সিপাৰৰ সাঁকো (৬৪)
#সিপাৰৰ_সাঁকো
(৬৪)
সেই বিদ্যামন্দিৰৰ প্ৰাঙ্গনত ভৰি দিয়েই মোৰ মনৰ পুঞ্জীভূত ক্ষোভ কৰ্পূৰৰ দৰে উৰি গৈছিল।
আগৰদৰে সকলো কাম সময়তে কৰিবলৈ আৰম্ভ কৰিলো। টকা-পইচাই সকলো নহয়। অতবছৰে সেই পৰিৱেশত ইমান বেছি অভ্যস্ত হৈ পৰিছিলো যে এবাৰ সকলো পাহৰি সেই কামত ধৰাৰ পাছত মোৰ মনৰ পৰা কোন বিতুপন, কি চাকৰি, কি দৰমহা - সকলো পাহৰি গৈছিলো। মাত্ৰ মৰমৰ অনুষ্ঠান, মৰমৰ ল'ৰা ছোৱালীবোৰ আৰু আদৰৰ শিক্ষক- শিক্ষয়িত্ৰী সকলকে সন্তুষ্ট কৰাটোৱেই মোৰ কাম বুলি ভাবি ল'লো।
মোৰ কলিজাৰ আমঠু মিলিওটো তাৰেই মাজৰ এগৰাকী হৈ পৰিছিল ।
মিলি স্কুললৈ অহাৰ ফলত মোৰ বাবে নতুন পৰিৱেশটো আৰু সহজ হৈ পৰিছিল। নকৈ চৰকাৰী ধনৰ সোৱাদ পাই মানুহ বোৰৰ কাম-কাজলৈ, কথা-বতৰালৈ বহুতো পৰিৱৰ্তন আহিছিল। আগতে নকৰা বহু কাম মই কৰিবলগীয়া হৈছিল। শিক্ষাদানৰ
বাহিৰে যাৰে যি কাম থাকি গৈছিল, তাক মই সম্পূৰ্ণৰূপে কৰি অনুষ্ঠানটিৰ গৰিমা বজাই ৰাখিবলৈ চেষ্টা কৰিছিলো। বিতুপনেও নিজৰ আচল চেহেৰা উদঙাই দিছিল। টকা-পইচাই মানুহৰ মন -মগজুক ইমান বেছি মোহাচ্ছন্ন কৰি তুলিব পাৰে বুলি মই আগতে কল্পনাই কৰিব নোৱাৰিছিলো। সেইবোৰ দেখি-শুনি মোৰ প্ৰথম কেইবছৰমানৰ স্কুলখন আৰু শিক্ষক-ছাত্ৰৰ মৰমৰ পৰিয়ালটোলৈ মনত পৰিছিল।
তেতিয়া আৰু এতিয়াৰ মাজত দায়িত্বশীলতাৰ পাৰ্থক্য দেখা পাইছিলো।সেই সময়ত সকলোৱে কামবোৰ নিজৰ কাম বুলি কৰিছিল। কোনো কাম শেষ নকৰাকৈ আধাতে এৰি দৌৰি ঘৰলৈ নপলাইছিল। এতিয়া সেইদৰে এৰি পেলোৱাৰ পাছত সকলো ঠান-থিত লগোৱাটো মোৰ দায়িত্ব আছিল। মুখত হাঁহি লৈ কপালত একো ভাৱৰ ব্যঞ্জনা প্ৰকাশ নকৰাকৈ সকলো এৰেহা, আধৰুৱা ,দায়-সৰা কাম হেডচাৰ আৰু মামনি বাইদেউ ৰ নিৰ্দেশত মই মোৰ দুহাতেৰে কৰি অঁটাইছিলো। তেওঁ লোকৰ নিৰ্দেশ নহ'লেও মই সেইকাম কৰিছিলোৱেই।
তেওঁলোকৰ সন্মুখতেই তেওঁ লোকে ৰোপণ কৰা মৰমৰ পুলিটোৱে ঠন ধৰি উঠি ৰসাল ফল দিয়া বৃক্ষলৈ ৰূপান্তৰিত হৈছিল। সেই ফল ভোগ কৰি অজীৰ্ণ ৰোগত ভুগি এচামে যেন সেই বৃক্ষৰ ডাল পাত আৰু ফুল-ফল সমূহকো ৰোগগ্ৰস্ত কৰি তুলিছিল। মিলিৰ উপস্হিতিয়ে মোক মোৰ দায়িত্ব পালন কৰাত দুগুণ উৎসাহিত কৰি তুলিছিল।
মিলিৰ বহুতো বান্ধৱীৰ মাজত এগৰাকী বৰ কথাচহকী
টাউনীয়া ছোৱালী আছিল। তাইৰ দেউতাকৰ ডাঙৰ চৰকাৰী চাকৰি আছিল। টাউনীয়া মাকে পৰিস্থিতিৰ পাকত পৰি দেউতাকৰ সৈতে গাৱঁলীয়া পৰিবেশত থাকিবলগীয়া হৈছিল। তাইও স্কুলত সহজ হ'ব পৰা নাছিল। এদিন কান্দি কান্দি মিলিৰ কাষতে বহি থকাত মিলিয়ে শ্ৰেণীৰ বাইদেউক বিচাৰি আহি কাকো নাপাই মোকে লৈ গৈছিল। মই গৈ তাইক মৰমেৰে 'কিয় কান্দিছা' জাতীয় কিবা সুধি থাকোতেই মিলিয়ে মোক
'দেউতা তাইৰ ....'
বুলি কথাষাৰ শেষ কৰিবলৈ নাপালেই
তাই বিস্ফোৰিত নেত্ৰেৰে চাই চিৎকাৰ কৰি উঠিল-
'মিলি তোমাৰ দেউতা চকীদাৰ?'
মিলিয়েও তপৰাই উত্তৰ দিছিল
'তোমাৰ দেউতাওটো চকীদাৰেই । তেওঁ যেনিবা অফিচ চোৱা-চিতা কৰে । চৰকাৰৰ বাবে। মোৰ দেউতা স্কুলৰ চকীদাৰ। '
মিলিক মনে মনে থাকিবলৈ কৈ মই ওলাই আহিছিলো। গোটেই শ্ৰেণীটোৰ কণ-কণ ল'ৰা ছোৱালীৰ জাকটোৰ কোলাহলৰ মাজত ছোৱালীজনীৰ মাতটো বেছি দেৰি লৈকে গুঞ্জৰিত হৈ নাথাকিল। পিছে মিলিৰ মনত মোৰ কামৰ বিষয়ে দিয়া আক্ষেপ বিহীন উত্তৰে মোক আগতকৈও অধিক নিষ্ঠাবান কৰি তুলিছিল।
চৰকাৰী দৰমহা নোপোৱাকৈ মোৰ সৈতে আন কেইবাজনো আছিল। তেওঁলোকৰ ভিতৰত দুজনমানৰ অৱস্হা বেছিকৈয়ে শোচনীয় আছিল। হেডচাৰে তেওঁ লোকক বেছিকৈ কামত নলগাইছিল। টিউচন কৰি বা আন প্ৰকাৰে তেওঁ লোকৰ ভৰণ-পোযণৰ খৰচ উলিয়াইছিল।
আগলৈ
দুলুমণি
২/১০/২০২০
Comments
Post a Comment