সিপাৰৰ সাঁকো (৬০)
#সিপাৰৰ_সাঁকো
(৬০)
আইয়ে জকজকাই উঠিছিল--
' আও আজিহে নো তোৰ পথাৰলৈ যাবলৈ মন গ'লনে? কোনো কাহানিও পথাৰত বাঘেই ওলাইছে নে , ঘোঙেই
ওলাইছে খবৰ এটা নলৱ! এতিয়া খালী পথাৰখনত কিহৰ .........."
মই অলপো নৰ'লো আৰু পিছলৈ ঘূৰিও নোচোৱাকৈ নঙলামুখ পালো গৈ। আইৰ কথা খিনি নুশুনা হৈ পৰিছিল। নঙলা খুলি স্কুলৰ দিশেৰে আগবাঢ়ি গ'লো । মন ন'গল সেইফালে যাবলৈ। পুনৰ ঘূৰি বিপৰীত দিশে আগবাঢ়িলো । সেইফালেই মলয়াক গাড়ীত তুলি গাৱঁৰ মাজেৰে খলা-বমা ৰাস্তাৰে একেবাৰে টাউনৰ হস্পিটেল পোৱাইছিলোগৈ। দেৱীপুৰখন টাউনীয়া হৈ ৰাস্তা ভাল হোৱাৰ পিছত আমাৰ অঞ্চলৰ কোনেও এইটো ৰাস্তাৰে নাহৰতলীলৈ বা টাউন লৈ নাযায়েই। স্কুলৰ ফালে গৈ দেৱীপুৰত গাড়ীত উঠি ক্ষন্তেক সময়ৰ ভিতৰতে নাহৰতলি পায়গৈ আৰু তাৰপৰা এক ঘণ্টা গাড়ীত গ'লেই জিলাৰ মেইন টাউনখন । দিনটোত দুবাৰ-তিনিবাৰ মান অহা-যোৱা কৰিব পৰা হ'ল।
কেইটামান পদূলি এৰি থৈ মই বাওঁফালৰ লুংলুঙীয়া গো-বাটটোৰে দি নামি গ'লো।বহুবছৰে হৈছিল সেইবোৰ ঠাই নগছকা। চকীদাৰ হোৱাৰ পৰা মই সেইবোৰ ঠাইলৈ যোৱা নাছিলো। সৰুতে অৱশ্যে গোটেই খন ভ্ৰমি ফুৰিছিলো।
কিবা বলিয়া বলিয়া লাগি আছিল। পথাৰখন পোৱা আগতে এনেয়ে জাৰণি এডৰা আছিল । তাতে ঔটেঙা এজোপা আৰু মাজে মাজে বহল ঠাই জুৰি ঢেকীয়া । মানুহবোৰে অনবৰতে কুমলীয়া ঢেকীয়াবোৰ ছিঙি নিছিল চাগে । আইয়েও কেতিয়াবা ইয়াৰ পৰাই ঢেকীয়া ছিঙি নিছিল । পথাৰ খন পাইছিলোগৈ। বহল পথাৰখন চুকটোৰ পৰা সম্পূৰ্ণ কৈ দেখা নাপালো। কাৰোবাৰ কাৰোবাৰ বাৰীবোৰ দীঘলীয়া কৈ আগবাঢ়ি আছিল। আৰু আগলৈ গৈ বাওঁফালে চাই স্কুলৰ পিছফালখন দেখা পালো। মোৰ চকু সেইফালৰ পৰা আঁতৰাই আনিলো। আগতীয়া চ'তৰ সুবিশাল পথাৰখনকে ইমূৰৰপৰা সিমূৰলৈ চাই থাকিলো। বাওঁফালে একেবাৰে মূৰত বৰবৰীলৈ যোৱা ৰাস্তাটোত লাগি আছিল। ৰাস্তাটোৰে চলা গাড়ীবোৰ অকণ অকণ পুতলাৰ দৰে দেখা গৈছিল। চাইকেল চলাই যোৱা মানুহ বোৰ চকুৰে মণিবই নোৱাৰি। সমুখলৈ পোনকৈ চাই দিলে বহুত দূৰৈত সেউজীয়া খিনিত ঠেকা খাইছিল মোৰ চকু। পথাৰখন মণিব নোৱাৰি সেইখিনিত। সেউজীয়া গছেৰে, তামোল-পাণৰ বাৰীৰে তাৰপৰা আন এখন গাৱঁৰ সীমা আৰম্ভ হৈছিল। সেইখন গাঁৱৰ পৰাও হয়তো একে সময়তে কোনোবাই পথাৰখনলৈ চাই আছিল। পথাৰখনেৰে খোজকাঢ়ি এইমূৰলৈ আহিবলৈ দেৰি লাগে। সৰুতে ফাগুন-চ'তৰ বাটে পোৱালি মেলা সময়ত দৌৰা-দৌৰি কৰি পথাৰৰ সেই মূৰ পোৱা মনত আছে। বিভিন্ন কামত এই গাৱঁৰ মানুহ সেই গাঁৱলৈ প্ৰায়ে পথাৰে-পথাৰে পোনাই দিছিল। গাৱঁৰ ৰাস্তা আগতকৈ ভাল হোৱা পাছত পথাৰে- পথাৰে পোনাই দিয়া মানুহ কম হৈছিল।
সোঁফালে আগলৈ গাঁৱৰ সোঁমাজেৰে যোৱা ৰাস্তা টোৱে পথাৰ খন দুভাগ কৰি পেলাইছে। সেইফালেও পথাৰখনে আন বেলেগ গাঁৱৰ সেউজীয়াৰ সীমনাত ঠেকা খাই ৰৈ গৈছিল। উদাৰ বসুমতীয়ে যেন বুকুৰ ফচলেৰে নদন-বদন কৰি দিছিল মানুহৰ আশাৰ ভঁঁৰাল। গৰু গাইবোৰ ঘূৰি যাবলৈ হৈছিল। বহুত সময় পাৰ হৈছিল চাগে।বেলি টোৱে কেতিয়া মূৰপোলোকা দিছিল মই টলকিবই নোৱাৰিলো। ইমান পৰে পথাৰৰ বিশালতাৰ আগত মুখ লুকুৱাই থকা মোৰ দুখৰ টোপোলাটোৱে আকৌ মূৰ ডাঙি উঠিছিল। ডিঙিটো শুকাই গৈছিল। তেনেতে বৰ ওচৰৰ পৰাই মোৰ নাম ধৰি মতা শুনিলো।
'ঐ সোনেশ্বৰ! কি কৰিছ' ঐ তাত অকলে অকলে?'
আনটোৱে ক'লে
'ঐ এই কানি মুনি বেলা যখিনী ধৰিবলৈ যাৱনি?'
বেয়া মাত এষাৰ মাতি আকৌ আগৰটোৱে ক'লে-
' ঘৈণীয়েক সিফলীয়া হোৱা অতবছৰ হ'ল ! তাক....'
আকৌ বেয়া মাত। ' .....এজনী নালাগে নহয়,.....
ঐ চাবি কৰবাৰ মাউৰত মৰতী , যখিনী-ভূতুনীয়ে কাষ চাপিবহি !!! '
এই বুলি কৈ দুয়োটাই হি:হি: কৈ হাঁহিত ফাটি পৰিল।
হঠাতে যতি পৰা চিন্তাৰ আঁতডাল এৰি মোৰ জঠৰতা ভাঙি পৰা মনটোৱে মাতকেইটা বুজি পাইছিল। সিহঁতৰ কৌতুক ভৰা কথাৰ ৰহস্যও বুজি পাইছিল। ক'ৰবাত এটুপি ধৰি আহিছিল পেনেৰা আৰু মইনাই ।
সিহঁতৰ হাঁহি দেখি মোৰো হাঁহিবলৈ মন গ'ল।
কিন্তু এনেকৈ সেই হাঁহি নোলায়। ডিঙিটোও আগৰেপৰা শুকাই আছিলেই। আগ-পাছ নুগুণি সিহঁতক সুধিলো-
'ক'ৰপৰা আহিলিনো?'
ঢেক-ঢেকাই হাঁহি মোক সিঞাৰি পেনেৰাই ক'লে
'হে: হে: , আহিলো আৰু ! তইও যাবি নেকি ব'ল।'
'ঐ ইয়াক লৈ যাওঁ ৰ!
মইনাই বেয়া মাত এটা মাতি হাতত লৈ থকা বটলটো দেখুৱাই ক'লে - ' থ ' যাবলৈ ! এইটোৱেই হ'ব! পানী এবটল লৈ আলিমূৰতে বহি লম । ইনো কিমানকণ খাব? এটুপি ধৰিলেই চিতভোলোঙা খাব!.!.'
এইবুলি কৈ সি আকৌ গিৰ্জনি মাৰি হাঁহিলে।
হাঁহিটো শুনি মোৰ বৰ হিংসা লাগিল। মই তৎক্ষণাৎ তাৰ হাতৰ পৰা বটলটো লৈ সাঁফৰখন কামুৰি আঁতৰাই চিধাই ডিঙিত বাকি দিলো। মুখখন দে-দেৱাই গৈছিল ডিঙিটো জ্বলি-পুৰি যোৱাযেন লাগিল।
একে-উশাহে সৰু বটলটোৰ আধাখিনি বাকি ৰৈ গৈছিলো। পেটৰ কোনডাল নলীয়েদি বাগৰিছিল জানো! গৰম গৰম লাগি গৈছিল।
সিহঁত দুটাই দাঁত কৰচি-কৰচি গালি পাৰিলে-
'ঐ জধা মূৰ্খ- বাপেৰৰ মূৰটো কৰিছ? ই...' আকৌ বেয়া মাত ' ...তই ... থহ্ নালাগে.....'
বুলি কাঢ়ি নিবলৈ লওঁতে মই সেইটো একেবাৰতে
ডিঙিত বাকি দিলো।
সিহঁত দুটাই খঙতে মোক কুকুৰ মেকুৰী কৈ গালি
পাৰি পাৰি আন্ধাৰত লুকাই গ'ল।
আগলৈ
দুলুমণি
২৮/৯/২০২০
Comments
Post a Comment