সিপাৰৰ সাঁকো (৭৪)

 #সিপাৰৰ_সাঁকো

     (৭৪)

এবাৰ চাইয়েই আহোঁগৈ বুলি মই তৰণীৰ লগতে ওলালো। সংসাৰৰ জ্বলা-কলা মই নো কি বুজি পাইছিলো। তৰণীৰ দৰে মানুহে যিদৰেহে ঘৈণীৰ নাকনি-কাননি সহ্য কৰিব লগীয়া হয়!  সিহঁতেহে বুজি পায় আচলতে সংসাৰ কি বস্তু!!  নিজৰ  ল'ৰাই নোপোৱা সুবিধা এটা মাউৰা জবাই পোৱা ৰ পাছত তাৰ ঘৰখনত অলপ অসন্তোষে দেখা দিছিল। বেৰৰ মাটি হৈ থকা বকুলি জনীয়ে দিনে-ৰাতিয়ে লেদেনা উকটিও মামীয়েকক সন্তুষ্ট কৰিব পৰা নাছিল। বকুলি জনীক মোৰ জবাৰ মাকৰ নিচিনা লাগিছিল। তাই যেন স্ব-ইচ্ছাই সকলো ত্যাগ কৰিছিল। একমাত্ৰ  ভনীয়েকৰ ভাল ভৱিষ্যতৰ বাবে তাই নিজৰ পঢ়া-শুনা বাদ দি  অভিভাৱকত্বৰ দায়িত্বকহে  আঁকোৱালি লৈছিল। তাই কেতিয়াও সেইবোৰ কথা কোৱা নাছিল । কিন্তু বাৰ বছৰীয়া কিশোৰী এগৰাকীৰ এনে  পৰিপক্কতাৰ অৰ্থ  কি হ'ব পাৰে তাক বুজি পোৱাটো অন্তত: মোৰ বাবে  বৰ কঠিন নাছিল। মাজে সময়ে বকুলি জবাৰ সৈতে আমাৰ ঘৰলৈ আহিছিল। তাই আগৰ দৰে খেলা-ধুলা নকৰি আইৰ লগত লাচনি-পাচনি কৰাত লাগিছিল। আইৰ মন-যোগাই ইটো সিটো কথা কৈ নিজৰ পৰিপক্কতাৰ উমান দিছিল। মিলি আৰু জবাই সপোনতো তেনে কৰাৰ কথা চিন্তা কৰিব নোৱাৰিছিল চাগে। মোৰ কেতিয়াবা ভাৱ হৈছিল বকুলিয়ে চাগে  পঢ়া-শুনাত বেয়া হোৱাৰ অভিনয় কৰিছিল । সেই চেগতে ঘৰুৱা কাম-কাজত  মামীয়েকক সন্তুষ্ট কৰি জবাক সেইবোৰৰ পৰা আতঁৰতে ৰাখিছিল।

   পুৱাই দেৱীপুৰৰ পৰা বাছত উঠি টাউন পালোগৈ। টাউনৰ পৰা বহু আগলৈ গৈ অটোৰিক্সা ভাড়া কৰি যেতিয়া সেই নিৰ্দিষ্ট ঠাই পাইছিলো তেতিয়া সকলো ফালে নিমাও মাও অৱস্হা।চূণ সনা পনিয়লি বেৰ বিলাকৰ মাজে মাজে থকা কাঠৰ খিৰিকীবোৰো বন্ধ হৈ আছিল। অৱশ্যে বাৰান্দাত আৰু কাষৰ লোৰ খুঁটা বিলাকত বান্ধি থোৱা তাঁৰবিলাকত মেলি থোৱা কাপোৰ- কানি বিলাক দেখিবলৈ পাই সেইটো ছোৱালীৰ হোষ্টেল বুলি ধাৰণা কৰিব পাৰিছিলো। 


------   'এইখিনি ঠাইৰ পৰাই  জবাক হাতত ধৰি এগৰাকী মহিলাই ভিতৰলৈ লৈ গৈছিল। যিসকল ছাত্ৰীৰ সৈতে  অভিভাৱিকা আহিছিল তেওঁ লোকক ভিতৰত সোমাবলৈ দিছিল। জবাৰ লগত মইহে আহিছিলো, কোনো মহিলা নাছিল । মোক যাবলৈ নিদিলে।'

  

  ---  চিন্তাগ্ৰস্ত ভাৱেৰে তৰণীয়ে কৈ উঠিছিল।    তৰণীৰ বৰ চিন্তা হৈছিল। নহ'বনো কিয়! আগতে কেতিয়াও ঘৰৰ  বাহিৰত নথকা ছোৱালীজনীক এইদৰে  থৈ যোৱা ৰ পাছত কোনো খা-খবৰ নাপাই ক্ষন্তেকৰ বাবে হ'লেও তাৰ পেটতে হাত-ভৰিৰ লুকাইছিল।  

     

     তেনেতে ভিতৰৰ পৰা এগৰাকী  মহিলা ওলাই আহিল। তৰণীৰ মুখলৈ পানী আহিল। সি তেওঁক চিনি পালে।  সি কিবা কোৱাৰ আগেয়ে মহিলা গৰাকীয়ে আধা হিন্দী আৰু আধাফুটা অসমীয়াত কৈ উঠিছিল--

 

     ' আপনি ত কল-পৰস' ৰাখি কিনে যাইছে না ? বাৰ        

     বাৰ নাহি আনা !'

  

 তৰণীয়ে  সেপ ঢুকি কৈ উঠিছিল-

   ' নাহি! নাহি ! মেৰা বাস্তে নাহি আয়া। নয়া লৰকী

 আড্ -মিছ্যন হ'গা।'

  -----' ত অফিচ মে যাইয়ে। ওধৰ অফিচ হে।'

 এইবুলি আমাক দেখুৱাই দিয়া ফালে চাইহে গম পালো --সকলো ল'ৰা-ছোৱালী তাতেই আছিল। 


       আমি পলম নকৰি সেইফালে আগবাঢ়ি গৈছিলো।

 ল'ৰা ছোৱালীৰ হাই-উৰুমি একো নাছিল। খুব সুন্দৰ আৰু শৃঙ্খলিত পৰিৱেশত এক ঘৰুৱা আৱেষ্টনীৰ দৰে মৰমীয়াল ব্যৱহাৰ-পাতিৰে  সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰি আছিল। 

         আগলৈ

দুলুমণি

১২/১০/২০২০

Comments