মাংসভোজী
চুটিগল্প #মাংসভোজী
✍️দুলুমণি গগৈ
কাম বন শেষ কৰি ঘূৰি যাবলৈ ওলাওঁতে কাতি মহীয়া বেলি পৰিলেই। যান-বাহন পোৱাৰ আশা নেদেখি পাঁচ কি:মি:দূৰৰ গাৱঁলৈ কেনেকৈ যাম চিন্তা কৰি কৰি খোজেৰে গৈ থাকিলোঁ। কৰ'ণা ভাইৰাছৰ বাবে হোৱা লকডাউনৰ পাছত যাতায়ত খুব সেৰেঙা। তাতে হাবিতলীয়া ৰাস্তা এডোখৰো আছে। তথাপিও গৈ থাকিলে যে কাৰোবাক লগ পামেই সেইটো খাটাং। গৈয়েই আছোঁ। কুৱঁলীয়ে একেবাৰে ঢাকি পেলাইছে সকলো। তেনেতে হঠাতে কুঁৱলীৰ জাল ফালি বাইকৰ হেডলাইটৰ পোহৰ আহি মোৰ চকুত পৰাত মনটো ভাল লাগি গ'ল। যিমানেই হওক ৰাতিৰ আন্ধাৰত লগ এটা হ'লে ভাল লাগে। হাতখন দাঙি বাইকখন ৰখাবলৈ চেষ্টা কৰিলোঁ। মোক দেখি বাইকখন ৰ'ল যদিও বৰ এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ নেদেখিলোঁ।
"মই যাব পাৰোঁনেকি?"
বুলি সোধাত মূৰটো হলাই পিছৰ ছিটটোলৈ দেখুৱাই দিলে। জাঁপ মাৰি উঠি দুহাতেৰে পাচলি আৰু আলু পিয়াঁজৰ মোনা দুটা ধৰি বহি ললোঁ। অফিচৰ কাগজ-পত্ৰ থকা মোনাটো বাওঁফালে ডিঙিত একাষৰীয়াকৈ ওলোমাই ৰাখিলোঁ।
----"দাদা ক'ত যাব?"
আচৰিত হৈ পৰিলোঁ।অলপ আগতে ইমান ভেম বুলি ভবা বাইকৰ চালক জনে মোক ইমান আন্তৰিকতাৰে মাতিলে!!
-"মই এই পকাৰাস্তা শেষ হোৱা ঠাইকণতে নামিম। আপুনি?"
-" মোৰো বেছি দূৰ নহয়। সেইঠাইতে।"
--"সেইঠাইতে! পিছে আগতে দেখা নাই দেখোন?"
---"অঁ মানে দিনত সময় নায়েই। ৰাতিহে ওলাওঁ। "
---"অ!! কিবা চাকৰি কৰে? "
----" কিনো চাকৰি কৰিব ?? এই ৰাস্তাৰে ঘূৰিলেই আমাৰ খানা যোগাৰ হৈয়েই যায়।"
কি ভাবি কৈছিল নাজানোঁ। মই বৰ মনো নকৰিলোঁ। ঘৰ পালেই হয়।
তেনেতে আকৌ মাতটো শুনিলোঁ-
--"মাংস আনিলে?"
----"অঁ , ল'ৰা ছোৱালীৰ হেপাঁহ!! টাউন লৈ আহিলে নিনিয়াকৈ গ'লে বৰ বেয়া পায়।"
---"ইয়ে, হয়নেকি? আমাৰ দৰেই !!!আমাৰো খু...উ...ব..ব ভাল লাগে মাংস খাই!!"
শেষৰ কথাখিনি ডাঙৰকৈ টকালি পাৰি পাৰি কোৱাত মোৰ বৰ বিৰক্তি লাগিল। কেনেকৈ নো মাংসৰ কথা গম পালে - চিন্তা নকৰিলোঁ । টকালি বোলা বস্তুটো মই বৰ বেয়া পাওঁ। টকালি পৰাৰ বাবে সৰুতে দেউতাই খুব পিটিছিল। পিছে মই টকালিৰ কথা ভাবি থাকোঁতে কি হ'ল জানো বাইকখনে বৰ অদ্ভুত ধৰণৰ শব্দ কৰিলে। তাৰপাচত একেঠাইতে ৰৈ গ'ল। মই অনুভৱ কৰিলোঁ মোৰ মাংসৰ টোপোলা থকা মোনাটো কিবা এটাই টানি আছে। মই সিটো বেগ পেলাই দি মাংসৰ মোনাটো জোৰকৈ খামুচি ধৰিলোঁ। ল'ৰা ছোৱালীৰ হেপাঁহৰ বস্তু, আলু পিয়াঁজ নো কি? পিছে মোক আচৰিত কৰি মোনাটো টানি আছে মোৰ আগফালে নিতাল মাৰি বহি থকা বাইকচালকৰ হাতোঁৰাদুটাইহে। মুখ খনেৰে ঘূৰি চোৱা নাই, কিন্তু দীঘল-দীঘল নখেৰে নোমাল হাতোঁৰাদুটাই চকুৰে চাই থকাৰ দৰেই একেবাৰে সঠিক ঠাইতে টনা-আঁজোৰা কৰি আছে। মোৰ গা শিয়ৰি উঠিল । মই বাইকৰ পৰা নামিবলৈ বিচাৰি প্ৰাণেপনে চেষ্টা কৰিও নামিব নোৱাৰিলোঁ। কি যে ভয়ানক প্ৰত্যাহ্বান!! তথাপিও বাইক চালকৰ মুখখন চাবলৈ চেষ্টা কৰি থাকোঁতে তেৰাই মোৰ ফালে মুখ ঘূৰাই দিয়াত মই টেঁটুফলা চিঞৰ মাৰি যৰে মাংস ত'তে পেলাই জাঁপ মাৰি নামি দৌৰিবলৈ ধৰিলোঁ। ৰঙা ওঁঠ দুটাৰ ফাঁকেৰে জিভাখন ওলাই যোৱাকৈ টকালি পাৰি ভয়ঙ্কৰ চকুৰে সেই টোপোলাটো হাতত লৈ চাই থাকিল। আশ্চৰ্যকৰ কথা এয়ে যে মাংসৰ মোনাটো এৰি দিয়াত মোক একো নকৰিলে। মই ততালিকে নামি দৌৰি যাব পাৰিলোঁ।
একে দৌৰে বাকী থকা কেইবা কিলোমিটাৰৰ দূৰত্ব
অতিক্ৰমি ঘৰৰ ৰাস্তা পালোঁগৈ।
তাৰ পিছদিনা সেই ঠাইতে মোৰ বন্ধু এজনকো অচেতন হৈ পৰি থকা পোৱা গৈছিল। তেওঁৰ মুখেৰে পাছত গম পোৱা মতে তেওঁও হেনো মোৰ দৰে গাড়ী নোপোৱাত খোজ কাঢ়ি ঘৰলৈ গৈ আছিল। তেনেতে ৰাস্তাত সেই ভয়ানক মুখৰ কেইটাক শাৰী পাতি বহি থকা দেখা পাই পাৰ হ'ব নোৱাৰি তাতেই মনে মনে বহি দিছিল। তেওঁকো সিহঁতৰ মাজৰে বুলি পাত এভাগ দিছিল। পিছে পাতৰ কেঁচা মাংস দেখি ওকালি অহাত ধৰা পৰি যোৱাত সিহঁতৰ ভয়ত মূৰ্চ্চা গৈছিল।
কাণত ধৰিলোঁ । ল'ৰা-ছোৱালীয়ে হাজাৰবাৰ ক'লেও সেইৰাস্তাৰে ৰাতি মাংস নানোঁ।
Comments
Post a Comment