সপোনৰ ভাস্কৰ্য
সপোনৰ ভাস্কৰ্য
ফুটপাথত বহি জীৱনৰ
কেনভাচত ৰং সানে,
এখন সেউজীয়া ৰঙৰ ছবি।
ৰজাৰ দৌলযাত্ৰাত কাঢ়ি নিয়ে
সেই ছবিৰে জীয়া জীয়া ৰং ।
বান অহা নাছিল
পেটৰ ভোকটোৰ ঠাইত বুকুৰ মইনা চৰাইটোক
মাত শিকাইছিল।
লহপহীয়া হ'ব বুলি সপোনটো কান্ধত ওলোমাই
দুখোজ দিছিল।
জেঠুৱা বতৰৰ সাৰুৱা ৰ'দত সপোনৰ আখৰা।
ৰামধেনু এখন গলি গলি টোপাল কাটি ঘাম হৈ বিৰিঙে।
শাওনৰ কেঁচা, আঘোনৰ হালধীয়া ৰঙৰ বোল
থাককেই বা নাথাকক
ভোগজৰাটো মেটমৰাকৈ আঁকিব লাগিব।
তলসৰা হাঁহি বোৰ আঁজলী ভৰাই তুলি
শিতানত সামৰি সুতৰি থয়।
মন গ'লে তাৰে এটা আঁৰি লৈ
সুখী মানুহ হৈ চহৰখনক দেখুৱায়।
মধ্যবিত্ত।
সপোনবোৰ খেদি আগুৱাই যায় ।
কেনভাচৰ ছবি খন এটা
ভাস্কৰ্য হৈ ৰৈ যায়,
সপোনবোৰৰ ।
দুলুমণি ২৫-০৬-২০২০
Comments
Post a Comment