লকডাউনৰ ভোক


       
 লকডাউনৰ ভোক
পৰম তৃপ্তি ৰে এইমাত্ৰ হাতত পৰা বিস্কুট কেইখন
খাই থকা শিশু ভায়েকলৈ চাই তাইৰ কণমানি হৃদয় 
বুজাব নোৱাৰা আনন্দৰে ভৰি পৰিল। শুই থকা কানীয়া,
সোৰোপা বাপেকৰ ফালে চকু পৰাত তাই মুখ ঘুৰাই
 অস্হিচৰ্মসাৰ দুৰ্বল মাকজনীলৈ মৰমেৰে চাই কলে
 ' লক্ডাউনেই ভাল ন,  মা? তই কামলৈ নগৈ আৰাম কৰিলে
 গা টো ভাল পাবি আৰু আমি খাবলৈ ও পাম।'
এটা হুমুনিয়াহ এৰি মাকে জীয়েকক শলাগিলে। 
যাৰ পেটৰ ভোকৰ জ্বালাতকৈ
 মৃত্যুৰ শংকা ডাঙৰ নহয় তাৰ বাবে লক্ডাউনৰ অৰ্থ কি?
'এৰা অ' লক্ডাউন নহ'লেনো আমি কি ৰাজভোগ খাওঁ? 
পিছে এইবোৰনো ক'ত সদায় পাবি, বাটতে থপিয়াই
 লবলৈ আমাতকৈও দুখীয়া মানুহবোৰ আছেই দেখোন!'
তাই ঠিক বুজিব নোৱাৰি মাকক সুধিলে, 
' আমাতকৈ দুখীয়া নো কোন আছে?'
মাকে যি ক'লে তাৰ পাছতহে তাইৰ মনলৈ দুদিনৰ
 আগতে পুলিচৰ গাড়ীত হেন্ড্ কাফ লগাই তুলি নিয়া 
তাহাঁতৰ গাৱঁৰ ভব্যগব্য মানুহকেইজনৰ 
কথা মনত পৰিল।
তাই সকলো বুজিব পাৰি সেই পুলিচ কেইজনক 
মনে মনে ধন্যবাদ জনালে।
তেওঁলোক ভাল।
দুলুমণি

Comments

Popular posts from this blog

সিপাৰৰ সাঁকো (৫১)

সিপাৰৰ সাঁকো (৭৫)

সিপাৰৰ সাঁকো (৩২)