সিপাৰৰ সাঁকো (৬২)

 #সিপাৰৰ_সাঁকো

    ‌   ‌ ‌‌      (৬২)

        মোৰ মনলৈ সপোন হৈ অহা সেই সময়খিনি আৰু  মলয়াৰ কথাখিনিয়ে  চকুৰ আগতে বহুপৰ  অগা-ডেৱা কৰি থাকিল। মই বুজি পাইছিলো তাৰ ৰহস্য। মই  দুখৰ বোজা ব'ব নোৱাৰি   বিহ্বল হৈ পৰিছিলো , নিজৰ বিফলতাৰ পাছত মুখ লুকুৱাবলৈ মাতাল হ'ব বিচাৰিছিলো । মোৰ অৱচেতন মনত সজীৱ হৈ থকা মলয়াই বাৰু সোৱঁৰাই দিছিলনেকি মোক ? 

 

  ৰিব-ৰিব মলয়াজাক যেন লাহে  লাহে বৰদৈচিলা হৈছিল। আগতীয়া বসন্তৰ আগমনত ধূলিয়ৰি হৈ থকা ধৰণীক ধোৱাই পখলাই ন-সাজ পিন্ধাবলৈ মেঘে যো-জা চলাইছিল চাগে। মোৰ কাণেৰে সোঁ-সোঁ শব্দৰে পাৰ হৈ যোৱা এজাক বলিয়া ধুমুহাই মেৰেক- মেৰেক কৈ ক'ৰবাত শুকান গছৰ ডাল দুটামান ভাঙি পেলাইছিল। তাৰ লগে লগে কাণ-তাল মৰা গাজনি , ঢেৰেকণি আৰু বিজুলিৰ চকা-মকা পোহৰ। এইবাৰ মোৰ অলপো অসুবিধা নহ'ল। মই মদৰ নিচাত  পথাৰৰ মাজলৈহে গুচি গৈছিলো। চকা-মকা বিজুলী পোহৰতে জাৰণিখনৰ ফালেখোজ ললো। 

 বৰষুণৰ টোপাল পৰা নাছিল তেতিয়াও। তথাপিও মই  খৰখেদাকৈয়ে   তাৰ পৰা  ঘৰৰ ফালে গৈ থাকোতে মিলি আৰু আইৰ কথা মনত পৰিল। মিলিয়ে মেঘে গাজিলে খুব ভয় কৰিছিল। পথাৰত থাকিলে গাজনিলৈ  মোৰো বৰ বেছি ভয় লাগিছিল। সৰুতে এবাৰ গৰুৰে হাল বাই থাকোতেই চৰগ পৰি ঠাইতে থিয় দি থকা  গাৱঁৰে বুবাই ককাক দেখিছিলো। তাৰ পিছৰেপৰা মোৰো গাজনিলৈ বৰ ভয় সোমাইছিল। 

      মূৰটো অলপ ঘূৰোৱাৰ দৰে লাগিছিল। খোজবোৰো চাগে ঢলং-পলং হৈয়েই আছিল । গো-বাটটো এৰি  ডাঙৰ ৰাস্তাটোত  উঠাৰ লগে লগে আন্ধাৰৰ ঘনত্ব কমি আহিছিল । কেইবাঘৰতো বাৰান্দাৰ লাইট জ্বলি আছিল। লাইটৰ পোহৰবোৰ  বাৰান্দাৰ খুটা, পাতল কামিৰে বোৱা জালিৰ ফাঁকেৰে সৰকি আহি ছেগা-চোৰোকাকৈ  ৰাস্তাটোৰ অ'ত ত'ত পৰি পোহৰ কৰি পেলাইছিল।

 মাজে মাজে জোৰেৰে সোঁ-সোঁৱাই বলা  ধুমুহা জাকে ধূলি-বালিৰে চকুৰ পতা জাপ খুৱাই দিছিল।  

 সোনকালেই  ঘৰৰ নঙলামুখ পালোগৈ। আই আৰু মিলিৰ মুখা-মুখি নহ'বলৈ চিধাই পুখুৰীৰ পাৰ পালোগৈ। তাতঁশালতে গামোচা ওলোমাই থোৱা থাকেই। তাৰে এখন লৈ লৈছিলো। মুখ হাত ধুই বৰ ফৰকাল যেন লাগিছিল নিজকে। 


       গা-পা ধুই পিছদুৱাৰেদি ভিতৰলৈ সোমাই আঁহোতে

আইয়ে একো নুসুধিলে। দুৱাৰ খন খুলি

     'ভাত বাঢ়ি থৈছোঁ। খাই লবি ' 

  বুলি কৈ শোৱনিকোঠাত সোমালেগৈ।


শেতেলীত পৰি আকৌ মলয়াৰ সপোনটোৰ কথাকে ভাবি থাকিলো। নিজকে বৰ অকৰ্মণ্য যেন লাগিছিল। মই দেখোন চাকৰিৰ কথাটো লৈ ইমান বেছি চিন্তা কৰাই নাছিলো আগতে। এখন প্ৰমাণ পত্ৰ আনিবলৈ কৈ কৈ হেডচাৰ ভাগৰি গৈছিল।  মই বিচৰা হ'লে হয়তো বহুত কিবাকিবি কৰিবলৈ তেওঁ নিজে ও চেষ্টা কৰিলেহেঁতেন।


সেই সময়ত বিশেষ গুৰুত্ব নিদিয়া মানুহ টোৱে হঠাতে নোপোৱাৰ বেদনা অনুভৱ কৰি কষ্ট পোৱাৰ কাৰণটো আচলতে কি? মই নিজে নোপোৱাৰ দুখতকৈ বিতুপনে পোৱা বাবে হিংসা নহয়তো?


  

                 ‌ আগলৈ

দুলুমণি

৩০/০৯/২০২০

Comments

Popular posts from this blog

সিপাৰৰ সাঁকো (৫১)

সিপাৰৰ সাঁকো (৩২)

সিপাৰৰ সাঁকো (৪২)