সিপাৰৰ সাঁকো( ১০)
মৰমেৰে আগবঢ়ালো -
#সিপাৰৰ সাঁকো
(১০)
চেঁচা চেঁচা পনীয়া ভাৱ এটা মোৰ চকুৱে মুখে অনুভৱ কৰাত খকমকাই সাৰ পালো। কাষত ৰজনী আৰু ঠগীকাইৰ বাহিৰে কোনো নাছিল। মোক ধৰি উঠাই লৈ খৰখেদাকৈ যাব ধৰোঁতেহে অলপ আগতে মোৰ সৈতে ঘটি যোৱা সৰ্বনাশী ঘটনাৰ কথা মনলৈ আহিল। বুকুখনত এসোপামান শোকে খুন্দা মাৰি ধৰিলে।কান্দিব নোৱাৰিলো । চকুৰ পানী শুকাই যোৱা যেন লাগিছিল। মাথো ৰৈ ৰৈ বুকুৱে পেটে শেলে বিন্ধাৰ দৰে লাগি থাকিল। এক অৰ্দ্ধচেতন মনেৰে সপোন দেখাৰ দৰে মই কেৱল ৰজনী আৰু ঠগীকাইৰ গাত ধৰি নপৰাকৈ আগবাঢ়িছিলো।
ৰজনীয়ে অকণো পলম নকৰাকৈ নিজৰ গাড়ী খনত সকলোকে বহাই দিলে। মোক আৰু ঠগীকাইক আন এখন গাড়ীত বহিবলৈ কলে।তাত মলয়াৰ নিথৰ দেহাটো বগা কাপোৰেৰে ঢাকি থোৱা আছিল। এইবাৰ গাড়ীখনত মলয়াৰ দেহাটো দেখা লগে লগে মোৰ জোৰে জোৰে কান্দোন ওলাই আহিছিল। মই মলয়াৰ শ টোৰ ওপৰতে উবুৰি খাই গোটেই ৰাস্তাটো কান্দিয়েই থাকিলো। মোৰ মনৰ সমস্ত ক্ষোভ উজাৰি মলয়াক খং কৰিলো। তাইৰ আশাবোৰ , তাইৰ পৰিকল্পনা বোৰ তাইক মনত পেলাই দিলো । তাইৰ অবিহনে ছোৱালীজনীক কেনেকৈ অকলে ডাঙৰ কৰিম - সেইবোৰ কথাকে কৈ কৈ গোটেই ৰাস্তাটো প্ৰলাপ বকি বকি স্বগত্যোক্তি কৰিলো। ঠগীকাই মনে মনে মোৰ কাষতে বহি থাকিল। মোৰ মনৰ দুখবোৰ পাতল হওক বুলিয়েই চাগে তেওঁ একো কোৱা নাছিল। মোক বাধাও দিয়া নাছিল। কেতিয়া গাড়ী ঘৰৰ চোতালত ৰৈছিলহি মই গম নাপালো।
মোৰ মূৰটোৰ ভিতৰখন একেবাৰে খালি হৈ পৰা যেন লাগিছিল। চকু মেলি চাই থাকিলেও মোৰ চকুৱে একো দেখা নাছিল। বুকুত গধুৰ ওজন এটা ৰাখিথোৱা যেন লাগিছিল। মই একেঠাইতে বহি আছিলো। ৰাতিৰ পৰা দিন হৈছিল। বেলিৰ পোহৰ চোকা হৈ মোৰ গা পুৰিছিল। তথাপিও মই লৰচৰ নোহোৱাকৈ একেঠাইতে বহি আছিলো। সেইসময়ত মোৰ হৈ সমস্ত দায়িত্ব পালন কৰিছিল ঠগীকাইয়ে। ঠগীকাই চাগে মোৰ কোনোবা জনমৰ সহোদৰেই আছিল । গাঁৱৰ ৰাইজে খৰি কাটিছিল , চাঙী সাজিছিল। মোক ধৰি শ্মশানলৈ লৈ গৈছিল। চিতাৰ খৰিত মোৰ হাতেৰে জুই দিয়াইছিল।
মই চেতনা ঘূৰাই পাইছিলো মলয়াৰ চিতাৰ জুই হঠাৎ ভমভমাই জ্বলি উঠাৰ সময়ত । সেই জুইৰ উত্তাপে মোৰ চেতনা ঘূৰাই আনিছিল , ঠিক তিনিবছৰ আগেয়ে মলয়াৰ সান্নিধ্যই মোৰ চেতনা অনাৰ দৰে।ৰাতিৰে পৰা অনুভৱ কৰি থকা চেতনাহীনতা তৎক্ষণাৎ যেন আতঁৰি গৈছিল।
মই বুজি উঠিলো যে মলয়াই নিজে ক'ব নোৱাৰি লে ও মোৰ চৌপাশে থকা বিভিন্ন মাধ্যমেৰে মোক যেন সঁকিয়াই দিছিল মোৰ কৰ্তব্যসমূহ। ইয়াৰ আগতে চিতাৰ জুই বহু বাৰ দেখিছিলো কিন্তু অতি আপোন মানুহৰ জ্বলি থকা চিতা এই প্ৰথম দেখিছিলো। পিতাইৰ মৃত্যুৰ সময়ত মোৰ ৫-৬ বছৰ বয়স আছিল। কাৰোবাৰ কোলাত উঠি মৰিশালি পাইছিলোহি আৰু একো নজনাকৈ কোনোবাই হাতত ধৰাই দিয়া জোৰ ডালে খৰিবোৰত জুই লগাই দিছিলো। ভালকৈ জ্বলাব নোৱাৰিছিলো। তাৰপিছত কোনোবাই মোক কোলাত লৈ ঘৰত থৈ আহিছিল। ঘৰত আই পাগলীৰ দৰে ইনাই- বিনাই কান্দি আছিল। তেতিয়া মই একো বুজি পোৱা নাছিলো। মই কিবা খাবলৈ বিচাৰি পাকঘৰ চলাথ কৰিছিলো। ওচৰৰ খুৰীহঁতে 'বাপেৰৰ মূৰ খালি আৰু কি খাৱ?' বুলি ভেকাহি মাৰিছিল। পিতাই বাৰিষা কালত ঘৰৰ খেতি কৰিছিল আৰু খৰালি খেতি চপাই থৈ পাহাৰৰ গছ কাটি কাঠ ফলা মিলত কাম কৰিছিল। আমাৰ গাৱঁৰ বহুত মানুহ গৈছিল । গছ কাটি থাকোঁতে পিতাইক হেচাঁমাৰি ধৰাত পিতাই ঠাইতে সিফলিয়া হৈছিল। সেইবোৰ কথা মই ডাঙৰ হৈহে জানিছিলো।
মলয়াক দহা চিতা জুইকুৰা তেতিয়াৰে পৰা ধু- ধুঁৱাই মোৰ বুকুৰ মাজত জ্বলি থকা হ'ল। মলয়াৰ শাৰীৰিক উপস্হিতি অবিহনে কটোৱা বিগত কেইটামান ঘণ্টাৰ যণ্ত্ৰণা একমুহূৰ্তৰ এই অনুভূতি য়ে নোহোৱা কৰি দিলে। শ্মশানৰ পৰা ঘৰলৈ ঘূৰি যোৱাৰ বাটত মোৰ লগৰ কেইবাটাও আছিল। মই কাৰো লগত একো কথা নাপাতি মনে মনে গৈ থাকিলো। বয়সীয়া সকল আগতেই ঘূৰি গৈছিল। মই শেষলৈকে বহি থাকি একেবাৰে চিতাৰ জুই চেঁচা হোৱালৈকে চাই আছিলো। মই তেনেকৈ বহি থকা দেখি মোৰ সমনীয়া কেইটা ই কাষৰ জংঘল বোৰ মুকলি কৰি ওচৰতে থকা বাঁহ জোপাৰ পৰা দুটা মান কাটি একেবাৰে ঠাই ডোখৰ বেঢ়িয়েই দিলে। এইবোৰ কৰি শেষ হয় মানে গধূলি হৈছিল।
আগলৈ
দুলুমণি
৯/৮/২০২০
Comments
Post a Comment