সিপাৰৰ সাঁকো (৬৭)
#সিপাৰৰ_সাঁকো
(৬৭)
আহ আহ ওলাই
যাওঁ আমি আগুৱাই,
নৱ নৱ আলোকেৰে জীৱন ৰঙায়
প্ৰজ্ঞাৰ ধ্বজা ধৰাৰে বুকুতে উৰায়।
কত যুগৰ কলীয়া এলান্ধু আতঁৰাও
মনৰ মণিকূট জ্ঞানৰ শিখাৰে পোহৰাওঁ
সভ্যতাৰ জখলাত ভূমিক পূণ্যতীৰ্থ সজাওঁ
ভগীৰথ হৈ সৰগৰ পৰা জ্ঞান গংগা দেৱীক নমাওঁ।
অসমীৰ চোতালত আদৰ্শ ই পাতিলে জ্ঞানেৰে পবিত্ৰ ফুলনি ঐ,
তাৰেই গোন্ধেই আমোলমোল হ'ল বিজ্ঞানে চকু কৰে
মুকলি ঐ।
আমি নতুন দিনৰ নতুন প্ৰজন্ম
আছে নতুন আশা , চিন্তা নতুন ,
নানা জাতি- উপজাতিক একতাৰ জৰীৰে বান্ধি গুৰুজনাই দিয়া আদৰ্শৰে আদৰিঁছো
হে আলোকৰে যাত্ৰী
হে আলোকৰে যাত্ৰী!!
--------+++++++++++--------
মনোৰম গীতটি বিদ্যালয় সংগীত হিচাপে সুৰ আৰু তালেৰে বান্ধি উলিয়াই সকলোকে মণ্ত্ৰমুগ্ধ কৰা সব্যসাচী নামৰ অংকৰ শিক্ষক জন শেহতীয়াকৈ সকলোৰে চকুৰ মণি হৈ পৰিছিল। ইমান গুণী মানুহ মই আগতে কেতিয়াও দেখা নাছিলো। অংক বুলিলে সাত-জাঁপ মৰা ল'ৰা ছোৱালীয়েও তেওঁৰ পৰা অংক শিকিবলৈ ঢপলিয়াই আহিছিল। সব্যসাচী নামেৰে, কামেৰে, কথাৰেও সব্যসাচীয়েই আছিল। তেওঁৰ ভাগৰ লগা কেতিয়াও নেদেখিলো। মোতকৈও আগতেই বিদ্যালয়লৈ আহিছিল তেওঁ। আহিয়েই জাক পাতি ৰৈ থকা ল'ৰা ছোৱালীৰ বোৰক ঐচ্ছিক গণিত শিকাইছিল। তাৰ পিছত বাকী সকলৰ সৈতে সমানে সমানে দিনটোৰ সকলো কাম নিয়াৰিকৈ কৰি ছুটিৰ পাছত পুনৰ শ্ৰেণীকোঠাত সোমাইছিল। তেওঁৰ পৰা অংক শিকিবলৈ কাৰোৰে ভয় নালাগিছিল। ইমান বছৰেযে মই কিমান শিক্ষক দেখিছিলো, কিমান শিক্ষিত মানুহ দেখিছিলো, কিন্তু তেওঁৰ দৰে গুণী অথচ মাটিৰ লগত মিলি যোৱা, পৰিশ্ৰমী, মায়া-মোহৰ প্ৰতি বিৰাগ ভাৱাপন্ন সাধুপুৰুষ
দেখা নাছিলো। আন বহুতেই আকৌ ল'ৰা ছোৱালীৰ মনত অংকৰ প্ৰতি ভয় জন্মাই তাক সাধাৰণৰ বাবে দুৰূহ কৰিও তুলিছিল। বিদ্যালয়ৰ অঘোষিত সংগীত শিক্ষকো তেৱেঁই আছিল। সংগীতৰ প্ৰতিযোগিতাত খোলবাদন, হাৰমনিয়ামত সংগত কৰিবলৈ সকলোকে তেওঁকেই লাগিছিল।
ইমান কাম কৰিও আমাৰ দৰে মানুহৰ খা-খবৰ নোলোৱাকৈ ও নাথাকিছিল। মোক একাষৰীয়া কৈ লগ পালেই মিলিৰ পঢ়া-শুনাৰ কথা , আইৰ অসুখৰ কথা নোসোধাকৈ নাথাকিছিল। হেডচাৰৰ আগত মই সৰু-ল'ৰাৰ দৰে আবদাৰ পাইছিলো,ভাইৰ দৰে মৰম পাইছিলো। কিন্তু এইজনাৰ বিশাল ব্যক্তিত্বৰ আগত নিজকে ইমান তুচ্ছ বোধ হৈছিল যে তেওঁৰ সন্মুখত
কথা কবলৈ মোৰ অভিধানত শব্দৰ অভাৱ ঘটিছিল। হয়তো ইয়াকে ব্যক্তিত্ব বোলা হয়। কোনো হাতীৰ পিঠিত উঠি , বৰচুৰিয়াৰ ফেৰ মাৰি, চিপাহী-চন্তৰীৰে আবৃত হৈ কিম্বা ধনৰ মোনাৰে এনে ব্যক্তিত্বৰ অধিকাৰী হ'ব নোৱাৰে। ই আধ্যাত্মিক । ই তপস্যাৰ বস্তু। ইয়াক পাবলৈ হলে গুণী-জ্ঞানী হ'লেই নহ'ব মনৰ অহংকাৰ বিসৰ্জন দিয়াৰ দৰকাৰ। তেনে ব্যক্তিত্বৰ ছাঁত ক্ষন্তেক থকাজনৰ মনটোৱেও নিজকে পৰিষ্কাৰ পানীৰে মুখ-হাত পখালি পবিত্ৰতা অনুভৱ কৰা যেন অনুভৱ কৰে।
বিপৰীতে আন বহুতো আছিল যি মিলিৰ মেধাক লৈ আফচোচ নকৰাকৈ নোৱাৰিছিল। বহুতে আনকি বোলে 'ভাল আমৰ পুলি হৈ বকৰাণিত গজিলি'--- বুলি ও মোৰ অসৰ্মথতাৰ দোহাই দিছিল।
সঁচাই মোৰো তেনে অনুভৱ হ'বলৈ ধৰিছিল। পঢ়া-শুনা কৰিবলৈ টকা-পইচা বহুত লাগিছিল। কথাটো এশ শতাংশই সঁচা । ঈশ্বৰকে সাক্ষী কৰি ৰৈছিলো। মনেৰে ভয় খালেও অন্তৰৰ পৰা স্বয়ং অন্তৰ্যামীয়েহে যেন নিৰ্ভয় দি কৈছিল মেধা-শক্তি কেতিয়াও খোৰা নহয় যে ই টকাৰ বোকোচাত উঠি ফুৰিবলৈ বিচাৰিব।
আগলৈ
দুলুমণি
৫/১০/২০২০
Comments
Post a Comment