সিপাৰৰ সাঁকো (৭২)
#সিপাৰৰ_সাঁকো
(৭২)
এদিন ৰাস্তাতে মিলিৰ লগৰ সেই টাউনীয়া ছোৱালী গৰাকীৰ দেউতাকক ৰাস্তাৰে খোজকাঢ়ি আহি দেখা পাই মই খৰধৰকৈ গুচি আহিবলৈ লওঁতেই তেওঁ পিছফালৰ পৰা মোক মাত লগালে--
--- 'শুনকচোন- এইফালে...'
---- 'মোক মাতিছিল নেকি?'
----- 'হয়, আপোনাকে মাতিছিলো।'
তেওঁ খৰখেদাকৈ আহি মোৰ কাষ পাইছিল। মই তেওঁৰ সৈতে আগতে কেতিয়াও কথা পতা নাছিলো। তেওঁ কিবা ডাঙৰ চাকৰি কৰে বুলি জানিছিলো। নতুনকৈ এই দেৱীপুৰ-বৰবৰীৰ ৰাস্তাতে এটা অট্টালিকা সদৃশ আধাসজা ঘৰৰ ধুনীয়া অংশটোত ভাড়া লৈ বাস কৰি থকা বুলি শুনিছিলো। সেইফালে গ'লে সদায় দুৱাৰ বন্ধ হৈ থকা দেখোঁ। বাকী একো বিশেষ নাজানিছিলোঁ। ছোৱালীজনী মিলিৰ লগতে একে শ্ৰেণীতে পঢ়া-শুনা কৰিছিল। অৱশ্যে সেই ঘটনাটোৰ পাছত মিলি আৰু তাইৰ মাজত ভাল সম্পৰ্ক নাছিল বুলিয়েই জানিছিলো।
তেওঁ বাৰু কি সুধিব ? মোৰ বুকুৰ মাজত ধান-বনাদি বানিবলৈ ধৰিলে। কেনেবাকৈ ছোৱালী জনী য়ে কিবা কিবি বেয়াকৈ লগাই দিয়া নাইতো?নে স্কুলৰ কিবা কথা আছিল? এনেয়ে মই বৰ ভাল দৰেই ব্যৱহাৰ কৰোঁ সকলো ল'ৰা ছোৱালীক। আৰু মিলিৰ লগৰ ল'ৰা ছোৱালীবোৰে আগতে নামাতিলে মই কাষেই নাচাপো। কেনেবাকৈ কিবা জগৰ লগালে সিহঁতে মোৰ মাউৰা ছোৱালীজনীক মনত দুখ লগাকৈ কিবাকিবি ক'ব পাৰে বুলি। তেওঁলোকৰ ছোৱালীজনীকো মই একো কোৱা নাছিলো।
----'আপুনি সেই স্কুলতে চাকৰি কৰে নহয় জানো?'
------'হয় , মই তাৰে চকীদাৰ ।'
আগতীয়াকৈয়ে মই নিজৰ পৰিচয় উদঙাই দিলো
যাতে একো ভুল হ'ব নোৱাৰে।
------ 'মোৰ ছোৱালী জনী ও তাতে পঢ়ে। আপোনাৰ ছোৱালীজনীৰ সৈতে একে শ্ৰেণীতে ।'
-'----------'
মোৰ ভয় লাগিছিল । কি উত্তৰ দিওঁ -ভাবিহে থাকিলো।
তেওঁ আকৌ ক'লে -
------' বৰ ভাল পাইছো শুনি যে আপোনাৰ ছোৱালীজনীয়ে ছিট পালে সেই স্কুলখনত। চেন্ট্ৰেলৰ স্কুল সকলো সুবিধা পাব। বৰ ভাল কথা হৈছে। '
----- 'আপুনি সেই কথাটোৱে ক'ব বিছাৰিছিল নেকি?'
------'হয় হয়। মই মানে আপোনাক বোলো শুভেচ্ছা এটাকে জনাওঁ। '
------' ধন্যবাদ, ডাঙৰীয়া। মই আকৌ বেলেগ কিবা বুলিহে ভাবিছিলো।'
অকণমান সকাহ পাই মোৰ মুখত হাঁহি বিৰিঙিল।
তেওঁও যেন অলপ বেছি ঘনিষ্ঠতা অনুভৱ কৰিলে।
--- ' হয় বুইছে। মই ও দিয়াইছিলো আমাৰ চুমকিক.... পিছে কি ক'ব আৰু.....!'
------'কি?'
মোৰ মুখ খন মেল খাই থকা যেন লাগিছিল! তেওঁ আকৌ ক'লে--
------'হয় বুইছে ! নিজে ফৰ্ম-চৰ্ম ফিলাপ কৰি একেবাৰে সেই স্কুল খনত দি থৈ আহিছিলো। প্ৰায় বোৰ মানুহকে চিনি পাওঁ । এতিয়া ছিট টো নোপোৱা দেখি বৰ লাজ হে পাইছো আৰু।'
---' কিন্তু.. '
------'মই একেবাৰে সময় নাপাওঁ পঢ়াই-শুনাই দিবলৈ!
মাকৰ কথা নামানেই। তাত দি দিলে চৌব্বিশ ঘণ্টাই মাষ্টৰ- মাষ্টৰণীৰ লগতে থাকিবলৈ পাব । পৰীক্ষাত পাছেই নকৰিলে আৰু ক'ত পঢ়িবলৈ পায়!!'
তেওঁৰ কথাখিনি শুনি মোৰ তামোলৰ সেলেঙি লগাৰ দৰে লাগিল। তেওঁ আৰু কিবাকিবি কৈ আছিল। মোৰ কাণেৰেই নোসোমাল ।
তেওঁ প্ৰশ্নবোধক চাৱনিৰে মোলৈ চাই থকাত ডিঙিলৈ অহা চৰ্ চৰণিটো পিছফালে চাই মুখত হাত দি কাহ মৰাৰ দৰে কৰি আকৌ তেওঁ লৈ চাই সুধিলো--
----- ' কি কৈছিলে?'
----- 'মানে কেতিয়া থবগৈ?'
-----' চাওঁচোন, --এতিয়াও ঠিক কৰিব পৰা নাই দেখোন!!'
---'হয়, হয়। একেবাৰে সকলো বস্তুৱে-বাহানিয়ে নি থৈ
অহাটো বৰ জঞ্জাল কিন্তু।'
--- ' হয়!'
-----'পিছে, সময়ত গৈ নাপালে ছিট ওৱেইটিং লিষ্টত
থকা বোৰে পাই যাব।'
----'মানে?'
কেনাটো লাগিল তাতেই। চুমকিৰ দেউতাকে কথাটো কৈ শেষ কৰিছিল হে , তেনেতে তেওঁক বিচাৰি মানুহ এজনে গাড়ী এখনত আহি কাষতে ৰৈ ' চাৰ' বুলি মতাত তেওঁ সেইফালে চাই কথা পাতি থাকিল। মোৰ নিজকে কিবা 'গোট গৰু' এটাৰ দৰে লগাত তেওঁক
---'আপুনি কথা পাতক , মই যাওঁ।' বুলি অনিচ্ছা সত্বেও তাৰ পৰা গুচি আহিছিলো।
তেৱোঁ, 'পিছত লগ পাম আপোনাক।' বুলি কৈ মোক
বিদায় দিলে।
আগলৈ
দুলুমণি
১০/১০/২০
Comments
Post a Comment