#সিপাৰৰ সাঁকো (2)
আগৰ খণ্ড পঢ়ি ভাল পোৱা সকললৈ আগবঢ়ালো
#সিপাৰৰ সাঁকো
(২)
আইয়ে মুখেৰে কিবা কোৱাৰ আগেয়ে মই গভীৰ উৎকণ্ঠাৰে সৈতে আইৰ দুচকু পঢ়ি পেলালো। মই জানো টকা-সিকা নভঙাকৈ ঘৰতেই প্ৰসৱৰ সিদ্ধান্তত মলয়াৰ সৈতে আইৰ অৰিহণা পুৰাদমেই আছিল। এতিয়া যেন তেওঁ মোৰ আগত অলপ সংকোচবোধ কৰিছে।
হেনজানি মই আগধৰি কৈ পেলালো - ৰজনীড্ৰাইভাৰৰ ওচৰলৈ গাড়ী এখন বিচাৰি ঠগীকাইক পঠাইছো। আহিলেই টাউনৰ হস্পিটেললৈ ডাক্টৰক দেখুৱাবলৈ নিম।
আইৰ চিন্তাক্লিষ্ট মুখখনত মোৰ কথাটোৱে কোনো ধৰণৰ পৰিৱৰ্তন নঘটালে। মই সন্দিহান হৈ আইক সুধিলো- 'ইমান দেৰী লাগেনে সাধাৰণতে আনবোৰ গা-ভাৰী মানুহৰ?'
এইবাৰ হে যেন আইৰ হুঁচ আহিছিল। মোক কওঁ নকওঁকৈ অস্ফুট মাতেৰে ক'লে - 'দেৰী! অঁ বহুত দেৰী হৈছে ! ' তাৰপিছত মোৰ উৎকণ্ঠা খিনি যেন এইবাৰ আইৰ মাতত শুনা গ'ল -
'সোণ অ', তাইৰ বেছি দেৰী হৈছে। তই কিবা এটা কৰ।'
তাৰপাছত আকৌ আইয়ে পূৰ্বৰ স্বাভাৱিক অৱস্হালৈ
ঘূৰি আহি মোক কিবা এটা কবলৈ লওঁতেই ভিতৰৰ পৰা
অহা চিঞৰ শুনি লৰালৰিকৈ ভিতৰলৈ সোমাই গ'ল।
মইও বাৰন্দাৰ পৰা ভিতৰলৈ চুচুক্ - চামাক্ কৰি সোমাই আহিলো। জুমি চোৱাৰ দৰে শোৱনি কোঠা লৈ এনেই চকু ফুৰালো। আই অলপ দূৰত ৰৈ মুখেৰে ঈশ্বৰক চিন্তি কিবা বিৰবিৰাই আছিল হবলা । বোধহয় বোৱাৰীয়েক আৰু শাহুৱেকৰ সম্পৰ্কটোৰ বাবে একেবাৰে সহজ হৈ কাষত থিয় হ'ব পৰা নাই। বা মলয়াই লাজতে আই কাষলৈ যোৱাটো বিচৰা নাই । মলখুৰ মাক আৰু সম্বন্ধীয় খুৰী দুগৰাকী মলয়াৰ একেবাৰে গাৰ কাষতে ৰৈ তাইক ধৰি আছিল। মলয়াই দুহাতে পালেঙৰ শিতানৰ কাঠডালত খামুচি ধৰি আছিল । তাতকৈ বেছিকৈ চাবলৈ ভয়ো লাগিল। তাই যেন ভাগৰি পৰিছিল।আন কেইবাজনী তিৰোতা ই পিছফালে বহি বটাত তামোল কাটি মনে মনে বহি আছে। ওচৰৰ তৰাদৈ বাইয়ে গৰমপানী, কাপোৰ আৰু কিবাকিবি লাগতিয়াল কামৰ বস্তু যোগাই বাহিৰ ভিতৰ কৰি আছিল। ডাঙৰ ভনী নন্দেকক লগত লৈ অহাৰ কথা।
মলয়াই প্ৰসৱৰ বেদনা অনুভৱ কৰা সময়ৰ পৰা এতিয়া লৈকে এবাৰো মোৰ মনটোৱে আহিবলগীয়া সন্তানটিৰ পিতৃ হম বুলি সুখ বা গৌৰৱ অনুভৱ কৰিব পৰা নাই। বাৰে বাৰে মানুহ জনীৰ ৰৈ ৰৈ ভাঁহি অহা মৰণকাতৰ চিঞৰ বোৰে মোক মূৰৰ পৰা ভৰিলৈকে কঁপাই তুলিছিল। সকলো লাজ মান কাটি কৰি মলয়াৰ কাষত ৰৈ তাইৰ যণ্ত্ৰণা দূৰ কৰিব পৰা হ'লে !
মই উমান লৈ গম পালো ৰক্তক্ষৰণ অধিক হৈছে। মোৰ কাণ-মূৰ গৰম হৈ আহিল। বুকুখনে ধান বনাদি ধপ্ ধপাই উঠিছিল। মাজে মাজে মলখুৰ মাকে মলয়াক ' অ' বোৱাৰী , অ মলয়া ' বুলি জোৰে জোৰে চিঞৰি মতা শুনিলো। মাজে মাজে
'আৰু অকমান , অঁ তই জোৰ দে .... অঁ হ'লেই আৰু.....' জাতীয় কথাও শুনিলো।
বেলি পৰিবৰে হৈছিল। গোটেই ৰাতিটো এনেকৈয়ে থাকে যদি? মোৰ নিজৰ ওপৰতে খং উঠিছিল। মই কাৰো কথা শুনিবই নালাগিছিল। সকলোৱে ঘৰতে কেঁচুৱা পাই বুলিয়েই মইনো বাৰু ইমান জীয়া যাতনাৰ মুখলৈ মানুহ জনীক আগবঢ়াই দিব লাগিছিল জানো? ইফালে তাই নতুন । সৰুভনীয়ে ঠিক কথাই কৈছিল - 'ককাই সময় হ'লে হস্পিটেলত ভৰ্তি কৰাই দিবি। ইয়াৰ হস্পিটেল বুলি টো একো নায়েই। তই একেবাৰে টাউনৰ চিভিল হস্পিটেললৈ নিবি। টকা- পইচা খৰচ
হ'ব , কিন্তু তোৰ চিন্তা কমিব। '
মাকে জেঙেৰা মাৰি 'কালিৰ ছৱালে পৰহিৰ গীত গাৱ ' বুলি তাইৰ কথা পোনচাটেই নাকচ কৰিছিল। এই সময়ত মই আৰু মলয়াই যি যমৰ যাতনা ভুগিছো তাতকৈ ভেঁটি টো বেচি দি টকা যোগাৰ কৰিবলৈও ভাল পালোহেঁতেন মই।
গাৱঁত প্ৰতিবছৰে এজনী পোৱাতী সিফলীয়া হয়েই ! যোৱাবাৰ সেই ....... ।
মই আৰু ভাবিব নুখুজিলো। ঈশ্বৰৰ কৃপাত সকলো ভালে ভালে হ'ব বুলি ওপৰলৈ চাই হাত দুখনেৰে নমস্কাৰ কৰাদি প্ৰণাম কৰিলো। মলয়াই প্ৰায় তেনেকুৱা কৰিছিল।
মই বাহিৰলৈ ওলাই আহিলো । থগী কাইয়ে যদি গাড়ীৰ খবৰ আনে ভালেই হ'ব। ইয়াতে ভাল হ'লেও মলয়াক টাউনৰ হস্পিটেললৈ নি ডাক্টৰক দেখুৱাব লাগিবই। ইমান বেছি ৰক্তক্ষৰণৰ ফলত তাই বৰ কষ্ট পাব। দৰৱ-জাতি ভালকৈয়ে খুৱাব লাগিব।
সেইসময়তে ভিতৰৰ পৰা মলয়াৰ যণ্ত্ৰণা- কাতৰ চিঞৰ শুনিলো। এইবাৰ যেন চিঞৰটো বেছি দীঘলীয়া। লগে লগে আন মহিলা সকলৰ নিজৰ মাজতে অলপ খৰধৰকৈ পতা চুটি চুটি কথা-বতৰা শুনিবলৈ পাইছিলো। হয়তো মলয়াকে কিবা কৰিব লগীয়া কামৰ বিষয়ে উপদেশ দিছিল। মোৰ মূৰটো ঘূৰোৱা যেন লাগিছিল। তেনেতে গাড়ীএখনৰ হৰ্ণ শুনি পদুলিলৈ চাই দেখিলো ৰজনীড্ৰাইভাৰে নঙলা খুলিছে , পিছে পিছে চাইকেল চলাই থগীকাই।
(আগলৈ)
https://dgogoiwriter.blogspot.com/2020/08/blog-post.html
Comments
Post a Comment