সিপাৰৰ সাঁকো
এবাৰ পঢ়ি চাব বুলি আশা ৰাখিলো
#সিপাৰৰ সাঁকো
( ৮)
সঁচাকৈয়ে মই মলয়াৰ মুখ খনলৈ চাই গাড়ীতে বহি থাকিলো । চিকিৎসালয়ৰ নাম ফলকৰ কাষত জ্বলি থকা লাইটৰ উজ্জ্বল পোহৰত তাইৰ মুখখন স্পষ্টকৈ দেখা পাইছিলো। প্ৰসৱৰ যন্ত্ৰনাকাতৰ চিঞৰবোৰৰ লেশমানো পৰশ নাছিল তাত। মলখুৰ মাকে কেঁচুৱা লৈ নমাৰ যো-জা কৰিলে । ঠগীকাই ও নামি গৈ গাড়ীৰ ওচৰতে ৰৈ থাকিল।
ৰজনীয়ে হাতত এখন বগা কাগজ লৈ আহিল । ইমাৰজেঞ্চি বুলি কোৱাত বোলে লগতে ডাক্তৰে চকা থকা চাঙীও পথালে।দুজন মানুহে মলয়াক দাঙি নি শুৱাই চলাই চলাই লৈ গ'ল। মই লগে-লগে গ'লো। বেছি দূৰ যাবলগীয়া নহ'ল। এখন সেউজীয়া পৰ্দা ঠেলি চকা লগোৱা বিছনা খন আগবঢ়াই নিলে। ভিতৰত ডাক্টৰ এজন আছিল । কাষত কেইবাজনো ৰোগী। এগৰাকী শুধবগা কাপোৰ পৰিহিতা এগৰাকী নাৰ্ছে তেওঁক কামত সহায় কৰি আছিল। তেওঁ আমি কোঠাত সোমোৱাৰ লগে লগে কোনো কথাৰ অৱতাৰণা নকৰাকৈ মলয়াৰ হাতখন তুলি ধৰি ইখন হাতেৰে চকুৰ পটা ভাঙি চালে। লগত থকা নাৰ্ছ গৰাকী য়ে টৰ্ছ টো মাৰি চকুৰ পতাৰ ওপৰত পোহৰটো ধৰি ৰাখিলে । স্থেথিচ্ কোপ ( বহু পলমকৈহে নামটো জানিছিলো) ডাল মলয়াৰ বুকুত লগালে । তাৰপিছত কেঁচুৱা হোৱা কিমান দেৰি হ'ল সুধিলে । মোৰ কোনো সময়জ্ঞান নাছিল, পিছে ৰজনীয়ে ৫ ঘণ্টা মান পাৰ হ'ল বুলি উত্তৰ দিলে।
এইবাৰ ডাক্টৰে ক'লে- ' এক্ ছেচিভ ব্লীডিং হৈ একেবাৰে মানুহ মৰিলেই আৰু ! এদ্ মিট কৰাই যদি কৰাই দিয়ক পিছে লাভ নহয়। '
মই লগে-লগে ডাক্তৰৰ ভৰিতে ধৰি বহি পৰিলো । হাতযোৰ কৰি চিৎকাৰ কৰি উঠিলো - 'চাৰ , সেইবোৰ কি কৈছে, মানুহ জনীৰ চিকিৎসা কৰক। তাই বৰ সাহসী চাৰ , তাই কেতিয়াও নমৰে। আপুনি বেজি দিয়ক, চেলাইন দিয়কচোন , তাই ভাল হ'ব ই। '
ডাক্টৰে এখোজ পিছুৱাই গৈ আগতকৈ খঙত কলে - আগতেই নানিলা কিয়? দেলিভাৰি হৈ পাচঁঘণ্টা ব্লাড গৈয়ে আছে, কোনে কৰাইছিল দেলিভাৰি? মই মলখুৰ মাকক দেখুৱাই দিয়াত ডাক্টৰে তেওঁকো ধমকি দিয়াৰ সুৰত ক'লে - ' কি চাই আছিলে ইমান দেৰি? আপুনি নাৰ্ছ নেকি ? '
মলখুৰ মাকে সেমেনা-সেমেনি কৰিলে কিন্তু মুখেৰে একো নামাতিলে। মোৰ ধৈৰ্যচ্যুতি ঘটিল। মই কন্দনামুৱা হৈ কলো-' আমি বহুত দূৰৰ পৰা আহিছো চাৰ। কি কৰো নাৰ্ছ এগৰাকী ও পাবলৈ নাই আমাৰ তাত। এওঁক ধাই বুলি মই মাতি আনিছিলো। চাৰ এতিয়া মোৰ মানুহ জনীৰ চিকিৎসা কৰক! চাৰ মই কাবৌ কৰিছো ।'
ডাক্টৰে অলপ শান্ত হৈ ৰজনীয়ে কাটি অনা টিকট ৰ কাগজ খনতে দৰৱ কিছুমান লিখি দি ক'লে ওচৰৰ ফাৰ্মাচিৰ পৰা কিনি আনকগৈ। মই অলপ আগতে ডাক্তৰৰ ভৰিত বহি পৰাৰ পৰা উঠি আহিলো। ৰজনীয়ে হাত পাতি লৈ মোক ইংগিতেৰে বাহিৰলৈ মাতি ওলাই গ'ল। মইয়ো ওলাই গলো। ৰজনীয়ে টকা আছেনে নাই সোধাত মই পলিথিনৰ ঠোঙা ত ভৰাই থোৱা টকাখিনিৰ পৰা পঞ্চাছ টকীয়া দুখন উলিয়াই দিছিলো। ৰজনীয়ে হ'ব হ'ব বুলি কৈ খৰধৰকৈ গৈছিল । যাওঁতে মনে মনে কৈছিল -'টকাৰ টোপোলা ভালকৈ ৰাখা, ইয়াত জেপলুৰুকা আছে।'
মই তৰাদৈ বাইৰ হাতত থকা বেগটো আছেনে নাই চালো। ইমানপৰে মলখুৰ মাকে ধমক খাই কেঁচুৱাৰ সৈতে বাহিৰলৈ ওলাই আহি বেঞ্চ এখনতে বহি লৈছিল।
মোৰ তেওঁক দেখি বেয়া লগাত কৈছিলো -
' চিন্তা নকৰিব, মলয়া এতিয়া ভাল হ'বই।'
মোৰ মুখলৈ চাই তেওঁ মোক ভিতৰত কি হৈছে চাবলৈ কলে। ইমান পৰে মলয়াক শুৱাই থোৱা বিছনা খন কোঠাৰ পৰা উলিয়াই আনিছিল। ঠেলি নি নি এটা হলৰ দৰে বহুতো বিছনা থকা কোঠাত ভৰাই দিলে। আমি আটায়ে সেইখনৰ লগে লগে খোজকাঢ়ি সেই কোঠাত সোমালো। সমুখতে বহি থকা মহিলা এগৰাকীয়ে মতা মানুহ নোসোমাব বুলি কোৱাত ৰৈ গৈছিলো। তাৰ পিছত চকা লগা চাঙীখন এঢলীয়া কৰি তাৰে প্ৰথমে পোৱা বিছনাখনতে শুৱাই দিলে।মুখ খন একেবাৰে কলা পৰি গৈছে।
মোৰ মনত মলয়াৰ যি মতগজ সাহসী ৰূপ অঁকা আছিল সেই জনী মানুহে কেতিয়াও ইমান সহজে পৰাজয় স্বীকাৰ নকৰে বুলি নিশ্চিত আছিলো। সেই সাহসতে মই ইমান দূৰ বাট সুস্হিৰ হৈ থাকিলো। ডাক্তৰৰ কথা মনত পৰি বুকু খন চিৰিং কৈ কঁপি উঠিছিল।
মই মহিলা গৰাকীক অকণমান দেৰিৰ কাৰণে সোমাওঁ বুলি কোৱাত তেওঁ 'গিৰিয়েক নেকি? ' বুলি সুধিলে।
মই 'হয়' বুলি কোৱাত তেওঁ ' তৎক্ষণাৎ ওলাই আহিব'
বুলি কৈ সোমাবলৈ দিলে।
তাত বেলেগ নাৰ্ছ এগৰাকীয়ে আগৰেপৰা থকা ৰোগী সকলক কিবাকিবি সুধি আছিল। মলয়াৰ ওচৰ পাই চক্ খাই উঠিছিল। মোক কলে - 'ডাক্টৰক দেখুৱাব লাগিছিল !'
মই সকলো কোৱাৰ পিছত তেওঁ বেবী টো ক'ত বুলি সুধিলে । তৰাদৈ বায়ে বাহিৰত আছে বুলি কোৱাত তেওঁ কিবা ক'ব খুজিছিল। পিছমুহূৰ্ততে তেওঁ একো নকৈ আঁতৰি গৈছিল।
আগলৈ
দুলুমণি
৭/৮/২০২০
Comments
Post a Comment