সিপাৰৰ সাঁকো (৩৫)
#সিপাৰৰ সাঁকো
(৩৫)
বহুত ছাত্ৰ ছাত্ৰী সেইকেইটা দিনত উপস্হিত নাথকিছিল । বহুতে ঘৰুৱা সমস্যাৰ দোহাই দি বিদ্যালয়লৈ শ্ৰেণীৰ পাঠদান নহ'লে আন কাম ৰ বাবে নাহিছিল। বিশেষকৈ ছোৱালী বোৰৰ বহুতকে গান-বাজনা হোৱা দিনবোৰত একেবাৰে দেখা নগৈছিলেই। কিছুমান ছোৱালীয়ে অৱশ্যে সকলো ধৰণৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু সদায় পুৰস্কাৰ লাভ কৰিছিল। তেনেবোৰ ছোৱালীৰ সংখ্যা কম আছিল । তেতিয়া লৈকে বিদ্যালয় লৈ কেইবাগৰাকীও শিক্ষয়িত্ৰী আহিছিল। অৱশ্যে তেওঁলোকৰ দুগৰাকী মানে ইতিমধ্যে অন্য চাকৰি পোৱাৰ বাবে গুচি যাব বুলি কথা উলাইছিলেই। আন এগৰাকী আমাৰ গাঁৱৰে বোৱাৰী আছিল। পিছে তেওঁৰ পৰিয়াল ৰ মানুহে আগতেই গাঁও এৰি চহৰলৈ যোৱা ৰাস্তাৰ কিনাৰত সজা ঘৰলৈ উঠি গৈছিল। এতিয়া গাঁৱত থকা সম্বন্ধীয় সকলক বোৱাৰীয়ে চিনিয়েই নাপাইছিল। তেওঁলোকে দূৰৰ ঘৰৰ পৰা টাউনৰ ৰাস্তাৰে চলা-চল কৰা বাচত আহিছিল। তেতিয়ালৈকে দেৱীপুৰলৈকেও বাচ চলাচল কৰিছিল।
হেডচাৰৰো ঘৰ নাহৰতলিৰ কাষতে আছিল। তেওঁৰ ঘৰৰ পৰা কেঞাগোলা লৈ কেইখোজমানৰহে বাট। আচলতে হেডচাৰৰ দেউতাকেও ভাল চাকৰি কৰিছিল। হেডচাৰে বোলে সৰুৰেপৰাই ভাল স্কুলত আৰু তাৰ পিছত গুৱাহাটীৰ কলেজত পঢ়িছিল। তেওঁ আনকি বিশ্ববিদ্যালয়তো পঢ়িছিল। তাৰপিছত উচ্চপদস্থ বিষয়া হিচাপে যোগদান কৰিছিল যদিও দূৰ্নীতি বিৰোধী মানুহ জনে বিভাগৰ দূৰ্নীতি আঁতৰাবলৈ যাওঁতে ষড়যন্ত্ৰ ৰ বলি হয় । নিজে শুদ্ধ বুলি প্ৰমাণিত হোৱাৰ পিছতো একাচেকা মানুহ জনে কেইবছৰমানৰ ভিতৰতে সেইবোৰৰ প্ৰতি বিতৃষ্ণা অনুভৱ কৰি চাকৰিকে এৰি থৈ আঁতৰি গুচি আহে। তাৰ পিছত তেওঁ শিক্ষাৰ প্ৰসাৰৰ উদ্দেশ্যে গ্ৰাম্যাঞ্চলত স্কুল স্থাপন কৰাৰ কথা চিন্তা কৰে। বৃহত্তৰ নাহৰতলি অঞ্চলত বহুত কমেই স্কুল আছিল। তাৰ পিছত এই অঞ্চলটোৰ অৱস্হা দেখি তেওঁ আন ঠাইৰ কথা দুনাই ভবা নাছিল। তেওঁ অতি সোনকালেই জিলাৰ অফিচৰ যাবতীয় সকলো অনুমতি লৈ বিদ্যালয় খনি আৰম্ভ কৰে। তেওঁৰ কঠোৰ অনুশাসন আৰু পৰিশ্ৰমৰ ফলত বিদ্যালয় খনি দোপতদোপে আগুৱাই গৈছিল। ৰাস্তা-পদুলিৰ অৱস্হা ভাল হোৱাৰ পাছততো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক আৰু শিক্ষয়িত্ৰী ৰ সংখ্যা বাঢ়ি গৈ একেবাৰে নাহৰতলিৰ চৰকাৰী স্কুলৰদৰেই হৈ পৰিছিল। ছাত্ৰীৰ সংখ্যা কম আছিল অৱশ্যে। সেয়েহে নতুনকৈ বিদ্যালয খনিত কেইবাগৰাকীও শিক্ষয়িত্ৰীকহে নিযুক্তি দিছিল। তেওঁ কোৱামতে ছোৱালীবোৰৰ মাক দেউতাকে যেতিয়া মহিলাসকলক বিদ্যালয়ত চাকৰি কৰা দেখিব, তেতিয়া ছোৱালীক স্কুললৈ পঠাবলৈ দ্বিধাবোধ নকৰিব।
তেওঁৰ পৰিবাৰেও ডাক বিভাগৰ চৰকাৰী চাকৰি কৰিছিল। তেওঁৰ তিনিটি সন্তানৰ ভিতৰত দুটাই চহৰৰ হোষ্টেলত থাকি ইংৰাজী স্কুলত পঢ়িছিল। সৰুছোৱালী গৰাকীহে মাক-দেউতাকৰ সৈতে একেলগে থাকি নাহৰতলিত পঢ়িছিল।
তেওঁ যেতিয়াই তেতিয়াই শিক্ষক নথকা শ্ৰেণীকোঠালৈ সোমাই গৈ বৰ্ডত অংক পাতি দিছিল। ছাত্ৰ-ছাত্ৰী সকলে অবাক হৈ চাই ৰৈছিল। তেওঁ আচলতে কি বিষয়ৰ শিক্ষক, সেইলৈ ল'ৰা ছোৱালীৰ কোনো ধাৰণাই নাছিল। কাৰণ তেওঁ সকলো বিলাক বিষয়কে অতি সুন্দৰকৈ বুজাই দিছিল।
মোৰ প্ৰতিয়ো তেওঁ বৰ সদয় আছিল। প্ৰায়েই কৈছিল
' তোমাৰ কাম বেছি হৈছে। মই চেষ্টা কৰিম আৰু এজন মানুহ দিবলৈ।'
মই জানিছিলোৱেই তেওঁ চেষ্টা কৰে কিন্তু বাজেটে নুকুলায়। ভেঞ্চাৰ স্কুল ল'ৰা ছোৱালীৰ ফিজেৰেহে চলে। এই গাৱঁৰ ল'ৰা ছোৱালীৰ পৰা কেইটকানো ফিজ উঠে?
পৰীক্ষাৰ ফিজ, নামলগোৱা ফিজ, মাহেকীয়া ফিজ বিচাৰিলে এসপ্তাহলৈ স্কুললৈ নহা ল'ৰা ছোৱালী ও আছিল। মুঠতে বিচৰা মতে আৰু কৰ্মচাৰী নিযুক্তি দিয়া সম্ভৱ নহয়। তদুপৰি গাৱঁত ভেঞ্চাৰ স্কুল বুলি হেয় চকুৰে চোৱা মানুহৰ সংখ্যা কম নাছিল।
'কেইটা টকানো পাম তাতকৈ ঘৰত বহি থকাই ভাল ' --
বুলি কম টকাৰ বিনিময়ত কাম কৰিবলৈ ও ৰাজী নাছিল।
বৰবৰীৰ ফালৰ বিহাৰী মানুহ এজনী অৱশ্যে আহিছিল কিছুদিনৰ বাবে। চাহ বনাই খুওৱা, কিবাকিবি চাফ-চিকুণ কৰা আদি কামবোৰ ভালকৈয়ে কৰিছিল। সিহঁতে কাম বুলিলে ঢপলিয়াই ক'ৰবাৰ পৰা কৰবালৈ আহিব পাৰিছিল। কামবোৰো নিয়াৰিকৈ কৰিব জানিছিল। পিছলৈ তাইৰ ঘৰৰ মানুহে সেই ঠাইৰ পৰা উঠি আনঠাইলৈ গুচি গৈছিল। তাইৰ যাবলৈ একেবাৰে মনেই নাছিল। কাম কৰিও খুব ভাল পাইছিল। হেডচাৰক কান্দি-কান্দি মানুহ টোক বুজাবলৈ অনুৰোধ কৰিছিল। হেডচাৰে অৱশ্যে গাত লোৱা নাছিল। আচঁটনা লুঙী এখনৰ সৈতে কলা চাৰ্ট এটা পিন্ধি অহা খীন ওখ মানুহটোৱে যাবৰ দিনাও স্কুলৰ কামলৈ অহা ঘৈণীয়েকক লৈ গৈছিল। হেডচাৰে তাই পাবলগীয়া টকা কেইটা দিওঁতে সি কৈছিল-
'ইমান কম টাকাৰে ঘৰ নচ্ লে বাবু। মই দুচ্ ৰা কাম পাই আছোঁ। মাইকী টো না গলে কেন্ কা হব? '
তাই কান্দি কান্দি বিদায় লৈছিল।
আগলৈ
দুলুমণি
৩/৯/২০২০
Comments
Post a Comment