অনুবাদ কবিতা



The World Is Too Much With Us
By
            William Wordsworth

The world is too much with us; late and soon,
Getting and spending, we lay waste our powers;—
Little we see in Nature that is ours;
We have given our hearts away, a sordid boon!
This Sea that bares her bosom to the moon;
The winds that will be howling at all hours,
And are up-gathered now like sleeping flowers;
For this, for everything, we are out of tune;
It moves us not. Great God! I’d rather be
A Pagan suckled in a creed outworn;
So might I, standing on this pleasant lea,
Have glimpses that would make me less forlorn;
Have sight of Proteus rising from the sea;
Or hear old Triton blow his wreathèd horn.

#ভাঙনি:- দুলুমণি গগৈ

#প্ৰকৃতি_বিমুখ

ভোগবাদত জৰ্জৰ মন ; পলমেই বা ত্বৰিত,
আয়  বা ব্যয়, ধন ধন কৰি গুণৰ অপচয়;
 বিনন্দীয়া প্ৰকৃতিৰ ৰূপত হিয়া মুগ্ধ  নহয়   
পতিত আত্মাৰ  ছন্দ   ভোগস্পৃহা আশিষ  স্খলিত   !
   বিশাল সাগৰ  উদং বক্ষ  জোনলৈ প্ৰসাৰিত   ,
অহৰহ গৰ্জনেৰে ৰূদ্ৰপবনে ধৰণী কোবায়   ,
এতিয়া  দেখো স্নিগ্ধ  কলেৱৰ কুসুমিত শোভায় ,
 প্ৰকৃতি স্ত্ৰোত্ৰ নাগাওঁ  আমাৰ কণ্ঠ হ'ল বিকৃত।
ভোগেহে  ধৰ্ম কি  , তাতকৈ প্ৰভূ মই বিধৰ্মী হওঁ 
পূজো প্ৰাচীন কোনো আদিম বন্য দেৱ- দেৱতা ; 
  মনোহাৰী ঘাঁহনিত থৰ হৈ নিসৰ্গ ৰূপ চাওঁ, 
সদাউন্মুখ হৈ ৰওঁ , আদ্যাশক্তি মোৰ ত্ৰাণকৰ্তা 
কিজানি বিৰল  প্ৰটিয়াচৰ  উত্থান দেখা পাওঁ; 
শুনো  শিঙা-শঙ্খনাদ  বায় ট্ৰিটন জলদেৱতা  ।

#প্ৰটিয়াচ- গ্ৰীকপুৰাণৰমতে সাগৰৰ দেৱতা
#ট্ৰিটন - গ্ৰীক পুৰাণত বৰ্ণিত শংখধাৰী জলকোৱঁৰ

কাব্যৰসিক  পাঠক সমাজত কবি ওৱৰ্ডচওৱৰ্থৰ নাম আৰু কাম সৰ্বজনবিদিত। ওৱৰ্ডচওৱৰ্থৰ দ্বাৰা ৰচিত অমৰ কাব্য-সাহিত্যই এক নতুন যুগৰ সূচনা কৰিছিল।
তেখেতৰ জন্ম হৈছিল ১৭৭০  চনৰ ৭ এপ্ৰিলত  ইংলেণ্ডৰ লেক দিষ্ট্ৰিকত । ১৮৫০ চনৰ ২৩ এপ্ৰিলত তেখেতৰ মৃত্যু হৈছিল।
   শিল্প বিপ্লৱৰ ফলশ্ৰুতিত সৃষ্টি হোৱা  ভোগবাদী মানসিকতাৰ বিৰূপ প্ৰভাৱে মানুহ আৰু প্ৰকৃতিৰ মাজৰ সম্পৰ্ক নাইকিয়া কৰি পেলাইছিল। ইংৰাজী সাহিত্যত নিও-ক্লাচিকেল যুগৰ পাণ্ডিত্যপূৰ্ণ লিখনি বোৰে ও প্ৰকৃতিৰ পৰা ফালৰি কাটি আড়ম্বৰপূৰ্ণ জীৱন শৈলীৰ গুণ গাইছিল। তেনে সময়তে ১৭৯৮ চনত  'লিৰিকেল ব্যালাড্চ' কবিতা পুথি প্ৰকাশ কৰি কবি উইলিয়াম ওৱৰ্ডচওৱৰ্থ আৰু এচ. টি. কলেৰিজেউ 'বেক টু নেচাৰ' শ্লোগানেৰে ইংৰাজী সাহিত্যৰ  ৰোমাণ্টিক ভাৱাদৰ্শক  প্ৰতিষ্ঠা কৰিছিল। কবি ওৱৰ্ডচওৱৰ্থৰ ১৮০৭ চনত দুটা ভলিউমত প্ৰকাশিত 'প‌য়েমচ্' ত  ' The World Is Too Much With Us' চনেট টো ও আছিল।  পেট্ৰাৰ্কান আৰ্হিত লিখা এই চনেটৰ জৰিয়তে ভোগবাদী মানসিকতাক  তীব্ৰ সমালোচনা কৰি কবিয়ে প্ৰকৃতিৰ ৰূপত মুগ্ধ হ'ব বিচাৰে। আশাকৰো সহৃদয় পাঠকে মোৰ দ্বাৰা অনুদিত চনেটটিৰ গাথঁনি আৰু  ভাৱৰ প্ৰকাশ ভংগী ভাল পাব। ( দুলুমণি গগৈ )





অনুবাদৰ কলমৰ সূচীত 
     বৰ্ষণ মুখৰ ৰাতি  আমেৰিকান কবি
         Walt Whitman'ৰ 
  ভইচ্ অফ্ দা ৰেইন্  । অনুবাদ-দুলুমণি

THE VOICE OF THE RAIN.

And who art thou? said I to the soft-falling shower,
Which, strange to tell, gave me an answer, as here translated:
I am the Poem of Earth, said the voice of the rain,
Eternal I rise impalpable out of the land and the bottomless sea,
Upward to heaven, whence, vaguely form'd, altogether changed,
and yet the same,
I descend to lave the drouths, atomies, dust-layers of the globe,
And all that in them without me were seeds only, latent, unborn;
And forever, by day and night, I give back life to my own
origin, and make pure and beautify it;
(For song, issuing from its birth-place, after fulfilment, wander-
ing,
Reck'd or unreck'd. duly with love returns.)

   বৰষা গীত

 এজাক মধুৰ চিপ্ চিপিয়া বৰষুণ-
সুধিলো মই, বোলো তুমি নো কোন?
তপৰাই মাত দিলে বৰষাবাই 
তাৰে ৰূপান্তৰ এয়া দিছো যতনাই ।
  
অসীমৰ কোলাত অদৃশ্য চিৰ উৰ্দ্ধগামী,
সুনীল-সাগৰ ও ধৰাৰ সুৰীয়া সুবাস মই।

সৰগৰ বুকুত উপঙি খেলো
কুহেলিকা ছয়াঁময়া যাদুৰ খেল-
 মই যে বহুৰূপী।
পুনঃ নমাও অন্তঃসলিলা নিৰ্মল জলাধাৰ
পখালো ধৰাৰ বুকু জীপাল কৰো মন,
শইচৰ কঠুৱা বীজ গজাই জীৱন কৰো ধইন্।
মই মোকে দিওঁ জীৱনৰ উপহাৰ,
ধৰনী সজাই  ন ন ৰূপেৰে
মই যেন ৰূপকাৰ অনাদি অনন্ত কাল।
চিৰকাল গাই যাম কুলু কুলু সুৰেৰে
 সেউজ প্ৰসৱা আইৰ সেউজীয়া গান।
 ধৰাৰ প্ৰেম  যে ধৰ্ম মোৰ; সেয়ে 
সিচিঁ ফুৰো ন ন ৰূপেৰে মোৰ প্ৰেমৰ কঠিয়া।



হীৰেন ভট্টাচাৰ্য দেৱৰ কবিতাৰ হিন্দী অনুবাদ।
মাথো এটি প্ৰয়াস। অপূৰ্ব ভাৱব্যঞ্জনাৰ  এই 
সংবেদনশীল কবিতাটোৰ কাষ চাপিব পাৰিছোনে ?
সহৃদয় পাঠকে মতামত দিয়ে যেন।

खुश हो न तुम?

मेरी छाती में गुलाब की बगिया
एक दिन खून से लथपथ गुलाब ने
सूखे कांटों के डंठल से चुपके से पूछा
तुम खुश हो न,
खुश हो न तुम?
गुलाब के पौधे के  दो हाथ अंधियारे में
 तिमिराच्छन्न होकर 
 मैं कान लगाता रहा।
पंखुड़ियां झरती जाती हैं सर्दी में, गर्मी में ।





Comments

Popular posts from this blog

সিপাৰৰ সাঁকো (৫১)

সিপাৰৰ সাঁকো (৭৫)

সিপাৰৰ সাঁকো (৩২)