গল্প
#চুটিগল্প--- #ৰম্ভা
✍️দুলুমণি গগৈ
প্ৰথমবাৰ দেখোতে সেই শিশুটিৰ মায়ালগা চাৱনিৰ হাঁহিটো মনেশ্বৰ বৰ্মনে বৰ ভাল পালে। তিনিমহীয়া ছোৱালীজনীৰ নাম ৰামৌ আছিল।
ৰামৌৰ মাক-দেউতাকে তিনিজনী
ছোৱালী হোৱাৰ পাছত আকৌ এজনী ছোৱালী
সন্তান নালাগে বুলি দি দিছিল দূৰসম্পৰ্কীয় নিঃসন্তান
দম্পতী দিপালী বৰ্মন আৰু মনেশ্বৰ
বৰ্মনৰ ঘৰত। তিনিবছৰীয়া শিশু অৱস্থাতে কাম-কৰা বাইৰ হাতৰ পৰা পৰি ৰামৌৰ হাত এখন ভাগিল। পিছে সেই বছৰতে দিপালী বৰ্মন গৰ্ভৱতী হ'ল। অপুতৰ পুত হোৱাৰ বাতৰিয়ে ঘৰখনলৈ যি আনন্দৰ জোৱাৰ আনিলে তাত জাহ গ'ল মুখেৰে ভালকৈ মাতেই মাতিব নোৱাৰা ৰামৌৰ ভগা-হাতৰ বিষ। অনবৰতে থেনথেনাই
থকা ছোৱালী জনীক পৰিয়ালটোত কুলক্ষণী বুলি অৱহেলা কৰিবলৈ ল'লে। এদিন ৰামৌ হেৰাই থাকিল। ক'ত গ'ল কোনেও নাজানিলে। বৰ্মনৰ ঘৰত পুতলা
ৰ দৰে শিশু জন্মিল। তাৰ মধুৰ কলৰৱে সকলোৰে মনে-প্ৰাণে সুৰীয়া আৱেশ সিঁচি দিলে। বৰ্মনীয়ে নিতৌ -"শিয়ালীয়ে নাহিবি" গালে।
ইফালে ৰামৌৰ নিৰূদ্দেশৰ বাবে নিয়মমাফিক এখন এজাহাৰ দি বৰ্মনে দায়িত্ব সামৰিলে।
বৰ্মনৰ এজাহাৰে কেটকুট নকৰিলে। পিছে আন কোনোবাই ৰামৌৰ বিনিময়ত ঘৰলৈ নতুন ইলেকট্ৰনিক যন্ত্ৰ ঠিকেই আনিব পাৰিলে। চাৰে তিনি বছৰীয়া ৰামৌক কোলাত লৈ ভিক্ষা মাগি ফুৰা বুঢ়ীজনী দেখিলে আপুনি
অন্ততঃ এটা কথা ভাবি মনতে বৰ সুখ পাব যে কোনোবাই তাইক ইমান মৰম কৰে ভিক্ষা মাগি হ'লেও তাইৰ পেট ভৰাব খুজিছে। পিছে আপোনাৰ ধাৰণা ভুল।
আপুনি নেদেখিলে বুঢ়ীয়ে তাইৰ আধাভগা হাতখনত ধৰি আঁজোৰ মাৰি কি দৰে তাইক বেছিকৈ কন্দুৱাইছিল, যাতে দেখাজনৰ মনত সেই কান্দি থকা
দৃশ্যই কৰুণৰসৰ উদ্ৰেক কৰে আৰু পৰিণতিত দুটা টকা বেছিকৈ হাতত তুলি দিয়ে। আপুনি নেদেখা কৈ থকাই ভাল। ৰামৌৰ পৰা ৰম্ভা হোৱা সেই শিশুটিয়ে য়ে ৰাতি ৰাতি ঠাণ্ডাত কঁপি কঁপি চাৰে তিনি বছৰীয়াৰ পৰা চাৰে বাৰ বছৰীয়া হৈছিল। কোলাত লৈ ভিক্ষা মাগি থকা বুঢ়ীজনী মৰিল। উত্তৰাধিকাৰী হিচাপে বুঢ়ীৰ ভাগৰ অংশ টো সিহঁতৰ মাই-বাপ , সেই থোলোকা শৰীৰৰ গুণ্ডাটোক তাইয়ে দিব লগা হ'ল।তাৰ বাবেই সিহঁতৰ ফুটপাথৰ জেগাবোৰ সুৰক্ষিত। নহ'লে সেই জেগাকণ সিটো পাৰ্টিৰ চিল্লৰ বোৰৰ হৈ পৰিব। থোলোকাটোৰ বহুত বিজনেছ। তাৰ মাজতে এইটো একেবাৰে কম খৰচতে কৰিব পৰা বেছি ফায়দা থকা বিজনেছ। তাইৰ দৰে আৰু ত্ৰিশ চল্লিশ টি শিশু আছে থোলোকাৰ । সব নিজৰ নিজৰ পজিশ্যনত। ল'ৰা বোৰৰ প্ৰায়ে হাত-ভৰি ভঙা। ডাঙৰ হোৱালৈকে কেতিয়াবা দুই এটা ল'ৰাৰ হাড় জোৰা লাগে। বেছিভাগ সেইদৰেই ঘুণীয়া হৈ থাকি যায়। সিহঁতে জীৱনটো তেনেদৰেই ভিক্ষা মাগি খায় বা সৰু সৰু কাম দুই এটা কৰে।ৰম্ভাই লাহে লাহে বুজা হৈছে যে তাইৰ হাত এখন আগৰপৰাই ভগাৰ দৰেই, বৰ দুৰ্বল। লাহে লাহে বিষটো কমি আহিছে যদিও বৰ ভাল কৈ হাতখন কামত লগাব পৰা নাই। তথাপিও প্ৰায় সকলোখিনি ছোৱালীৰ হাত ভৰি চলামত আছে। বুঢ়ীক মৰাৰ দুদিনমান আগতে তাই সুধিছিল-
----"এই বুঢ়ী, এটা কথা ক'চোন! এই থোলোকাটোৱে যে ল'ৰা বোৰৰ হাত-ভৰিবোৰ ভাঙিলে, ছোৱালী বোৰৰ নাভাঙে কিয়?"
বুঢ়ীয়ে ঢেকঢেকাই হাঁহি উত্তৰ দিছিল,
-----"হিঃ হিঃ! চুক্ ৰী বোৰৰ হাত-পেইৰ চলামত থাকীলেই ত' না গ্ৰাহক পাব!!হিঃহিঃ"
তাই বুজি নাপাইছিল। বুঢ়ীজনী পাগলেই আছিল বুলি থোলোকাটোৱেও কৈছিল। তাই কেতিয়াবা কাৰোবাক গোৱাল-গালি পাৰিছিল। 'চাল্লা কুত্তা' বুলি কেতিয়াবা কিছুমানক খেদিও গৈছিল। মুঠতে বুঢ়ীয়ে পাগলৰ দৰেই আচৰণ কৰিছিল। বুঢ়ীক নুসুধিলে তাইক
একো নকৈছিলেই। তাই কেতিয়াবা বুঢ়ীক সুধিছিল-
----"এই বুঢ়ী, তই মোক ক'ত পাইছিলি?"
------"ধুই , তোক থোলোকাইহে দিলে- তাক বোলে বিকিলে কোনবাই- তহঁতিৰে মানুহ!! পাঁচ হাজাৰ টাকা দিছে!! হাতটো বলি আগতে ই ভাঙা, সুবিধা কৰি আনিছে!!!"
ৰম্ভাই ভাবে তাৰমানে সেই চুটকী, মেইনা,ভৌৰী হতঁৰ দৰে তাইক কোনেও বিচাৰি থকা নাই। তাইৰ মাক-দেউতাক, তাইৰ আত্মীয় স্বজনৰ পৰা লুকুৱাই ৰাখিবলৈ থোলোকাই একো বিশেষ ব্যৱস্হা লবৰ দৰকাৰ নপৰে। চুটকী-মেইনা- ভৌৰীক লুকুৱাই
ৰাখিছে থোলোকাই। পিছে তাই ইয়াত মুক্ত মনেৰে আছে। বুঢ়ীজনী মৰাৰ পৰা নিজকে ৰাস্তাটো আৰু দলং খনৰ কাষৰ এই ঠাই টুকুৰাৰ মালিকনী যেন লগা হৈছে তাইৰ। তাইৰ দৰে আনবোৰেও নিজৰ নিজৰ অংশটোৰ মালিকনী হৈ যিদৰে অলপ গৌৰৱ অনুভৱ কৰে তাইও তেনেদৰেই আচৰণ কৰে আজিকালি। মাজতে তাইৰ একে বয়সৰ দিম্পল নামৰ ছোৱালী জনী নাইকিয়া হৈ গ'ল। তাই বৰ ভয় খালে। ৰাতি তাইৰ মলিয়ন কাপোৰ খন লৈ দলঙৰ বিছনা বনাই লোৱা ঠাইকণত তাই নুশুৱাকৈ বহি বহি ৰাতিপুৱাই দিয়া হ'ল। থোলোকাই ভাল যত্ন লয় সিহঁতৰ। মাজতে তাইক এঘৰ মানুহে ঘৰত কাম কৰা ছোৱালী হিচাপে নিবলৈ টোপ দিছিল। চকলেট চিপচ্ আৰু ফ্ৰক এটা ও দিলে। তাই সেই ধুনীয়া পুতলাৰ দৰে কেঁচুৱাটো দেখি যাবলৈ লৈছিলেই।
পিছে ক'ৰপৰা ওলাইছিল হি এই থোলোকাৰ সোহাঁত ত'নী। তাইক ঘোপাকৈ চাই সেই গাড়ীখনৰ মানুহ হালক বৈদ্য দম দিলে। বেচেৰা মানুহহাল। সিহঁতে ইয়াৰ অন্ধকাৰ নিশাৰ খেল বোৰ নাজানে চাগে। জনা বোৰে সিহঁতৰ ওপৰত হাত নিদিয়ে। কত মানুহ আছে, মহিলা আছে- সিহঁতৰ জীৱন উন্নত কৰাৰ কথা কয়। সিহঁতৰ লগত কথাই নাপাতে। ডাইৰেক্ট মেনেজ কৰে থোলোকাই।
তাৰ মাজতে দিম্পল নাইকিয়া হৈ গ'ল। কোনেও তাইৰ কথা নুলিয়ায়েই। এদিন তাইৰ কাষৰে কেটৰিনাও নাইকিয়া হৈ পৰিছিল। কেটৰিনাৰ নাম কেঁৰীহে। পিছে বৰ বেছি ওখ হৈ পৰা বাবে তাইক সবে কেটৰিনা নাম দিছিল। তাইও নামটো পাই বৰ সুখী হৈছিল।
ৰম্ভাৰ বৰ দুখ লাগিল। তাই কি কৰিব এতিয়া। থোলোকাই দিনত দেখা নিদিয়ে। ৰাস্তাই ৰাস্তাই বটল
ভঙা-ছিঙা বস্তু বিচাৰি ফুঁৰোতে তাইৰ মনত থকা দুখবোৰ পিট্কা টোক ক'লে। পিট্কাই একো নামাতিলে। তাৰ ৰহস্যময় মৌনতাত তাই আচৰিত হ'ল।
ৰাতি তাই থোলোকাৰ ওচৰলৈ গ'ল। তাই আচৰিত হৈ পৰিছিল কিয় থোলোকাই একো ব্যৱস্হা লোৱা
নাই। সেয়ে তাই নিজেই আগবাঢ়ি গ'ল।
----" চালাম ভাইজী! মানে...দিম্পল, কেটৰিনা নাইকিয়া হৈ গ'ল!!মানে মোৰ...!"
ডাঙৰ গোদামঘৰটোত বহুত মানুহ বহি আছিল। সেই মানুহ বোৰে তাইৰ ফালে চাই বৰ সন্তোষ প্ৰকাশ কৰা যেন লাগিছিল। ঢেক ঢেকাই হাঁহি থোলোকাই তাইলৈ চাই মৰমেৰে ক'লে,--
----"আচ্ছা, তোৰ ভয় লাগিছিল। ভালেই হ'ল !! ত'নী চুকৰীটো লৈ যা। ট্ৰিটমেণ্ট কৰাই দে।"
ত'নিয়ে তাইক ৰূম এটাৰ ফালে লৈ গ'ল। থোলোকা আৰু মানুহবোৰে খুব জোৰে জোৰে হাঁহিছিল যেন লাগিল তাইৰ।
ত'নিয়ে তাইক কি কৰিবলৈ ৰূমটোলৈ আনিলে তাই নুবুজিলে। তথাপিও সেই দলঙৰ বিছনা
খনতকৈ ত'নিয়ে তাইক শুবলৈ দিয়া বিছনা খন বহুত ভাল লাগিল তাইৰ। তাই শুৱাৰ লগে লগে তনিয়ে তাইক এটা ইন্জেকচন দি দিলে।তাৰ পিছত তাই একো গম নাপালে।
কিমান সময়ৰ পাছত তাই পাৰ পাইছিল তাই একো নাজানে। পিছে সাৰ পাই তাই নিজৰ গাটোকে চিনি নোপোৱাৰ দৰে হ'ল। তাইৰ হাত দুখন যেন
উখহি উঠিছে। ভৰিদুটাও। তাইৰ ফ্ৰকটোও গাত একেবাৰে টান হৈ লাগি ধৰিছে।
ওচৰতে এটা ফ্ৰক চোলা যেন লগা কাপোৰ দেখা পাই তাই পিন্ধি থকাটো খুলি সিটো পিন্ধিবলৈ
লওঁতে হাতদুখন বুকুত লাগি যোৱাৰ লগে লগে কিবা আচহুৱা আচহুৱা ভাব এটা অনুভৱ কৰিলে।
তাইৰ কি হ'ল ধৰিব নোৱাৰিলে। তেনেতে ত'নিয়ে বাহিৰৰ পৰা তাইক মাতিলে।তাই বাহিৰলৈ ওলাই যোৱাৰ লগে লগে ত'নিয়ে তাইলৈ চাই হাঁহি এটা মাৰিলে। ত'নিয়ে আগতে তাইলৈ চাই নাহাঁহিছিল। তাই আচৰিত হৈ তাৰ কাৰণটো কি তাকেহে ভাবি থাকোতেই তাৰ পাছে পাছে গৈ এখন গাড়ীৰ কাষ পালেগৈ। ত'নিয়ে গাড়ীখনত বহাই তাইক লৈ যাবলৈ নিৰ্দেশ দিলে। কলৈ লৈ গৈ আছিল তাই নাজানিলে। গাড়ীখন ৰ'ল। তাইক নামিবলৈ ক'লে।
------" ভিতৰলৈ যা!"
গাড়ীখনৰ ড্ৰাইভাৰে তাইলৈ নোচোৱাকৈয়েই নিৰ্দেশ দিলে। তাই একো নমতাকৈ ভিতৰলৈ সোমাই গৈছিল। দুৱাৰখন খোলাৰ লগে লগে ভিতৰৰ পৰা এগৰাকী মহিলাই আহি তাইক লৈ গ'ল।
তাইৰ প্ৰথম গ্ৰাহক এজন বৰ ডাঙৰ মানুহ হেনো।ৰম্ভাই ধুনীয়া কোঠাটোলৈ সোমাই গৈ বগা কাপোৰ পিন্ধা মানুহজনক দেখি আচৰিত হ'ল। এইজন দেখোন সেই বছেৰেকত এবাৰ কিবা দিবস পাতি সিহঁতক চিপচ খাবলৈ দিয়া মিটিঙত কথা কোৱা মানুহজন!!
সমাপ্ত
Comments
Post a Comment