জ্যোতিপ্ৰসাদৰ কবিতাত চিৰনতুন বৈপ্লৱিক চেতনা
জ্যোতিপ্ৰসাদৰ কবিতাত চিৰনতুন বৈপ্লৱিক চেতনা ✍️দুলুমণি গগৈ, নাজিৰা, শিৱসাগৰ 'জ্যোতিপ্ৰসাদ আগৰৱালা আছিল বিপ্লৱী মনীষাৰ প্ৰতীক। প্ৰগতিশীল ব্যক্তি মাত্ৰেই বিপ্লৱী, কাৰণ বিপ্লৱৰ যোগেদি সমাজ আগবাঢ়ে; সেই বিপ্লৱ হিংসাত্মক বা অহিংসাত্মক, সৰৱ বা নীৰৱ বিপ্লৱ, যিকোনো এবিধেই হ'ব পাৰে। '----ড. সত্যেন্দ্ৰনাথ শৰ্মা সোনৰ চামুচ মুখত লৈ উপজা অভিজাত বিদ্বান পৰিয়ালৰ সন্তান জ্যোতিপ্ৰসাদ আগৰৱালাই স্ব-ইচ্ছাৰে বাচি লৈছিল বিপ্লৱী সত্তা। লণ্ডনত পঢ়িবলৈ গৈ শিক্ষা সাং নকৰাকৈ ঘূৰি আহি অসমীৰ কোলাত প্ৰথমবাৰৰ বাবে সংযোজন কৰা চলচ্চিত্ৰ জগতত 'জয়মতী' ছবিখন নিৰ্মাণ কৰি আৰ্থিকভাৱে জুৰুলা হৈ পৰিছিল। তথাপি নিৰাশ নহৈ পুনৰ 'ইন্দ্ৰমালতী' ছবিৰ নিৰ্মাণ কৰে। চাহবাগিচাৰ মালিকৰ ল'ৰা বিদেশলৈ গৈ চ্যুট-টাই পৰিধান কৰা চাহাব হৈ ঘূৰি নাহি এজন দেশী পোছাক পিন্ধা মানুহ হৈ থকাটো ও যেন এক বিপ্লৱৰে ভাষা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ চানেকি অনুযায়ী তেওঁৰ কাব্য প্ৰতিভাও আছিল বৈপ্লৱিক সত্তাৰে...