গল্প
#চুটিগল্প--- #ৰম্ভা ✍️দুলুমণি গগৈ প্ৰথমবাৰ দেখোতে সেই শিশুটিৰ মায়ালগা চাৱনিৰ হাঁহিটো মনেশ্বৰ বৰ্মনে বৰ ভাল পালে। তিনিমহীয়া ছোৱালীজনীৰ নাম ৰামৌ আছিল। ৰামৌৰ মাক-দেউতাকে তিনিজনী ছোৱালী হোৱাৰ পাছত আকৌ এজনী ছোৱালী সন্তান নালাগে বুলি দি দিছিল দূৰসম্পৰ্কীয় নিঃসন্তান দম্পতী দিপালী বৰ্মন আৰু মনেশ্বৰ বৰ্মনৰ ঘৰত। তিনিবছৰীয়া শিশু অৱস্থাতে কাম-কৰা বাইৰ হাতৰ পৰা পৰি ৰামৌৰ হাত এখন ভাগিল। পিছে সেই বছৰতে দিপালী বৰ্মন গৰ্ভৱতী হ'ল। অপুতৰ পুত হোৱাৰ বাতৰিয়ে ঘৰখনলৈ যি আনন্দৰ জোৱাৰ আনিলে তাত জাহ গ'ল মুখেৰে ভালকৈ মাতেই মাতিব নোৱাৰা ৰামৌৰ ভগা-হাতৰ বিষ। অনবৰতে থেনথেনাই থকা ছোৱালী জনীক পৰিয়ালটোত কুলক্ষণী বুলি অৱহেলা কৰিবলৈ ল'লে। এদিন ৰামৌ হেৰাই থাকিল। ক'ত গ'ল কোনেও নাজানিলে। বৰ্মনৰ ঘৰত পুতলা ৰ দৰে শিশু জন্মিল। তাৰ মধুৰ কলৰৱে সকলোৰে মনে-প্ৰাণে সুৰীয়া আৱেশ সিঁচি দিলে। বৰ্মনীয়ে নিতৌ -"শিয়ালীয়ে নাহিবি" গালে। ইফালে ৰামৌৰ নিৰূদ্দেশৰ বাবে নিয়মমাফিক ...