Posts

Showing posts from July, 2020

লকডাউনৰ ভোক

         লকডাউনৰ ভোক পৰম তৃপ্তি ৰে এইমাত্ৰ হাতত পৰা বিস্কুট কেইখন খাই থকা শিশু ভায়েকলৈ চাই তাইৰ কণমানি হৃদয়  বুজাব নোৱাৰা আনন্দৰে ভৰি পৰিল। শুই থকা কানীয়া, সোৰোপা বাপেকৰ ফালে চকু পৰাত তাই মুখ ঘুৰাই  অস্হিচৰ্মসাৰ দুৰ্বল মাকজনীলৈ মৰমেৰে চাই কলে  ' লক্ডাউনেই ভাল ন,  মা? তই কামলৈ নগৈ আৰাম কৰিলে  গা টো ভাল পাবি আৰু আমি খাবলৈ ও পাম।' এটা হুমুনিয়াহ এৰি মাকে জীয়েকক শলাগিলে।  যাৰ পেটৰ ভোকৰ জ্বালাতকৈ  মৃত্যুৰ শংকা ডাঙৰ নহয় তাৰ বাবে লক্ডাউনৰ অৰ্থ কি? 'এৰা অ' লক্ডাউন নহ'লেনো আমি কি ৰাজভোগ খাওঁ?  পিছে এইবোৰনো ক'ত সদায় পাবি, বাটতে থপিয়াই  লবলৈ আমাতকৈও দুখীয়া মানুহবোৰ আছেই দেখোন!' তাই ঠিক বুজিব নোৱাৰি মাকক সুধিলে,  ' আমাতকৈ দুখীয়া নো কোন আছে?' মাকে যি ক'লে তাৰ পাছতহে তাইৰ মনলৈ দুদিনৰ  আগতে পুলিচৰ গাড়ীত হেন্ড্ কাফ লগাই তুলি নিয়া  তাহাঁতৰ গাৱঁৰ ভব্যগব্য মানুহকেইজনৰ  কথা মনত পৰিল। তাই সকলো বুজিব পাৰি সেই পুলিচ কেইজনক  মনে মনে ধন্যবাদ জনালে। তেওঁলোক ভাল। দুলুমণি

#সিপাৰৰ সাঁকো (2)

আগৰ খণ্ড পঢ়ি ভাল পোৱা সকললৈ আগবঢ়ালো #সিপাৰৰ সাঁকো                                          (২) আইয়ে মুখেৰে কিবা কোৱাৰ আগেয়ে মই গভীৰ উৎকণ্ঠাৰে সৈতে আইৰ দুচকু পঢ়ি পেলালো।  মই জানো টকা-সিকা নভঙাকৈ ঘৰতেই  প্ৰসৱৰ সিদ্ধান্তত মলয়াৰ সৈতে আইৰ অৰিহণা পুৰাদমেই আছিল। এতিয়া যেন তেওঁ মোৰ আগত অলপ সংকোচবোধ কৰিছে।    হেনজানি মই  আগধৰি কৈ পেলালো - ৰজনীড্ৰাইভাৰৰ ওচৰলৈ  গাড়ী এখন বিচাৰি ঠগীকাইক  পঠাইছো। আহিলেই টাউনৰ হস্পিটেললৈ ডাক্টৰক দেখুৱাবলৈ নিম। আইৰ চিন্তাক্লিষ্ট মুখখনত মোৰ কথাটোৱে কোনো ধৰণৰ  পৰিৱৰ্তন নঘটালে। মই সন্দিহান হৈ আইক সুধিলো-  'ইমান দেৰী লাগেনে সাধাৰণতে আনবোৰ গা-ভাৰী মানুহৰ?' এইবাৰ হে যেন আইৰ হুঁচ আহিছিল। মোক কওঁ নকওঁকৈ অস্ফুট মাতেৰে ক'লে  - 'দেৰী! অঁ বহুত দেৰী হৈছে ! ' তাৰপিছত মোৰ উৎকণ্ঠা খিনি যেন এইবাৰ আইৰ মাতত শুনা গ'ল - 'সোণ অ', তাইৰ বেছি দেৰী হৈছে। তই কিবা এটা কৰ।' তাৰপাছত আকৌ আইয়ে পূৰ্বৰ স্বাভাৱিক অৱস্হালৈ ঘূৰি আহি মোক কিবা এট...

সিপাৰৰ সাঁকো ১

             সহৃদয় পাঠকে এবাৰ চকু ফুৰাব বুলি আশা ৰাখিলো ।                                   ‌      ‌         সিপাৰৰ সাঁকো                              ‌‌    (১)      ।সেই সময়ত আজিকালি ৰ দৰে স্বাস্হ্য বিভাগৰ সুবিধা বোৰ নাছিল। আমাৰ দৰে মানুহৰ ঘৰৰ গা-ভাৰী তিৰীয়ে সহজে ডাক্টৰৰ মুখ্ দেখা নাপাইছিল। ক'ৰবাত গাৱঁৰ ওচৰ পাজৰে থকা নাৰ্চ বা ধাই এগৰাকী পালেও ঘৰৰ মানুহে কাকুতি মিনতি কৰি  আনিব লাগিছিল। বাইদেউক তাৰ বাবে মাননী ও ভালকৈয়ে দিব লাগিছিল। তথাপিও গাড়ী ভাৰা কৰি হস্পিটেললৈ নি অচিনাকি ঠাইত উবুং - আবাং কৰি টকাৰ শৰাধ কৰাবলৈ অপাৰগ আমাৰ দৰে মানুহৰ ঘৰৰ তিৰীয়ে নিজ গুণে ল'ৰা ছোৱালীৰ মুখ নেদেখিলে আন উপায় নাছিল। উপযুক্ত পৰিচৰ্যা অবিহনে কেঁচুৱা বা মাক কোনো এজন সিফলীয়া হোৱাটো বৰ ডাঙৰ কথা নাছিল। মোৰ পত্নী মলয়া, মোৰ সৈতে তিনি বছৰৰ আগতে...

অনুবাদ কবিতা

কমলা দাসৰ #The Old Playhouse  কমলা দাস  (৩১/৩/১৯৩৪-৩১/৫/২০০৯) বা কমলা সূৰেইয়াক  ' মাধৱীকুট্টী' ছদ্মনামেৰে ও জনা যায়। ইংৰাজী ভাষাত লিখা অগ্ৰনী  ভাৰতীয় সাহিত্যিক সকলৰ মুষ্টিমেয়  মহিলাসকলৰ এগৰাকী দাসৰ কবিতাৰ বিষয়বস্তুত স্বীকাৰোক্তি মূলক উপাদান দেখা যায়। জন্মসূত্ৰে লাভ কৰা  সাহিত্যৰ সমৃদ্ধিশালী পৰিবেশে তেওঁৰ সাহিত্য সাধনাৰ ভেটিঁ গঢ়ি দিছিল। বিবাহোত্তৰ কালতেই সাহিত্য চৰ্চা কৰি উৎকৃষ্ট মানৰ সাহিত্যৰে ভাৰতীয় সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰে।  তেওঁৰ কবিতাসমূহে নাৰী মনস্তত্ত্ব ৰ গভীৰতা আৰু মুক্ত কণ্ঠে ভাৰতীয় নাৰীৰ সহনশীলতাৰ অভিজ্ঞতা বৰ্ণনা কৰে। কমলা দাসৰ 'দ্য অ'ল্ড প্লেহাউচ্ এন্ড্ আডাৰ পয়েমচ্'কবিতা পুথি খনৰ ' দ্য অ'ল্ড প্লেহাউচ' কবিতাটোৰ অসমীয়া অনুবাদৰ প্ৰচেষ্টা আচলতে মোৰ পক্ষে এটা দুৰাকাংশাহে মাথোন। ভুল হ'লে শুধৰাই দিলে ভাল পাম। The Old Playhouse : Kamala Das You planned to tame a swallow, to hold her In the long summer of your love so that she would forget Not the raw seasons alone, and the homes left behind, but Also her nature, the urge to fly, and the...

সপোনৰ ভাস্কৰ্য

সপোনৰ ভাস্কৰ্য     ফুটপাথত বহি জীৱনৰ  কেনভাচত ৰং সানে, এখন সেউজীয়া ৰঙৰ ছবি। ৰজাৰ দৌলযাত্ৰাত কাঢ়ি নিয়ে সেই ছবিৰে জীয়া জীয়া ৰং । বান অহা নাছিল   পেটৰ ভোকটোৰ ঠাইত বুকুৰ মইনা চৰাইটোক মাত শিকাইছিল। লহপহীয়া হ'ব বুলি সপোনটো কান্ধত ওলোমাই  দুখোজ দিছিল। জেঠুৱা বতৰৰ সাৰুৱা ৰ'দত সপোনৰ আখৰা। ৰামধেনু এখন গলি গলি  টোপাল কাটি ঘাম হৈ বিৰিঙে। শাওনৰ কেঁচা, আঘোনৰ  হালধীয়া ৰঙৰ বোল থাককেই বা নাথাকক ভোগজৰাটো মেটমৰাকৈ আঁকিব লাগিব। তলসৰা হাঁহি বোৰ আঁজলী ভৰাই তুলি  শিতানত সামৰি সুতৰি থয়। মন গ'লে তাৰে এটা আঁৰি লৈ সুখী মানুহ হৈ চহৰখনক দেখুৱায়। মধ্যবিত্ত।  সপোনবোৰ খেদি আগুৱাই যায় । কেনভাচৰ ছবি খন এটা ভাস্কৰ্য হৈ ৰৈ যায়, সপোনবোৰৰ । দুলুমণি ২৫-০৬-২০২০

অনুবাদ কবিতা

The World Is Too Much With Us By             William Wordsworth The world is too much with us; late and soon, Getting and spending, we lay waste our powers;— Little we see in Nature that is ours; We have given our hearts away, a sordid boon! This Sea that bares her bosom to the moon; The winds that will be howling at all hours, And are up-gathered now like sleeping flowers; For this, for everything, we are out of tune; It moves us not. Great God! I’d rather be A Pagan suckled in a creed outworn; So might I, standing on this pleasant lea, Have glimpses that would make me less forlorn; Have sight of Proteus rising from the sea; Or hear old Triton blow his wreathèd horn. #ভাঙনি:- দুলুমণি গগৈ #প্ৰকৃতি_বিমুখ ভোগবাদত জৰ্জৰ মন ; পলমেই বা ত্বৰিত, আয়  বা ব্যয়, ধন ধন কৰি গুণৰ অপচয়;  বিনন্দীয়া প্ৰকৃতিৰ ৰূপত হিয়া মুগ্ধ  নহয়    পতিত আত্মাৰ  ছন্দ   ভোগস্পৃহা আশিষ  স্খলিত   !    বিশাল সাগৰ  উদং বক...

#অন্ লাইন

টিক্ টিক্ , টাক্ টাক্ আঙুলিৰ আঁক বাঁক কোমল আঁহেৰে বন্ধা  জিলিঙনি ৰেখা ধাতৱ বৰ্মধাৰী প্ৰিয়া বিজুলী চমক দেখা। মুখছবি, কলৰৱ, তড়িৎ-ফটোৰ উদুলি- মুদুলি পদুলিৰ মুখ । নি লগীয়া লগ ,  সীমাহীন পেকত তড়িত চঞ্চল গতি, সীমান্ত পেকত দেখো চিন্তা-চেনেহত  যতি। পোহৰ এমুঠি কাষৰীয়া পাই, সমস্ত জগত ঘূৰো; সাত -সাগৰ তেৰ নদী জপিয়াই পাৰ হওঁ ,  মঙলত মঙল চাই বতৰৰ খবৰ লওঁ  তৰ্জনীৰ ত্ৰাসত পৃথিৱী লাটুম হৈ ঘূৰে  । ফেনিল ডাৱৰ ফালি  লুকা আৰু ভাকু  চুই চোৱা, মোক সোধা, খেলা আৰু জমা দিয়া বিলাই দিয়া , মৰম কৰা অসহায় অনেক ভাৰ্চুৱেল কলাজ, ৰৈ যায় দুৱাৰ দলিত। আমেৰিকাৰ সখী, ভিয়েটনামৰ ভনী আৰু ব্ৰাজিলৰ বেইলীক বান্ধি থোৱা একেডালি  সেউজীয়া তাঁৰ , অৱসাদ, বিষাদ নাই  মৰমেহে সাৰ। ইয়াতে মাৰিলে টিপনি জগতে পালে শিকনি। ২৭জুলাই, ২০২০