সিপাৰৰ সাঁকো (৬৮)

 #সিপাৰৰ_সাঁকো

    ‌   ‌ ‌‌      (৬৮)


   সামাজিক অনুষ্ঠান বিলাকৰ কৰ্মকৰ্তা সকলে কেৱল ক্ষুদ্ৰ স্বাৰ্থ পূৰণৰ অৰ্থে কাম কৰাটো কেনে বিপদজনক হৈ পৰে তাক মোৰ দৰে অশিক্ষিত এটাইও বুজি পোৱা হৈছিলো। সমাজ হিতকাৰী কাৰ্য সমূহৰ পৰা পোৱা সুখৰ অনিৰ্বচনীয় সোৱাদ ল'বলৈ বিচাৰি থকা মানুহৰ সংখ্যা যেন লাহে লাহে কমি আহিছিল। সকলোৰে কেৱল ক্ষুদ্ৰ স্বাৰ্থ পূৰণ কৰাৰে মানসিকতা। হয়তো সময়ৰ তাগিদা।সময় আৰু পেটৰ ক্ষুধাতকৈ  বলৱান একো নাই।  আগৰ দৰে এটা টকাই পেটৰ ভোক গুচাবলৈ দেৱীপুৰৰ  একমাত্ৰ বেকাৰীৰ দোকানত  এটা  কাগজেৰে মেৰিওৱা

লোফ কিনিব নোৱাৰিছিলো। তাৰ দাম কেইবাটাও টকা হৈছিল। টকাৰ মূল্য অধোগামী হৈছিল। লগতে অৱনমিত হৈছিল মানুহৰ চিন্তাধাৰাও। দোকানৰ সংখ্যা বাঢ়ি গৈছিল। বস্তুৰ সংখ্যাও বাঢ়িছিল। কিন্তু বস্তুবোৰ চুবলৈ মানুহৰ সামৰ্থ্য যেন কমি আহিছিল। এচাম আছিল যাৰ সামৰ্থ্য আগতকৈও বাঢ়ি গৈ আছিল। ধনী-দুখীয়াৰ পাৰ্থক্য বাঢ়ি গৈ আছিল।  

       

     মোৰ দৰেই হয়তো বহু মানুহেই খেতি কৰিবলৈ এৰি দিছিল। কেইটামান কাগজৰ টুকুৰাৰ বিনিময়ত  পকী ৰাস্তা বিলাকৰ কিনাৰে কিনাৰে থকা পথাৰবোৰে নিজৰ পৰিচয় হেৰুৱাই পেলাইছিল। সিহঁতৰ পৰা কাঢ়িলোৱা হৈছিল বতাহ আৰু আকাশৰ সতে মিতিৰালি পতাৰ স্বাধীনতা।  বুকুত আশ্ৰয় দিয়া  গৰ্ভৱতী  গছা বোৰে আহিনৰ মৃদু-মলয়াত নাচি থকা দৃশ্য ,  কুঁৱলীয়ে বগা চাদৰেৰে ঢাঁকি দিয়া সিঁহতৰ ভৰুণ গাবোৰে প্ৰসৱ কৰা কুমলীয়া সেউজীয়া ৰঙৰ হাঁহি বোৰ মহঙা হৈ পৰিছিল। তাৰ ঠাই লৈছিল লঠঙা-লঠং কৈ থিয় দি থকা কংক্ৰিটৰ  কিছুমান উলম্ব বিভাজনৰ অঙ্কই । লাহে লাহে সেই বিভাজিত উলম্ব শৈলীত বন্দী হৈছিল জীৱনৰ সপোনবোৰ। এটা নিজা ঘৰৰ বাসনাই জুৰুলা কৰা সপোনবোৰৰ কোলাহলত হেৰাই গৈছিল গৰ্ভৱতী গছাবোৰৰ  কুঁৱলীৰ চাদৰৰ তলৰ কুমলীয়া কলকলনি। ইমানৰ পিছতো মানুহে কয় ভোক গুচাবলৈ টান। হয়তো সেইবাবেই  মানুহৰ খোৱাৰ সামগ্ৰী কেইপদ লাহে লাহে সলনি হৈ পৰিছিল। আগৰদৰে দুখীয়া মানুহৰ আদৰৰ জলপান  সান্দহ, কৰাই খোৱা মানুহৰ সংখ্যা কম হৈছিল। ৰাস্তাই পদূলিয়ে ক্ষন্তেকতে তেলত ভাজি প্ৰস্তুত কৰিব পৰা আহাৰৰ দোকান বাঢ়িবলৈ ধৰিছিল। সেইসমূহৰ আদৰে নতুন এচাম ব্যৱসায়িক ভাৱে সফল লোকৰ সংখ্যা ও বঢ়াইছিল। খোৱা খাদ্যৰ দৰে অতীৱ প্ৰয়োজনীয় বস্তুটোৰ বিৱৰ্তনতে আচলতে মানুহৰ স্বাস্থ্য আৰু ৰোগৰ বিৱৰ্তন লুকাই থাকে চাগৈ।

 

আহিন আৰু  ফাগুন মোৰ বৰ বেছি প্ৰিয় মাহ। দুয়োটাই আধ্যাত্মিক চিন্তাধাৰাক  সবল কৰা মাহ ।  

   বতাহত উৰি ফুৰা শেৱালী ফুলৰ সুৰভিয়ে মোৰ  আত্মালৈকে আহ্লাদিত কৰি তোলে। 

 চতিয়না ফুলিলে নানানটা বেমাৰ-আজাৰ হয় বুলি মানুহে তাৰ গোন্ধ ল'ব নিবিচাৰে। মোৰ কিন্তু বৰ ভাল লাগে চতিয়নাৰ গোন্ধ। নামঘৰ সমূহত সদ্যসমাপ্ত গুৰুদুজনাৰ তিথি  উপলক্ষে বোৱাই দিয়া  ভক্তিৰ নিজৰাৰ ৰসাস্বাদন শেষ  কৰি  উঠি শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা আৰম্ভণি হয়। শৰতৰ প্ৰধান উৎসৱ হিচাপে দূৰ্গোৎসৱৰ আনন্দ ই ধৰ্মোৎসৱ হিচাপেই নহয় সামাজিক আৰু অৰ্থনৈতিক উৎসৱ হিচাপেও মানুহৰ জীৱনৰ ৰসেৰে সংপৃক্ত হৈ পৰাটোৰ হয়তো বেছি পুৰণি দিনীয়া ইতিহাস নাছিল । ব্যৱসায়ীৰ হাতৰ মুঠিত বন্দী হৈ পৰা আনন্দ বোৰৰ মূল্য দিওঁতে এচাম লাওলোৱা হ'ব লগীয়া হয়।  


সদাচঞ্চল প্ৰাণৱন্ত কিশোৰ-কিশোৰীৰ মনৰঙাই অহা সৰস্বতী পূজা হ'ল ফাগুনৰ এক অনবদ্য উপহাৰ। সময়ৰ গতিত ৰূপ সলনি হৈ হয়তো আগৰ দৰে আধ্যাত্মিক ভাৱ জাগৃত কৰিব পৰা নাছিল। 


 ‌ আগলৈ

দুলুমণি

  ৬/১০/২০২০

Comments

Popular posts from this blog

সিপাৰৰ সাঁকো (৫১)

সিপাৰৰ সাঁকো (৭৫)

সিপাৰৰ সাঁকো (৩২)