সিপাৰৰ সাঁকো (৬১)
#সিপাৰৰ_সাঁকো
(৬১)
একে ঠাইতে বহুপৰ অকলে অকলে ৰৈ থাকিলো। অলপ ৰিমঝিম লাগিছিল গাটো। কিমান বছৰযে মই সেই গেলাসোপা মুখত দিয়া নাছিলো। মলয়া থাকোঁতে কেতিয়াও নাখাইছিলো। মূৰটোৱে নিজৰ বোধশক্তি
হেৰুৱাই পেলাইছিল। কোনফালে যাঁও কোনফালে নাযাঁও চিন্তা কৰি ৰৈ আছোঁ।
বতাহ এজাকে গাটো মেৰিয়াই ধৰি আছিল। আহোঁতে
যিটো ৰাস্তাৰে আহিছিলো, সেই ৰাস্তাটো বিচাৰি ইফালে সিফালে থৰক বৰক হৈ গৈ থাকিলো। মই পথাৰৰ পৰা জাৰণিলৈ উঠি আহিলো বুলি ভাবি গোবাটতো বিচাৰি ঘূৰ্মুটিয়াই ফুৰিলো। ক'তা বাটতো নাই দেখোন। খোজবোৰ থৰক বৰক হৈ পৰিল। জাৰনিখনৰ কোনোবা এটা চুকতে ৰৈ আছিলো নে আন ক'ৰবাত ৰৈ আছিলো মই গমেই পোৱা নাছিলো। ওপৰলৈ চাবলৈ মূৰটো দাঙিব ই পৰা নাছিলো। সেই সময়ত য'তেই আছিলো ত'তেই বহি পৰিম যেন লাগিছিল।
কিন্তু নাই মই বহি থাকিলে নহ'ব । মগজুটোৱে নিৰ্দেশ দি আছিল। ই্ন্দ্ৰিয়বোৰেহে অৱশ হৈ সেই আদেশ পালন কৰাত বিফল হৈছিল। মই খোজ কাঢ়িয়েই আছিলোঁ।
চ'তৰ পথাৰত বাট বিচাৰি ফুৰিব নালাগে। নিজেই বাট কাটিব পাৰি। আন্ধাৰত চকুৰে মণিবই নোৱাৰা হৈ পৰিছিল। তাতে আকৌ চকুৰ পতা জাপ খাই যাওঁ যাঁও কৰি মদৰ নিচা। তথাপিও আগবাঢ়ি গৈয়েই আছিলো।
---- 'তুমি আহিলা? হাত মুখ্ ধুই লোৱাচোন।'
---- ' ...............'
----- 'মনটো বেয়া নেকি? কি হ'ল নো এই দৰে বহি
পৰিলা যে? নে গাটো বেয়া? চাওঁ, চাওঁ!'
---- 'মই একোৱেই দিব পৰা নাই অ' তোমালোকক! ভনী
দুজনী ও মোৰ নিচিনাকৈয়ে থাকিল। দুশ্ৰেণী মান বেছিকৈ পঢ়া-শুনা কৰাহ'লে!! দুয়োজনীয়ে মেট্ৰিক পাছ কৰিলেই ক'ৰবাত মূৰ গুজিব পাৰিলেহেঁতেন !! মই অকৰ্মণ্য ককায়েক!!'
------'হৈযোৱা কথা হৈ গ'ল। এতিয়া দুইজনীৰ কাৰণে দৰা আহিছে । ভাল দৰে বিয়াদুখন পতাৰহে কথা!!
নে এতিয়া বিয়া নাপাতি দুয়োজনীকে নাহৰতলিৰ হাইস্কুলত পঢ়িবলৈ নাম লগাই দিয়াৰ কথা ভাবিছা? বয়স ৰৈ নাথাকে কিন্তু!!'
---- 'বিয়াকে পাতি দিম বাৰু , কিন্তু সেই গিৰিয়েকহঁতে যদি সদায় মদ-পানী খাই আহি কাজিয়া-পেচাল, মাৰ-পিট কৰে তেতিয়া? দেখা নাই জানো কিমান ছোৱালীৰ জীৱন ধ্বংস হৈ যায় সেইবোৰ কাৰণে। আকৌ কিছুমান নিজে আপোনঘাতী হয়, কিছুমানক মাৰিয়েই পেলায়।'
--- 'ঈশ্বৰ ঐ, কিনো কথাবোৰ কৈ থাকা অ'!! কৃষ্ণ কৃষ্ণ!!!নাপায় নহয়! আমি জানো সিহঁতক ক'ৰবাৰ
খুনী, অপৰাধী, ডকাইতলৈ বিয়া দিম? ৰমেনৰ ইমান মৰম জুপিলৈ, তৰাকো হেনো ল'ৰাটোৱে কথা দি থৈহে মিলিটেৰী চাকৰিলৈ গৈছে। তাইৰ কাৰণেই সি চাকৰি বিচাৰি বিচাৰি হাবাথুৰি খাই ফুৰিছিল হেনো। '
---'সেইবোৰ বাৰু ঠিকেই আছে। কিন্তু পিছত যদি
কিবা হয়?'
--- 'কি হ'বনো? তুমি ককায়েক টো আছাই। তূমি যিদৰে বিয়াৰ পিছত একদম ভাল মানুহ হৈ পৰিছা , সিহঁতকো বুজাই দিবা সেইদৰে ভাল হ'বলৈ। '
----'অ হয়নেকি? মই ভাল মানুহ? কিমান বা ভাল?
-----'অঁ বহুত ভাল!!!'
-----'তুমি আশা কৰা সমানেই ভাল নে? পিছে মোৰ
দেখোন একোৱেই নাই। ছাল-চিগা- ভিকহু! অশিক্ষিত!!'
---- 'অ হয়নেকি?? তেতিয়া হ'লে ৰমেন দেখোন মেট্ৰিক ফেল আৰু মিলিটেৰী দেখোন কলেজ পঢ়া !! দুইটাৰে ঘৰৰ অৱস্হাও ভাল । সিহঁতে আকৌ ভনীয়েৰহঁতক দুখ দিব বুলি কিয় ভাবিছা?'
'...................'
---- 'তুমি আগতে কেনেকুৱা আছিলা সেইটো নাজানো । কিন্তু আজিকালি তুমি দুখতো ভাগি নপৰাকৈ থাকিব পাৰা ।বেছি সুখতো যি অহংকাৰী নহয় আৰু নিজৰ অস্তিত্বক নাপাহৰি জীৱন টো আগুৱাই নিবলৈ চেষ্টা কৰে তেনে মানুহহে ভাল লাগে মোৰ। তুমি যে নিজৰ যি আছে তাকে লৈ হাতে-কামে কৰি উন্নতিৰ জখলাত আগুৱাবলৈ চেষ্টা কৰা, সকলোকে মৰম কৰা, ৰাগিয়াল বস্ত সেৱন নকৰা আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল- মোৰ কথা শুনা- বুজি পাইছানে নাই? সেইকাৰণে ভাল!!'
খিল- খিল কৈ হাঁহি নাকটো টিপা মাৰি দিয়া যেন অনুভৱ কৰি মই চিঞৰি উঠিলো--
------ 'যাহ্ এইজনী!.... এই মলয়া, শুনাচোন .. মই কিন্তু সদায়েই ........!!'
মোৰ মুখেৰে অস্ফূট স্বৰেৰে ওলাই অহা শেষৰ বাক্যশাৰী শেষ কৰিব নোৱাৰিলো।
নাই দিঠক নাছিল!!
মদৰ জালত কেতিয়া বহি পৰিছিলো জানো ! নিচা জালতেই মলয়া আৰু মোৰ সুখৰ দিনৰ সপোনটোৱে ভুমুকি মাৰিছিল। মোৰ নিচা ফাটি গৈছিল। সমুখত কেৱল আন্ধাৰ আছিল। মই তাৰমানে দিঠক দিঠক লগা সপোনটো হে দেখি আছিলো। মোৰ জীৱনৰ এক সোনালী অধ্যায়ৰ এখিলা পাত মোৰ চকুৰ আগেৰে যেন বতাহত উৰি উৰি আঁতৰি গুচি গৈছিল..... মোৰ সন্মুখৰ পৰা.... দূৰলৈ..। চেঁপা কান্দোন মিহলি মাত এটা ওলাই আহিছিল মোৰ মুখেৰে। মলয়াৰ কথাবোৰ হুবহু মনলৈ কিয় আহিছিল?
আগলৈ
দুলুমণি
২৯/০৯/২০২০
Comments
Post a Comment