সিপাৰৰ সাঁকো (৬৫)
#সিপাৰৰ_সাঁকো
(৬৫)
নিজৰ পৰিয়াল -পৰিজনৰ গঞ্জনা খাই দুই এজনৰ অৱস্হা অতি তথৈবচ।বহুতে নোপোৱাৰ বেদনা সহ্য কৰিব নোৱাৰে।ৰৈ, ৰৈ অন্তৰত বাজি থকা বিষাদ- দুন্দুভিৰ তালে তালে নিজকো নচুৱাই থাকে আৰু আনকো নচুৱায়। যিকোনো কাম কৰিবলৈ পৰিয়ালৰ প্ৰেৰণাই মহৌষধৰ কাম কৰে। আনহাতে লাঞ্চনা-গঞ্জনাই নিৰুৎসাহিত কৰে। মোৰ ঘৰত আইৰ মনত এইবোৰ কথাৰ বিহে তেতিয়াও চুব পৰা নাছিল আৰু মলয়াক দেখোন একোৰে প্ৰয়োজনেই নাছিল।
তেনেতে বহাগ বিহুৰ আগে আগে কেইবাটাও সুখী পৰিয়ালে, যি ইতিমধ্যে ইপ্সিত চৰকাৰী ধনৰ সোৱাদ লাভ কৰিছিল, ঈশ্বৰৰ প্ৰতি নিজৰ সৌভাগ্যৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ তীৰ্থভ্ৰমণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এটা দল হিচাপে তেওঁ লোকে ৰেলেৰে কাশী, বৃন্দাবন আৰু জগন্নাথ মন্দিৰ দৰ্শনৰ বাবে ৰাওনা হয়। মই আগতে জীৱনত মিলিটেৰী চাকৰিয়াল সকলৰ বাদে আন চিনাকি মানুহে অসমৰ বাহিৰলৈ যোৱাৰ কথা দেখা ও নাছিলোঁ, শুনাও নাছিলোঁ। মই সিমানেই অজলা আছিলো।
বিতুপন দলৰ আগৰণুৱা সদস্য আছিল। সৰুতে সি দেউতাকৰ লগত বাহিৰতে কেইবাবছৰো আছিল ।
ঠাইবোৰৰ নামবোৰ শুনি মোৰ বৰ লোভ লাগিছিল। সকলোৰে লগত গৈ চাই আহিবলৈ বিৰাট মন গৈছিল। পিছে সেই অনা দেলে। মনৰ অসীম হেঁপাহ পূৰ্ণ হোৱাৰ কোনো আশা নোহোৱা বুলি আফ্চোচ কৰি থকা দেখি মই নজনাকৈ হেডচাৰে মিলিক এখন কিতাপ দি পঠাইছিল। মিলিয়ে গধূলি সময়ত মোক
'দেউতা তোমাক আজি কাহিনী শুনাম মই !' বুলি কৈ কিতাপ খন পঢ়িবলৈ লাগি গৈছিল।
কিতাপ খনত বহুতো তীৰ্থস্থানৰ উৎপত্তিৰ কাহিনী আৰু সেইসমূহৰ আৰাধ্য দেৱ-দেৱীৰ বিষয়ে লিখা আছিল।
বিতুপনহঁতে যাবলৈ ওলোৱা কাশীৰ বিশ্বনাথ মন্দিৰৰ বিষয়ে জানিবলৈ পালো যে পুৰাণত বৰ্ণিত এই মন্দিৰ শিৱ-আৰাধনাৰ অতি পুৰণি স্হল আছিল। কেইবাবাৰো শত্ৰুৰ দ্বাৰা ধ্বংসপ্ৰাপ্ত হোৱা এই মন্দিৰৰ পুনৰ্নিমাণো অসংখ্য বাৰ হৈছিল। বৰ্তমানৰ মন্দিৰটো ৰাণী অহিল্যাবাইয়ে নিৰ্মাণ কৰাইছিল। এই মন্দিৰত মহাদেৱ শিৱৰ বাৰটা জ্যোতিৰ্লিংগৰ এটা বিৰাজমান হৈ আছে।
পুৰাণত বৰ্ননা কৰা কিংবদন্তি মতে এবাৰ ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবলৈ যুঁজ লাগে।মহাদেৱ শিৱই সৃষ্টিকৰ্তা আৰু পালনকৰ্তা ব্ৰহ্মা- বিষ্ণুৰ মাজত হোৱা এই প্ৰশ্নৰ মীমাংসা কৰিবলৈ ত্ৰিভূবন ভেদ কৰি এক আমোঘ অন্তহীন বিশাল জ্যোতি লিঙ্গৰ আকাৰত স্বয়ং আৱিৰ্ভাৱ হয়।
তেওঁ দুয়োকে সেই লিঙ্গৰ উৎপত্তি স্হল বিচাৰি যাবলৈ নিৰ্দেশ দিয়ে। ব্ৰহ্মাই ওপৰৰফালে আৰু বিষ্ণুৱে তললৈ নামি যায়। কিন্তু তেওঁ লোকে তাৰ উৎপত্তিৰ কোনো উৱাদিহ বিচাৰি নাপালে। ঘূৰি আহি ব্ৰহ্মাই মিছাকৈ জ্যোতিৰ্লিংগৰ উৎস বিচাৰি পোৱা বুলি কয়। আনহাতে বিষ্ণুৱে সঁচাকৈয়ে বিচাৰি নোপোৱা বুলি কয়। তেতিয়া মহাদেৱে বিষ্ণুক সৃষ্টিৰ অনন্ত কাললৈকে পূজিত হোৱাৰ আশীৰ্বাদ দিয়ে আৰু ব্ৰহ্মাক অভিশাপ দিয়ে যে কোনো মাংগলিক অনুষ্ঠান আদিত তেওঁৰ কোনো স্হান নাথাকিব। এনে বাৰটি জ্যোতিৰ্লিঙ্গ আছে। কাশীৰ বিশ্বনাথ মন্দিৰো জ্যোতিৰ্লিঙ্গ মন্দিৰ হিচাপে পৰিচিত। ইয়াত শিৱৰ নাম বিশ্বেশ্বৰ বা বিশ্বনাথ। সেয়েহে এই মন্দিৰক বিশ্বনাথ মন্দিৰ বোলা হয়। এই মন্দিৰৰ কাষতে গংগাৰ তীৰৰ মণিকৰ্ণিকা ঘাটলৈ দক্ষযজ্ঞত প্ৰাণাহুতি দিয়া সতীৰ মৃতদেহ লৈ প্ৰৱেশ কৰিছিল । সেয়ে এই ঘাট এক অন্যতম শক্তিপীঠ হিচাপেও জনাজাত।
জীয়ৰীৰ নিস্পাপ শিশু-সুলভ অমিয়া মাতত তীৰ্থস্থান আৰু আৰাধ্য দেৱ-দেৱীৰ কাহিনী শুনিবলৈ পাই মোৰ মনলৈ
_গৃহতে থাকিয়া লভিলো তযু -চৰণ।'
ঘোষাফাঁকিৰ কথাহে বাৰে বাৰে মনত পৰি আছিল।
আগলৈ
দুলুমণি
৩/১০/২০২০
Comments
Post a Comment