সিপাৰৰ সাঁকো ৩
পাঠকৰ মৰম বিচাৰি আগবঢ়ালো ।
#সিপাৰৰ সাঁকো
( ৩)
এজাক ল'ৰা ছোৱালীয়ে দৌৰি দৌৰি গাড়ীখন খেদি অহা দেখি থগীকাইয়ে ধমক লগালে। ধমক খাইও সিহঁতে একো কেৰেপ নকৰাকৈ জপিয়াই , চাপৰি বজাই গাড়ীখনলৈকে চাই থাকিল। মোৰ মনটোৱেও যেন সিহঁতৰ মনবোৰৰ অদম্য আশাবোৰ বুজি পায়। এবাৰ গাড়ীখন ৰৈ থকা পালেই সিহঁতৰ মাজত স্কুলৰ মজিয়া গচকা কেইটা ই নিজৰ নামটো ভুলে শুদ্ধই গাড়ীখনৰ ধুলিৰে পোতখাই থকা আইনা কেইখনত লিখিব। একেবাৰে একো নজনা কেইটাই মানুহ, চৰাই নাইবা পাহাৰ- পৰ্বত আঁকিব। কেইদিন মানৰ আগতে মইও টাউনৰ ঠিকাদাৰে অনা ডাঙৰ ধুনীয়া গাড়ীখনৰ দগধা আইনা খনত মোৰ আৰু মলয়াৰ নাম লিখিছিলো।
সোনেশ্বৰ + মলয়া ।
মলয়াৰ নামটো আইয়ে বেয়া পাইছিল। 'ম' বোলে ডাঙৰ ৰাশি, 'স' ৰ ৰাশিতকৈ।মাইকী মানুহৰ নাম গিৰিয়েকৰ নামৰ ৰাশিতকৈ ডাঙৰ হ'ব নালাগে। গিৰিয়েকৰ আয়ুস টুটে। মলয়া ...আয়ুস ..।
একেবাৰে উচপ খাই মই এইমাত্ৰ টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে মোৰ চৌপাশে কি হৈ আছে চালো।
ৰজনীয়ে থগীকাইৰ লগত 'এইফালে কাট', 'সেইফালে ঘূৰা' কৰি কৰি গাড়ীখন একেবাৰে বাৰান্দাৰ কাষত দুৱাৰ খন খুলিয়েই মানুহ বহিব পৰাৰ ব্যৱস্থা কৰি দিলে।ছে: কি বোৰ যে ভাবি আছো। মই মানুহ টোক মাত এষাৰো লগোৱা নাই। আগবাঢ়ি ৰজনীক মাত লগাই বহিবলৈ কওঁ বুলি ওচৰ চাপি আহিলো। দীঘল বাৰান্দা খনৰ সিমূৰৰ পৰাই ৰজনীয়ে মোক প্ৰায় খং কৰা দিয়েই
ক'লে -
'হয়নে বান্ধ , আগতেই কব নোৱাৰিলা? ইমান পৰে হস্পিটেলৰ পৰা কেঁচুৱা আৰু মাককলৈ ঘৰ সোমালাহি হেঁতেন!'
ঈশ্বৰৰ কিনো লীলা !
ৰজনীক কি উত্তৰ দিওঁ ভাবি থাকোতেই ঘৰৰ ভিতৰৰ পৰা কেঁচুৱাৰ কান্দোন ভাঁহি আহিল।
মই কি কৰো কি নকৰো একো ততেই ধৰিব নোৱাৰিলো।আইৰ মাততহে হুঁচ আহিল
'হে ঈশ্বৰ' বুলি মনতে চিন্তি হাতদুখনেৰে ওপৰলৈ চাই
সেৱা কৰিলো।
খৰধৰকৈ ওলাই আহি আইয়ে ক'লে-
'ছোৱালী এজনী হৈছে।'
মই বিচৰাটোৱেই হৈছে। কণমানি মলয়া এজনীকেতো মই কামনা কৰিছিলো। মোৰ দৰে অলগৰ্ধ এটাক মানুহৰ শাৰীলৈ অনা মলয়াৰ দৰে এজনী ছোৱালী হ'লে জীৱনৰ সকলোতকৈ ভাল উপহাৰ পোৱা বুলি ভাবিম- মই মলয়াক আগতেই কৈছিলো।
কিন্তু মলয়া? আইক সুধিলো । আইয়ে তাই শুইছে বুলি ক'লে। মোৰ মনে নসহিলে। আইক ৰজনীড্ৰাইভাৰক বহিবলৈ দিবলৈ কৈ মই শোৱনিকোঠাৰ দুৱাৰ মুখতৰৈ ভিতৰলৈ চালো। মলয়াৰ সাৰ-সিকটি নাই। মলখুৰ মাকে কলে - ' ইমান সময়ে বহুত তেজ গ'ল। তাইৰ অৱস্হাটো অলপ বেয়া। হুঁচ আহিলেহে কেঁচুৱাক গাখীৰ খুৱাব পাৰিব। '
মই নৰলো । মলয়াৰ গাত ধৰি তাইৰ হাতৰ ঢিপ্ ঢিপনি চালো। নাই , মই একো অনুভৱ নকৰিলোঁ ।ইমান দেৰিলৈকে কষ্ট কৰি কৰি ভাগৰ লাগিছে। বুকু খন উঠা নমা কৰি আছে । মাজে মাজে দীঘল দীঘল কৈ উশাহ লোৱা যেন লাগিল।
তাতে বহি থকা তৰাদৈ বাইক কলো-'বাই তই কাপোৰ সাজ সলাই আহগৈ । এইক টাউন লৈকে লৈ যাওঁ ।' আটাই কেইজনীয়ে মোৰ মুখলৈ অবাক হৈ চালে।
আচল কামটো হৈ যোৱাৰ পাছত ডাক্টৰৰ ওচৰলৈ নি টকা খৰচ কৰিব- এনেকুৱা কথা এই প্ৰথম শুনিছোঁ- জাতীয় ফুচ্ ফুচনি শুনা যেনো লাগিল।
আগলৈ
দুলুমণি
২/৭/২০২০
Comments
Post a Comment