সিপাৰৰ সাঁকো
পাঠকৰ মৰম বিচাৰি
#সিপাৰৰ সাঁকো
( ৭)
কেঁচুৱাই আকৌ কান্দি উঠিছিল । মলয়াৰ গালত ধৰি মই লাহেকৈ জোকাৰি দিলো ! সৰুমাতেৰে দুবাৰ মান লাহেকৈ নাম ধৰিও মাতিলো । তাই কোনো সহাঁৰি নিদিলে। মোৰ মনৰ সংশয় ৰজনীয়েও বুজি পাইছিল চাগে । পিছলৈ নোচোৱাকৈয়ে ক'লে -'তুমি চিন্তা নকৰিবা , মই ক'ত কি কৰিব লাগে জানো।গৈ পোৱাৰ পিছত নাৰ্ছ- ডাক্টৰ পাই যাব লাগে। '
মই জানিছিলো ৰজনীয়ে সেই সুবিধা কৰিব পাৰিব। সেয়ে কলো -'তুমি কৰিলে হে কৰা , মইতো জীৱনত সেইবোৰ চিভিল- টিভিল গচকিয়েই পোৱা নাই!' জনা হ'লে বাছত তুলি কেতিয়াবা মলয়াক টাউনৰ হস্পিটেললৈ নি দেখুৱাই আনিলোহেতেঁন।
পকাৰাষ্টা পোৱা যেন লাগিছে। মোৰ মনটো অলপ ভাল লাগিছিল। কেঁচুৱা আকৌ টোপনি গ'ল। গাড়ীৰ হেন্দোলনিয়েই কেঁচুৱাক টোপনি নিয়াইছে যেন লাগিছিল।
ৰজনীয়ে আকৌ ক'লে - 'আমাৰ ওচৰতে হস্পিটেল এখন হ'ব পাৰে বুলি কোৱা শুনিছোঁ, হ'লেও নো কি লাভ ডাক্টৰ- নাৰ্ছে তো আৰু আমাৰ দৰে গাৱঁলীয়া জেগাত ঘৰ পাতি নবহে! বিচৰা সময়ত কাকো নোপোৱা। '
মই কথাষাৰৰ আঁত ধৰি কল্পনা কৰিলো আমাৰ গাঁৱত নালাগে নাহৰতলিৰ হস্পিটেল খনেই যদি আচল হস্পিটেল হ'লহেতেন মানে গৰুৰ গোবৰৰ দম নাথাকি তাত যদি নাৰ্ছ এগৰাকীও থাকিলহেঁতেন , তেন্তে মলয়াই ইমান সময়ে উপযুক্ত দৰৱ-জাতি পালেহেতঁন। হয়তো সুস্হ হৈ মোৰ লগত কথা পাতি কেঁচুৱা জনীলৈ চাই হাঁহি মাৰি ক'লেহেঁতেন -
' অঁ বাপেকৰ আশা পূৰণ হ'ল।'
ক'ব নোৱাৰা কৈ মই মিচিকিয়াই হাঁহি পালো । মানুহে মোক বলিয়া বুলিব এই অৱস্হাত মিচিকিয়াই হঁহা দেখিলে। কি অলিক কল্পনাই যে মোৰ মুখত হাঁহি বিৰিঙাইছে সেইটো কথা মই হে জানো। গাড়ীৰ ভিতৰত আন্ধাৰত কোনো দেখা নাপালে বুলিহে।মলয়াক ভাল হোৱাৰ পাছত কব লাগিব।
তৰাৰ ঘৰলৈ যোৱা ৰাস্তাটো পাৰহৈ আহিলো। আইক মিছাকৈ তৰাৰ ঘৰত সোমাই তাইক লৈ যাম বুলি কৈছিলো। তাই গম পালেতো আগতেই আহি ৰৈ থাকিল হেঁতেন। পকী পথটোৰ পৰা গাঁৱলীয়া ৰাস্তাৰে দেৰমাইল মান সোমাই হে তাইৰ ঘৰ। জোঁৱাই মিলিটেৰি , কাশ্মীৰৰ পৰাও বহু দূৰত একেবাৰে বৰ্ডাৰতহে থাকে। তাই, শহুৰ-শাহুৰৰ লগত থাকে। ডাঙৰজনৰ পৰিয়াল বেলেগ। সেয়ে এৰি থৈ আহিবলৈ বেয়া পায়। তথাপিও বৌয়েকৰ এই অৱস্থাত তাই দহো-বন কাটি কৰি ও আহিলেহেঁতেন।
ভাবি থাকোতেই বহুত দূৰ আগবাঢ়িলো চাগে।অলপ সুস্হিৰ হৈছিল গাড়ীৰ ভিতৰখন । অথনিৰে পৰা ঢলং- পলং কৈ চলি থকা গাড়ীখন হঠাতে মিহি ৰাস্তাত চলা যেন লাগিছিল। ৰজনীয়ে স্পীড বঢ়াই দিছিল।
'পালোগৈয়েই আৰু' বুলি কৈ গলখেকাৰি এটা মাৰি আকৌ ক'লে-' এই খিনিৰে পৰা একেবাৰে পিচ কৰা ৰাষ্টা। টাউনীয়া মানুহে ৰাষ্টা বেয়া হ'লে চৰকাৰী অফিচত একেবাৰে হৈ- হাল্লা কৰি দিয়ে। আমাৰ গাঁৱত নো কোনে সেইবোৰ জানে!'
সঁচাকৈয়ে ... আমাৰ ইমান দেৰি লাগিল আহোঁতে, বেয়া ৰাষ্টা দেখিহে !
মই মলয়াৰ বাৰে বাৰে পৰি যাব খোজা হাতখন উমানতে তাইৰ গাৰ ওপৰত ভাঁজ দি ৰাখিলোঁ আৰু তাইৰ গাটো পৰি নোযোৱাকৈ বহাচিটত মেলি থোৱা মোৰ বাওঁ হাতৰ কিলাকুটি অংশটোৰে হেঁচা মাৰি থলো। কম্বলেৰে মেৰিয়াই থোৱা স্বত্বেও তাইৰ গাটো বৰ চেঁচা যেন লাগিছিল। মই ৰজনীক কলো- 'টকা-সিকা বৰ বেছি নাই এতিয়া লগত। সোমাই গৈয়ে বহুত খৰচ হ'ব নেকি ?'
ৰজনীয়ে ক'লে- 'এই খন চৰকাৰী হাস্পাতালত পইচাৰ কথাই নাই । পিছে পইচা নিদিলে কোনেও একো কৰিয়েই নিদিয়ে। তোমাক নোখোজে , কিন্তু তোমাৰ কাম তেতিয়া লৈকে নকৰে যেতিয়ালৈকে জেপত কিবা এটা নপৰে। দুই এক ভাল মানুহো আছে ।তুমি চিন্তা নকৰিবা বান্ধ' মই কৰিম নহয় যি কৰিব লাগে। অঁ দৰৱ -জাতি কিনিয়ে ল'ব লাগিব। সেইবোৰ বহুত কথা বান্ধ' , তুমি আমি বুজি নাপাওঁ। '
হব, যি খৰছ হয় হ'ব । মুঠতে মলয়া হাঁহি-মাতি ঘূৰি আহিব লাগে। বেপাৰ কৰি পোৱা টকাকেইটা শেষ হ'লে মাটি এবিঘা বিক্ৰী কৰি দিম। অতদিনে ভাল কাপোৰ কানি এটাও নিপিন্ধাকৈ মলয়াই সাঁচি ৰখা টকা কেইটাকে সম্বল কৰি মই ওলাই আহিছিলো। ঘৰৰ লাগতিয়াল খিনিৰ বাবে খৰচ কৰাৰ পিছত থাকি যোৱা দহ বিশ টকা মই তাইৰ হাতত তুলি দিছিলো । তাই ও কাপোৰ বৈ বেচি আৰু হাহঁ-পাৰ বিকি ভালেখিনি ধন গোটাইছিল । ধনখিনি খৰছ হোৱালৈ দু:খ লগা নাছিল। আগলৈ তাইক জব্দ কৰিবলৈ এটা চেলু পোৱা বুলি ভাবি ভালহে লাগিছিল মোৰ।
ৰজনীয়ে গাড়ীখন কোনফালে ঘূৰাই নি হস্পিটেল চৌহদত সোমোৱালে মই ধৰিব নোৱাৰিলো। দোকানৰ সন্মুখত জ্বলাই থোৱা লাইটৰ বাল্ব বিলাকৰ পোহৰত মানুহৰ মুখবোৰ দেখিছিলো। ৰজনী গাড়ীৰ পৰা নামিল। খৰ-খেদাকৈ মোক 'মই আহিছো তুমি ইয়াতে থাকা '' বুলি কৈ ভিতৰলৈ সোমাই যায়।
আগলৈ
দুলুমণি
৬/৮/২০২০
Comments
Post a Comment