সিপাৰৰ সাঁকো (৩৬)
#সিপাৰৰ সাঁকো
(৩৬)
পুনৰ সেই কামবোৰ মোৰ ভাগলৈকে ঘূৰি আহিছিল। মই যিমান পাৰোঁ কম সময়তে সকলো কাম নিয়াৰিকৈ কৰিব লৈ চেষ্টা কৰিছিলো। ঘৰৰ কামৰ বাবে সিমান চিন্তা কৰিব লগা নহয়েই।সৰু সৰু কামবোৰ আইয়ে নিজেই কৰিছিল। আগৰ দৰে খেতি বাতি নিজেই কৰাৰ উপায় নাছিল। ঠগীকাইয়ে অলপ মান চহাই ৰুবলৈ দিছিল। বাকী দূৰৰ মাটিখিনি আধিলৈকে দি দিছিলো। সময়ত ধান দুভাগত ভগাই এভাগ আমি পাইছিলো।
আই পিছে সুখী নাছিল এই কাৰ্যত। প্ৰায়েই নিজে ই পথাৰলৈ গৈ চব চাই থাকিছিল।নহ'লে মোক বা ঠগীকাইকে পঠাইছিল। ঘৰত মানুহ তিনিটা, বছৰটোলৈ আটিও আৰু এবছৰ জুৰিব পৰা ধান থাকে। আগতে নিজে খেতি কৰিলে ধান-চাউল বেচিয়েই ইটো-সিটো জোৰা মাৰিছিলো। পিছে নামত হ'লেও টকা কেইটা মান দৰমহা বুলি য়েই হাতত পৰিবলৈ লোৱাৰ পৰা বেপাৰ বানিজ্য এৰি দিছিলো। মানুহ জনী থাকোঁতে এটা ভৰা পৰিয়াল আছিল। আহিবলগীয়া অজস্ৰ খৰচৰ জোৰা মাৰিবলৈ টকা সাঁচোতে সাঁচোতে মানুহ জনী নিজেই নাইকিয়া হৈ থাকিল। অৱশ্যে তাৰ বাবে পৰিস্থিতিও দায়ী। কেইবছৰমানৰ আগতেই যদি ৰাস্তা ভাল হ'ল হেঁতেন , দেৱীগাৱঁত নতুনকৈ হোৱা হস্পিটেল খন যদি তেতিয়াও থাকিলহেঁতেন । মোৰ বুকুৰে উজাই অহা কান্দোনটো জোৰেৰে হেঁচি ৰখাই থলেও কেতিয়াবা পাৰ ভাঙি ওলাই আহিছিল।মিলিৰ আগত বহু বাৰ ধৰা পৰিছিল । তাই বুজি পাইছিল।
' মালৈ মনত পৰিছে? মোৰো যে কিমান মনত পৰে! কিন্তু মই যে মাৰ মুখখনো দেখা নাই। সেইকাৰণে মা ক মই সপোনত দেখা নিচিনাকৈ হে মনত পেলাওঁ। '
মোৰ কান্দোন কমক চাৰি বাঢ়িছিলহে। তথাপিও মিলিক বুকুৰ মাজত সোমোৱাই নিজৰ কান্দোন ৰখাই তাইকে সান্ত্বনা দিবলৈ চেষ্টা কৰিছিলো। মই জীৱন লগৰী হেৰুৱাই দুখত ভাগি পৰা দুখ বোৰ আজীৱন জন্মদাত্ৰী মাকৰ মুখ নেদেখা কৈয়ে কল্পনাৰ চকুৰে তেওঁক চাবলৈ চেষ্টা কৰা কণমানি জনীৰ দুখবোৰৰ আগত তেনেই তুচ্ছ আছিল। সেয়ে তাইৰ আগত যিমান পাৰোঁ সেই কথা মনত নেপেলাবলৈকে চেষ্টা কৰিছিলোঁ।
তাই প্ৰায়েই কিতাপ- বহী, খেল-ধেমালি আদিৰ লগতে ব্যস্ত থাকিছিল। সোনকালেই শুই উঠি মুখ হাত ধুই পঢ়িবলৈ বহিছিল। মই স্কুললৈ ওলোৱা লৈকে তাই নিজৰ পঢ়া টেবুলত বহি চিঞৰি চিঞৰি নেওতা গাইছিল। মোৰ লগতে আইয়ে তাইকো ভাত বাঢ়ি দিছিল। খোৱা-বোৱা শেষ কৰি তাই স্কুললৈ যাবলৈ প্ৰস্তুতি চলাওঁতেই মই ওলাই গৈছিলো। তাই জবা-বকুলী হঁতৰ সৈতে স্কুললৈ গৈছিল।
ইতিমধ্যে জবা-বকুলীৰ মোমায়েক তৰণিয়ে মোৰ অনুৰোধ ৰ প্ৰতি সহাঁৰি জনাই ভাগিনীয়েক দুজনীক এল পি স্কুলত নাম লগাই দিছিল।বকুলী স্কুললৈ কমেইহে গৈছিল। অৱশ্যে তাইৰ নিজৰেই খেয়াল-খুচিমতেহে তাই নগৈছিল। মোমায়েকৰ কোনো দোষ নাছিল। মামীয়েকে তাইক বৰ ভাল পাইছিল। স্ব -ইচ্ছাৰেই কাম-বনত সহায় কৰি বকুলীও কম সময়তে পাকৈত হৈ উঠিছিল। ইফালে জবা আছিল তাইৰ সম্পূৰ্ণ ওলোটা। তাই বোলে পানী এগিলাছো নিজৰ হাতেৰে লৈ নাখাইছিল। অনবৰতে পঢ়া -লিখা কৰি থাকিবলৈহে ভাল পাইছিল। সঁচাকৈয়ে ঈশ্বৰৰ সৃষ্টিৰ মহিমা অপাৰ। একেলগে একেটি গৰ্ভত থিতাপি লোৱা দুটি সন্তানৰ ৰুচি-অভিৰুচি , ব্যক্তিত্ব ইমান বেলেগে আছিল। তৰণিৰ নিজৰ দুটা ল'ৰা আছিল। ডাঙৰটো আমাৰ স্কুলত পঞ্চম শ্ৰেণীত আৰু সৰুটো এলপি স্কুলৰ প্ৰথম শ্ৰেণীত পঢ়িছিল। সৰু ল'ৰাটোৱে মাকক নিবিচাৰিছিলেই। তাৰ জন্মৰ এবছৰৰ পৰাই বকুলিহঁত মোমায়েকৰ ঘৰত থাকিবলৈ লৈছিল আৰু বকুলিৰ লগ পোৱাৰ পৰা সেই কণমানি টোৱে মাকৰ লগো এৰি দিছিল। তৰণিয়ে প্ৰায়েই মোৰ সৈতে কথা পাতিবলৈ আহিছিল। দিনৰ দিনটো স্কুলৰ কামত ব্যস্ত থাকি গাঁৱৰ বহু খবৰ নাপাইছিলো। তৰণিৰ ডাঙৰ ল'ৰা টো আদৰ্শত পঢ়িবলৈ অহাৰ পাছত তাৰ আৰু মোৰ ভাল সম্বন্ধ গঢ়ি উঠিছিল। ৰজনী আৰু ঠগীকাইৰ পিছত তৰণি মোৰ তৃতীয় জন অন্তৰঙ্গ বন্ধু হৈ পৰিছিল।
আগলৈ
দুলুমণি
৪/৯/২০২০
Comments
Post a Comment