জ্যোতিপ্ৰসাদৰ কবিতাত চিৰনতুন বৈপ্লৱিক চেতনা
জ্যোতিপ্ৰসাদৰ কবিতাত চিৰনতুন বৈপ্লৱিক চেতনা
✍️দুলুমণি গগৈ, নাজিৰা, শিৱসাগৰ
'জ্যোতিপ্ৰসাদ আগৰৱালা আছিল বিপ্লৱী মনীষাৰ প্ৰতীক। প্ৰগতিশীল ব্যক্তি মাত্ৰেই বিপ্লৱী, কাৰণ বিপ্লৱৰ যোগেদি সমাজ আগবাঢ়ে; সেই বিপ্লৱ হিংসাত্মক বা অহিংসাত্মক, সৰৱ বা নীৰৱ বিপ্লৱ, যিকোনো এবিধেই হ'ব পাৰে। '----ড. সত্যেন্দ্ৰনাথ শৰ্মা
সোনৰ চামুচ মুখত লৈ উপজা অভিজাত বিদ্বান পৰিয়ালৰ সন্তান জ্যোতিপ্ৰসাদ আগৰৱালাই স্ব-ইচ্ছাৰে
বাচি লৈছিল বিপ্লৱী সত্তা। লণ্ডনত পঢ়িবলৈ গৈ শিক্ষা সাং নকৰাকৈ ঘূৰি আহি অসমীৰ কোলাত প্ৰথমবাৰৰ বাবে সংযোজন কৰা চলচ্চিত্ৰ জগতত 'জয়মতী' ছবিখন নিৰ্মাণ কৰি আৰ্থিকভাৱে জুৰুলা হৈ পৰিছিল। তথাপি নিৰাশ নহৈ পুনৰ 'ইন্দ্ৰমালতী' ছবিৰ নিৰ্মাণ কৰে। চাহবাগিচাৰ মালিকৰ ল'ৰা বিদেশলৈ গৈ চ্যুট-টাই পৰিধান কৰা চাহাব হৈ ঘূৰি নাহি এজন দেশী পোছাক পিন্ধা মানুহ হৈ থকাটো ও যেন এক বিপ্লৱৰে ভাষা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ চানেকি অনুযায়ী তেওঁৰ কাব্য প্ৰতিভাও আছিল বৈপ্লৱিক সত্তাৰে ভৰপুৰ।
জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰৱন্ধ 'পোহৰলৈ' ত তেওঁ বিপ্লৱৰ সংজ্ঞা এইদৰে দিছেঃ
'সমাজক প্ৰকৃত সাংস্কৃতিক জীৱন বিকাশ কৰিবলৈ দিবলৈ হ'লে, সেই সমাজৰ ভিতৰত থকা সংস্কৃতি-বিৰোধী সকলো কথাৰ সমাধান হ'ব লাগিব। মানুহৰ স্বাৰ্থপৰতা,লোভ, সংকীৰ্ণতা আৰু ক্ষমতালিপ্সুতাৰ পৰা উদ্ভৱ হোৱা নানা মানৱ সমাজৰ গোৱা আঁতৰ কৰিব লাগিব। এইবোৰকে আতঁৰ কৰিবলৈ মানুহৰ প্ৰতিৰোধ আৰু সংঘাত মূলক অভিযানেই হৈছে বিপ্লৱ।'
অৰ্থাৎ ব্যক্তি আৰু সমাজৰ পৰা সকলো প্ৰকাৰৰ অশুভ
শক্তিক প্ৰতিৰোধ কৰিবৰ বাবে গ্ৰহণ কৰা কাৰ্যকৰী অভিযানেই বিপ্লৱ।
যুগে-যুগে বুভুক্ষ জনতাক প্ৰৱঞ্চনা কৰা শোষণকাৰী শাসকসকলৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ ভাষা হৈ পৰা নিম্নোক্ত কবিতাফাঁকি শুনিলে এনে লাগে যেন সাম্প্ৰতিক কালৰ কবিৰহে সৃষ্টি।
ৰাষ্ট্ৰনীতিৰ
সমাজনীতিৰ
ৰাজনীতিৰ
অৰ্থনীতিৰ তোৰ
থৈ দে ফোঁপোলা জ্ঞান,
জনতা-পূজাৰ ভাও দি, চাও দি
নেদেখুৱাবি
ঘৃণিত তোৰ অহঙ্কাৰৰ নেতৃত্বাভিমান,
জনতাই তোৰ স্বৰূপ চিনিছে
সাৱধান, সাৱধান ।
(সাৱধান, সাৱধান )
চল্লিছৰ দশকৰ এই কবিতা আজিও প্ৰাসংগিক। ই জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিপ্লৱী সত্তাৰ চিৰসেউজ দিশটোকে প্ৰতিফলিত কৰে। জনতাৰ আগত শোষণকাৰী চৰকাৰৰ আচল ৰূপ ওলাই পৰিছে। এনেয়ে জনতাক পূজা কৰাৰ ভাও দেখুৱাই লাভ নাই। যুগে-যুগে প্ৰাসঙ্গিক অহঙ্কাৰী চৰকাৰ আৰু নিঃসহায় জনতাৰ এই যুঁজ।
১৯৪০-৫০ দশকৰ সেই অসমীয়া জাতীয়তাবাদী ভাৱধাৰাৰ নৱ-উন্মেষ ক্ষণত 'অসমৰ নবীন জোৱানৰ সংকল্প' কবিতাত জাত-কুল, ধৰ্ম ৰ ভেদাভেদ সৃষ্টি কৰি জাতিৰ বান্ধোন শিথিল কৰা সকলক সঁকিয়াই দিছিল--
পাহৰি গ’লি নে
শৰাইঘাটত তয়ে এদিন বলি লৈছিলি
মান ৰাখি অসমীৰ ?
যি কি ধৰ্ম্ম নহওক তোৰ
বামুণ-শূদিৰ যিয়েই নহৱ
হিন্দু বা মুছলমান
বৌদ্ধ হৱ, খ্ৰীষ্টান হৱ
মাথোঁ মনত ৰাখিবি তই অসমৰ ন-জোৱান ৷
নতুন পৃথিৱী গঢ়িবলে’ তোৰ
জাগে আদৰ্শ অতি মহান,
সাম্য-মৈত্ৰী-স্বাধীনতাৰ
আৰু নৱবিপ্লৱৰ
কৰি যাৱ তই
অভিনৱ অভিযান ৷
সাম্প্ৰতিক কালত অসমীয়াৰ সংজ্ঞা বিচাৰি কৰা প্ৰশ্নৰ উত্তৰত 'অসমীয়া ডেকাৰ উক্তি' ৰ বৈপ্লৱিক সমাধান চল্লিছৰ দশকৰ কবিতাতে পোৱা যায়।
চৈধ্য বছৰ বয়সত ৰচনা কৰা 'শোণিত কুঁৱৰী'ৰ পৰা আৰম্ভ কৰি নৰীয়া গাৰে ১৯৫০ চনত ৰচনা কৰা 'বিশ্বশিল্পী' কবিতাটিলৈকে তেওঁৰ সমগ্ৰ ৰচনাৱলী মূলত বৈপ্লৱিক। নাটকৰ মাজেৰেই প্ৰথমে বৈপ্লৱিক চেতনাৰ উন্মেষ ঘটাইছিল যদিও জ্যোতিপ্ৰসাদ মূলতঃ কবি-প্ৰাণ হোৱা হেতুকে কবিতাৰ বৈপ্লৱিক চেতনা সৰ্বব্যাপী। তেওঁ প্ৰাচ্যৰ গৰিমাক পশ্চিমৰ সুৰেৰে বান্ধিবলৈ চেষ্টা কৰা প্ৰথম অসমীয়া বৈপ্লৱিক চেতনা। এক কথাত তেওঁ যেন বিশ্বাস কৰিছিল - 'Think globally and work locally.' সেয়ে দেশ-দেশান্তৰে ভ্ৰমি ফুৰাৰ পাছত ঘূৰি আহিও নিজৰ জন্মভূমিৰ নিষ্পেষিত জনতাক একত্ৰিত কৰিবলৈ আধুনিক যুক্তি নিৰ্ভৰ বৈপ্লৱিক চেতনা জাগৃত কৰিছিল। সেই সময়তে যদি জনতাৰ গণচেতনাক উদ্বুদ্ধ কৰিবলৈ 'জনতাৰ আহ্বান' আদিৰ দৰে কবিতা নিলিখিলেহেঁতেন তেন্তে অসমীয়া জনজীৱন আজি যিটো স্থানত থিয় দি আছে তাতকৈ বহুদূৰ পিছ পৰি থাকিলহেঁতেন।
জ্যোতি-মনীষাৰে দীপ্ত অসমীয়া সংস্কৃতি আৰু ভাষা-সাহিত্যৰ ভৰাঁলত বৈপ্লৱিক চেতনা-সম্ভূত কবিতাসমূহৰ যেন কাল নিৰ্ধাৰণ কৰা সম্ভৱ নহয়। তেওঁৰ সম্পূৰ্ণ সাহিত্যিক ৰচনাৱলীয়ে প্ৰথমে তেখেতৰ কাব্য প্ৰতিভাৰ অসীম দিগন্তকে সূচিত কৰে। সত্যেন্দ্ৰনাথ শৰ্মাদেৱে কোৱাৰ দৰে তেওঁ আছিল 'কবি-শিল্পী'। তেওঁৰ গীতিসাহিত্য, নাট্য-সাহিত্যৰ প্ৰতিভাকো আচলতে এই কাব্য প্ৰতিভাৰে বিস্তৃত অভিব্যক্তি বুলি ক'ব পাৰি।
কাব্যিক আংগিক-সজ্জাৰ দিশৰ পৰা বিচাৰ নকৰি তেওঁৰ কবিতাৰ বিষয়বস্তুৰ বৈশিষ্টকহে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।শিশু সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰা বাৰটা কবিতা আৰু জ্যোতি-ৰামায়ণক একাষৰীয়াকৈ থ'লে এই অসমীয়া সংস্কৃতিৰ প্ৰাণ-প্ৰতিষ্ঠা কৰোঁতাজনৰ কবিতাসমূহক তিনিটা ভাগত ভগাব পাৰি-
ক) সাম্ৰাজ্যবাদ বিৰোধী জাতীয় ঐক্য চেতনা জাগৃত কৰা কবিতাসমূহ
খ) সমাজতান্ত্ৰিক বৈপ্লৱিক চেতনা জাগৃত কৰা কবিতা সমূহ আৰু
ঘ) শিল্পীসত্তাৰ চেতনা জাগ্ৰত কৰা কবিতাসমূহ
সমকালীন সময়ৰ ঘটনাচক্ৰই তেওঁক এজন সাম্ৰাজ্যবাদ বিৰোধী কবি হিচাপে গঢ় দিছিল। কিন্তু তেওঁ কেৱল আৱেগ-সৰ্বস্ব বিপ্লৱী কবি নাছিল। গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেখেতে এই আন্দোলনত নিজেই সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। স্বাধীনতা লাভৰ বাবে অহোপুৰুষাৰ্থ কৰা শান্তি-বাহিনী আৰু মৃত্যু বাহিনীক উদ্বুদ্ধ কৰিবলৈ জাতীয় চেতনাৰে পৰিপূৰ্ণ কবিতাসমূহ - 'অসমীয়া ডেকাৰ উক্তি', 'অসমীয়া ছোৱালীৰ উক্তি', 'জনচেতনা', 'আজি জাগ্ৰত ভাৰত', 'অসমৰ নবীন জোৱানৰ সংকল্প', থাকি দিনৰে দিনটো ৰৈ 'নৱবিপ্লৱী কবি জাগে', 'ন-জোৱান-ই-হিন্দ'
--আদি কবিতা লিখে। তেখেতৰ গীতসমূহৰ লগে লগে এই কবিতাসমূহেও জাতীয় চেতনাৰ এক অফুৰন্ত স্ৰোত হিচাপে কাম কৰে। ভাৰত তথা অসমৰ ঐতিহ্যৰ প্ৰতি সৰ্বদা সচেতন কবিয়ে তেখেতৰ কবিতাৰে সেইসকলৰ অৱদান মূৰ্ত ৰূপত প্ৰকাশ কৰিছে। অসমীয়া কাব্য জগতত সেইসময়ত ৰোমাণ্টিক সুৰীয়া কবিতাৰ আধিক্য আছিল । জ্যোতিপ্ৰসাদ আগৰৱালাই কিন্তু কেৱল দেশ-প্ৰেমমূলক ৰোমাণ্টিক ভাৱৰ কবিতাহে লিখিছিল।
জাগোঁ মই –
অসমৰ নবীন জোৱান ,
বুকুত জ্বলিছে মোৰ অগ্নিময়ী অভিমান
জাগোঁ মই অসমৰ অজেয় জোৱান ৷
কোন তই গচকি খচকি দিছ,
মোৰ চোতালতে আহি
কৌটিকলীয়া অধিকাৰ
সাৱধান, হ’বি সাৱধান !
(অসমৰ নবীন জোৱানৰ সঙ্কল্প)
তাৰ লগতে দেশ স্বাধীন হোৱাৰ পাছত নিজৰ সপোনৰ ভাৰতখন নেদেখি বুজি পাইছিল যে সুবিধাবাদী শোষক-শাসকসকলে নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ দেশৰ সেৱাত ব্ৰতী বহুজনক প্ৰৱঞ্চনা কৰিলে। সেয়ে 'ভলণ্টিয়াৰৰ দুখ' (গান্ধীৰ কথা শুনিবলে’) , জ্যোতি-শঙ্খ, ন-জোৱান-ই-হিন্দ, সাৱধান সাৱধান আদি কবিতা সমূহত তেওঁ এই সকলৰ দুখ প্ৰকাশ কৰিছিল।
'খেজেনা সোধাত এটা ডফলাৰ খং'(কেজেনা কেজেনা), 'এটা পগলা খেতিয়ক', 'এটা মাতোৱাল বনুৱা', 'জনতাৰ আহ্বান' আদি কবিতাত তেওঁৰ শোষিত নিস্পেষিত জনৰ প্ৰতি সমবেদনা প্ৰকাশ পাইছে। স্বৰাজোত্তৰ কালত কংগ্ৰেছ চৰকাৰৰ দ্বাৰা জনতাৰ কোনো ধৰণৰ উন্নতি সাধন নোহোৱাত তেওঁৰ মনত লুকাই থকা গণমুখী চেতনাই সাৰ পাই উঠিছিল।
'ৰোধ কৰিবলে' যত
আন্ধাৰৰ দৈত্য- দানৱ
জ্যোতি মন্ত্ৰে
বিপ্লৱৰ শঙ্খ বজাওঁ।
ব্যক্তি স্বাৰ্থ জীৱনৰ লোহাৰ দুৱাৰ ভাঙি
সমূহীয়া স্বাৰ্থৰ মহান জীৱনলে' মই ব্যাপি যাওঁ'
(শিল্পীৰ আলোক যাত্ৰা)
১৯৪৮ চনৰ ৫ চেপ্টেম্বৰত 'দৈনিক অসমীয়া' কাকতত প্ৰকাশিত 'শিল্পীৰ আলোক যাত্ৰা' নামৰ কবিতাটিৰ উদ্ধৃতিৰে ক'ব পাৰি যে জ্যোতিপ্ৰসাদ আগৰৱালাই বিপ্লৱৰ শঙ্খ জীৱন জুৰি বজায়েই আছিল। ব্যক্তি স্বাৰ্থৰ লোহাৰ দুৱাৰ ভাঙি সমূহীয়া স্বাৰ্থৰ মহান জীৱন লৈ ব্যাপি যোৱাই তেওঁৰ জীৱনৰ লক্ষ্য আছিল।
সুবিধাবাদীৰ দল !
তোৰ মিছা হ’ব কৌশল,
ৰাইজৰ তই সেৱা চুৰ কৰি
বঢ়াব খুজিছ বল ।
(সাৱধান সাৱধান)
এনে চিন্তাৰ বাবে সাধাৰণতে তেওঁক সাম্যবাদী চিন্তাধাৰাৰ বুলি ক'ব পাৰি। কিন্তু তেওঁ সাম্যবাদী সকলৰ দৰে ভৌতিকতাবাদী বা materialistic প্ৰকৃতিৰ নহয়।
তেওঁ সাংস্কৃতিক বিপ্লৱী। পুৰণিৰ ভেটিত নতুনকৈ আধুনিক চিন্তাধাৰাৰে সৃষ্টিশীল কৰ্মৰে বাস্তৱিক আদৰ্শ প্ৰতিষ্ঠা কৰা বিপ্লৱী।
'জনতাৰ আহবান’ কবিতাই জনতাৰ মনত জাগ্ৰত হোৱা সৌন্দর্য চেতনা, দাসত্বৰ পৰা মানৱৰ মুক্তিৰ চেতনাৰ কথা প্ৰকাশ কৰিছে। কবিয়ে ভাৱে যে বিশ্ব ৰূপান্তৰৰ দিশত ধাৱমান হৈছে। এই ৰূপান্তৰৰ পুৱাত আকাশে -বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে। সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে তাতো জনতাই ষোড়শোপচাৰেৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে। বোকাত জন্ম লোৱা পদুম ফুলৰ দৰে ফুলি জনতাই পোহৰ বিলাইছে। অন্ধকাৰ নাশি পোহৰত পাহি মেলি সৌন্দর্য সিঁচিবলৈ জনতা ওলাই আহিছে। মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে পৃথিৱীৰ আকাশ মুখৰিত কৰি তুলিছে। জনতাৰ আলোক বিজয়ী অপূর্ব অভিযানে পৃথিৱীৰ আকাশ মুখৰিত কৰি তুলিছে। নৱ-জীৱনৰ মহাসংঘাতে বর্তমানক কঁপাই তুলিছে। বেদত ধ্বনিত হোৱা আলোকৰ আগমনী মন্ত্র আজি সার্থক হ’বলৈ আগবাঢ়িছে, জনতাৰ জয়, জনতন্ত্রৰ জয়, মহামানৱতাৰ জয়। অর্থাৎ, দাসত্বৰ শিকলি ছিঙি মানৱ সমাজ স্বাধীনতাৰ বাবে উদীপ্ত কণ্ঠে ওলাই আহিছে।
জ্যোতিপ্ৰসাদ আগৰৱালাৰ শিল্পী সত্তাই অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ তিনিও কালৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখি 'বিশ্বশিল্পী' নামৰ কবিতাটোত কৈছে-
শিল্পী মই তিনিও কালৰ
অতীতৰ
বৰ্ত্তমানৰ
অনাগত ভৱিষ্যতৰ ৷
আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ,
ধ্বংসৰ মাজেদি মই
ৰূপান্তৰেদি ৰূপ পাই
নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ ৷
ড. প্ৰহ্লাদ কুমাৰ বৰুৱাই এই তিনিও কালৰ দৃষ্টিক অন্ধকাৰ চেতনা, আলোক চেতনা আৰু ৰূপান্তৰ চেতনা নাম দিয়ে। অতীত কালৰ অন্ধকাৰ চেতনাই আলোক চেতনালৈ ৰূপান্তৰ ঘটে । সংস্কৃতিৰ গতি স্থবিৰ হৈ নাথাকি পুৰণিৰ পৰা নতুনলৈ, আন্ধাৰৰ পৰা পোহৰলৈ আৰু অসুন্দৰৰ পৰা সুন্দৰলৈ পৰিৱৰ্তন ঘটোৱাজনেই হ'ল শিল্পী। জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে বিপ্লৱ আৰু বৈপ্লৱিক চেতনাৰ যি সংজ্ঞা, সি এই শিল্প চেতনাৰ পৰা পৃথক নহয়।
'সুন্দৰৰ জয়-যাত্ৰা', 'শিল্পীৰ আলোক যাত্ৰা', , 'মোৰ অহংকাৰৰ সংজ্ঞা, মৃত্যু', 'শিল্পী মই',' লুইতৰ পাৰৰ বৰেচহৰ', 'সৃষ্টিৰ পুৱাতে ৰূপ পাই'
'গাঁৱৰ জীয়াৰী', 'এতোৱাৰী' ,'অ' মোৰ ধুনীয়া গাওঁ', 'সোণ-সপোনৰ সাধু' , 'অবুজ মাতৰ বিবুজ বাতৰি', 'অ’ মোৰ ধুনীয়া গাঁও'
'আজিৰ কবিতা তাই', 'আধুনিক কবিতা তাই'
'আন্ধাৰৰ মাজে মাজে', 'মুক্তি' ,'ঊষাৰ কোলাত থৈ'
'মোৰ কবিতা', 'কেতেকীৰ পাহি যেন'
'কেলেই লাগিছে', 'বাস্তৱৰ কেন্দ্ৰত শিল্পী',
'পোহৰ দিয়া', 'পোহৰ ধুনীয়া আই', 'মোৰ সুৰৰ চুমাত',
'ৰেডিঅ’ “লণ্ডন কলিং”, 'লুইতৰ পাৰৰ বৰে চহৰ', 'ষ্ট্ৰিম লাইনড্ কাৰ', 'দুদিনীয়া পদুম', 'সৌৱা শৰাইঘাট', 'মহাশূদ্ৰ', 'নতুন'
--এই সমূহ কবিতাতো এক আদৰ্শবাদী শিল্পী প্ৰাণৰ আশা, কল্পনা আৰু সামাজিক পৰিৱেশত সৃষ্টি হোৱা মানসিক ক্ৰিয়া-প্ৰতিক্ৰিয়া ধ্বনিত হৈছে।
তেখেতৰ ঐতিহাসিক বীৰ বীৰাঙ্গনাক সুঁৱৰি লিখা 'জয়মতীৰ আত্মাৰ উক্তি', 'লাচিতৰ আহ্বান' আদি কবিতাই অসমৰ ঐতিহ্যক আৱেগিকভাৱে সকলোকে অভিভূত কৰিব পৰাকৈ প্ৰস্তুত কৰিছে। তদুপৰি 'কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী', 'কুমাৰ মোহন', 'চিত্ৰলেখা' আদি কবিতাই সত্য, সুন্দৰ আৰু শিৱৰ আৰাধনাৰে ভাৰতীয় সভ্যতাৰ জয়গান গাইছে।
ডুগ্ ডুগ্ ডুগ্ ডুগ্
ডম্বৰু বাজে
মোৰে চোতালতে নিতে ত্ৰ্যম্বক নাচে,
বাজে ৰুদ্ৰতাল নাচে মহাকাল
অভিনৱ তাণ্ডৱ
বিবধ বিভঙ্গ
উলঙ্গ বিলঙ্গ ৷
মুদ্ৰাত জ্বলি উঠে সৃষ্টিৰ ইঙ্গিত
ডম্বৰুত বাজি উঠে প্ৰলয়ৰ সঙ্গীত
নয়নাৰ দৃষ্টিত আলোক-বৃষ্টি
মানৱৰ কল্পনাত সেই জ্যোতি-প্ৰপাতত
গজি উঠে যুগে যুগে অভিনৱ কৃষ্টি ৷
( কাঞ্চনজংঘাৰ বুৰঞ্জী)
চন্দ্ৰকুমাৰলৈ', 'গণেশ গগৈৰ কবিতা',' 'ৰবীন্দ্ৰনাথ'
'যতীন্দ্ৰৰ কবিতা', 'বিদ্ৰোহী কবি প্ৰসন্নলাল', 'ফুলিবলৈ পোৱা হ'লে' --আদি কবিতাই উক্ত চৰিত্ৰসমূহৰ প্ৰতি জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৰম আৰু সন্মান প্ৰদৰ্শন কৰে। ইয়াৰে 'ফুলিবলৈ পোৱা হ'লে' কবিতাই তেওঁৰ ভাতৃ বিয়োগত পোৱা মনোবেদনাক মৰ্মস্পৰ্শী ৰূপত উপস্থাপন কৰিছে।
সংখ্যাৰ লেখেৰে জ্যোতি-কবিতাৰ পৰিমাণ বেছি নহ'ল, কিন্তু তেখেতৰ চিৰসেউজ বৈপ্লৱিক চেতনাই অসমীয়াক নিজৰ জাতীয় চেতনাজীয়াই ৰখাৰ প্ৰতি কৰ্তব্য আৰু দায়িত্ব পালনৰ বাবে উদ্বুদ্ধ কৰে।
তথ্য আহৰণ
জ্যোতিপ্ৰসাদ ৰচনাৱলী
সম্পাদনাঃ ড. সত্যেন্দ্ৰনাথ শৰ্মা
জ্যোতি মনীষা
ড. প্ৰহ্লাদ কুমাৰ বৰুৱা
Comments
Post a Comment