জয়তু শংকৰ সৰ্বগুণাকৰ
২)মণিকাঞ্চন
#মণিকাঞ্চন
গৌৰবৰ্ণ তেজোদ্দীপ্ত সুপুৰষৰ ক্ৰোধান্বিত মুখমণ্ডললৈ চাই গুৰুআতাই মিচিকিয়াই হাঁহিলে। তেওঁৰ হাঁহিত তৰুণৰ ক্ৰোধ দুগুণে চৰিল। গুৰুৱে প্ৰিয় শিষ্য ৰামদাসৰ কথা শুনি কিবা কোৱাৰ আগতেই সংস্কৃত শাস্ত্ৰজ্ঞ তৰুণে তেওঁক চলাহী কথাৰে ভনীজোৱাঁয়েকৰ মগজুৰ বিকৃতি ঘটোৱা বুলি দোষাৰোপ কৰে।গোঁসানী পূজাত বিঘিনি ঘটোৱা বুলি ককৰ্থনা কৰে।
বেদৰ বিধান ৰ পৰা পুৰাণৰ, গীতাৰ শ্লোক তেওঁৰ জিভাৰ আগত। অতুলনীয় মেধাৰে অকাট্য যুক্তি আগবঢ়ালে-
' নবম্যাদৌ য়জেৎ দূৰ্গাং, হৃং দূৰ্গে ৰক্ষিনিতি চ্ছা:'
(দূৰ্গা দেৱীক বলি- বিধান আগবঢ়ালে সৰ্বসিদ্ধি লাভ হয়।)
আকৌ গীতাৰ শ্লোক আওঁৰালে।
পিছে শিৰোমণি গুৰুআতাই বুজালে যে প্ৰাণী হত্যা মহাপাপ। গীতাৰ নিবৃত্তি মাৰ্গহে সৰ্বোত্তম আৰু ই আত্মা আৰু পৰমাত্মাৰ মিলন ঘটায়। আত্মা আৰু পৰমাত্মাৰ মিলনেই প্ৰাণীমাত্ৰৰে কাম্য।ভাগৱতৰ চতুৰ্থ স্কন্ধ আওঁৰাই বুজালে- শ্ৰীকৃষ্ণই জগতৰ মূল। যিদৰে গছৰ গুৰিত পানী ঢালিলে সম্পূৰ্ণ গছজোপাই লাভ কৰে সেইদৰে শ্ৰীকৃষ্ণৰ নামে সকলো অভীষ্ট সিদ্ধি কৰে।।
বৃক্ষৰ মূলত যেন দিলে আনি জল
হোৱয় তৃপিতি তাৰ পত্ৰ, পুষ্প, ফল
ডালে পাতে সিঞ্চে যদি মূলত নেদয়
কদাচিতো ফলে পাতে তৃপিতি নহয়।
'এক দেৱ , এক সেৱ, একত বিনে নাহি কেৱ।' ইয়েই একশৰণ নামধৰ্মৰ পৰম তত্ত্ব।
মাধৱ .....মাধৱ..... নাম, এই তৰুণৰ ! গুণীয়েহে গুণীৰ মোল বুজে।
গুৰু আতাৰ চৰণত ধৰি সাষ্টাংগে প্ৰণিপাত জনাই আজীৱন পৰি ৰ'ল । গুৰুআতাইও তেওঁক আজীৱন 'বঢ়াৰ পো' কৰি থ'লে।
Comments
Post a Comment