সিপাৰৰ সাঁকো ( ৯)

 #পাঠকৰ মৰম বিচাৰি আগবঢ়ালো!

                           #সিপাৰৰ সাঁকো                

                                       (৯)

সেইটো চাগে কেঁচুৱা পোৱা মহিলা সকলৰ কোঠা আছিল। কেঁচুৱাবোৰে কান্দি  আছিল। কান্দি  থকা কেঁচুৱাবোৰক মাক বোৰে নিচুকাই আছিল। মই মনতে ভাবি ক'লো- 'অলপ পাছতে দৰৱ বেজি লৈ মলয়াই এইদৰেই কেঁচুৱা নিচুকাই থাকিব। '

ৰজনীয়ে  কিনি অনা দৰৱৰ টোপোলা  ল'বলৈ মোক মহিলা গৰাকীয়ে দুৱাৰ মুখলৈ মাতিলে। মই টোপোলা নি মলয়াক শুৱাই থোৱা বিছনাৰ কাষৰ  সৰু টুল খনত থ'লো।  তৰাদৈবাই তাতে থিয় হৈ মলয়াৰ খুলি পৰা খোপাৰ আউলি-বাউলি চুলি বোৰ ঠিক কৰি আছিল। ডাক্তৰ আহি আছে বুলি কোৱাত মোৰ ভাল লাগিল। কাষৰ ৰোগী সকলে  মলয়াৰ অৱস্হা লৈ চাই দু:খ কৰি আছিল। মই ৰজনীৰ  লগত কথা পাতিবলৈ বাহিৰলৈ ওলাই গৈছিলো।  ৰজনীয়ে বগা কাপোৰ পিন্ধা মানুহ এজনক ' চাৰ আহিছেনে নাই ' বুলি সুধিলে। তাৰ পিছত 'মই আকৌ মাতি আহোঁ 'বুলি  সেই মানুহ জনৰ লগত গুচি  গৈছিল। মই বাহিৰতে থাকিও পৰ্দাকাপোৰৰ ফাকেঁৰে ভিতৰত কি হৈছে লক্ষ্য কৰি থাকিলো। 

 মলখুৰ মাকে বাহিৰতে বেঞ্চ এখনত বহি কোলাত লৈ থকা 

কেঁচুৱা জনীয়ে খুব কান্দিছিল। কোঠাৰ সমুখত বহি থকা মহিলা গৰাকীয়ে ভিতৰলৈ লৈ যাবলৈ কৈছিল। মলখুৰ মাকে ভিতৰলৈ নিয়াত  দুৰত বহি থকা নাৰ্ছ গৰাকীয়ে  বটল এটাত পাউদাৰ গাখীৰ গুলি ভৰাই আনি দুধদানিৰে কেঁচুৱাৰ মুখত দিলে। জন্মৰ পাঁচ ঘণ্টাৰ পাছত প্ৰথম বাৰৰ বাবে মোৰ কেঁচুৱা জনীয়ে গাখীৰ খাইছিল। তাকো পাউদাৰৰ। নাৰ্ছ গৰাকীয়ে মলখুৰ  মাকক তেতিয়া লৈকে কেঁচুৱাক কি খুৱাইছে সুধিলে। মলখুৰ মাকে মৌহে চেলেকাই আছে বুলি কোৱাত তেওঁ  'কেঁচুৱাৰ মুখত  মৌ কেতিয়াও নিদিব'  বুলি  দঢ়াই দঢ়াই ক'লে। তেওঁ তৰাদৈ বাইৰ  হতুৱাই মোক ' লেকটুজেন'  আৰু    'দুধদানি' কিনি আনিবলৈ কৈ পঠালে। মই মুখেৰে ফুটাই  কব নোৱাৰা দেখি তৰাদৈ বায়ে বাৰে বাৰে আওঁৰালে আৰু  ঠগীকাইক লগত লৈহে যাবলৈ কলে। 

 মই বিশেষ একো নভবাকৈ ঠগীকাইক লগতলৈ দোকানলৈ যাবলৈ ওলালো।  

 গোটেই চৌহদটো দিনৰ দৰে পোহৰ  আছিল। অন্তত: আমাৰ গাঁৱৰ  ঘোপমৰা অন্ধকাৰৰ তুলনাত সেয়া দিনৰ পোহৰৰ দৰে বুলিয়েই মোৰ মনত ভাৱ হৈছিল। পিছে  বাহিৰলৈ ওলাই যোৱা ৰাস্তাটো অলপ আগতে সোমাই আহোঁতে মন কৰাই নহ'ল।  পোনতে সোমোৱা কোঠাটোৰ পৰা এই কোঠাটো আঁতৰত আছিল। তথাপিও বাৰান্দা খনেৰে  গৈ থাকিলো। বাহিৰলৈ ওলাই যোৱা ৰাস্তা পালো।  বহুত সময় খোজকাঢ়ি  গৈ থমকি ৰ'লো। সেইটো ৰাস্তাৰে  গ'লে  দোকান  বিচাৰি পোৱাৰ  কোনো উমঘাম নেদেখিলো।  ৰজনীয়ে বৰ সোনকালেই দৰৱ কিনি উভটি আহিছিল। মানে দোকান ওচৰতে ক'ৰবাত আছে।  এতিয়া ৰজনীক বিচাৰিবলৈও  ডাক্টৰ বহা কোঠাটো বিচাৰি  আকৌ ঘূৰি যাব লাগিব। সেইটো ও যে মই সোনকালে বিচাৰি নাপাওঁ সেইটো খাটাং। তাতকৈ একেবাৰে গাখীৰৰ পেকেট কিনি লৈ যোৱাই ভাল হ'ব বুলি ভাবিলো। ভোকে লঘোণে থকা কেঁচুৱাজনীক যিমান সোনকালে পাৰি সিমান সোনকালে খুৱাব লাগিব। তাকে ভাবি আগবাঢ়িছিলো। চৌহদটোৰ কেইবাখনো সৰু সৰু গেট দেখিলো। 

গাড়ীৰ বাবে বহল গেট অলপ দূৰত হে দেখা পালো। তাৰমানে আমি অহা গাড়ীখন সেইফালেহে আহিছিল।

মই আৰু ঠগী কাই পুনৰ সেইফালেহে পোনাই দিলো। আহোঁতে গাড়ীৰ ভিতৰৰ পৰা মই বহুত দোকান দেখিছিলো। সঁচাকৈয়ে  দোকান পালো। পিছে প্ৰথম দোকান খনত সুধোতে ৰাস্তাৰ ইটো পাৰে হে কেঁচুৱা ই খোৱা গাখীৰ আছে বুলি কোৱাত খৰখেদাকৈ পাৰ হৈ যাওঁতে আহি থকা চাইকেল এখনত জোৰেৰে  খুন্দা খালো।  কোনোমতে কৰ্ফাল খাই নপৰাকৈ থাকিলো। 

           'ঐ গাৱঁলীয়া ভূত, টাউনৰ ৰাস্তাত খোজ কাঢ়িব নাজান নেকি?'-বুলি গালি পাৰি চাইকেল আৰোহীজনে পুনৰ চাইকেলত উঠিছিল।

 বৰ বিশেষ একো নহ'লেও মই ভৰি এটাত বিষ বিষ অনুভৱ কৰিলো। মুখেৰে একো নামাতি ৰাস্তাৰ দাঁতিতে ৰৈ   ঠগীকাইকে দোকান খনলৈ যাবলৈ কলো।ঠগীকাইয়ে  আছে বুলি কোৱাত  ততাতৈয়াকৈ  কিনি যিফালে আহিছিলো সেইফালেই ঘূৰি গলো।


 এইবাৰ ঘূৰি যাওঁতে একো আহুকাল  নহ'ল । কেৱল জ্বলি থকা লাইটৰ বাল্ব বিলাকৰ চাৰিওফালে উৰিফুৰা পোকবোৰৰ তলেৰে পাৰহৈ যাওঁতে দুই এটা চকুত সোমাই অলপ সময়ৰ বাবে খচ্ খচাই  আছিল।। কিন্তু উভতি গৈ  যি দেখিছিলো  সেয়া দেখা পোৱাৰ  আগতে মোক চাইকেলে খুন্দিওৱাতকৈ গাড়ীয়ে খুন্দিয়াই চেপেটা কৰি থৈ যোৱা হ'লে হাজাৰ গুণে ভাল আছিল।


   মলয়াক ৰখা কোঠাটোৰ সমুখত বহুত মানুহ ৰৈ আছিল। মই খৰ খেদাকৈ সোমাই গ'লো। অলপ আগতে আনি দিয়া ঔষধৰ টোপোলাৰ পৰা  চেলাইনৰ বটল  মলয়াক কেতিয়া লগাই দিছিল সেয়া দেখা নাছিলো । কিন্তু  নাৰ্ছ গৰাকীয়ে  বটলটো খুলি পেলাইছিল আৰু মলয়াৰ হাতৰ  পৰা বেজিটো উলিয়াই তাইক মূৰলৈকে বগা কাপোৰেৰে ঢাকি দিছিল। তৰাদৈ বাইয়ে  মোক দেখা পাই চলচলিয়া চকুৰে ' মলয়া আৰু নাই অ' ! আমি তাইক লৈ অহা দেৰি কৰিলো' বুলি কান্দি উঠিছিল।

মোৰ বিশ্বাস হোৱা নাছিল। মই মল‌য়াৰ মুখখনৰ পৰা বগা কাপোৰ গুচাই তাইক চিঞৰি চিঞৰি মাতিলো।  লাহে লাহে মোৰ বুকুখনত কিবাহে চেপামাৰি ধৰাৰ দৰে লাগিছিল ।   চৌপাশ ধুঁৱলি- কুৱঁলি দেখিলো। মোৰ মূৰটো ঘূৰোৱা যেন লাগিছিল। মোৰ মুখেৰে মাত নোলোৱা হৈছিল।দুভৰিত কঁপনি অনুভৱ কৰিলো । 'ঠগীকাই ঐ ' বুলি চিঞৰি  গুৰি কটা ভীমকলৰ গছৰ দৰে বাগৰি পৰিলো। 

                                       আগলৈ

 দুলুমণি

  ৮/৮/২০২০

Comments

Popular posts from this blog

সিপাৰৰ সাঁকো ১

অনুবাদ কবিতা