মাংসভোজী
চুটিগল্প #মাংসভোজী ✍️দুলুমণি গগৈ কাম বন শেষ কৰি ঘূৰি যাবলৈ ওলাওঁতে কাতি মহীয়া বেলি পৰিলেই। যান-বাহন পোৱাৰ আশা নেদেখি পাঁচ কি:মি:দূৰৰ গাৱঁলৈ কেনেকৈ যাম চিন্তা কৰি কৰি খোজেৰে গৈ থাকিলোঁ। কৰ'ণা ভাইৰাছৰ বাবে হোৱা লকডাউনৰ পাছত যাতায়ত খুব সেৰেঙা। তাতে হাবিতলীয়া ৰাস্তা এডোখৰো আছে। তথাপিও গৈ থাকিলে যে কাৰোবাক লগ পামেই সেইটো খাটাং। গৈয়েই আছোঁ। কুৱঁলীয়ে একেবাৰে ঢাকি পেলাইছে সকলো। তেনেতে হঠাতে কুঁৱলীৰ জাল ফালি বাইকৰ হেডলাইটৰ পোহৰ আহি মোৰ চকুত পৰাত মনটো ভাল লাগি গ'ল। যিমানেই হওক ৰাতিৰ আন্ধাৰত লগ এটা হ'লে ভাল লাগে। হাতখন দাঙি বাইকখন ৰখাবলৈ চেষ্টা কৰিলোঁ। মোক দেখি বাইকখন ৰ'ল যদিও বৰ এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ নেদেখিলোঁ। "মই যাব পাৰোঁনেকি?" বুলি সোধাত মূৰটো হলাই পিছৰ ছিটটোলৈ দেখুৱাই দিলে। জাঁপ মাৰি উঠি দুহাতেৰে পাচলি আৰু আলু পিয়াঁজৰ মোনা দুটা ধৰি বহি ললোঁ। অফিচৰ কাগজ-পত্ৰ থকা মোনাটো বাওঁফালে ডিঙিত একাষৰীয়াকৈ ওলোমাই ৰাখিলোঁ। ----"দাদা ক'ত যাব?" আচৰিত হৈ প...