#অন্ লাইন
টিক্ টিক্ , টাক্ টাক্
আঙুলিৰ আঁক বাঁক
কোমল আঁহেৰে বন্ধা জিলিঙনি ৰেখা
ধাতৱ বৰ্মধাৰী প্ৰিয়া বিজুলী চমক দেখা।
মুখছবি, কলৰৱ, তড়িৎ-ফটোৰ
উদুলি- মুদুলি পদুলিৰ মুখ ।
নি লগীয়া লগ ,
সীমাহীন পেকত তড়িত চঞ্চল গতি,
সীমান্ত পেকত দেখো চিন্তা-চেনেহত যতি।
পোহৰ এমুঠি কাষৰীয়া পাই, সমস্ত জগত ঘূৰো;
সাত -সাগৰ তেৰ নদী জপিয়াই পাৰ হওঁ ,
মঙলত মঙল চাই বতৰৰ খবৰ লওঁ
তৰ্জনীৰ ত্ৰাসত পৃথিৱী লাটুম হৈ ঘূৰে ।
ফেনিল ডাৱৰ ফালি লুকা আৰু ভাকু
চুই চোৱা, মোক সোধা, খেলা আৰু জমা দিয়া
বিলাই দিয়া , মৰম কৰা
অসহায় অনেক ভাৰ্চুৱেল কলাজ,
ৰৈ যায় দুৱাৰ দলিত।
আমেৰিকাৰ সখী, ভিয়েটনামৰ ভনী
আৰু ব্ৰাজিলৰ বেইলীক বান্ধি থোৱা
একেডালি সেউজীয়া তাঁৰ ,
অৱসাদ, বিষাদ নাই
মৰমেহে সাৰ।
ইয়াতে মাৰিলে টিপনি জগতে পালে শিকনি।
২৭জুলাই, ২০২০
Comments
Post a Comment