনে এটি বিপদলৈ ঠেলি দিয়া বাবে  শাওপাত দিয়ে। আপুনি কিয় সেই দুৰ্গম যাত্ৰা হাতত লৈছিলো বুলি প্ৰশ্ন কৰে। কেতিয়াবা আপুনি পিছহুঁহকি যোৱাৰ কথা ভাবে। ওপৰলৈ আগুৱাই যোৱাতকৈ পিছহুঁহকি গ'লেই যেন সকলো বিপদৰ পৰা সকাহ পাব।


কিন্তু পিছ-মুহূৰ্ততে আপোনাৰ মনৰ পৰা সেই চিন্তা আঁতৰি গুচি যায়। আপোনাৰ অন্তৰ্নিহিত শক্তি য়ে আপোনাক বাধা দিয়ে আৰু আপুনি আগুৱাই গৈ থাকে। আপোনাৰ সঙ্গীয়ে আপোনাক লগ দিয়ে। আৰু মাত্ৰ পঞ্চাছ ফুট। নে এশ ফুট? আপুনি নিজকে সোধে:শেষেই নহ'ব নেকি বাৰু?  আপুনি আপোনাৰ সঙ্গী জনলৈ চায় আৰু তেওঁ আপোনালৈ চায়। ইজনে সিজনক প্ৰেৰণা যোগায় আৰু তাৰ পিছত প্ৰথমে গম নোপোৱাকৈ শিখৰত উপনীত হয়।

 শিখৰত উপনীত হৈ চাৰিওকাষে চকু ফুৰাই নিজকে কৈ উঠে যাত্ৰা সাৰ্থক হ'ল।আন আন  ৰূপোৱালি শৃঙ্গ সমূহে

ডাৱৰৰ মাজেৰে ভূমুকি মাৰে। আপুনি ভাগ্যবান হ'লে সেই সেই শৃংগবোৰৰ ওপৰত সূৰ্য্য ৰ কিৰণ পৰি থকা দেখিবলৈ পাব। চৌপাশৰ শৃঙ্গ বিলাকক আপোনাৰ শৃঙ্গৰ  কণ্ঠত পিন্ধোৱা এধাৰি  মূল্যৱান মনিমুকুতাৰ মালা হেন দেখা পাব।তলত বিশাল উপত্যকা হেলনীয়া হৈ  দূৰলৈ বিস্তাৰিত হোৱা দেখা পাব। পৰ্বত শিখৰৰ পৰা 

তললৈ চোৱাটো অতি গৰিমামণ্ডিত আৰু সমৃদ্ধিশালী অভিজ্ঞতা। 

আপুনি আপোনাৰ আৰাধ্য ঈশ্বৰৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিবলৈ মূৰ দোঁৱাই ৰয়।


    মই এভাৰেষ্ট ত গুৰু নানকৰ এখন ছবি এৰি থৈ আহিছিলো। ৰাৱতে দূৰ্গা দেৱীৰ ফটো এখন এৰি থৈ আহিছিল। ফু দৰ্জিয়ে বুদ্ধৰ চিন সম্বলিত এক কীৰ্তিচিহ্ন 

থৈ আহিছিল।এডমাণ্ড হিলাৰীয়ে এটা ক্ৰুছচিহ্ন কেয়াৰ্ণৰ( উপাসনা কৰাৰ উদ্দেশ্যে বনোৱা শিলৰ দম ) তলত  বৰফৰ মাজত পুতি থৈ আহিছিল।এইবোৰ কোনো বিজয়ৰ কীৰ্ত্তিচিহ্ন নাছিল। এইবোৰ সম্ভ্ৰম প্ৰকাশৰ উপায়হে আছিল।

শিখৰ বগোৱাৰ অভিজ্ঞতা ই আপোনাক সম্পূৰ্ণভাৱে সলনি কৰি পেলায়। 


আপোনাৰ ভিতৰত অন্য এটা শিখৰ বা শৃঙ্গ অন্তৰ্নিহিত হৈ থাকে। সেইটো হ'ল আপোনাৰ মনৰ শৃঙ্গ।‌প্ৰতিজন মানুহেই নিজৰ অন্তৰ্নিহিত শৃংগ কঢ়িয়াই লৈ ফুৰে। নিজৰ বিষয়ে সম্পূৰ্ণ জ্ঞান লাভ কৰিবলৈ তেওঁ লোকে এই পৰ্বত শিখৰ বগাব লাগিব।ই অতিশয় দুৰ্গম আৰু বিপদসঙ্কুল।ইয়াক আনে বগাব নোৱাৰে । আপুনি নিজেইহে বগাব লাগিব। শাৰীৰিকভাৱে বগাই পৰ্বতাৰোহণ কৰা আৰু অন্তৰ্নিহিত শৃংগ বগোৱাৰ মাজত সম্পৰ্ক আছে। দুয়োবিধ আৰোহণ ৰ ফলাফল একে। আপুনি শাৰীৰিক ভাৱে পৰ্বত শিখৰত আৰোহণ কৰা, আৱেগিক ভাৱে কৰক বা আধ্যাত্মিক ভাৱে কৰক 

পৰ্বতাৰোহণে আপোনাক নিশ্চিত ভাৱে সলাই পেলাব।

ই আপোনাক পৃথিৱীৰ বিষয়ে আৰু আপোনাৰ নিজৰ বিষয়ে বহু কথা শিকায়। 

  মই ইমান খিনি লৈকে ক'বলৈ সাহস কৰিব পাৰো যে 

এজন এভাৰেষ্ট বিজয়ী হিচাপে থকা মোৰ অভিজ্ঞতাই মোক জীৱনৰ জটিল প্ৰশ্নসমূহৰ সৈতে মুখামুখি হোৱাৰ বাবে অনুপ্ৰেৰণা দিয়ে । পৰ্বতাৰোহণ এটা অতি সাৰ্থক অভিজ্ঞতা।মনৰ শৃঙ্গ জয় কৰাটোও সমানেই সাৰ্থক অভিজ্ঞতা। অন্তৰ্মনৰ শৃঙ্গ সমূহৰ উচ্চতা  এভাৰেষ্টতকৈও অধিক হ'ব পাৰে।


এইচ পি এচ আহলুৱালিয়া

অনুবাদ- দুলুমণি গগৈ









Comments

Popular posts from this blog

সিপাৰৰ সাঁকো (৫১)

সিপাৰৰ সাঁকো (৭৫)

সিপাৰৰ সাঁকো (৩২)