Posts

Showing posts from February, 2021

সিপাৰৰ সাঁকো (৭৫)

 #সিপাৰৰ_সাঁকো                     (৭৫)      পলম কৰাৰ কাৰণেই নাছিল।  পিছদিনা ৰাতিপুৱাই ৰজনীৰ গাড়ীতে  মিলি  আৰু মই  বস্ত-বাহানি বান্ধি আই আৰু বকুলিক লগত লৈ ওলাইছিলো। মিলিৰ স্ফূৰ্তিত হিয়া থৌকি-বাথৌ! তাইৰ আনন্দ ই মোক ভাবিবলৈ বাধ্য কৰিছিল যে ইমান দিনে মই এটা ভুল ধাৰণা লৈ আছিলো।  তাই হয়তো মোৰ পৰা  নিজকে বহু দূৰলৈকে আগুৱাই লৈ  গৈছিল।         কিদৰে সহিম মই এই বিচ্ছেদ?? কিদৰে??       তাইৰ ভাল হওক বুলি আশা কৰিয়েই সকলো পাহৰি     দিবলগীয়া কাগজ পত্ৰ সমূহ আগবঢ়াই দিলো । বকুলি জবাৰ মেলখন , আইৰ অনুসন্ধান মূলক অন্বেষণ আৰু ৰজনীয়ে  মোক দিয়া বুজনিৰ ক্ষণবোৰ এটোপ এটোপকৈ সৰিছিল।  শেলেবিন্ধা বুকুৰ ৰক্ত-প্ৰৱালবোৰ গলিত লাভা হৈ পৰিছিল। চকুপানী হৈ বোৱাৰ সময় হোৱা নাছিল তেতিয়ালৈকে।  নিৰ্জনতাৰ কোলাতহে চল পাই চকুলৈ বৈ আহে ঘনেপতি।  চৌপাশৰ কোলাহলত সেই লাভাৰ  সাহস হোৱা নাছিল পানীৰ ঢল হৈ  মোক তিয়াবলৈ।        ...

সিপাৰৰ সাঁকো (৭৪)

 #সিপাৰৰ_সাঁকো      (৭৪) এবাৰ চাইয়েই আহোঁগৈ বুলি মই তৰণীৰ লগতে ওলালো। সংসাৰৰ জ্বলা-কলা মই নো কি বুজি পাইছিলো। তৰণীৰ দৰে মানুহে যিদৰেহে ঘৈণীৰ নাকনি-কাননি সহ্য কৰিব লগীয়া হয়!  সিহঁতেহে বুজি পায় আচলতে সংসাৰ কি বস্তু!!  নিজৰ  ল'ৰাই নোপোৱা সুবিধা এটা মাউৰা জবাই পোৱা ৰ পাছত তাৰ ঘৰখনত অলপ অসন্তোষে দেখা দিছিল। বেৰৰ মাটি হৈ থকা বকুলি জনীয়ে দিনে-ৰাতিয়ে লেদেনা উকটিও মামীয়েকক সন্তুষ্ট কৰিব পৰা নাছিল। বকুলি জনীক মোৰ জবাৰ মাকৰ নিচিনা লাগিছিল। তাই যেন স্ব-ইচ্ছাই সকলো ত্যাগ কৰিছিল। একমাত্ৰ  ভনীয়েকৰ ভাল ভৱিষ্যতৰ বাবে তাই নিজৰ পঢ়া-শুনা বাদ দি  অভিভাৱকত্বৰ দায়িত্বকহে  আঁকোৱালি লৈছিল। তাই কেতিয়াও সেইবোৰ কথা কোৱা নাছিল । কিন্তু বাৰ বছৰীয়া কিশোৰী এগৰাকীৰ এনে  পৰিপক্কতাৰ অৰ্থ  কি হ'ব পাৰে তাক বুজি পোৱাটো অন্তত: মোৰ বাবে  বৰ কঠিন নাছিল। মাজে সময়ে বকুলি জবাৰ সৈতে আমাৰ ঘৰলৈ আহিছিল। তাই আগৰ দৰে খেলা-ধুলা নকৰি আইৰ লগত লাচনি-পাচনি কৰাত লাগিছিল। আইৰ মন-যোগাই ইটো সিটো কথা কৈ নিজৰ পৰিপক্কতাৰ উমান দিছিল। মিলি আৰু জবাই সপোনতো তেনে কৰাৰ কথা চিন...

সিপাৰৰ সাঁকো (৭৩)

 #সিপাৰৰ_সাঁকো      (৭৩)      ইতিমধ্যে তৰণীয়ে মোলৈ অপেক্ষা কৰি কৰি ভাগৰি পৰি দুদিন আগেয়ে  জবাক সেইখন স্কুলত থৈ আহিছিলগৈ। মিলিয়ে এপাকত গৈ তাইক মৰমৰ চিনস্বৰূপে নিজৰ কলমটোকে দি থৈ আহিছিল। আইৰ মনতো সেইলৈ অলপ খু-দুৱনি আছিল হ'বলা। দুদিন মানৰ আগৰপৰা মোক বাৰে বাৰে তৰণীৰ লগতে গৈ স্কুলখন চাই আহিবলৈ কৈ আছিল। এনেয়ে আইৰ মতামত মই  ভালদৰে জানো। ঘৰৰ ছোৱালী কেতিয়াও এইদৰে বাহিৰত অকলশৰীয়া কৈ এৰি থৈ অহাৰ পক্ষপাতী নহয়। কিন্তু মিলিৰ হেপাঁহবোৰ  দেখিয়েই চাগে তেওঁৰো মন গলিছিল।  মই  যিদৰে নাচোৰবান্দা হৈ আছিলো সেইবোৰ কথাই মোক লৰাবই পৰা নাছিল। কাৰোবাৰ কথা শুনিবলৈ ধৈৰ্য বোলা বস্তু এটাৰ বৰ দৰকাৰ।  চুমকি নে কি ছোৱালী জনী ৰ দেউতাকৰ কথা কাণ পাতি শুনাৰ পাছতহে মোৰ   গালৈ হুঁচ আহিছিল। আচলতে আগতে যিদৰে  মানুহবোৰে মোৰ অসমৰ্থতাক খোঁচ মাৰি কথা বোৰ কৈছিল বুলি ভাবি আছিলো এইবাৰ তেনে নহয়। সেই মানুহ জনে মোক খোঁচ মাৰি কথা ক'বলৈ গৈ কিয় নিজৰ অসমৰ্থতাক বা নিজৰ ছোৱালীৰ অসমৰ্থতাক উদঙাই দিবলৈ যাবনো? তেওঁ আচলতে এজন খোলা অন্তৰৰ মানুহেই চাগে। মই খুব ভা...

সিপাৰৰ সাঁকো (৭২)

 #সিপাৰৰ_সাঁকো             (৭২)      এদিন ৰাস্তাতে মিলিৰ লগৰ সেই টাউনীয়া ছোৱালী গৰাকীৰ দেউতাকক ৰাস্তাৰে খোজকাঢ়ি আহি দেখা পাই মই খৰধৰকৈ গুচি আহিবলৈ লওঁতেই তেওঁ পিছফালৰ পৰা মোক মাত লগালে--      ---  'শুনকচোন- এইফালে...'     ---- 'মোক মাতিছিল নেকি?'    ----- 'হয়, আপোনাকে মাতিছিলো।'    তেওঁ খৰখেদাকৈ আহি মোৰ কাষ পাইছিল। মই তেওঁৰ সৈতে আগতে কেতিয়াও কথা পতা নাছিলো। তেওঁ কিবা ডাঙৰ চাকৰি কৰে বুলি জানিছিলো। নতুনকৈ এই দেৱীপুৰ-বৰবৰীৰ ৰাস্তাতে এটা অট্টালিকা সদৃশ আধাসজা ঘৰৰ ধুনীয়া অংশটোত ভাড়া লৈ বাস কৰি থকা  বুলি শুনিছিলো। সেইফালে গ'লে সদা‌য় দুৱাৰ বন্ধ হৈ থকা দেখোঁ। বাকী একো বিশেষ নাজানিছিলোঁ। ছোৱালীজনী মিলিৰ লগতে একে শ্ৰেণীতে  পঢ়া-শুনা কৰিছিল। অৱশ্যে সেই ঘটনাটোৰ পাছত মিলি আৰু তাইৰ মাজত ভাল সম্পৰ্ক নাছিল বুলিয়েই জানিছিলো।         তেওঁ বাৰু কি সুধিব ? মোৰ বুকুৰ মাজত ধান-বনাদি বানিবলৈ ধৰিলে। কেনেবাকৈ ছোৱালী জনী য়ে কিবা কিবি বেয়াকৈ লগাই দিয়া নাইতো?নে স্কুলৰ কিবা কথ...

সিপাৰৰ সাঁকো (৭১)

 #সিপাৰৰ_সাঁকো             (৭১)    এজনী কাউৰীয়ে অতি সুখেৰে এখন হাবিত বাস কৰিছিল। তাই সুখত গাইছিল, যি পাইছিল তাকেই খাইছিল। তেনেতে এদিন তাই এটা ধৱল ৰাজহংস দেখিবলৈ পালে।  ঈশ্বৰে কি যে মনোৰম ৰূপত  সৃষ্টি কৰিছে!! তাৰ চালে চকু ৰোৱা শ্বেতবৰ্ণা দুই ডেউকা, ধীৰ সুস্থিৰ গতিৰে  যেন হাজাৰ সুন্দৰী ৰমণীক ঈৰ্ষান্বিত কৰি তোলে। কাউৰিয়ে ৰাজহংসৰ ওচৰলৈ গৈ সুধিলে--        "হেৰা , তোমাৰ এনে সুন্দৰ ৰূপ! সৃষ্টিকৰ্তাৰ অনুপম সৃষ্টি তুমি!! মোলৈ চোৱা কিযে কুৎসিত ...এঙাৰ কলীয়া মোৰ বৰণ। তুমি চাগৈ এই পৃথিৱীৰ সবাতোকৈ সুখী চৰাই নহয়নে?"   তাইক আচৰিত কৰি ৰাজহংসই কৈ উঠে,--       " সঁচাকৈয়ে, মই বৰ সুখী বুলি ভাবিছিলো নিজকে।   কিন্তু মোৰ ভুল ভাগিল সেইদিনা , যিদিনা মই সেই সুন্দৰ ভাটৌ চৰাইজনীক দেখা পালো। ইমান সুন্দৰ তাইৰ শ্যামলী  দেহাৰ সৈতে সেই ৰঙা ঠোঁট। মই ভাবো তা‌ই এই পৃথিৱীৰ আটাইতকৈ সুন্দৰ পক্ষী। "    কাউৰী তেতিয়া ভাটৌচৰাই জনীৰ কাষলৈ আহিল আৰু সুধিলে ,--     "হে  সুন্দৰী ভাটৌ , তোমা...

সিপাৰৰ সাঁকো (৭০)

 #সিপাৰৰ সাঁকো                    (৭০) মিলিৰ ভাগ্য  ভালেই  আছিল নে বেয়াই  জনা নাছিলো।  তাইৰ নামেৰে সৈতে মোৰ স্কুলৰ ঠিকনাত এখন চিঠি আহিছিল। সেই চিঠিখনত তাইৰ বাবে এটা প্ৰৱেশ পৰীক্ষাত বহিবলৈ এড্ মিট কাৰ্ড আহিছিল। মামনি বাইদেৱে কেতিয়ানো এখন অতি উচ্চখাপৰ বিনামূলীয়া শিক্ষা প্ৰদান কৰা আৱাসিক বিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰপত্ৰ পূৰণ কৰি দিছিল মোৰ মনত নপৰে। অৱশ্যে এদিন        'দেউতা,  তোমাক এই ফৰ্ম খনৰ এই -ইয়াত  নাম লিখি দিব লৈ কৈছে ।'    বুলি স্কুলত থাকোঁতেই মিলিয়ে কৈছিল। মই তাইৰ আগত  নিজৰ কুকুৰাঠেঙীয়া আখৰ কেইটা লিখিবলৈ লাজ কৰি অলপ দূৰত নিজৰ নাম টো লিখি তাইৰ হাতত কাগজখন দি দিছিলো। তাই পুনৰ মামনি বাইদেউক সেই  কাগজখন দি দিছিলেগৈ। মোৰ  কোনো ধাৰণাই নাছিল এই  কাগজ খনৰ বিষয়ে।  অৱশেষত এই চিঠিখন পাই তাই গম পালে যে পৰীক্ষাত উত্তীৰ্ণ হ'লে তাইৰ বাবে স্কুলৰ দ্বাদশ শ্ৰেণীলৈকে পঢ়া-শুনা কৰাৰ কোনো খৰচ নালাগিব। একেদৰেই জবা আৰু আন কেইবাজনো ছাত্ৰ-ছাত...

সিপাৰৰ সাঁকো (৬৯)

 #সিপাৰৰ_সাঁকো     ‌   ‌ ‌‌      (৬৯)      বিদ্যালয়ৰ সৈতে জড়িত সকলৰ বাবে সৰস্বতী পূজাৰ কি অৰ্থ সেয়া বুজাই বুজে। সময়ৰ গতিত ৰূপ সলনি হৈ ই আধুনিকতাৰ কবলত পৰিছে। নতুন সকলে সৌন্দৰ্যৰ সাধনাকে সৰস্বতীৰ সাধনা বুলি ভবা হৈছে। সৰু-ডাঙৰ সকলোৱে সৰস্বতী পূজাৰ সময়ত সৌন্দৰ্যৰ পোহাৰ মেলি আচল জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী ৰ সাধনা কৰিবলৈ এৰি দিয়ে। বসন্ত ঋতুৰ পঞ্চম দিনত হোৱা এই সৰস্বতী পূজালৈ প্ৰতিজনী ছাত্ৰীয়েই একেবাৰে কমবয়সৰ পৰাই মেখেলা চাদৰ পৰিধান কৰি সাজি-কাচি আহে। আগতে সেই দিনটোত পুৱাই ল'ৰা- ছোৱালীয়ে  নিজেই কাকূতি-প্ৰাৰ্থনা  গাই বুট-মাহ খাই সৰস্বতী পূজা পাতিছিল। কালক্ৰমত সৰস্বতীৰ পূজা-অৰ্চনা কেৱল নাম-মাত্ৰহে থকা হ'ল। সৌন্দৰ্যৰ সাধনাই প্ৰজ্ঞাৰ সাধনা তল পেলোৱা হ'ল।  মই সৰস্বতী পূজাৰ আধ্যাত্মিক ভাৱৰ আঁত ধৰি  দেৱীৰ বিষয়ে জানিব পাৰিছিলো যে  -----সৰস্বতী দেৱী ঋগবেদত বৰ্ণিত সেই চৰিত্ৰ যাৰ নাম সংস্কৃত শব্দ 'সৰসু+অতি'  অৰ্থাৎ,  যি পানীৰ অধিকাৰী।সেই পানী,  যি সকলো পাপ, অজ্ঞানতা ধুই পখালি  পবিত্ৰ আৰু জ্ঞানীকৰে।...

সিপাৰৰ সাঁকো (৬৮)

 #সিপাৰৰ_সাঁকো     ‌   ‌ ‌‌      (৬৮)    সামাজিক অনুষ্ঠান বিলাকৰ কৰ্মকৰ্তা সকলে কেৱল ক্ষুদ্ৰ স্বাৰ্থ পূৰণৰ অৰ্থে কাম কৰাটো কেনে বিপদজনক হৈ পৰে তাক মোৰ দৰে অশিক্ষিত এটাইও বুজি পোৱা হৈছিলো। সমাজ হিতকাৰী কাৰ্য সমূহৰ পৰা পোৱা সুখৰ অনিৰ্বচনীয় সোৱাদ ল'বলৈ বিচাৰি থকা মানুহৰ সংখ্যা যেন লাহে লাহে কমি আহিছিল। সকলোৰে কেৱল ক্ষুদ্ৰ স্বাৰ্থ পূৰণ কৰাৰে মানসিকতা। হয়তো সময়ৰ তাগিদা।সময় আৰু পেটৰ ক্ষুধাতকৈ  বলৱান একো নাই।  আগৰ দৰে এটা টকাই পেটৰ ভোক গুচাবলৈ দেৱীপুৰৰ  একমাত্ৰ বেকাৰীৰ দোকানত  এটা  কাগজেৰে মেৰিওৱা লোফ কিনিব নোৱাৰিছিলো। তাৰ দাম কেইবাটাও টকা হৈছিল। টকাৰ মূল্য অধোগামী হৈছিল। লগতে অৱনমিত হৈছিল মানুহৰ চিন্তাধাৰাও। দোকানৰ সংখ্যা বাঢ়ি গৈছিল। বস্তুৰ সংখ্যাও বাঢ়িছিল। কিন্তু বস্তুবোৰ চুবলৈ মানুহৰ সামৰ্থ্য যেন কমি আহিছিল। এচাম আছিল যাৰ সামৰ্থ্য আগতকৈও বাঢ়ি গৈ আছিল। ধনী-দুখীয়াৰ পাৰ্থক্য বাঢ়ি গৈ আছিল।                মোৰ দৰেই হয়তো বহু মানুহেই খেতি কৰিবলৈ এৰি দিছিল। কেইটামান কাগজৰ...

সিপাৰৰ সাঁকো (৬৭)

 #সিপাৰৰ_সাঁকো     ‌   ‌ ‌‌      (৬৭)    আহ আহ ওলাই   যাওঁ আমি আগুৱাই,   নৱ নৱ আলোকেৰে জীৱন ৰঙায় প্ৰজ্ঞাৰ ধ্বজা ধৰাৰে বুকুতে উৰায়। কত যুগৰ কলীয়া এলান্ধু আতঁৰাও মনৰ মণিকূট জ্ঞানৰ শিখাৰে পোহৰাওঁ সভ্যতাৰ জখলাত ভূমিক পূণ্যতীৰ্থ সজাওঁ ভগীৰথ হৈ সৰগৰ পৰা জ্ঞান গংগা দেৱীক নমাওঁ। অসমীৰ চোতালত আদৰ্শ ই পাতিলে জ্ঞানেৰে পবিত্ৰ ফুলনি ঐ, তাৰেই গোন্ধেই আমোলমোল হ'ল  বিজ্ঞানে চকু কৰে  মুকলি ঐ। আমি নতুন দিনৰ নতুন প্ৰজন্ম আছে  নতুন আশা , চিন্তা নতুন , নানা জাতি- উপজাতিক একতাৰ জৰীৰে বান্ধি  গুৰুজনাই  দিয়া আদৰ্শৰে আদৰিঁছো       হে  আলোকৰে যাত্ৰী   হে আলোকৰে যাত্ৰী!! --------+++++++++++-------- মনোৰম গীতটি বিদ্যালয় সংগীত হিচাপে সুৰ আৰু তালেৰে বান্ধি উলিয়াই সকলোকে মণ্ত্ৰমুগ্ধ কৰা সব্যসাচী নামৰ অংকৰ শিক্ষক জন শেহতীয়াকৈ সকলোৰে চকুৰ মণি হৈ পৰিছিল। ইমান গুণী মানুহ মই আগতে কেতিয়াও দেখা নাছিলো। অংক বুলিলে সাত-জাঁপ মৰা ল'ৰা ছোৱালীয়েও তেওঁৰ পৰা অংক শিকিবলৈ ঢপলিয়াই আহিছিল। সব্যসাচী নামেৰে, ক...

সিপাৰৰ সাঁকো (৬৬)

 #সিপাৰৰ_সাঁকো     ‌   ‌ ‌‌      (৬৬)    আমি ঈশ্বৰক বিচাৰিব লাগে।  কিন্তু তেওঁক হুলস্হূলীয়া পৰিবেশ আৰু অসূয়া-অশান্তিৰ মাজত ক'ত বিচাৰি পাম ? ঈশ্বৰৰ নীৰৱতাৰ সৈতেহে মিতিৰালি। প্ৰকৃতিয়েও  নীৰৱতাৰ মাজতে নিজৰ দায়িত্ব পালন কৰি যায় ।  ঈশ্বৰ বিচাৰি হাবাথুৰি খাব লাগে জানো? ঈশ্বৰ দেখোন মোৰ অন্তৰতে আছে। তীৰ্থস্থান সমূহৰ গৰিমা দৰ্শন কৰিবলৈ যোৱাৰ হাবিয়াস আছিল ।হয়তো মিলি আৰু আইৰ অস্তিত্বই মোক সেই কাৰ্যৰ পৰা অদ্যপি বিৰত ৰাখিছিল।  কিন্তু নিজৰ দায়িত্ব নীৰৱে  পালন কৰি যোৱাটোও মোৰ মনত ঈশ্বৰ চিন্তা কৰাৰ দৰেই মহান আৰু পৱিত্ৰ কাৰ্য কৰা যেন বোধ হৈছিল।   তাৰ বাবে  কোনো কৃতজ্ঞতাৰ আশা কৰিব নালাগে। কোনো প্ৰাপ্ত আদায় নহ'ব পাৰে। কিন্তু নিজৰ দায়িত্ব নীৰৱে পালন কৰি গ'লে পোৱা মানসিক তৃপ্তিয়েই  ঈশ্বৰৰ আশীৰ্বাদ।  হয়তো বৰ্ষাসিক্ত আকাশৰ সেই ৰামধেনু খনৰ দৰেই ইয়াৰ সাতোৰঙৰ জিকমিকনিয়ে মনক তৃপ্ত কৰে। ৰামধেনুৰ ৰঙেৰে মন ৰঙাবলৈ বৰষুণৰ তীব্ৰতা সহ্য কৰিবই   লাগিব। ঈশ্বৰ বিশ্বাসী হৈ মই অন্তত এটা কথা অনুধাৱন কৰিব...

সিপাৰৰ সাঁকো (৬৫)

 #সিপাৰৰ_সাঁকো     ‌   ‌ ‌‌      (৬৫)    নিজৰ পৰিয়াল -পৰিজনৰ গঞ্জনা খাই  দুই এজনৰ অৱস্হা অতি তথৈবচ।বহুতে নোপোৱাৰ বেদনা সহ্য কৰিব নোৱাৰে।ৰৈ, ৰৈ অন্তৰত বাজি থকা বিষাদ- দুন্দুভিৰ তালে তালে নিজকো নচুৱাই থাকে আৰু আনকো নচুৱায়। যিকোনো কাম কৰিবলৈ পৰিয়ালৰ প্ৰেৰণাই মহৌষধৰ কাম কৰে। আনহাতে লাঞ্চনা-গঞ্জনাই নিৰুৎসাহিত কৰে। মোৰ ঘৰত আইৰ মনত এইবোৰ কথাৰ বিহে তেতিয়াও চুব পৰা নাছিল আৰু মলয়াক দেখোন  একোৰে প্ৰয়োজনেই নাছিল।     তেনেতে বহাগ বিহুৰ আগে আগে কেইবাটাও সুখী পৰিয়ালে, যি ইতিমধ্যে ইপ্সিত চৰকাৰী ধনৰ সোৱাদ  লাভ কৰিছিল, ঈশ্বৰৰ প্ৰতি  নিজৰ সৌভাগ্যৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ তীৰ্থভ্ৰমণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এটা দল হিচাপে তেওঁ লোকে ৰেলেৰে কাশী, বৃন্দাবন আৰু জগন্নাথ মন্দিৰ দৰ্শনৰ বাবে ৰাওনা হয়। মই আগতে জীৱনত   মিলিটেৰী চাকৰিয়াল সকলৰ বাদে আন চিনাকি মানুহে অসমৰ বাহিৰলৈ যোৱাৰ কথা দেখা ও নাছিলোঁ,  শুনাও নাছিলোঁ। মই  সিমানেই অজলা আছিলো।        বিতুপন দলৰ আগৰণুৱা সদস্য আছিল। সৰুত...

সিপাৰৰ সাঁকো (৬৪)

 #সিপাৰৰ_সাঁকো     ‌   ‌ ‌‌      (৬৪)             সেই বিদ্যামন্দিৰৰ প্ৰাঙ্গনত ভৰি দিয়েই  মোৰ মনৰ  পুঞ্জীভূত  ক্ষোভ কৰ্পূৰৰ দৰে উৰি গৈছিল। আগৰদৰে সকলো কাম সময়তে কৰিবলৈ আৰম্ভ কৰিলো। টকা-পইচাই সকলো নহয়। অতবছৰে সেই পৰিৱেশত ইমান বেছি অভ্যস্ত হৈ পৰিছিলো যে এবাৰ সকলো পাহৰি সেই কামত ধৰাৰ পাছত মোৰ মনৰ পৰা কোন বিতুপন,  কি চাকৰি, কি দৰমহা - সকলো পাহৰি গৈছিলো। মাত্ৰ মৰমৰ অনুষ্ঠান, মৰমৰ ল'ৰা ছোৱালীবোৰ আৰু আদৰৰ শিক্ষক- শিক্ষয়িত্ৰী সকলকে সন্তুষ্ট কৰাটোৱেই মোৰ কাম বুলি  ভাবি ল'লো।  মোৰ কলিজাৰ আমঠু মিলিওটো তাৰেই মাজৰ এগৰাকী হৈ পৰিছিল ।          মিলি স্কুললৈ অহাৰ ফলত মোৰ বাবে নতুন পৰিৱেশটো আৰু সহজ হৈ পৰিছিল। নকৈ চৰকাৰী ধনৰ সোৱাদ  পাই  মানুহ বোৰৰ কাম-কাজলৈ, কথা-বতৰালৈ বহুতো পৰিৱৰ্তন আহিছিল। আগতে নকৰা বহু কাম মই কৰিবলগীয়া হৈছিল।  শিক্ষাদানৰ        বাহিৰে যাৰে যি কাম থাকি গৈছিল, তাক মই সম্পূৰ্ণৰূপে কৰি অনুষ্ঠানটিৰ গৰিমা বজাই ৰাখিবলৈ চে...