গল্প

 #ভগ্নাংশৰ_দুখ


 দুলুমণি গগৈ, 


 ---"ইমান কম দিলে নহ'ব দেই!"


 ----"এহ নদীৰ মাছহে ! তুমি ধৰিহে আনিছা! ইমান 


 হাতীৰ  সমান  দাম ক'লে কেনেকৈ হ'ব?" 


 --"সেইবোৰ নক'ব আৰু ! আমিহে জানো । কিমান 


 কষ্টৰ মূৰত এই কেইটা মাছ আনিছোঁ। ৰেট মতে মিলিলে নিয়ক নহ'লে নাই।কাষ্টমাৰ আহি থাকিব।"

 

 এনেয়ে নকয় -পোহাৰী চুপতি! কোনো লাভ  নাই। এটকাও নকমালে। ৰঙচুৱা হৈ পৰা বৰালিটো কোৱা দামতে কিনি লৈ বিলাহী , ফুলকবি আৰু কিবাকিবি পাওঁ নেকি বুলি কাষৰ পাচলি-বজাৰ খনলৈ সোমাই গ'লো। 


 মাহেকৰ মূৰত পোৱা পেঞ্চনটো সোমাল বুলি অহা মেচেজটো পঢ়ি খবৰটো ছোৱালী জনীয়েই দিয়ে আজিকালি। তাইৰে বৰালি মাছ অকণ খাবলৈ মন বুলি কোৱাত এটিএমৰ পৰা টকা কেইটামান বেছিকৈ উলিয়াই মাছ কিনা পৰ্ব শেষ কৰিছিলো। প্ৰথমতে আমিষ খাদ্য খাবই নুখুজিছিল ।মাছ-মাংস- কণী বুলিলে সাতজাঁপ মাৰিছিল। মোৰ আৰু শ্ৰীমতীৰ প্ৰয়োজনীয় সকলো কামত মন বুজি সহায় কৰা ছোৱালীজনীৰ মনৰ কথা মই কিন্তু বুজি পাইছিলো। মাছ-মাংসত চাগে তাই নিজৰ গাৰে মঙহৰ গোন্ধ পাইছিল । জীৱনৰ বিয়লিবেলাত আমিও বহু কামত, কথাত,ব্যৱহাৰত নিজৰেই তেজ-মঙহৰ উপেক্ষাত মৰাশ- মৰাশ যেন অনুভৱ কৰিব লগা হৈছে।


 তাই এতিয়া সাতমহীয়া গা-ভাৰী মানুহ। কিবাকিবি খাবৰ মন যায়। মানুহবোৰে আচৰিত জন্তু চোৱাৰ দৰে চাব বুলি বাহিৰলৈ নোলায়। মোৰ হতুৱাই কিবা কৰিবলগীয়া থাকিলে কৰোৱাই লয়। 


 মই অৱসৰ পোৱাৰ পাছত জীৱনটো নিয়াৰিকৈ চলাই থাকিব পৰাকৈ আটাইখিনি কৰি লৈছোঁ। ঘৰৰ সন্মুখৰ ঠাইডোখৰত ভাৰাঘৰ দুটাও সজাই লৈছিলো। এখন দোকান খুলিছিলো। পিছে সৰু ল'ৰাটোৱে বেলেগহৈ যাওঁতে সকলোখিনি নিজৰ কৰি ল'লে। সকলোবোৰ দেখোন সিহঁতৰে। মোক একো নালাগেই।জীয়াই থাকোঁতেই মই পিছফালৰ বাৰী-মাটিখিনি দুইটা ল'ৰাৰ নামত ৰেজিষ্ট্ৰি কৰি পট্টা ফালি দিলোঁ। সৰুটোৱে তাতে ঘৰ বনাইছে বেংকৰ ধাৰ লৈ।ডাঙৰটোৱে মহানগৰত ফ্লেট ল'বলৈ বিক্ৰী কৰি দিলে। 


 ------ "হেৰৌ কিয়নো সেইবোৰ কৰিব লাগে? এইটো 


 জানো তহঁতৰে ঘৰ নহয়!"


 -----" নহয় !! ৰাখি লৈছেই নহয় সেইজনী ! তাইকে গতাই থৈ যাব!! আমি কোনোদিনে ভৰিও নিদিওঁ আপোনাৰ সেই ভেটিত । "


         সেইজনী!!! 


 সেইজনী মোৰ ঘৰত আমাৰ লগত থকা সোনমণি। সোনমণি আহি সোমোৱা আজি সাতমাহ হ'ল। মোৰ কোনো নহয় সোনমণি। সোনমণিক আনিছিল সৰু বোৱাৰীয়েহে। 


 বিখ্যাত নহ'লেও সীমিত পৰিসৰৰ মাজত সুখ্যাতি থকা বৰ্ণময় বৰুৱাৰ বোৱাৰী হিচাপে মোৰ সৰুবোৱাৰী 

 ময়ুৰীয়ে খুবেই লাভ উঠাইছিল সামাজিক ক্ষেত্ৰখনত। 

 অৱশ্যে এই কামবোৰত তাইৰ ঘৰৰ মানুহৰো ভাল পৃষ্ঠপোষকতা আছিল।সেই অনুপাতে বৰ চাতুৰ্য্য আৰু বুদ্ধিমত্তাৰ পৰিচয় দি তাই মহিলা সমিতিৰ লগতে কেইবাটাও সংগঠনৰ বিষয়বাব লৈ ভাল কেৰিয়াৰ গঢ়ি তুলিছিল। বিয়ৈ-বিয়নীৰ বৰ গৌৰৱ আছিল তাকেলৈ। ভাল নাম এটিক, ভাল সম্বন্ধ এটিক কিদৰে মুদ্ৰাকৰণ কৰিব পাৰি তাক স্বাৰ্থান্বেষী বিয়ৈ-বিয়নীৰ লগতে তেওঁলোকৰ উপযুক্ত দুহিতা সৰু-বোৱাৰীয়ে ভালকৈ জানিছিল। 


 সোনমণি আছিল দুখীয়া মানুহৰ ছোৱালী। আত্মসহায়ক গোট গঠন কৰি নিজৰ সোণালী ভৱিষ্যতৰ সপোন দেখা এগৰাকী দুখীয়া ষ্টাৰ্ট-আপ! কি পাকচক্ৰত পৰি তাই ক'ত পাইছিলগৈ - মই তাইক কেতিয়াও সোধা নাই। ক'ৰপৰা কি হ'ল তাকো সোধানাই। এনেকুৱা গাভৰু ছোৱালীবোৰক সকলোৱে ভাল পায়। লাহী দেহাৰে সাজি-কাছি নিজকে অপেশ্বৰী সজাই ৰখা এই ছোৱালীসকল সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। সেই গৰ্বতে উফন্দি হয়তো তাই কোনোবা কুক্ষণত কাৰোবাৰ কামনাৰ জালত ভৰি দিছিল। তাতকৈ বেছিকৈ মই একো নাজানিছিলোঁ।


মুঠতে এদিন ৰাতিপুৱা সাৰপাই উঠি গম পালো - সোনমণিক নৈত দলিয়াই দিছে। কোনোবাই স্বাৰ্থ পূৰণ কৰিবলৈ কাৰোবাক টোপেই দিলে ; নে কোনোবাই জোৰ-জুলুম কৰি তাইৰ সৰ্বনাশ কৰিলে। নে কাৰোবাৰ প্ৰেমৰ চাকনৈয়াত পৰি সৰ্বস্ৰান্ত হ'ল- নাজানিলো। 


 ওপৰে ওপৰে সকলোৱে নাম প্ৰকাশৰ পৰা বিৰত থাকিল । পিছে জনাই ভাল কৈ জানে যে আচলতে তাই ক্ষমতাশালীৰ ভোগৰ বলি হ'ল ।ধৰা পৰাৰ ভয়ত মুমূৰ্ষ অৱস্হাত পানীত দলিয়াই দিছিল।  


 পানীৰ পৰা উঠাই আনি তাইক লৈ পোহাৰী চুপতি মেলিলে।তাৰপিছত ৰাজনীতি! ছোৱালীৰ হৈ মাতমতা মানুহৰ অভাৱ নাছিল। ৰজাঘৰীয়াক ঘেৰাও কৰিবলৈ  সুবিধাটো ভালেই আছিল। আমাৰ ঘৰত সৰু-সুৰা টিকত-প্ৰত্যাশী আছিলেই। আচল কথা ক'ৰবাতে থাকিল।মহিলাৰ প্ৰতিবাদ হ'ল; নেতাৰ প্ৰতিবাদ হ'ল। বিপক্ষৰ জোৰদাৰ হেঁচাত এমএল এ ও আহিপালে । বোৱাৰীয়ে মনযোগাই অতিথি আপ্যায়ন কৰিলে। ৰাজনৈতিক সুযোগ দিয়াৰ টোপ দি বোৱাৰীক ক'লে--


 ----"ছোৱালীজনীৰ কেছটো এৰি দিয়ক। মিছাতে কিয় সাধাৰণ এজনী ছোৱালীৰ বাবে নিজৰ ভৱিষ্যতৰ ৰাস্তা বন্ধ কৰে? কেইটকামান দি মুখ বন্ধ কৰক। আমাৰ চৰকাৰেই থাকিব আগলৈকো।এনেকুৱা মূল্যহীন কথাত লাগি থাকি লাভ নাই।"


 হ‌য়তো!! 


 বোৱাৰীয়ে প্ৰথমে ছোৱালীজনীৰ চৰিত্ৰত দোষ দেখিলে। তাৰ পিছত তাইৰ ওপৰত চলিল মানসিক অত্যাচাৰ। তাৰ পিছত তাইৰ বাবে অনাথ আশ্ৰম, বালিকা গৃহ!!! নাই, ছোৱালী জনীক কোনো শান্তিৰে থাকিবলৈ নিদিলে। তাইৰ গৰ্ভ নষ্ট কৰিবলৈ চেষ্টা চলিল। পিছে মান্তি হোৱা নাছিল সোনমণি। নিজৰ পাপৰ প্ৰায়শ্চিত্ত মতে কৰ্মফল ভোগ কৰিবলৈ আগবাঢ়ে। মুখ লুকুৱাই থকাবোৰক এদিন নহয় এদিন পোহৰলৈ অনাৰ পণ লয়। তাৰ বাবে সেই জাৰজ সন্তানৰ মাতৃ হ'বলৈ অকণো কুণ্ঠাবোধ কৰা নাছিল । 


তাইৰ সততাই মুগ্ধ কৰিছিল মোক। সেইদিনাই মই সিদ্ধান্ত ললো। মই তাইক আমাৰ ঘৰত আশ্ৰয় দিম। 


 অৱশেষত এদিন সহধৰ্মীনিৰ সৈতে গৈ তাইক আমাৰ ঘৰলৈ লৈ আহিছিলো। বোৱাৰীয়ে এৰিলে , পুত্ৰইও এৰিলে। বহুতে হাজাৰ টা প্ৰশ্ন কৰিলে।সহধৰ্মীনিৰ সাহসে বাকী সকলো বাধা তল পেলালে।


 সেইজনীয়েই সোনমণি। আমাৰ ঘৰত থাকি জীৱনৰ আটাইতকৈ মধুৰতম ক্ষণ-- 'মা' হোৱাৰ বাবে অপেক্ষাৰত।


 তাই আৰু তাইৰ গৰ্ভজাত সন্তান, মই আৰু মোৰ সহধৰ্মীনি ---- চাৰিওটা বেলেগে বেলেগে ভগ্নাংশৰ দৰে। একেলগে থাকিলে গোটা সংখ্যা । জীয়াই থকালৈকে যেন ইজনে সিজনক বটবৃক্ষ হৈ ছাঁ দিম।


 মোৰ মতে বৰালিৰ দামতকৈ তাইৰ দাম বহুত বেছি।


DECEMBER, 2020

Comments

Popular posts from this blog

সিপাৰৰ সাঁকো (৫১)

সিপাৰৰ সাঁকো (৭৫)

সিপাৰৰ সাঁকো (৩২)