সিপাৰৰ সাঁকো। (৪)
মৰমেৰে আগবঢ়ালো
#সিপাৰৰ সাঁকো
( ৪)
তেতিয়া লৈকে মই কেঁচুৱাৰ মুখ চোৱা ই নাছিলো।
মলখুৰ মাকে মোৰ সদ্যোজাত কেঁচুৱাক গামোচা এখনেৰে মেৰিয়াই মোৰ আগত তুলি ধৰিলে। কেঁচুৱাই উপজিয়ে কান্দি কান্দি ঠেৰেঙাহে লাগিছিল। মৌ চেলেকাই চেলেকাই হে শান্ত কৰিছিল।
সাইলাখ মাক। কণমানি মলয়া ।মই দুহাতেৰে তুলি নললো। মাকৰ এই অৱস্থাত কোনসতে মই সন্তানক বুকুত সাৱটি পিতৃ হোৱাৰ সুখ অনুভৱ কৰিম?
মই মলখুৰ মাককো কেঁচুৱাজনী লৈ গাড়ীতে বহিবলৈ কলো । কেঁচুৱাই পুনৰ চেৰেং চেৰেংকৈ কান্দি উঠিছিল ।
মলখুৰ মাকৰ মতে তাইক এতিয়া গাড়ীত ইমানখন বাট থেকেচনি খুৱাই নিব নালাগে। হুঁচ অহালৈ বাট চাব লাগে । মই নামানিলো। হুঁচ কেতিয়া আহিব? কোনেও দেখোন তাইৰ হুঁচ ঘূৰাই আনিব লৈ একো কৰাই নাই। মই জানিছিলো সিহঁতে আচলতে নাজানেই।
আই ভিতৰলৈ সোমাই আহিছিল। মোৰ মুখলৈ চাই ক'লে-
'তই পুৱাৰে পৰা একো খোৱা নাই। মই গৰম ভাত দুটা মানকে পাতি দিওঁ, তই যাচোন বাহিৰলৈ ওলাই গৈ চাগৈ তোৰ লগৰ বহুত ল'ৰা বহি আছে। মই চাহ এটুপি কৰি পঠাই দিম বুলি কবি।'
মই পাহৰিয়ে আছিলো যে মই পুৱা ৰঙা চাহ এটুপি খাইয়ে মলখুৰ মাকক আনিবলৈ গৈছিলো।অহাৰ পাছত মলয়াৰ যন্ত্ৰণাকাতৰ মুখখন চকুৰ আগত লৈ কেনেকৈ নো মুখলৈ ভাত নিওঁ?
পিছে আইৰ কথাবোৰ মোৰ ভাল নালাগিল। মোৰ আই হ'ল বুলি তেওঁ মলয়াই এই দৰে তেজ গৈ গৈ লেবেজান হৈ পৰি থাকোতে চাহ- ভাত কৰি থকাত মোৰ
মনটোৱে সহিব পৰা নাছিল।আইৰ যে কিবা এটা হৈছে মই ধৰিব পাৰিছিলো । মলয়াৰ অৱস্থাটোক যেন আওকাণ কৰিব বিচাৰিছিল ।কিয় তেনে কৰিছিল ভাবিলে হয়তো বুজি পালোহেঁতেন। মোৰ তেতিয়া সেইবোৰ ভবাৰ ধৈৰ্য একেবাৰে নাই।
বাহিৰলৈ ওলাই গৈ কোন নো আহিছে বুলি চালো গৈ।
গাড়ীখন অহা দেখি কেইবাজনো চুবুৰীয়া দদাইদেউ আৰু মোৰ লগৰ কুল' , পেনেৰা আৰু মনোজ আহি বহি আছে। মোক দেখি এজন দদাইয়ে কৈ উঠিছিল,' বাপেকী হলি , ৰাতিলৈ ডিঙি তিয়াবলৈ কিবাকিবি আনিবলৈ পঠিয়াই দে গাড়ীখনতে। পেনেৰাই যাব বোলে তই পঠিয়ালে।'
মোৰ টিঙিচকৈ খংটোহে উঠি আহিছিল। কোনোমতে দমাই কলো 'আইয়ে চাহ কৰিছে; খাই যাব। '
মোৰ মাতটো শুনি সিহঁতে কি বুজি পালে ক'ব নোৱাৰো।
আটাইকেইটাই আচৰিত হৈ মোলৈ চাইছিল।
থগীকাইয়ে ইমান সময়ে নঙলাৰ ওচৰত ৰৈ থকা ল'ৰা ছোৱালীৰ জাকটোক তাত ৰৈ থকাৰ পৰা খেদি পঠাবলৈ চেষ্টা কৰি আছিল। সিহঁতৰ কোৰ্হাল বোৰ মোৰ ভাল লগা নাছিল।
সাজ লাগিবৰে হৈছিল। মই ইমান সময়ে ওলাই যাবই লাগিছিল। তেনেতে বাৰান্দাৰ বেঞ্চ খনত বহি থকাৰ পৰাই কুলই মোক সান্তনা দিয়াৰ দৰেই কৈ উঠিল- 'এইবাৰ ছোৱালী হৈছে অহাবাৰ ল'ৰা হ'ব! মন বেয়া নকৰচোন!'
মোৰ খংটো আকৌ উঠিছিলেই ।কিন্তু ভুল যে মোৰো আছে সেয়া বুজি পালো। অথনিৰে পৰা মই যি দৰে আছো সিহঁতে ধৰিয়েই লৈছে যে মই ছোৱালী জন্ম হোৱা বুলি মন বেয়া কৰিছো। মই যে মলয়াৰ অৱস্হাটো দেখিহে বিমৰ্ষ মনেৰে আছিলো - ছোৱালী জন্ম হোৱাৰ বাবে নহয় সেই কথা সিহঁতে কস্মিনকালেও যে বুজি পাব তাত সন্দেহ আছে। সেয়ে কথা নবঢ়াই সিহঁতক কলো - 'মই মানুহ জনীক লৈ টাউনৰ হস্পিটেললৈ যাওঁ। তহঁতি বহদেই।'
আগলৈ
দুলুমণি
৩/৮/২০২০
Comments
Post a Comment