Posts

Showing posts from October, 2020

সিপাৰৰ সাঁকো (৬৩)

 #সিপাৰৰ_সাঁকো     ‌   ‌ ‌‌      (৬৩)       দৰাচলতে  হিংসা হ'ল কাপুৰুষৰ অস্ত্ৰ। নিজে কৰিব নোৱাৰা কাম এটা আনে কৰা দেখি ৃহিংসাত জ্বলি পুৰি মৰাজন কাপুৰুষ নহৈ আন কিবা হ'ব পাৰে জানো?   ক'ৰবাত শুনিছিলো হিংসাই হৈছে মূৰ্খই জ্ঞানীক দিব পৰা একমাত্ৰ উপহাৰ টো। মই বিতুপনতকৈ কোনো গুণে হীন হয় জানো ? সি কমবয়সীয়া ওঁঠ চেপিলেই গাখীৰ ওলোৱা ল'ৰা। তাৰ সৌভাগ্যত ঈৰ্ষান্বিত হৈ মই নিজকে মানুহ হিচাপে এঢাপ তললৈ নমাই দিয়া যেন লাগিল।তাৰনো কি দুখ আছিল?ভিনিয়েকে  মাটিবেচা টকাবোৰ ভেঁটি দি দিছপুৰীয়া ৰজাঘৰীয়া চাকৰিৰ প্ৰলোভন দি টকাৰ শ্ৰাদ্ধ কৰিলে। তাৰ পিছত ককায়েকৰ সহায় লৈ কোনোমতে মাছৰ তেলেৰে মাছ ভাজি  নিজৰ নাকটো বচালে। তাৰ বাবে মোক বলিৰ পঠা সজালে। গতিকে মোৰ আচল শত্ৰু কোন ? মই কৰা যিকোনো  ধ্বংসমুখী কাৰ্যই সেই শত্ৰুৰ কিবা ক্ষতি কৰিব পাৰিব নে?       মোৰ মগজুৰ  বিচাৰখন এতিয়াহে আৰম্ভ হৈছিল। কেই ঘণ্টামানৰ আগতে কৰা মোৰ নভবা-নিচিন্তা কাৰ্যত ভীষণ অনুতপ্ত হ'লো মই।  মাতাল হৈ  মই  নিজৰ দেহক  শাস্ত...

সিপাৰৰ সাঁকো (৬২)

 #সিপাৰৰ_সাঁকো     ‌   ‌ ‌‌      (৬২)         মোৰ মনলৈ সপোন হৈ অহা সেই সময়খিনি আৰু  মলয়াৰ কথাখিনিয়ে  চকুৰ আগতে বহুপৰ  অগা-ডেৱা কৰি থাকিল। মই বুজি পাইছিলো তাৰ ৰহস্য। মই  দুখৰ বোজা ব'ব নোৱাৰি   বিহ্বল হৈ পৰিছিলো , নিজৰ বিফলতাৰ পাছত মুখ লুকুৱাবলৈ মাতাল হ'ব বিচাৰিছিলো । মোৰ অৱচেতন মনত সজীৱ হৈ থকা মলয়াই বাৰু সোৱঁৰাই দিছিলনেকি মোক ?      ৰিব-ৰিব মলয়াজাক যেন লাহে  লাহে বৰদৈচিলা হৈছিল। আগতীয়া বসন্তৰ আগমনত ধূলিয়ৰি হৈ থকা ধৰণীক ধোৱাই পখলাই ন-সাজ পিন্ধাবলৈ মেঘে যো-জা চলাইছিল চাগে। মোৰ কাণেৰে সোঁ-সোঁ শব্দৰে পাৰ হৈ যোৱা এজাক বলিয়া ধুমুহাই মেৰেক- মেৰেক কৈ ক'ৰবাত শুকান গছৰ ডাল দুটামান ভাঙি পেলাইছিল। তাৰ লগে লগে কাণ-তাল মৰা গাজনি , ঢেৰেকণি আৰু বিজুলিৰ চকা-মকা পোহৰ। এইবাৰ মোৰ অলপো অসুবিধা নহ'ল। মই মদৰ নিচাত  পথাৰৰ মাজলৈহে গুচি গৈছিলো। চকা-মকা বিজুলী পোহৰতে জাৰণিখনৰ ফালেখোজ ললো।   বৰষুণৰ টোপাল পৰা নাছিল তেতিয়াও। তথাপিও মই  খৰখেদাকৈয়ে   তাৰ পৰা  ঘৰৰ ফাল...

সিপাৰৰ সাঁকো (৬১)

 #সিপাৰৰ_সাঁকো     ‌    (৬১)      একে ঠাইতে বহুপৰ অকলে অকলে ৰৈ থাকিলো। অলপ ৰিমঝিম লাগিছিল গাটো। কিমান বছৰযে মই সেই গেলাসোপা মুখত দিয়া নাছিলো। মলয়া থাকোঁতে কেতিয়াও নাখাইছিলো। মূৰটোৱে নিজৰ বোধশক্তি  হেৰুৱাই পেলাইছিল। কোনফালে যাঁও কোনফালে নাযাঁও চিন্তা কৰি ৰৈ আছোঁ।     বতাহ এজাকে গাটো মেৰিয়াই ধৰি আছিল।  আহোঁতে  যিটো ৰাস্তাৰে আহিছিলো, সেই ৰাস্তাটো বিচাৰি ইফালে সিফালে থৰক বৰক হৈ গৈ থাকিলো। মই পথাৰৰ পৰা জাৰণিলৈ উঠি আহিলো বুলি ভাবি  গোবাটতো বিচাৰি ঘূৰ্মুটিয়াই ফুৰিলো। ক'তা বাটতো নাই দেখোন। খোজবোৰ থৰক বৰক হৈ পৰিল।  জাৰনিখনৰ কোনোবা এটা চুকতে ৰৈ আছিলো নে আন ক'ৰবাত ৰৈ আছিলো মই গমেই পোৱা নাছিলো। ওপৰলৈ চাবলৈ মূৰটো দাঙিব ই পৰা নাছিলো।  সেই সময়ত  য'তেই আছিলো  ত'তেই বহি পৰিম যেন লাগিছিল।  কিন্তু নাই মই বহি থাকিলে নহ'ব । মগজুটোৱে নিৰ্দেশ দি আছিল। ই্ন্দ্ৰিয়বোৰেহে অৱশ হৈ সেই আদেশ পালন কৰাত বিফল হৈছিল। মই খোজ কাঢ়িয়েই আছিলোঁ।    চ'তৰ পথাৰত বাট বিচাৰি ফুৰিব নালাগে। নিজেই বাট কাটিব পাৰি। আন্ধা...

সিপাৰৰ সাঁকো (৬০)

 #সিপাৰৰ_সাঁকো                    (৬০)      আইয়ে জকজকাই উঠিছিল-- '  আও আজিহে নো তোৰ পথাৰলৈ যাবলৈ মন গ'লনে? কোনো কাহানিও পথাৰত বাঘেই ওলাইছে নে , ঘোঙেই ওলাইছে খবৰ এটা নলৱ! এতিয়া খালী পথাৰখনত কিহৰ .........."   মই অলপো নৰ'লো আৰু পিছলৈ ঘূৰিও  নোচোৱাকৈ  নঙলামুখ পালো গৈ। আইৰ কথা খিনি নুশুনা হৈ পৰিছিল।  নঙলা খুলি স্কুলৰ দিশেৰে আগবাঢ়ি গ'লো ।  মন ন'গল সেইফালে যাবলৈ। পুনৰ ঘূৰি বিপৰীত দিশে আগবাঢ়িলো । সেইফালেই  মলয়াক গাড়ীত তুলি গাৱঁৰ মাজেৰে খলা-বমা ৰাস্তাৰে একেবাৰে টাউনৰ হস্পিটেল পোৱাইছিলোগৈ।  দেৱীপুৰখন   টাউনীয়া হৈ  ৰাস্তা ভাল হোৱাৰ পিছত আমাৰ অঞ্চলৰ কোনেও এইটো ৰাস্তাৰে নাহৰতলীলৈ বা টাউন লৈ নাযায়েই। স্কুলৰ ফালে গৈ দেৱীপুৰত গাড়ীত উঠি ক্ষন্তেক সময়ৰ ভিতৰতে নাহৰতলি পায়গৈ আৰু তাৰপৰা এক ঘণ্টা গাড়ীত গ'লেই জিলাৰ মেইন টাউনখন । দিনটোত দুবাৰ-তিনিবাৰ মান অহা-যোৱা কৰিব পৰা হ'ল।      কেইটামান পদূলি এৰি থৈ  মই বাওঁফালৰ লুংলুঙীয়া গো-বাটটোৰে দি নামি গ'লো।...

সিপাৰৰ সাঁকো ( ৫৯)

 #সিপাৰৰ_সাঁকো                    (৫৯)      অলপ আগতে মোৰ মনলৈ লোভ আহিছিল। নিয়মীয়াকৰণত বিতুপনৰ নহৈ মোৰ নামটো অহা হ'লে মই  মাহেকৰ মূৰত পোৱা বেছি দৰমহাৰে পকীঘৰ সাজিলোহেঁতেন।    বিতুপনৰ সলনি মোৰ নাম! কেঁচা ঘৰৰ সলনি পকা ঘৰ!    মাত্ৰ এটা নাম সলনি আৰু মোৰ হেপাঁহ পূৰ্ণ! মোৰ মনটোৱে যেন অলপ ৰং অনুভৱ কৰিব বিচাৰিলে।  কিন্তু পিছমূহূৰ্ততে তাত লাগি থকা 'যদি' আৰু  'হেঁতেন' দুটা ই মনটো গধুৰ কৰি তুলিলে। 'যদি' আৰু 'হেঁতেন' যে দুটি অৰ্থহীন  শব্দ, সেয়া মলয়াৰ মৃত্যুৰ পিছৰ পৰা পলে পলে  অনুভৱ কৰি আছিলোৱেই।         সিদিনা হস্পিটেলত ডাক্তৰে যদি তাইক বচাব                   পাৰিলেহেঁতেন!        মই যদি আগতেই তাইক লৈ গলোহেঁতেন!      এতিয়াৰ দৰে তেতিয়াও যদি ওচৰতে  ডাক্তৰ আৰু          হস্পিটেল থাকিলহেঁতেন!     উস্ এই 'হেতেঁন' বিলাকে মোৰ মনটোৰ আশা বোৰক য...

সিপাৰৰ সাঁকো (৫৮)

 #সিপাৰৰ_সাঁকো                    (৫৮)       তেওঁ বাহিৰত নবহি চিধা ভিতৰলৈ সোমাই আহিছিল। আইয়ে  মোৰ কোঠাতে চাপৰি চাপৰি খেৰৰ ঝাৰুৰে মজিয়া সাৰি আছিল। মই ইটো সিটো সামগ্ৰী দাঙি দাঙি আইক ঝাৰুৰে সাৰি নিয়াত  সহায় কৰি দিছিলো। মোৰ কোঠাত থকা বস্ত বোৰত মলয়াৰ পৰশ লাগি আছিল। এখন ক'লা-বগা ফটো ফ্ৰেম এটাত বন্ধাই তাতে ফুলৰ মালা দিয়া আছিল। ফটোখন মলয়াৰ শিশুকালৰহে আছিল। দেউতাকে  ফুৰিবলৈ যাওঁতে ষ্টুডিঅ'ত উঠাই ছিল হেনো।  তাই সাঁচি থওঁতে থওঁতে ফটোৱে অদ্ভূত ৰূপ লৈছিল। মই পাছত ফ্ৰেইমত বন্ধাই থৈছিলো। এটা কাঠৰ ৰেকত কেইবাটাও টিনৰ ৰঙীন বাকচ আছিল। সেইবোৰ বৰ বেছি প্ৰয়োজন অনুভৱ নহ'লে খোলা নাছিলো। গোটেই কেইটাই  মলয়াই বোৱা কাপোৰেৰে ঠাহ খাই আছিল। এটাত বৰ কাপোৰ, খনীয়া, চেলেং, দুখনমান এৰীচাদৰ নতুন নতুনকৈ বৈ ভৰাই থৈছিল হে মাথোন। সেইবোৰ তেনেকৈয়ে অতবছৰে ৰাখি থৈছিলো। বৰ কাপোৰ আইৰ দিনৰো আছিল। ডাঙৰ সূতাৰে বৰ বহলকৈ বোৱা বৰ কাপোৰবোৰ জাৰৰ দিনতো আৰু জহৰ দিনতো কামত আহে। আন এটাত গামোচা, চুৰিয়া আৰু   টঙালি কেইখনমান আছ...

দা চামিট ৱিদিন

Image
  পঢ়াৰ আগতে--- মেজৰ এইচ পি এচ আহলুৱালিয়াআছিল ১৯৬৫ চনৰ  প্ৰথম ভাৰতৰ এভাৰেষ্ট আৰোহণ অভিযানৰ এজন সদস্য। পৃথিৱীৰ সৰ্বোচ্চ শিখৰত আৰোহণ কৰি  তেওঁ কেনেকুৱা অনুভৱ কৰিছিল? আহকচোন তেওঁৰ মুখৰ পৰাই শুঁনো সেই অভিজ্ঞতা - শিখৰ আৰোহণ কৰিবলৈ যাওঁতে  আৰু তাৰ পিছত ততোধিক কষ্টৰে নিজৰ অন্তৰ্নিহিত শৃংগ আৰোহণ কৰাৰ সময়ত।  এভাৰেষ্ট শিখৰত আৰোহণ কৰি তাত থিয় দি থাকোঁতে মোৰ অন্তৰত উথলি উঠা আন সকলো আৱেগতকৈ প্ৰৱল হৈ পৰিছিল বিনম্ৰতাসূচক আৱেগ। শাৰীৰিক অৱয়ৱে কৈ উঠিছিল         "ঈশ্বৰক ধন্যবাদ!   ইমানতে শেষ হ'ল।  অৱশ্যে আনন্দত আত্মহাৰা হোৱাৰ পৰিৱৰ্তে এক দুখবোধেহে  আচ্ছন্ন কৰি তুলিছিল। এভাৰেষ্টৰ অন্তিম  শিখৰত আৰোহণ কৰাৰ পিছত ততোধিক উচ্চতাৰ শিখৰ বাকী নোহোৱা হৈ পৰিল আৰু তাৰ পিছত সকলো পথেই নিম্ন গামী হৈ পৰিব বুলি ভাবিয়ে ই তেনে হৈছিল নেকি? এভাৰেষ্ট শিখৰত উপনীত হ'লে আপুনি এক গভীৰ আনন্দ আৰু কৃতজ্ঞতাবোধেৰে আহ্লাদিত হৈপৰিব । এই আনন্দ আজীৱন অক্ষুণ্ণ থাকে। এই অভিজ্ঞতাই আপোনাক সম্পূৰ্ণ ভাৱে সলনি কৰি পেলাব। যিসকল মানুহে পৰ্বতাৰোহণ কৰিবলৈ যা‌য়, তেওঁলোক ঘূ...