সিপাৰৰ সাঁকো (৬৬)
#সিপাৰৰ_সাঁকো
(৬৬)
আমি ঈশ্বৰক বিচাৰিব লাগে। কিন্তু তেওঁক হুলস্হূলীয়া পৰিবেশ আৰু অসূয়া-অশান্তিৰ মাজত ক'ত বিচাৰি পাম ? ঈশ্বৰৰ নীৰৱতাৰ সৈতেহে মিতিৰালি। প্ৰকৃতিয়েও নীৰৱতাৰ মাজতে নিজৰ দায়িত্ব পালন কৰি যায় ।
ঈশ্বৰ বিচাৰি হাবাথুৰি খাব লাগে জানো? ঈশ্বৰ দেখোন মোৰ অন্তৰতে আছে। তীৰ্থস্থান সমূহৰ গৰিমা দৰ্শন কৰিবলৈ যোৱাৰ হাবিয়াস আছিল ।হয়তো মিলি আৰু আইৰ অস্তিত্বই মোক সেই কাৰ্যৰ পৰা অদ্যপি বিৰত ৰাখিছিল। কিন্তু নিজৰ দায়িত্ব নীৰৱে পালন কৰি যোৱাটোও মোৰ মনত ঈশ্বৰ চিন্তা কৰাৰ দৰেই মহান আৰু পৱিত্ৰ কাৰ্য কৰা যেন বোধ হৈছিল। তাৰ বাবে
কোনো কৃতজ্ঞতাৰ আশা কৰিব নালাগে। কোনো প্ৰাপ্ত আদায় নহ'ব পাৰে। কিন্তু নিজৰ দায়িত্ব নীৰৱে পালন কৰি গ'লে পোৱা মানসিক তৃপ্তিয়েই ঈশ্বৰৰ আশীৰ্বাদ।
হয়তো বৰ্ষাসিক্ত আকাশৰ সেই ৰামধেনু খনৰ দৰেই ইয়াৰ সাতোৰঙৰ জিকমিকনিয়ে মনক তৃপ্ত কৰে। ৰামধেনুৰ ৰঙেৰে মন ৰঙাবলৈ বৰষুণৰ তীব্ৰতা সহ্য কৰিবই লাগিব। ঈশ্বৰ বিশ্বাসী হৈ মই অন্তত এটা কথা অনুধাৱন কৰিব পাৰিছিলো যে আমাৰ ইপ্সিত বস্তু বা ফল দিয়াত কৈ ঈশ্বৰে হয়তো নিজে আমাৰ বাবে প্ৰয়োজনীয় বুলি ভবাবোৰকহে আমাক প্ৰদান কৰে। তেনেদৰেই ঈশ্বৰে আমাক নিজৰ দায়িত্ব পালন কৰিবলৈ বাধ্য কৰে। প্ৰাপ্তি-অপ্ৰাপ্তিৰ মাজৰ যুঁজ খন এইদৰেই চলি থাকে। আমি আশা কৰা মতেই সকলো হৈ উঠাটো বিচাৰো, ঈশ্বৰে তেওঁৰ তুলাচনীৰে সকলোৰে
ওজন কৰি মনৰ খেয়াল-খুচিমতেই হয়তো আমাক ইপ্সিত আৰু প্ৰাপ্তিৰ মাজত সমতা ৰক্ষা কৰিবলৈ শিকায়। ক্ষণিক আৱেগৰ বশৱৰ্তী হৈয়েই মইয়ো সকলোৱে কৰাৰ দৰেই নকৰিবলগীয়া কাম কৰি পেলাওঁ। যিদৰে সিদিনা পেনেৰা আৰু ম ইনাৰ আগত কৰা ব্যৱহাৰৰ বাবে বহু দিনৰ বাবে লাজ পাই থাকিলো
সেইদিনা অলপধতুৱা মানুহৰ দৰে আৱেগৰ বশৱৰ্তী হৈ যিটো কাণ্ড কৰিছিলো তাৰ ফল স্বৰূপে সিহঁত দুটাই ঠাট্টা-মস্কৰা কৰাৰ উপৰিও আগতে সিহঁতক কৰা ককৰ্থনাৰ যথোচিত প্ৰতিশোধ লৈছিল। নিজৰ অদূৰদৰ্শিতাত নিজেই লজ্জিত হৈ পৰিছিলো।
স্কুলঘৰ নতুন হৈছিল। বহুতো নতুন সদস্যই আহি ভিৰ কৰিছিল। আগৰ দৰে কুঁৱাৰ পানী তুলি আনি ফিল্টাৰত ভৰাব নালাগে। পানীৰ টেঙ্কিৰ পৰা নিজেই টেপেৰে ওলাই ফিল্টাৰত পৰিছিল।
সকলো সুখী হৈছিল । অঞ্চলটোৰো মান বাঢ়িছিল।
আগলৈ
দুলুমণি
৪/১০/২০২০
Comments
Post a Comment