সিপাৰৰ সাঁকো (৬৯)

 #সিপাৰৰ_সাঁকো

    ‌   ‌ ‌‌      (৬৯)

     বিদ্যালয়ৰ সৈতে জড়িত সকলৰ বাবে সৰস্বতী পূজাৰ কি অৰ্থ সেয়া বুজাই বুজে। সময়ৰ গতিত ৰূপ সলনি হৈ ই আধুনিকতাৰ কবলত পৰিছে। নতুন সকলে সৌন্দৰ্যৰ সাধনাকে সৰস্বতীৰ সাধনা বুলি ভবা হৈছে। সৰু-ডাঙৰ সকলোৱে সৰস্বতী পূজাৰ সময়ত সৌন্দৰ্যৰ পোহাৰ মেলি আচল জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী ৰ সাধনা কৰিবলৈ এৰি দিয়ে। বসন্ত ঋতুৰ পঞ্চম দিনত হোৱা এই সৰস্বতী পূজালৈ প্ৰতিজনী ছাত্ৰীয়েই একেবাৰে কমবয়সৰ পৰাই মেখেলা চাদৰ পৰিধান কৰি সাজি-কাচি আহে। আগতে সেই দিনটোত পুৱাই ল'ৰা- ছোৱালীয়ে  নিজেই কাকূতি-প্ৰাৰ্থনা  গাই বুট-মাহ খাই সৰস্বতী পূজা পাতিছিল। কালক্ৰমত সৰস্বতীৰ পূজা-অৰ্চনা কেৱল নাম-মাত্ৰহে থকা হ'ল। সৌন্দৰ্যৰ সাধনাই প্ৰজ্ঞাৰ সাধনা তল পেলোৱা হ'ল।

 মই সৰস্বতী পূজাৰ আধ্যাত্মিক ভাৱৰ আঁত ধৰি  দেৱীৰ বিষয়ে জানিব পাৰিছিলো যে 

-----সৰস্বতী দেৱী ঋগবেদত বৰ্ণিত সেই চৰিত্ৰ যাৰ নাম সংস্কৃত শব্দ 'সৰসু+অতি'  অৰ্থাৎ,  যি পানীৰ অধিকাৰী।সেই পানী,  যি সকলো পাপ, অজ্ঞানতা ধুই পখালি  পবিত্ৰ আৰু জ্ঞানীকৰে। ই পোনে পোনে পশ্চিম ভাৰতৰ সৰস্বতী নদীৰ কথাকে সূচায়। পদ্ম পুৰাণৰ 'সৃষ্টি' আৰু 'স্কন্দ'খণ্ডৰ মতে সৰস্বতী দেৱী এখন নদীত পৰিণত হৈছিল যেতিয়া দেৱ-দেৱী সকলে 'বাদৱাগ্নি' নামৰ অগ্নিকুণ্ডৰ দহনৰ পৰা সমগ্ৰ সৃষ্টিক ৰক্ষা কৰিবলৈ বিষ্ণুৰ শৰণাপন্ন হৈছিল। ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়ৰ মাজত হোৱা যুদ্ধৰ ফলতেই সেই  বিধ্বংসী অগ্নিৰ সৃষ্টি হৈছিল। ভগৱান বিষ্ণুৰ মতে সেই অগ্নিৰ পৰা সমগ্ৰ সৃষ্টিক   কেৱল  সৰস্বতী দেৱীয়েহে এখন নদীৰ ৰূপ লৈ   ৰক্ষা কৰিব পাৰিব। সেইমতে ব্ৰহ্মাৰ আজ্ঞা পালন কৰি  সৰস্বতী দেৱীয়ে  ব্ৰহ্মলোক এৰি অজমেৰৰ পুষ্কৰলৈ আহি নদীৰ ৰূপ লৈ সেই অগ্নিক মহাসাগৰলৈ কঢ়িয়াই নিছিল।

    সৰস্বতীক   বাণীৰ দেৱী বুলি ও কোৱা হয় । তেওঁৰ নাম বীণাপাণি, শাৰদা, ব্ৰহ্মিণী, বাগ্-দেৱী, হংসবাহিনী আদি ।  তেওঁ  লক্ষ্মী আৰু পাৰ্বতীৰ সৈতে একত্ৰিতভাৱে ত্ৰিদেৱী নামে পৰিচিত। 

   ব্ৰহ্মাৰ সাত্বিক গুণাবলীৰ পৰা উৎপন্ন হোৱা সৰস্বতীৰ সুন্দৰ ৰূপে তেওঁকেই  আকৃষ্ট কৰা বুলি কিছুমান পুৰাণত কোৱা হয়। কিন্তু তেওঁ ব্ৰহ্মাৰ মানস কন্যাহে আছিল । 

   সৰস্বতী দেৱীৰ চতুৰ্ভূজ আকৃতিৰ ৰূপ আগতে নাছিল । মাৰ্কণ্ডেয় পুৰাণত বৰ্ণিত আখ্যান অনুসৰি সৰস্বতী দেৱী ৰ চতুৰ্ভূজ ৰূপৰ মূৰ্ত্তি পোন প্ৰথমে অম্বুৱন নামৰ এজন ৰজাই হে নিৰ্মাণ কৰিছিল । তদুপৰি মাৰ্কণ্ডেয় পুৰাণতে উল্লেখ আছে যে ৰজা অশ্বতৰেই পোন-প্ৰথমবাৰৰ বাবে সংগীত কলাত পাৰদৰ্শিতা লাভ কৰিবলৈ সৰস্বতী দেৱীৰ সেই ৰূপক আৰাধনা কৰি সংগীত কলাত  নিপুণ হৈ পৰিছিল। তেতিয়াৰ পৰাই তেওঁ কলাৰো দেৱীৰূপে পৰিচিত হয়। 

     বৰ্তমান চতুৰ্ভূজ আকৃতিৰ চাৰিহাতে মনুষ্যৰ ব্যক্তিত্বৰ চাৰিটা দিশ- মন, বুদ্ধি, সতৰ্কতা আৰু অহংকাৰক প্ৰতিনিধিত্ব কৰা বুলিও কোৱা হয়।  চতুৰ্ভূজ আকৃতিত এখন হাতত 'বেদ' যাৰ অৰ্থ জ্ঞান , এখন হাতত 'মালা' যি সংসাৰৰ নীতি-নিয়মৰ বান্ধোনক সূচায় , এখন হাতত 'কমণ্ডলু' য'ত পবিত্ৰতা ৰ বাবে জল থাকে আৰু এখন হাতে বীণা ধৰি থকা ৰূপেৰেই তেওঁ পৰিচিত। তেওঁ সংগীতৰো দেৱী। গতিকে সংগীতৰ বাদ্য তেওঁৰ হাতত থকাটো স্বাভাৱিক। কিন্তু আন সকলো বাদ্য-যন্ত্ৰ এৰি বীণাহে হাতত তুলি লোৱাৰ কাৰণ হিচাপে দেখা যায় যে সৰস্বতীৰ জ্ঞান বীণাৰ ধ্বনি আধ্যাত্মিক আৰু ঈশ্বৰৰ সৈতে সংযুক্ত। সেই বীণাৰ ধ্বনিয়ে অজ্ঞানতা নাশ কৰে। সেই বীণাত সকলো দেৱতাৰে বাস। সৰস্বতী দেৱীৰ বাহন বগা ৰাজহংস। কোৱা হয় যে গাখীৰ আৰু পানীৰ মিশ্ৰণ খাবলৈ দিলে এই ৰাজহংসই  গাখীৰ আৰু পানীক পৃথক কৰি কেৱল গাখীৰহে গ্ৰহণ কৰে। ইয়াৰ পৰা ভাল আৰু বেয়াৰ মাজৰ পাৰ্থক্য বাছনি কৰিব পৰা গুণৰ কথা বুজি পোৱা যায়। দেৱীৰ ধৱল বস্ত্ৰ, শ্বেতপদ্মই  তেওঁৰ পৱিত্ৰতাকে সূচায়। তদুপৰি লগত থকা ময়ুৰ পক্ষীয়ে সৌন্দৰ্যৰ প্ৰতীক হিচাপে দেৱীৰ সান্নিধ্যলৈ আহি পৰমজ্ঞান লাভ কৰা কে সূচায়। সৰস্বতীৰ আৰাধনাই  জ্ঞান চক্ষু মোকলায়।

     

       মই প্ৰতি বছৰে স্কুলত অতি ভক্তিভাৱেৰে নিজকে সমৰ্পিত কৰি দেৱীৰ আশীৰ্বাদ ল'বলৈ চেষ্টা কৰিছিলো। 


  


 ‌ আগলৈ

দুলুমণি

  ৭/১০/২০২০

Comments

Popular posts from this blog

সিপাৰৰ সাঁকো (৫১)

সিপাৰৰ সাঁকো (৭৫)

সিপাৰৰ সাঁকো (৩২)