সিপাৰৰ সাঁকো (৭৩)
#সিপাৰৰ_সাঁকো
(৭৩)
ইতিমধ্যে তৰণীয়ে মোলৈ অপেক্ষা কৰি কৰি ভাগৰি পৰি দুদিন আগেয়ে জবাক সেইখন স্কুলত থৈ আহিছিলগৈ। মিলিয়ে এপাকত গৈ তাইক মৰমৰ চিনস্বৰূপে নিজৰ কলমটোকে দি থৈ আহিছিল। আইৰ মনতো সেইলৈ অলপ খু-দুৱনি আছিল হ'বলা। দুদিন মানৰ আগৰপৰা মোক বাৰে বাৰে তৰণীৰ লগতে গৈ স্কুলখন চাই আহিবলৈ কৈ আছিল। এনেয়ে আইৰ মতামত মই ভালদৰে জানো। ঘৰৰ ছোৱালী কেতিয়াও এইদৰে বাহিৰত অকলশৰীয়া কৈ এৰি থৈ অহাৰ পক্ষপাতী নহয়। কিন্তু মিলিৰ হেপাঁহবোৰ
দেখিয়েই চাগে তেওঁৰো মন গলিছিল। মই যিদৰে নাচোৰবান্দা হৈ আছিলো সেইবোৰ কথাই মোক লৰাবই পৰা নাছিল। কাৰোবাৰ কথা শুনিবলৈ ধৈৰ্য বোলা বস্তু এটাৰ বৰ দৰকাৰ। চুমকি নে কি ছোৱালী জনী ৰ দেউতাকৰ কথা কাণ পাতি শুনাৰ পাছতহে মোৰ গালৈ হুঁচ আহিছিল। আচলতে আগতে যিদৰে মানুহবোৰে মোৰ অসমৰ্থতাক খোঁচ মাৰি কথা বোৰ কৈছিল বুলি ভাবি আছিলো এইবাৰ তেনে নহয়। সেই মানুহ জনে মোক খোঁচ মাৰি কথা ক'বলৈ গৈ কিয় নিজৰ অসমৰ্থতাক বা নিজৰ ছোৱালীৰ অসমৰ্থতাক উদঙাই দিবলৈ যাবনো? তেওঁ আচলতে এজন খোলা অন্তৰৰ মানুহেই চাগে। মই খুব ভাল দৰে প্ৰথমৰে পৰা কথাবোৰ জুকিয়াই চালো।
মামনি বাইদেৱে ফৰ্ম খন পূৰাই দিয়াৰ দিনা কি ভাবিছিল ? তেওঁ জানো মিলি আৰু মোৰ অহিত চিন্তা কৰিব পাৰে? কিন্তু তেওঁ দেখোন মোক টকা-পইচা নথকা ভিকহু বুলি ভাবিয়েই সেই কাম কৰিবলৈ আগবাঢ়ি গৈছিল। বাৰে বাৰে মোক কৈও আছিল মই বোলে তাইৰ পঢ়া-শুনা আধৰুৱা কৰি বিয়া দিবলৈ দৰা বিচাৰি দায়-সাৰিবলৈ চেষ্টা কৰিম। নাই মামনি বাইদেউৰ কথাই মোক আশ্বস্ত নকৰিলে।
কিন্তু চুমকিৰ দেউতাকে কোৱা কথাখিনিয়ে বাৰে বাৰে মোৰ মনটোক মোৰ দায়িত্ব ৰ কথা সোৱঁৰাই থাকিল। তেওঁ লোকৰ দৰে মাক-দেউতাকেও সেই অবুজন আৰু অলপমান অহঙ্কাৰীযেন লগা ছোৱালীটিক তাত থৈ অহাৰ কথা ভাবিছিল।
মোৰ মনৰ আচল কেৰোণটো বুজি পাবলৈ বেছি দেৰি নালাগিল। মাকৰ অনুপস্থিতি -মলয়াৰ অবৰ্তমানেই তাৰ আচল কেৰোণটো আছিল। বুকুখনত এক ধৰণৰ জ্বলন অনুভৱ কৰিলো। কোনো চিন্তা-ভাৱনা নকৰাকৈ কিবা এটা কৰাটো বৰ সহজ। ইমান দিনে মই নিজৰ মতামতকে মলয়াৰ মত বুলি ভাবি এটা মুখনি মৰা সিদ্ধান্ত লৈ সন্তুষ্টি লভিছিলো। কিন্তু সেয়া যে মোৰ ভুল সিদ্ধান্ত আছিল সেয়া যেন লাহে লাহে বুজি পাইছিলো। ইমান বছৰে মলয়াৰ অভাৱ অনুভৱ কৰিছিলো। কিন্তু মিলিৰ ক্ষেত্ৰত লবলগীয়া এই প্ৰথম টো সিদ্ধান্তইহে যেন মোক মোৰ নি:কিন অৱস্হা টোৰ সৈতে পৰিচয় কৰাই দিলে। মলয়াই কিমান যে সহজতেই এই সমস্যাটো সমাধান কৰি দিলেহেঁতেন ! মোৰ নিজৰ ওপৰতে খং উঠিছিল। ভাল বেয়া বিচাৰ কৰিব পৰা সামৰ্থ্য থকা মানুহ নাছিলো । হে প্ৰভূ, সৰস্বতী দেৱী ৰ বাহন ৰাজহাঁহটোৰ দৰেই মোকো ভাল বেয়াৰ মাজত সহজে ভাল পথটোহে গ্ৰহণ কৰাত সহায় কৰা ।
মই চিন্তা কৰিলো সঁচাকৈয়ে তৰণীৰ সৈতে এবাৰ চাই অহাটোৱেই ভাল হ'ব।ফটা কঁথাখন তিতেমানে গালৈকে গধুৰ। মলয়াৰ স্মৃতিত দুটোপাল চকুলো বাগৰি আহিছিল। বহুদিন কথাবোৰ মনলৈ অহা নাছিল। যাক পৃথিৱীৰ পোহৰ দেখুৱাবলৈ গৈ মোৰ মলয়া ই নিজে অন্ধকাৰৰ অটল গহ্বৰত হেৰাই থাকিল সেই প্ৰাণপুতলীৰ জীৱনৰ প্ৰথম অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত তেওঁৰ অবিহনে কেনেকৈ লওঁ।
আগলৈ
দুলুমণি ১১/১০/২০২০
Comments
Post a Comment