সিপাৰৰ সাঁকো (৭১)
#সিপাৰৰ_সাঁকো
(৭১)
এজনী কাউৰীয়ে অতি সুখেৰে এখন হাবিত বাস কৰিছিল। তাই সুখত গাইছিল, যি পাইছিল তাকেই খাইছিল। তেনেতে এদিন তাই এটা ধৱল ৰাজহংস দেখিবলৈ পালে। ঈশ্বৰে কি যে মনোৰম ৰূপত সৃষ্টি কৰিছে!! তাৰ চালে চকু ৰোৱা শ্বেতবৰ্ণা দুই ডেউকা, ধীৰ সুস্থিৰ গতিৰে যেন হাজাৰ সুন্দৰী ৰমণীক ঈৰ্ষান্বিত কৰি তোলে। কাউৰিয়ে ৰাজহংসৰ ওচৰলৈ গৈ সুধিলে--
"হেৰা , তোমাৰ এনে সুন্দৰ ৰূপ! সৃষ্টিকৰ্তাৰ অনুপম সৃষ্টি তুমি!! মোলৈ চোৱা কিযে কুৎসিত ...এঙাৰ কলীয়া মোৰ বৰণ। তুমি চাগৈ এই পৃথিৱীৰ সবাতোকৈ সুখী চৰাই নহয়নে?"
তাইক আচৰিত কৰি ৰাজহংসই কৈ উঠে,--
" সঁচাকৈয়ে, মই বৰ সুখী বুলি ভাবিছিলো নিজকে।
কিন্তু মোৰ ভুল ভাগিল সেইদিনা , যিদিনা মই সেই সুন্দৰ ভাটৌ চৰাইজনীক দেখা পালো। ইমান সুন্দৰ তাইৰ শ্যামলী দেহাৰ সৈতে সেই ৰঙা ঠোঁট। মই ভাবো তাই এই পৃথিৱীৰ আটাইতকৈ সুন্দৰ পক্ষী। "
কাউৰী তেতিয়া ভাটৌচৰাই জনীৰ কাষলৈ আহিল আৰু সুধিলে ,--
"হে সুন্দৰী ভাটৌ , তোমাৰ দৰে সুন্দৰ ৰূপ আন কোনো পক্ষীৰে নাই। তুমি চাগৈ পৃথিৱীৰ আটাইতকৈ সুখী চৰাই!"
প্ৰত্যুত্তৰত ভাটৌৱে ক'লে,---
" মই ভাবিছিলো যে এই পৃথিৱীৰ সবাতোকৈ সুখী চৰাইটো ময়েই। পিছে মোৰ ভুল ভাগিল সেইদিনা যিদিনা মই ময়ুৰক দেখিলো। তাৰদৰে সুন্দৰ বহুৰঙী পাখি থকা হ'লে নিশ্চয় মই পৃথিৱীৰ আটাইতকৈ সুখী চৰাই হলোহেঁতেন। "
তেতিয়া কাউৰীয়ে চিৰিয়াখানাৰ সজাত চালিধৰি ঠেহ পাতি থকা ময়ুৰজনীক সুধিলে-
"হে ময়ুৰী , তোমাৰ অনন্য সুন্দৰ এই পাখি বোৰ, তোমাৰ ক্ষণে ক্ষণে ঠেও ধৰি উঠা-নমা কৰা ডিঙিটো সকলো অতি সুন্দৰ । তোমাৰ অপৰূপ নৃত্যৰ ছন্দই প্ৰকৃতিক ছন্দোময় কৰি তোলে। এই চিৰিয়াখানালৈ তোমাক চাবলৈ অসংখ্য অনুৰাগী আহে । সকলোৱে তোমাৰ ৰূপৰ প্ৰশংসা কৰে। তুমিয়েই এই পৃথিৱীৰ সবাতোকৈ সুন্দৰ আৰু সুখী চৰাই । "
ময়ুৰীয়ে উত্তৰ দিলে-
" দুদিন আগলৈকে মই তেনেকৈয়ে ভাবিছিলো। কিন্তু এতিয়া মই ব্যথিত অনুভৱ কৰিছোঁ। এই ৰূপৰ বাবেই মই দুৰ্ভগীয়া হৈ পৰিছো। মোৰ সৌন্দৰ্যৰ বাবে মোক এই চিৰিয়াখানাত বন্দী কৰি ৰাখিছে। ইয়াত থকা সকলো জীৱৰ মাজত একমাত্ৰ কাউৰী হে নাই। সেয়েহে ময়ো যদি তোমাৰ দৰে কাউৰী হ'ব পাৰিলোহেঁতেন--- , তেন্তে সবাতোকৈ সুখী চৰাইটি হ'ব পাৰিলোহেতেঁন। মুক্ত মনে গছৰ ডালত ৰমলিয়াই জীৱন ধন্য কৰিলোহেতেঁন। "
কাউৰীৰ ভুল ভাগিল । সঁচাকৈয়ে এই পৃথিৱীৰ সবাতোকৈ সুখী চৰাইটি তেন্তে কাউৰী নিজেই!!!!
ইমান দিনে কঢ়িয়াই ফুৰা দুখবোৰ মিছা তেনেহলে?
মাতৃহীনা ছোৱালীজনীক মৰমেৰে বুকুত সাৱটি আলফুলে কাষতে ৰাখি থবলৈ বিচাৰো। তাইৰ দেউতাকৰ অসমৰ্থতাৰ বাবে হয়তো আনে ভাবে বিনামূলীয়া স্কুলতে পঢ়িবলৈ পঠিওৱা যাওক। নাই কেতিয়াও নহ'ব। মোৰ আদৰৰ জীয়ৰীক কোনো অচিন ঠাইলৈ কেনেকৈ পঠিয়াই দিওঁ? সকলোকে মোৰ শত্ৰু যেন বোধ হৈছিল। নালাগে তাই পঢ়িব!! মাক নাইকিয়া ছোৱালী বুলিয়েই সকলোৱে কি তাইক মৰম কৰা মানুহৰ অভাৱ হৈছে বুলি ভাবে নেকি ?
--- 'দেউতা - জবাও দেখোন যাব!'
চলচলীয়া চকুৰে মিলিয়ে অনুনয়ৰ সুৰত কৈছিল।
মোৰ খং উঠিল। সকলোৱে মোৰ মৰমক , মোৰ সামৰ্থ্যক উপলুঙা কৰে। খঙতে কি ওলাইছিল মুখেৰে নিজেই জনা নাছিলো।
---- ' যাওক, তাইৰ মাকো নাই, দেউতাকো নথকাৰ দৰেই । মোমায়েকৰ ঘৰত থাকি পঢ়া-শুনা কৰাতকৈ তেনে ধৰণৰ ঠাইত থাকিবলৈ পালে ভালেই পাব।.....
......তোৰ মাৰে থকা হ'লে তেনেকৈ ইমান সৰুতেই কেতিয়াও আঁতৰাই নপঠালেহেঁতেন। মই কোনোমতেই নপঠিয়াওঁ। মোৰ ইমান বেয়া অৱস্হা হোৱা নাই। তই যিমান পঢ়িব বিচাৰ' সিমান পঢ়ুৱাম।'
হেডচাৰে বাৰে বাৰে কিবা ক'ব খুজিও ৰৈ গৈছিল। মোৰ ঠাইত বিতুপনে চাকৰিটো পোৱাৰ পাছত তেওঁ মোক অলপ কমকৈহে মাতবোল কৰিছিল। আন্তৰিকতা কম হোৱা নাছিল। কিন্তু মামনি বাইদেৱে মধ্যস্হতা কৰি প্ৰায়েই দুয়োকে মুখামুখি হোৱাৰ পৰা ৰক্ষা কৰিছিল। মামনি বাইদেৱে বিয়াৰ পিছৰে পৰা টাউনৰ ঘৰতে থাকি চাকৰিটোকো তালৈ ট্ৰান্সফাৰ কৰাৰ চিন্তা কৰা বুলি শুনিবলৈ পাইছিলো। সেয়েহে তেওঁৰ অবিহনে মই প্ৰায়েই নিজে হেডচাৰৰ মুখামুখি হৈ কথা পাতিব লাগিছিল।
তেওঁৰ সৈতে কথা পাতিবলৈ বহুতো অভিভাৱক আহিল । বিদ্যালয়ত নতুনকৈ পঞ্চম শ্ৰেণীত নামভৰ্তি কৰোৱা বহু ধনৱান, শিক্ষিত পিতৃ-মাতৃৰ মুখত মিলি আৰু জবাৰ নাম। ভাল বিদ্যালয়ত পঢ়িবলৈ পোৱা সন্তানৰ পিতৃ হিচাপে মোক দেৱীপুৰৰ দোকানী কেইজনে বেঢ়ি বেঢ়ি সুধিছিল ---
----'কেনেকৈ পালে দাদা? আমাৰ বোৰে নাপালে দেখোন! '
আগলৈ
দুলুমণি
০৯/১০/২০২০
Comments
Post a Comment