সিপাৰৰ সাঁকো (৩৪)

 #সিপাৰৰ সাঁকো

                               (৩৪)

ল'ৰা ছোৱালী বোৰৰ ভিতৰত কিছুমান বৰ মেধাৱী আৰু তীক্ষ্ণ বুদ্ধিৰ অধিকাৰী আছিল।আন কিছুমানৰ পঢ়া-শুনাৰ প্ৰতি অলপো ধাউতি নাছিল। বুজাই থাকিলেও একো বুজি নাপাইছিল। হেডচাৰে খং উঠিলে ভাল দৰে গৰুপিটন দিয়া দেখিছিলো। ল'ৰা ই ভয়তে থৰথৰকৈ কঁপি থাকিছিল। প্ৰায়ভাগ ল'ৰাৰে  পঢ়া-শুনাতকৈ খেলাধূলা, গান-বাজনাৰ প্ৰতি বেছি ৰাপ থকা যেন লাগিছিল। মেধাৱী সকলৰ কথা সুকীয়া। বিদ্যালয় সপ্তাহ, সৰস্বতী পূজা আদিত দেৱীপুৰৰ পৰা মাইক ভাড়ালৈ আনি ডাঙৰ ডাঙৰ কৈ বজাই স্ফূৰ্তি নকৰা ল'ৰা কমেইহে আছিল। নিজৰ ঘৰত খুব কম ল'ৰা ছোৱালীয়েহে এইদৰে গান শুনিবলৈ পাইছিল। বিদ্যালয়তে সিহঁতৰ মাজতে পইচা গোটাই তাৰে সেই বিশেষ দিনকেইটাত গান শুনিবৰ বাবে কেছেট আৰু সঁজুলি আনিবলৈ প্ৰতিবাৰেই মোৰ পিছত লাগিছিল। 


   'আমি চব যোগাৰ কৰিলোৱে। আপুনি হেডচাৰক     কওকনা!' 

'মই নাজানো দেই সেইবোৰ। চাৰসকলক কোৱা।'


মোৰ সঁচাকৈয়ে লাজ লাগিছিল, শিক্ষকসকলক চেৰাই ল'ৰা বিলাকৰ হৈ হেডচাৰক খাটনি ধৰিবলৈ। পিছে চাৰসকলৰ আছিল কমবয়সীয়া, বেছিভাগেই নতুনকৈ শিক্ষা সমাপ্ত কৰি ভেঞ্চাৰ স্কুলত খাটি থকা ডেকা। আচলতে  ভালদৰে ডিগ্ৰীৰে সৈতে  শিক্ষা  সম্পূৰ্ণ কৰি অহা লোকৰ সংখ্যা তেতিয়া কমেই আছিল বাবে তেওঁলোকে বেছি দিন ভেঞ্চাৰ স্কুলৰ কম দৰমহাত খাটিব নালাগিছিল। দুবছৰমান থাকিয়েই আন চাকৰিত যোগদান কৰিবলৈ সুবিধা পালেই গুছি গৈছিল। মই কামত যোগদান কৰাৰ পিছত এবছৰৰ ভিতৰতে পাচঁজন মান শিক্ষক ওলাই গৈছিল। সকলোৱে নতুনকৈ চৰকাৰী চাকৰিত যোগদান কৰিছিল। হেডচাৰে সকলোকে নিজৰ জীৱনৰ অভিজ্ঞতাৰ কথা কৈ ভালদৰে কামত  মনোনিবেশ কৰিবলৈ উপদেশ দি বিদায় দিছিল। মই তেওঁক সুধিছিলো- 

'এইদৰে শিক্ষকসকল গুচি গ'লে ইয়াতনো কোনে পঢ়াব?'

তেওঁ হাঁহিমুখে উত্তৰ দিছিল- 'আহি থাকিব , গৈ থাকিব। নতুনকৈ পঢ়ি-শুনি ওলোৱা সকলে নহ'লে ক'ত কাম শিকিব?' 

  সঁচাকৈয়ে বিদায়ৰ সময়ত অনুষ্টুপীয়াকৈ পতা চাহ-মেল সভাত সকলো বিদায়ী শিক্ষকে ই হেডচাৰৰ অধীনত চাকৰি কৰা অভিজ্ঞতাৰে  নতুন কৰ্মজীৱনৰ পাতনি মেলাত যথেষ্ট সুবিধা হ'ব বুলি মন্তব্য কৰিছিল।

 অৱশ্যে তেওঁ কোৱাৰ দৰেই স্কুললৈ  নতুনকৈ  অহা সকলৰ সংখ্যা ও কম নাছিল। পিছলৈ নতুনকৈ অহা সকলৰ মাজৰ পৰা বাচনি কৰি হে শিক্ষক নিযুক্ত কৰা হৈছিল।


  ল'ৰাবোৰৰ মনৰ কথা লৈ হেডচাৰৰ কাষচপাৰ সাহস সেয়ে মোৰ বাহিৰে আন কাৰো নাছিল বুলি ল'ৰা বোৰে ভালকৈয়ে বুজি পাইছিল। আচলতে মোৰো তেনে কথাৰ বাবে অনুমতি বিচাৰি যোৱাৰ  সাহস নাছিলেই। মোৰ নিজৰ বিষয়ে থকা সম্যক ধাৰণা অনুসৰি মই স্কুল এখনৰ দৰে  জ্ঞানৰ পবিত্ৰ মন্দিৰত স্হান পোৱাটোৱে  মোৰ সৌভাগ্য ।সেয়ে মই স্কুলৰ কোনো কামতেই কেতিয়াও পাল মৰা নাছিলো। ল'ৰা ছোৱালী বোৰৰ  মাজতো  কিছুমানে  নিম্নমানৰ চিন্তাধাৰাৰ  মন্তব্য কৰি শিক্ষকসকলৰ লগতে মোকো  অপমানিত কৰিছিল। মোক প্ৰায়েই ' হেডমাষ্টৰৰ চামচা' বুলি কোৱা শুনিবলৈ পাইছিলো। 

  তথাপিও  কোনো ধৰণৰ আক্ষেপ নোহোৱাকৈ ল'ৰা ছোৱালীবোৰৰ কাৰণে কৰিবলগীয়া আটাইখিনি কৰি সিহঁতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছিলো। 

     মই কলেও ‌ নকলেও হেডচাৰে  ল'ৰা বোৰৰ মন বুজি পাইছিল। মোক কেইটামান বচা বচা ল'ৰা ৰ সৈতে  গান বজাবলৈ মাইক, কেছেট সহ আন সঁজুলি আনিবলৈ পঠাইছিল। 

  লৰাহঁতে  বিদ্যালয় সপ্তাহ পালন কৰিছিল । খেল ধেমালি, কবিতা আবৃত্তি, গান-গোৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে মাজে মাজে কেছেটৰ অসমীয়া, হিন্দী ভাষাৰ গানে সেই কেইদিনমানৰ বাবে বিদ্যালয়খনিত মায়াময়  পৰিবেশৰ সৃষ্টি কৰিছিল। 

     মই মিলিৰ স্কুল বন্ধ থাকিলে প্ৰায়েই প্ৰতিযোগিতাসমূহ দেখুৱাবলৈ লৈ আহিছিলো। তাই বৰ আগ্ৰহ প্ৰকাশ কৰিছিল। কেছেট ৰ গান শুনি ঘৰতো গাইছিল। 

তাৰ পিছত মই তাইক  গান শুনিবলৈ ৰেডিঅ' এটা কিনি দিব লগীয়া হৈছিল।

                                                  আগলৈ

    দুলুমণি

২/৯/২০২০







Comments

Popular posts from this blog

সিপাৰৰ সাঁকো (৭৫)

সিপাৰৰ সাঁকো (৩২)

সিপাৰৰ সাঁকো (৪২)