সিপাৰৰ সাঁকো ১

             সহৃদয় পাঠকে এবাৰ চকু ফুৰাব বুলি আশা ৰাখিলো । 
                        
        ‌      ‌         সিপাৰৰ সাঁকো     
                        ‌‌    (১)     

।সেই সময়ত আজিকালি ৰ দৰে স্বাস্হ্য বিভাগৰ সুবিধা বোৰ নাছিল। আমাৰ দৰে মানুহৰ ঘৰৰ গা-ভাৰী তিৰীয়ে সহজে ডাক্টৰৰ মুখ্ দেখা নাপাইছিল। ক'ৰবাত গাৱঁৰ ওচৰ পাজৰে থকা নাৰ্চ বা ধাই এগৰাকী পালেও ঘৰৰ মানুহে কাকুতি মিনতি কৰি  আনিব লাগিছিল। বাইদেউক তাৰ বাবে মাননী ও ভালকৈয়ে দিব লাগিছিল। তথাপিও গাড়ী ভাৰা কৰি হস্পিটেললৈ নি অচিনাকি ঠাইত উবুং - আবাং কৰি টকাৰ শৰাধ কৰাবলৈ অপাৰগ আমাৰ দৰে মানুহৰ ঘৰৰ তিৰীয়ে নিজ গুণে ল'ৰা ছোৱালীৰ মুখ নেদেখিলে আন উপায় নাছিল। উপযুক্ত পৰিচৰ্যা অবিহনে কেঁচুৱা বা মাক কোনো এজন সিফলীয়া হোৱাটো বৰ ডাঙৰ কথা নাছিল।
মোৰ পত্নী মলয়া, মোৰ সৈতে তিনি বছৰৰ আগতে  বিহু মাৰি থকাৰ পৰাই পলাই আহি মোৰ সংসাৰৰ লগৰী হৈছিলহি। মই, আই আৰু ভনীদুজনীৰ সৈতে তাইৰ সাহসতে কোনোমতে স্ংসাৰখন টুকটাক্ কৰি চলাই
 আছিলো। দুয়োজনী ভনী অগা-পিছাকৈ বিয়া দি কৰ্তব্য পালন কৰাতো তাই আগভাগ লৈছিল। মুঠতে মোৰ বাবে মলয়া আছিল লখিমী। তাই শিকনি বুজনি দি মোৰ আগৰ ধিতিঙালি কোবাই ফুৰা স্বভাৱটো সলাই মোক কামিলা কৰি তুলিছিল। ময়ো খেতিৰ দিনত খেতি আৰু আজৰি সময়ত বেপাৰ এখন দি  দুপইচা সাঁচিবলৈ শিকিছিলো।
কম সময়তে ভনীহঁতৰো বিয়াবাৰু হৈ যোৱাৰ পাছত ঘৰখন উৰুঙা উৰুঙা লাগি থকা বুলি আইয়ে সদায় শুনাই থকা হ'ল। ঈশ্বৰৰ কৃপাত সেইসময়তে মলয়াইও
আইৰ মনোকামনা পূৰণ কৰিবলৈ আগবাঢ়িছে বুলি জনালে।  আগৰে পৰা আশাপালি থকা  আইয়ে পাৰেমানে দিহা দিলে । মনৰ কথা খুলি কৈ ভাল পোৱা মলয়াই সদায় কৈছিল যে কোনো টকা-সিকা খৰছ কৰিব নালাগে।
 'ঈশ্বৰৰ কৃপাত কত তিৰোতাই ঘৰতেই 
কেঁচুৱা পাই আহিছে।মইনো কি লাটচাহাবৰ বেটি? কেঁচুৱা পোৱাৰ পাছত কত কি খৰছ ওলায় কোনে জানে।টকাসিকা গোটাই ৰাখিব লাগে ।  '
তাই নিজে আইয়ে দিয়া  উপদেশ মতেই কাম কৰিছিল। 
যথাসময়ত তাইৰ প্ৰসৱবেদনা আৰম্ভ হয়। ৰাতিৰে পৰা কেঁকাই গেঁথাই পৰিথকা মানুহ জনীৰ কাষত আই আৰু ওচৰৰ দুগৰাকী মহিলা । মই একেবাৰে শুনি থাকিব পৰা নাই।আইক দুবাৰ মান মাতিলো। আটাইকেইজনীয়ে মোক উদ্দেশ্যি কিবা এটা ইংগিততে পাতি হাঁহিবলৈ ধৰিলে।
 মোৰ খং উঠি আহিছিল। মোৰ মলয়া জনীয়ে কেঁকাই গেঁঠাই পৰি আছে। মই  কাষৰ গাৱঁৰ মলখুৰ মাকক বিচাৰি আনিলো। মলখুৰ মাকৰ ভাল ' ধাই' বুলি নাম আছে। মলখুৰ মাকে নাভিৰ পৰা তলছোৱাৰ অৱস্থা চাই  অলপমান সময় লাগিব পাৰে বুলি হে  কলে। মোৰ মনে কিন্তু নসহিলে । মই ইখন গাঁৱত ভাড়া গাড়ী চলোৱা ৰজনীক গাড়ী এখন বন্দোবস্ত কৰি দিবলৈ বুলি ওচৰৰ থগীকাইক কবলৈ পঠিয়াই দিলো। থগীকাইয়ে চাইকেল চলাই কবলৈ গ'ল । 
ৰাতিৰ শোৱাপাটিত পৰা মানুহ জনী মাজৰাতিৰে পৰা ছটফটাই আছিল। এতিয়া দুপৰীয়া হ'ল। কিযে হৈছে তাইৰ অৱস্হা! মোৰ  বুকূখনত যেন শেলেহে বিন্ধিছিল। আইয়ে এবাৰ মোৰ ওচৰলৈ আহি মোৰ অৱস্হা টো চালে। আইৰ মুখ খন দেখি মোৰ মনটো যেন  কিবা অজান আশংকাত কঁপি উঠিল। অথনিৰ দৰে হাঁহি- কৌতুক নাই। কিবা অপায়- অমঙ্গল হোৱা নাইতো?    ‌ 
                                 (আগলৈ)

              দুলূমণি           
            ৩১/৭/২০২০

Comments

Popular posts from this blog

সিপাৰৰ সাঁকো (৫১)

সিপাৰৰ সাঁকো (৭৫)

সিপাৰৰ সাঁকো (৩২)