সিপাৰৰ সাঁকো ৫
পঢ়ি কেনে পালে জনাবচোন
(৫)
ইমান পৰে মনে মনে বহি থকা ৰজনীক সুধিছিলো- 'বান্ধ' তুমি টো প্ৰায়ে গৈ থাকা চাগে ন? এতিয়া গ'লে পামনে বাৰু নাৰ্চ -ডাক্টৰ?'
ৰজনীয়েও চাগে ঘৰতেই কেঁচুৱাই কন্দা শুনি তাৰ গাড়ীৰ ভাড়া প্ৰায় নোযোৱাটোৱেই খাটাং বুলি অতপৰে মালিকক গাড়ী উলিয়াই অনাৰ কি কৈফিয়ৎ দিব তাৰে চিন্তাত আছিল। মোৰ কথা শুনি বৰ উৎসাহেৰে শলাগি ক'লে - ' এ পাবা পাবা । দুপৰ ৰাতিও মই কেঞা গোলাৰ ফালৰ দেলিভাৰী লৈ যাওঁ হাস্পাতালত। গাইন'লজি, মেটাৰনিটি চৌব্বিশ ঘণ্টাই পাবই। হি: হি: কেঁচুৱাই তো আৰু দিন নে ৰাতি ঘড়ী চাই পিথিবীলে নাহে! '
তাৰ মুখত ইংৰাজীয়ে নে কি জানো আচহুৱা শব্দ শুনি চবেই তলকা মাৰি তালৈ চাই থাকিল। মই বুজি নাপালেও ভাল পালো। সিহঁতক সেই চেগতে এৰি থৈ ভিতৰলৈ সোমাই আহি তৰাদৈ বাইক চফা-চিকুণ কাপোৰ পিন্ধি লাগতিয়াল বস্তু দুপদ মান মলয়াই কাপোৰৰ পৰা বনোৱা মোনা এখনত ভৰাই থকা দেখি বৰ ভাল পালো। পানীৰ বটল এটাও লৈ লবলৈ কৈছিলো্
আইয়ে চাহ লৈ বাহিৰলৈ ওলাই অহা দেখি মই মুখামুখি নহওঁক বুলি শোৱনি কোঠাত সোমাই কামিজ এটা পিন্ধি ললো। কেঁচুৱাই কান্দি আছিল। মলখুৰ মাক ভৰিহাত ধুবলৈ গ'ল হবলা । মাকৰ গাতে লাগি আছে। গাখীৰ খাবলৈকে কান্দিছে চাগে। সজ্ঞানে থকা হ'লে মলয়াই ইমানদেৰী বুকুৰ পিয়াহ খুৱাই কেঁচুৱা শান্ত কৰিলে হেঁতেন। এতিয়া তাই গমেই পোৱা নাই ।
এবাৰ তাইৰ মুখখন চাওঁ বুলি একেবাৰে ওচৰলৈ আহিলো। কেচেমা -কেচেম গোন্ধ এটা নাকত সোমাইছিল। মই গোন্ধটো চিনি পালো। কেঁচা তেজৰ গোন্ধ ! তাইৰ মুখখন আন্ধাৰত ভালকৈ নেদেখিলো।
গধূলি হ'ল । নিজৰ গালতে এচৰ শোধাবলৈ মন গৈছিল
চিঞৰি মাতিবলৈ লওঁতেই মলখুৰ মাক সোমাই আহিল।
মই কলো - 'আইৰ বয়স হৈছে । সেয়েহে আপোনাক জোৰ কৰিছোঁ । আপুনি টকা- সিকা যি ল'ব লাগে ল'ব মুঠতে এতিয়া আমাৰ লগত ব'লক । বহুত দেৰি হৈছে।'
মোৰ কথাটোৱে কাম দিলে। এক মুহুৰ্ত ও পলম নকৰাকৈ মলখুৰ মাক গাড়ীখনত বহিলগৈ।
মই ও মলয়াৰ গাটো কম্বল এখনেৰে মেৰিয়াই দাঙি নিব বিচাৰি তৰাদৈ বাইক চিঞৰি মাতিলো। দুয়ো ধৰাধৰিকৈ দাঙি নি গাড়ীৰ পাছৰ চিটত গাড়ীৰ শুৱাই দিলো। মই ও বহি ললো। মোৰ কোলাতে তাইৰ মূৰটো থৈ এখন হাত মেলি তাই ৰ গাটো চিটৰ পৰা তললৈ হাউলি নপৰাকৈ বহা চিটটোতে ভেজাঁদি ৰলো।
বাৰান্দাত বহি থকা দদাইদেউ আৰু কুলহঁতে আইয়ে দিয়া পকামিঠৈ আৰু চাহ খাই খাই চাই থাকিল । ৰজনীয়ে চাহ নাখাওঁ বুলি গাড়ীৰ দ্ৰাইভাৰ চিটত বহি লৈছিল। কেঁচুৱা জন্ম হোৱাৰ বাবে চুৱা লাগিছে। ৰজনীয়ে নাখাবই । বাকী বয়সীয়া সকল একে বংশৰে গতিকে তেওঁ লোকৰো চুৱা । খোৱা বোৱা কৰিব পাৰে। মোৰ লগৰ কেইটাৰ কোনো বাচ বিচাৰ নাই । মই ঠগীকাইকো গাড়ীত আগফালে বহিবলৈ কলো।তৰাদৈ বাইও বহিল। মলখুৰ মাকে কেঁচুৱা লৈ আগৰেপৰা বহি আছিল। মলখুৰ মাকে আইয়ে দিয়া মৌৰ বাতিটোত চাফা ফটাকানি তিয়াই তিয়াই মাজে মাজে কেঁচুৱাৰ মুখত দি আছিল।
মোৰ বুকুখনত যেন কোনোবাই হাতুৰীৰে হে কোবাই ছিল।
আইয়ে কটা তামোল পাণৰ টোপোলা এটা ঠগীকাইৰ হাতত দি মলখুৰ মাকক মাজে মাজে দুই এখন খুৱাবলৈ কলে।
মই আইক ঘৰতে থাকিবলৈ কলো।
- 'ডাঙৰ ভনী আহি পাবহি এতিয়া। 'যি চাফ- চিকুণ কৰিব লাগে তাইকে কৰিবলৈ দিবি । সৰু ভনীহঁতৰ ঘৰ টাউনলৈ যাওঁতে ৰাস্তাতে পৰে। পাৰিলে মই তাইক লগতে লৈ যাম।' কথাষাৰ কৈ গাড়ীখনৰ ভিতৰত ঠাই হবনে নাই চালো । মাৰুতি ভানত ঠাইৰ অভাৱ নাছিল, পিছে থেকেচনি খোৱাৰ হে ভয়।
হ'ব বুলি আইয়ে শলাগিলে। মনোজে ওচৰলৈ আহি 'যা যা' বুলি মাত লগালে।ৰজনীয়েও গাড়ী স্টাৰ্ট দি ঘূৰালে। পদূলিতে গাড়ীৰ স্পীড বঢ়াব খুজাত মই লাহে লাহে চলাবলৈ কলো। মই মলয়াৰ অৱস্হাটো জানো ।বেছি জোৰত চলালে গাৱঁলীয়া ওখোৰা-মোখোৰা ৰাস্তাত লেবেজান হৈ থকা মানুহ জনীৰ গাৰ পৰা বেছিকৈ তেজ যায় যদি ?
আইয়ে নঙলা মুখলৈকে আহি গাড়ীখন কেঁকুৰি নুঘূৰালৈকে চাই আছিল হবলা। এপাকত ঘূৰি চাই বগা কৈ মানুহ এজনীৰ অৱয়ৱ দেখিছিলো। এইদৰে মাক আৰু কেঁচুৱা উলিয়াই অনাৰ বাবে আই যে বাৰুকৈয়ে ক্ষুণ্ণ হৈছিল মই নুবুজা নহয়।
আগলৈ
দুলুমণি
৪/৮/২০২০
Comments
Post a Comment