সিপাৰৰ সাঁকো (৬৩)
#সিপাৰৰ_সাঁকো
(৬৩)
দৰাচলতে হিংসা হ'ল কাপুৰুষৰ অস্ত্ৰ। নিজে কৰিব নোৱাৰা কাম এটা আনে কৰা দেখি ৃহিংসাত জ্বলি পুৰি মৰাজন কাপুৰুষ নহৈ আন কিবা হ'ব পাৰে জানো?
ক'ৰবাত শুনিছিলো হিংসাই হৈছে মূৰ্খই জ্ঞানীক দিব পৰা একমাত্ৰ উপহাৰ টো। মই বিতুপনতকৈ কোনো গুণে হীন হয় জানো ? সি কমবয়সীয়া ওঁঠ চেপিলেই গাখীৰ ওলোৱা ল'ৰা। তাৰ সৌভাগ্যত ঈৰ্ষান্বিত হৈ মই নিজকে মানুহ হিচাপে এঢাপ তললৈ নমাই দিয়া যেন লাগিল।তাৰনো কি দুখ আছিল?ভিনিয়েকে মাটিবেচা টকাবোৰ ভেঁটি দি দিছপুৰীয়া ৰজাঘৰীয়া চাকৰিৰ প্ৰলোভন দি টকাৰ শ্ৰাদ্ধ কৰিলে। তাৰ পিছত ককায়েকৰ সহায় লৈ কোনোমতে মাছৰ তেলেৰে মাছ ভাজি নিজৰ নাকটো বচালে। তাৰ বাবে মোক বলিৰ পঠা সজালে। গতিকে মোৰ আচল শত্ৰু কোন ? মই কৰা যিকোনো ধ্বংসমুখী কাৰ্যই সেই শত্ৰুৰ কিবা ক্ষতি কৰিব পাৰিব নে?
মোৰ মগজুৰ বিচাৰখন এতিয়াহে আৰম্ভ হৈছিল। কেই ঘণ্টামানৰ আগতে কৰা মোৰ নভবা-নিচিন্তা কাৰ্যত ভীষণ অনুতপ্ত হ'লো মই। মাতাল হৈ মই নিজৰ দেহক শাস্তি প্ৰদান কৰিছিলো। পাহৰি গৈছিলো যে মাক নোহোৱা ছোৱালী এজনীক মাক-দেউতাক দুয়োজনৰে মৰম দিম বুলি প্ৰতিজ্ঞা কৰি থৈছিলো। এই শৰীৰটোৰ ক্ষতি হ'লে সেই প্ৰতিজ্ঞা পূৰ্ণ হোৱা দূৰৰ কথা বৰং মই
তাইৰ বাবে এটা হাৰমালহে হৈ পৰিম।
তদুপৰি আচল শত্ৰুক চিনি তেওঁৰ বিৰুদ্ধে যুদ্ধ নকৰি এনেয়ে এৰি দিয়াটোও কাপুৰুষালি। হঠাতে মোৰ মনত পৰিল তেনেধৰণৰ সহজ উশদেশ-বাণীৰে সৈতে এখন সৰু কিতাপ মোক কেইবাবছৰো 'আদৰ্শ'ত শিক্ষকতা কৰি শেষত অন্য চাকৰি পাই গুচি যোৱা এজন খুব কমবয়সীয়া অথচ জ্ঞানৰ গভীৰতাৰে পুষ্ট শিক্ষকে যাবৰ সময়ত উপহাৰ হিচাপে দিছিল।
মই আন্ধাৰতে খেপিয়াই খেপিয়াই জুইশলাৰ কাঠিটো মাৰি মম এডাল জ্বলালো। কাঠৰ ওখ ৰেকটোৰ এটা চুকতে ৰঙীন মোনা এটা ওলমি আছিল। তাতে সেই কিতাপখন থৈছিলো । কিতাপ খন উলিয়াই ল'লো। অৰ্জুনৰ সন্মুখত শ্ৰী কৃষ্ণৰ মুখ-নি:সৃত বাণীসম্ভূত মহান গীতাভাগৰ উপদেশৰ আলমত কিছুমান একেবাৰে সহজ অসমীয়া ভাঙনিৰ উপদেশ আছিল। কোনো ধৰ্মোপদেশৰ দৰে নাছিল । একেবাৰে সহজ ভাষাত দুটা-তিনিটামান শাৰীত কৰ্মযোগ,ভক্তিযোগ আৰু জ্ঞানযোগৰ মহিমামণ্ডিত উদাহৰণ পালো। মই দেখিয়েই ঈশ্বৰৰ নাম ল'লো। সেই শিক্ষকজনে মোক প্ৰায়েই কৈছিল
------ 'সোনেশ্বৰকাই, তুমি যিদৰে কাম কৰা , তোমাক কৰ্মযোগী যেন লাগে।'
মই সুধিছিলো,-- 'কৰ্মযোগী মানেনো কি?'
--- 'গীতাত শ্ৰী কৃষ্ণই কৈছে কেৱল কাম কৰি যোৱা। ফলৰ আশা নকৰি কৰ্ম কৰি যোৱা জনেই হ'ল কৰ্মযোগী। '
মই হাঁহিছিলো। তেওঁক কৌতুক কৰিয়েই উত্তৰ দিছিলো ' হে প্ৰভূ আপুনি দিয়া দাঁতভঙা শব্দৰ নামবোৰ মোৰ মুখত নুফুটেই দেখোন। '
তেওঁ কৈছিল --'আপুনি পঢ়িবচোন। '
মই উত্তৰত কৈছিলো - 'মই দেখোন মুখেৰে মাতিব ই নোৱাৰো। সকামে -নিকামে ৰাইজখনৰ সৈতে ভক্তিভাৱেৰে শুনিবলৈ পাওঁ। পাঠকে ব্যাখ্যা কৰিলে বুজি পাওঁ। কিন্তু গাইগুটীয়াকৈ সেইভাগ পঢ়াৰ শকতি আৰু ভকতি গোটাবলৈ সাধ্য নাই দেখোন।'
নামঘোষাত কোৱাও শুনিবলৈ পাইছো--
ভগৱন্তই ভক্তিযুক্ত পুৰুষৰ আত্মবোধ
মাধৱৰ প্ৰসাদে মিলয়।
কৃষ্ণৰ কৃপাত তেবে গুছয় সংসাৰ ভয়।
এহিমানে গীতাৰ নিৰ্ণয়।।
কঠিন শব্দসমূহ বাদ দি মোৰ মনটোক প্ৰবোধ দিব পৰাকৈ আটাইখিনি পঢ়িব পাৰিছিলো। মমৰ পোহৰত দোভাগ ৰাতিৰ এই কৃচ্ছসাধনে মোৰ আহিবলগীয়া জীৱনৰ খলা-বমা সমূহ মসৃণ কৰাত যথেষ্ট সহায় কৰিছিল।
ৰাতিপুৱাই আইয়ে জগাই নিদিয়ালৈকে টোপনিত লালকাল হৈ পৰি আছিলো । মিলি স্কুললৈ যাবলৈ সাজু হৈছিলেই। মইয়ো নিজকে সাজু কৰি তুলিলো।
আগলৈ
দুলুমণি
১/১০/২০২০
Comments
Post a Comment